ঊজয়ন্ত দাস

ধৰ্মক লৈ আমাৰ অনুসন্ধিৎসু মনৰ অন্ত নাই৷ মানৱ সভ্যতাৰ বিকাশৰ বিভিন্ন স্তৰ অতিক্ৰম কৰি আহি ধৰ্মই সমাজ সংস্কাৰকৰ ৰূপত অৱতীৰ্ণ হৈছে৷ ক্ৰমবিৱৰ্তনৰ ফলত ধৰ্ম সামাজিক ব্যৱস্থা হিচাপেই মানুহৰ গতানুগতিক জীৱনৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে৷ মানৱ সভ্যতাক ধৰ্মই এক এনেকুৱা পৰ্যায়ত উপনীত কৰাইছে য’ৰ পৰা মানুহ আঁতৰি আহিব নোৱাৰে৷ এক শৃংখলাবদ্ধ জীৱন–যাপনৰ কৌশল আয়ত্ত কৰি মানুহে ধৰ্মৰ জৰিয়তেই মানৱীয় সংস্কাৰ সাধনত সফল হ’ব পাৰিছে৷ ধৰ্মৰ প্ৰৱৰ্তক তথা প্ৰচাৰক সকলেই আছিল একো একোজন চিন্তাবিদ, দাৰ্শনিক৷ সমান্তৰালভাৱে মানৱীয় সংস্কাৰৰ তেওঁলোক একো একোজন বৈজ্ঞানিক৷ যুগে যুগেই ধৰ্মৰ প্ৰচাৰক আৰু প্ৰৱৰ্তকসকলৰ জীৱন অন্বেষণো মানুহৰ কাৰণে অনুসন্ধিৎসু বিষয় হৈ পৰিছে৷ মানৱ সভ্যতাৰ সংকটৰ সময়তো ধৰ্মই সংকট মোচনৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিয়ে মানুহক মুক্তি মাৰ্গৰ সন্ধান দিছে৷
ধৰ্মই ভাৰতীয় সমাজ ব্যৱস্থাত অতীজৰে পৰা এক বিশেষ স্থান অধিকাৰ কৰি আহিছে৷ বৈচিত্ৰ্যপূৰ্ণ ভাৰতভূমিত সেয়েহে ধৰ্মই মানুহৰ মানৱীয় সত্তাকো প্ৰতিনিধিত্ব কৰি আহিছে৷ ভাৰতীয় সমাজ ব্যৱস্থাত বিভিন্ন বিশ্বাস, সংস্কাৰ আদিও ধৰ্মৰ পৰাই প্ৰচলিত হৈ আছে৷ ধৰ্মীয় বিশ্বাস, ৰীতি–নীতিৰ জৰিয়তেই অনৈক্যৰ মাজতো ঐক্য সাধনত ব্ৰতী হৈছে ভাৰতীয় লোকজীৱন৷ একপ্ৰকাৰ ভাৰতীয়সকলৰ কাৰণে ধৰ্ম এক আধ্যাত্মিক বিষয়৷
জাতিৰ পিতা মহাত্মা গান্ধীৰ জীৱন পৰিক্ৰমাও ধৰ্মৰ আধাৰতে প্ৰতিষ্ঠিত আছিল৷ অহিংস ধৰ্মই আছিল গান্ধীজীৰ মূলধন৷ গান্ধীজীয়ে ধৰ্মৰ লগত সংপৃক্ত হোৱাৰ পৰিৱেশ পৰিয়ালৰ পৰাই লাভ কৰিছিল৷ এক ধাৰ্মিক পৰিয়ালত গান্ধীজীৰ জন্ম হৈছিল৷ গান্ধীজীৰ মাক–দেউতাক উভয়ে ধাৰ্মিক লোক আছিল কাৰণে গান্ধীজীও সেই ধাৰ্মিক পৰিৱেশৰ মাজতে ডাঙৰ–দীঘল হোৱাৰ সুযোগ লাভ কৰিছিল৷ জন্মগতভাৱে গান্ধীজীয়ে লাভ কৰা ধৰ্মীয় চেতনাক পিছলৈ তেওঁৰ জীৱন পৰিক্ৰমাৰ লগতো সাঙুৰি লৈছিল৷ এজন সাধাৰণ হিন্দু ধৰ্মাৱলম্বী লোক হিচাপে তেওঁ সকলো ধৰ্মৰ প্ৰতিয়ে সমভাৱ ৰাখিছিল আৰু প্ৰায় সকলো ধৰ্মৰে ধৰ্মগ্ৰন্থসমূহো অধ্যয়ন কৰিছিল৷ গান্ধীজীয়ে বিশ্বাস কৰিছিল যে সকলো ধৰ্মৰ মূলতে আছে সত্য আৰু প্ৰেম৷ তেওঁ এজন সমাজ সংস্কাৰক হিচাপে সকলো ধৰ্মৰে ভণ্ডামি, অপকৰ্ম আৰু অন্ধবিশ্বাসৰ বিপক্ষে মাত মাতিছিল৷ গান্ধীজীয়ে ধৰ্মৰ সমান্তৰালকৈ দৰ্শনৰ ওপৰতো সমানে গুৰুত্ব আৰোপ কৰিছিল৷
ধৰ্মান্ধতাৰ সংগঠিত পৃষ্ঠপোষকতাত বুজন সংখ্যক নিৰীহ লোকৰ মাজত ধৰ্মান্ধতাৰ সৃষ্টি হোৱাটো এক ঐতিহাসিক প্ৰত্যাহ৩ান৷ ধৰ্মান্ধতা ব্যক্তিগত ঈশ্বৰ বিশ্বাস নহয়৷ বৰঞ্চ ধৰ্মীয় ৰাজনৈতিক সংগঠনক সম্প্ৰসাৰিত কৰাৰ এক আহিলা স্বৰূপ৷ এই ধৰ্মান্ধতাই হয়তো কিছু কিছু ক্ষেত্ৰত মানুহৰ নৈতিক অৱক্ষয়ৰো কাৰণ হৈ পৰিছে৷ গান্ধীজীৰ ধৰ্মীয় মতাদৰ্শও ধৰ্মান্ধতাৰ বিপৰীতে ধৰ্মৰ জৰিয়তে সত্য আৰু প্ৰেম প্ৰতিষ্ঠাৰ ওপৰত নিৰ্ভৰশীল আছিল৷ মহাত্মা গান্ধীৰ গোটেই জীৱনত ধৰ্মৰ গভীৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল৷ তেওঁৰ মতে ধৰ্ম হ’ল মানুহৰ প্ৰকৃত ৰূপৰ প্ৰকাশ৷ ধৰ্ম আৰু নৈতিকতাৰ মাজত অবিচ্ছেদ্য সম্পৰ্ক আছে৷ গান্ধীজীৰ অৰ্থনৈতিক আৰু সমাজ দৰ্শনৰো মূল ভিত্তিয়ে আছিল ধৰ্ম৷ সম্পূৰ্ণভাৱে এক আধ্যাত্মিক মতাদৰ্শৰ ওপৰতে বিশ্বাসী আছিল গান্ধীজী আৰু সেইকাৰণে তেওঁৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্যাবোৰৰ বিশ্লেষণতো ধৰ্মীয় মতাদৰ্শই নিহিত হৈ আছিল৷ যিকোনো বিষয়ৰ ভাল–বেয়াক তেওঁ ধৰ্মৰ জৰিয়তেই বিচাৰ কৰিব বিচাৰিছিল৷ ধৰ্মৰ পৰা নৈতিকতাক পৰিহাৰ কৰিলেই মানুহ পদে পদে পথভ্ৰষ্ট হোৱাৰ সম্ভাৱনা থাকে৷ ধৰ্মই যি মানৱ সভ্যতাক উদ্ধাৰৰ প্ৰয়াস কৰে সেই প্ৰয়াসক মানুহে অনুসৰণ কৰা দৰকাৰ৷ ধৰ্মৰ বিশাল পৰিধিয়ে সুশৃংখল মানৱতাৰে জয়গান গায়৷ গান্ধীজীৰ ধৰ্মীয় আদৰ্শও আছিল সেইকাৰণে মানৱতাৰ সপক্ষে৷

সৰুৰে পৰা গান্ধীজীৰ ধৰ্মৰ প্ৰতি থকা অনুৰাগৰ কাৰণেই তেওঁক এজন প্ৰকৃত ধাৰ্মিক ব্যক্তি বুলিয়ে কোৱা হৈছিল৷ তেওঁৰ ধৰ্মৰ ধাৰণা বহল পৰিস¸ৰৰ আছিল৷ ঠেক গণ্ডীৰ মাজত তেওঁ ধৰ্মক বিবেচনা কৰা নাছিল৷ তেওঁ ৰাজনীতি, ধৰ্ম আৰু নীতিশাস্ত্ৰৰ মাজত এটা গভীৰ সম্পৰ্ক স্থাপন কৰিছিল৷ তেওঁৰ মতে ধৰ্ম আৰু নীতিশাস্ত্ৰৰ সৈতে ৰাজনীতিৰ ওতঃপ্ৰোত সম্পৰ্ক আছে৷ গান্ধীজীয়ে ধৰ্ম আৰু ৰাজনীতিৰ মাজত সম্পৰ্ক স্থাপন কৰোঁতে বহল দৃষ্টিভংগী গ্ৰহণ কৰিছে৷ কোনো ধৰ্মৰ প্ৰতি তেওঁ অন্ধবিশ্বাস ৰখা নাছিল৷ বিভিন্ন ধৰ্মৰ বিষয়ে অধ্যয়ন কৰি তেওঁ সেই ধৰ্মৰ সাৰমৰ্ম সমূহ বাস্তৱত ৰূপায়ণ কৰাৰ প্ৰয়াস কৰিছিল৷ অৰ্থাৎ গান্ধীজীয়ে সকলো ধৰ্মৰ মহৎ নীতিবিলাকক উদাৰভাৱে গ্ৰহণ কৰিব পাৰিছিল৷ সকলো ধৰ্মৰ পৰাই তেওঁ অহিংস আৰু সততাৰ বাণী গ্ৰহণ কৰিছিল৷ যাৰ জৰিয়তে তেওঁ ৰাজনৈতিক আন্দোলনত এই অহিংস আৰু সততাৰ বাণীৰেই তেওঁৰ আন্দোলনৰ কাৰ্যপন্থা গ্ৰহণ কৰিছিল৷
যি ধাৰণ কৰে সিয়েই হৈছে ধৰ্ম৷ অৰ্থাৎ এই ধৰ্মই মানুহক এক সহজ–সৰল জীৱন–যাপনৰ মাৰ্গ দেখুৱায়৷ ধৰ্মৰ এক অপৰিহাৰ্য উপাদান বিশ্বাস৷ এই বিশ্বাসৰ মাধ্যমেৰেই সন্দেহ বশীভূত কৰিব পৰা যায় আৰু এখন সুস্থ ধৰ্মীয় সমাজ গঢ় দিব পৰা যায়৷ ধৰ্মই মানৱ জীৱনৰ সৌষ্ঠৱ বৃদ্ধি কৰাতো সহায় কৰে৷ গান্ধীজীৰ মতে নৈতিকতাৰ বিকাশৰ কাৰণেই ধৰ্মৰ প্ৰয়োজন৷ গান্ধীজীয়ে ধৰ্মক মানৱ জীৱনৰ কোনো দিশৰ পৰাই বাদ নিদি ধৰ্মৰ সৈতে থকা মানুহৰ সম্পৰ্কৰ কথা উল্লেখ কৰিছে৷ মানৱীয় দৰ্শনৰ প্ৰতিষ্ঠাৰ কাৰণেই একপ্ৰকাৰ ধৰ্মই সমাজ সৃষ্টিত গুৰুত্ব আৰোপ কৰিছে৷ ধৰ্ম হ’ল সাৰ্বজনীন সত্য সন্ধানৰ এক প্ৰয়াস৷
গান্ধীজীয়ে ধৰ্ম নিৰপেক্ষতাক স্বীকাৰ কৰিছিল৷ নিৰপেক্ষ ধৰ্মৰ আধাৰতে তেওঁ ৰাজনীতিক নীতিপৰায়ণ হিচাপে গ্ৰহণ কৰিছিল৷ অৰ্থাৎ ধৰ্মীয় দৰ্শনেৰে তেওঁ ৰাজনীতিক বিচাৰ কৰি ৰাজনীতিকো নৈতিকতাৰ অধীনলৈ আনিবলৈ সক্ষম হৈছিল৷ তেওঁৰ মতে ৰাজনীতি নীতি বৰ্জিত হ’ব নালাগে৷ নীতিহীন ৰাজনীতি প্ৰকৃতাৰ্থত ৰাজনীতি নহয়৷ এই ৰাজনীতিয়ে জনসাধাৰণৰ কল্যাণ সাধন কৰিব নোৱাৰে৷ গান্ধীজীয়ে ৰাজনীতিক ধৰ্মৰ আধাৰত নীতিপৰায়ণ কৰিবৰ কাৰণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল৷ বিশেষকৈ ৰাজনীতিত সুবিধাবাদৰ স্থান নাই বুলি কৈছিল৷ ৰাজনীতিকো তেওঁ সত্য আৰু অহিংসৰ ওপৰত প্ৰতিষ্ঠিত হোৱাটো বিচাৰিছিল৷ যি সত্য আৰু অহিংস সকলো ধৰ্মৰে মূল ভেঁটি৷ তেওঁ এখন ৰাষ্ট্ৰত সকলো ধৰ্মৰ লোককে শান্তি আৰু মিলাপ্ৰীতিৰে বসবাস কৰাটো বিচাৰিছিল৷ ধৰ্মৰ আধাৰত এইদৰে গান্ধীজীয়ে ৰাজনীতিক বিচাৰ কৰিছিল কাৰণে ৰাজনীতিত নৈতিক চিন্তাধাৰাও সন্নিৱিষ্ট হৈছিল৷
গান্ধীজীয়ে ধৰ্মক মানৱ জীৱনৰ কোনো এটা দিশৰ পৰাই বাদ দিব বিচৰা নাছিল৷ তেওঁৰ মতে ধৰ্মৰ সৈতে মানুহৰ জীৱন ওতঃপ্ৰোতভাবে জড়িত৷ ধৰ্মৰ প্ৰতি গান্ধীজীয়ে সদায় এক সাৰ্বজনীন দৃষ্টিভংগী গ্ৰহণ কৰিছিল৷ তেওঁৰ মতে ধৰ্ম বুলি ক’লে হিন্দু ধৰ্ম, ইছলাম ধৰ্ম বা আন কোনো ধৰ্মক নুবুজায়৷ ধৰ্ম হ’ল সাৰ্বজনীন আৰু সত্যৰ সন্ধানী৷ ধৰ্মই অসহায়জনক সহায় কৰে৷ গান্ধীজীৰ মতে ধৰ্মৰ ভিত্তি হ’ল সামাজিক ন্যায় আৰু ই মানুহৰ মাজত ভ্ৰাতৃত্ব, সত্য আৰু সুখ বৃদ্ধি কৰে৷ গান্ধীজীয়ে সেইকাৰণে কৈছে– My religion is based on truth and non-violence is the means of realising God.
মহাত্মা গান্ধী যে প্ৰকৃতাৰ্থত এজন ধাৰ্মিক লোক আছিল তাত সন্দেহ নাই৷ কিয়নো ধৰ্মনিৰপেক্ষ দৃষ্টিভংগী আছিল গান্ধীজীৰ উদাৰ ধৰ্মীয় বিশ্বাসৰ প্ৰতীক স্বৰূপ৷ সকলো ধৰ্মৰ প্ৰতি তেওঁ সমভাৱাপন্ন হোৱাৰ উপৰিও কিন্তু তেওঁ কোনো বিশেষ ধৰ্মীয় দৃষ্টিকোণেৰে মানুহক বিচাৰ কৰা নাছিল৷ তেওঁৰ মতে সকলো ধৰ্মাৱলম্বী মানুহে সমান সুযোগ–সুবিধা লাভ কৰাৰ অধিকাৰী৷ গান্ধীজী হিন্দু ধৰ্মাৱলম্বী আছিল যদিও আন ধৰ্মাৱলম্বী লোকৰ প্ৰতিও অধিক দুৰ্বলতা আছিল তেওঁৰ৷ তেওঁ সকলো মানুহকে ভিন ভিন ধৰ্মাৱলম্বী মানুহৰ লগতো মিলাপ্ৰীতিৰে বসবাস কৰিবলৈ আহ৩ান জনাইছিল৷ অৰ্থাৎ গান্ধীজীৰ সেই আদৰ্শকে শিৰোধাৰ্য কৰি মানৱ সভ্যতাৰ শীৰ্ষতো ধৰ্মকে স্থান দি এক শৃংখলাবদ্ব জীৱন–যাপনকে আমি জীৱন মন্ত্ৰ কৰি তুলিব লাগে৷ আমাৰ সভ্যতা সংস্কৃতিৰ লগতে ধৰ্মীয় সচেতনতাকো শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰি মানৱীয় প্ৰমূল্যবোধক জীয়াই ৰখাৰ দায়িত্ব আমি গ্ৰহণ কৰিব লাগিব৷ বৈচিত্ৰ্যময় ভাৰত ভূমিত জীৱন–যাপনৰ প্ৰণালীগত বিভেদ থাকিলেও ধৰ্মীয় ৰীতি নীতিৰেও আমি বৈচিত্ৰ্যময়৷ ধৰ্মৰ দোহাই দি বৈচিত্ৰ্যময় আমাৰ সভ্যতা, সংস্কৃতিক বিভাজনমুখী কৰাৰ প্ৰয়াস কোনেও কৰিব নালাগে৷ অৰ্থাৎ গান্ধীজীয়ে কোৱা ধৰণে সত্য আৰু প্ৰেমৰ বাণীৰে মানৱীয় দৰ্শনত ধৰ্মৰ প্ৰতি আমি সদায় সহনশীল হৈ থাকিব লাগিব৷ তেতিয়াহে দেশত ভ্ৰাতৃত্ববোধ সুদৃঢ় হ’ব৷