জিতেন বৰুৱা

কিছুদিনৰ পৰা চৌদিশে ‘বৃদ্ধূ আৱাস’ৰ বিষয়ে আলোচনা, বাতৰি, গল্প, কবিতা, ইলেকট্ৰনিক মাধ্যমত ছিৰিয়েলতো দেখা গৈছে৷ চৰকাৰীভাবে বৃদ্ধাৱাস খোলাত বাধা প্ৰদান কৰাৰ কথা বৃদ্ধাৱাসত পিতৃ মাতৃ থব নোৱাৰাৰ আইন প্ৰণয়নৰ ধমকি পৰ্যন্ত শুনা গ’ল৷ এই ক্ষেত্ৰত নিৰপেক্ষ ভাবে ক’বলৈ গ’লে বিষয়বস্তুৰ ওপৰত গভীৰ অধ্যয়ন বা অভিজ্ঞতা অবিহনে বিহঙ্গম দৃষ্টিৰে পৰ্যবেক্ষণ কৰিয়েই প্ৰায়বোৰ বিষয়বস্তু উপস্থাপন কৰা দেখা গৈছে৷ গভীৰভাবে বিষয় বস্তুৰ ওপৰত অধ্যয়ন নোহোৱাকৈ দিয়া মতামত কেতিয়াও এশ শতাংশ শুদ্ধ হ’ব নোৱাৰে৷ এই খিনিতেই এটা অপ্ৰিয় সত্যৰ অবতাৰণা কৰিবলৈ পাই দুঃখিত যে এই আবাস গৃহসমূহ বৃদ্ধ লোকৰ বাসস্থান, গতিকে বৃদ্ধৰ আৱাস বৃদ্ধাৱাস কোৱাই সাৰ্থক, তাতোকৈ এখোপ আগুৱাই গৈ বৃদ্ধাশ্ৰম কোৱাটো অতিৰঞ্জিত৷ আশ্ৰম শব্দৰ মৰ্যাদা লাঘৱ কৰি আৰু নৱ প্ৰজন্মই শব্দটোৰ ভুল অৰ্থ এটা যাতে নুবুজে, তাৰ বাবেই বৃদ্ধাশ্ৰম কোৱাতো যুক্তিযুক্ত নহয়৷ আমি বৃদ্ধাশ্ৰম শব্দৰ ব্যবহাৰৰ পৰা বিৰত থাকিম৷ এই অনুষ্ঠানবোৰৰ অন্তৰ্ভাগত প্ৰবেশ কৰিলে ক’তো আশ্ৰমৰ মৰ্যাদা দেখা নাযায়৷ আশ্ৰম শব্দৰ আভিধানিক অৰ্থৰে দৃষ্টি নিক্ষেপ কৰিলেও আশ্ৰম শব্দৰ অৰ্থ তপোবন, ঋষি–মুনি সকলৰ বাসস্থান, সংসাৰ ত্যাগী লোকৰ বাসস্থান, সাধনাৰ স্থান, মঠ মন্দিৰ পূৰ্ণ অনাথ শিশু, অনাথ লোকৰ বাসস্থানক বুজায়৷ প্ৰাচীন কালৰে পৰা নিৰীক্ষণ কৰিলে আশ্ৰমৰ বাহ্যিক, অন্তৰ্ভাগৰ পৰিৱেশ পৰিস্থিতিৰ এশ ভাগৰ এভাগো কোনো বৃদ্ধালয়ত বিৰাজমান নহয়, হ’ব নোৱাৰে৷ গতিকে আশ্ৰম শব্দৰ অপপ্ৰয়োগ কৰি প্ৰকৃত আশ্ৰম শব্দৰ অৰ্থ নৱ প্ৰজন্মই বিকৃত ৰূপত বুজাতকৈ বৃদ্ধালয় শব্দটোৱে প্ৰযোজ্য৷ কোনো বিতৰ্কৰ বাবে লিখা নাই, অবাবত তৰ্ক কৰি সময়ৰ অপচয় নকৰোঁ৷ আজিকালি এচামে লোকৰ দোষ উলিয়াই যুঁজো যুঁজো কৰি থকাৰ মানসিকতাৰ ব্যক্তিৰ সংখ্যা বৰ নগণ্য নহয় বাবে আগতীয়াকৈ জনাই থোৱা উচিত বুলি বোধগম্য হ’ল৷ মই নিজে ভুক্তভোগী, পানীত ননমাকৈ এডাল মাৰিৰে এঠাইত চাই তাৰ গভীৰতা, তাৰ তলত বোকাই নে শিল, নে কাঁইট, মতামত দিয়াৰ যুক্তি বা অধিকাৰ আমাৰ দৃষ্টিৰে নাই৷ কোনো পৰিচালনা কমিটিয়ে একান্ত আন্তৰিকতা থাকিলেও সেই পৰিৱেশ গঢ়ি তোলা প্ৰায় অসম্ভব৷ কাৰণ আজিৰ মানুহৰ মন–মগজু সেই প্ৰাচীন ঋষি–মুনি বাদেই আমাৰ দুটামান প্ৰজন্মৰ পূৰ্বপুৰুষ সকলৰ ভাবাদৰ্শৰেই নহয়৷ কাকো আঘাত দিয়াৰ অভিপ্ৰায় নথকা সত্বেও অতি পৰিতাপেৰেই এই অপ্ৰিয় সত্যৰ অবতাৰণা কৰিবলৈ বাধ্য৷
এতিয়া আচল বিষয়বস্তুৰ ওপৰত আলোচনাৰ পাতনি মেলা যাওক৷ বিভিন্ন সংগঠন, এন জি অ’, বৈদ্যুতিক আৰু ছপা মাধ্যমৰ সাংবাদিক আদিয়ে বিহঙ্গম দৃষ্টিৰে ভ্ৰমণ কৰি এই অনুষ্ঠানসমূহত বাস কৰা মানুহৰ ওপৰত বিভিন্ন জনৰ জীৱন কাহিনীৰ ওপৰত কল্পনাৰ ৰহণ যুক্ত কৰি উপস্থাপন কৰা দেখা যায়৷ পৃথিবীত হয়তো আটাইতকৈ কঠিনতম কামটো হ’ল মানুহৰ মন অধ্যয়ন কৰা, মানুহৰ পৰা প্ৰকৃত সত্য উদ্ঘাটন কৰা৷ য’ত নেকি বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ লাই ডিটেক্টৰ উদ্ভাবন কৰিবলৈ বাধ্য হৈছে৷ তথাপিতো আইনী মেৰপেচ, স্বাস্থজনিত কাৰণ আদি এশ এটা বাধাত তাকো ব্যবহাৰত বাধা৷ তাৰ মানে সত্য উদ্ধাৰ কৰা বৰ সহজ কাম নহয়৷ তেনে স্থলত এঘণ্টা সেই বদ্ধ, বৃদ্ধাসকলৰ মাজত থাকি তেওঁলোকৰ মনৰ কথা, প্ৰকৃত পৰিবেশ পৰিস্থিতি, যাৰ বাবে তেওঁলোক তাৰ আশ্ৰয় প্ৰাৰ্থী হ’ল জনা সহজ বুলি ভবাটো বাতুলামি বুলি ক’লে অত্যুক্তি নহ’ব৷ নিজৰ দোষ নিজে নেদেখা বা আত্মপক্ষ সমৰ্থন কৰাটো এটা মানবীয় স্বভাৱ বুলি ক’লে এশ শতাংশ ভুল নহয়৷ বৰ সীমিত মানুহে হে নিজৰ দোষ স্বীকাৰ কৰিব পৰা বিৰল ক্ষমতাৰ অধিকাৰী৷ গতিকে কোনোবা এজন বৃদ্ধ বা বৃদ্ধাক তেওঁ তাত কিয় আছে, কোনে থৈ গৈছে, কি কাৰণে জাতীয় প্ৰশ্নবোৰৰ সকলো উত্তৰ শুদ্ধ নে? এইটোৱেই আটাইতকৈ মুল্যবান, গুৰুত্ব পূৰ্ণ কথা৷ সকলোৱে আত্মপক্ষ সমৰ্থনত কথা কোৱাটো মানবীয় ধৰ্ম হয়নে নহয় ক’ব পৰা নাযায়, কিন্তু তথাপি ই সত্য যে অধিকাংশ মানুহে এশ শতাংশ মিছা কথাৰেও আত্মপক্ষ সমৰ্থন কৰি বক্তব্য প্ৰদান কৰে৷ আৰু আমাৰ সমাজৰ একাংশ বৰমুৰীয়া আৰু সংবাদকৰ্মীয়ে তাকে প্ৰচাৰ কৰি কাৰোবাক হেয়প্ৰতিপন্ন কৰি কাৰোবাক ধোৱা তুলসীৰ পাত সজায়৷ বহুতে মানব দৰদী ৰূপত নিজক প্ৰতিষ্ঠা কৰি কয় “মই আশী বছৰীয়া, নবৈ বছৰীয়া পিতৃ–মাতৃক লগত ৰাখি চোৱা–চিতা কৰো৷ মাক–বাপেকক বৃদ্ধাৱাসত থৈ ৰাছিয়া আমেৰিকাত কিয় চাকৰি কৰিবলৈ যাব লাগে৷ হয় লগত লৈ যা, নতুবা চাকৰি এৰি দি ইয়াত কিবা কৰি খা’’ বুলি কোৱাজন দেখিব কোনো চাকৰিয়াল নহয়৷ হয়, ব্যবসায়িকভাবে প্ৰতিষ্ঠিত ব্যক্তি নতুবা ৰাজনীতি ১ ব্যবসায়ত প্ৰতিষ্ঠিত৷ তেওঁ এবাৰ মন্ত্ৰী–বিধায়ক হ’লে আজীৱন পেঞ্চন পায় আৰু মুক্তমনে বিভিন্ন কাম কৰাৰ সুযোগ পায়৷ এক কথাত এবাৰ ক্ষমতা পালেই সাত পুৰুষলৈ সম্পত্তি আহৰণ কৰে৷ গতিকে চাকৰিটো এৰি দিবলৈ কোৱা তেওঁৰ যুক্তি অতি মুল্যহীনেই নহয় অবাস্তব৷ এই খিনিতেই উল্লেখযোগ্য “Ahproach to the poor with a mind of poor’’ পৰিৱেশ–পৰিস্থিতিৰ লগত নিজকে তুলনা কৰি লৈয়ে মতামত দিয়াৰ অধিকাৰ ৰাখিব লাগে৷ অন্যথাই মুখ থাকিলেই কথা কোৱাৰ অধিকাৰ নাই৷ আমাৰ উদেশ্যে হৈছে নিৰপেক্ষভাবে প্ৰকৃত পৰিৱেশ–পৰিস্থিতি অধ্যয়ন কৰি বৃদ্ধাৱাসৰ প্ৰাসঙ্গিকতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা৷ মই নিজে বৃদ্ধাবাসত থাকি হোৱা অভিজ্ঞতাৰ পৰা সহস্ৰবাৰ ক’ম যে বৃদ্ধাৱাসৰ প্ৰয়োজনীয়তা বৰ্তমান পৰিৱেশ–পৰিস্থিতিত অত্যন্ত গুৰুত্বপূৰ্ণ৷ প্ৰকৃত পৰিস্থিতিৰ বুজ নলৈ ওপৰে ওপৰে মতামত দি নিজকে মানৱতাবাদী, পিতৃ–মাতৃ ভক্ত বুলি জাহিৰ কৰিব বিচৰা সকলেও জনা উচিত যে প্ৰতিজন পিতৃ–মাতৃক প্ৰতিজন পুত্ৰ–কন্যাই বা বোৱাৰীয়েকে কাজিয়া কৰি আৱৰ্জনা বুলি বৃদ্ধাৱাসত থবলগীয়া পৰিস্থিতি নহয়৷ কোনোবাই বিদেশত বা বহিঃৰাজ্যত কৰ্মসূত্ৰে বসবাস কৰিবলৈ বাধ্য, কোনোবা ক্ষমতাসম্পন্ন ব্যক্তিয়ে কোৱাৰ দৰে সেই জীৱিকাৰ পথ এৰি সংসাৰ চলোৱাৰ অন্য পথ নাথাকে অথচ অকলশৰীয়া পিতৃ–মাতৃৰ চোৱা–চিতা কৰিবলৈয়ো নিজৰ মানুহৰ অভাব গতিকে স্বৰ্গ সুখত নহ’লেও এটা নিৰাপদ আশ্ৰয় স্থল বুলি এনে বৃদ্ধাৱাসত থৈ এক শান্তিৰ নিশ্বাস পেলায়৷ হয় কৰ্মস্থলীত ভাৰাঘৰ লৈ ৰখাৰ সাৰ্মথ্যৰ অভাব নতুবা এক আচহুৱা পৰিৱেশলৈ পিতৃ আৰু মাতৃৰ যোৱাৰ অনীহা৷ বিভিন্ন কাৰকে তেনে এটা সিদ্ধান্ত ল’বলৈ বাধ্য কৰে৷ বিদেশত থকা সকলৰ বাবে সমস্যাটো আৰু বেছি কোনোবাই ভাষা, আহাৰ –বিহাৰৰ পাৰ্থক্য সহজ ভাবে ল’ব নোৱাৰি যাবলৈ অমান্তি হয় বা আন বিভিন্ন কাৰণ থাকিব পাৰে৷ গতিকে উপযুক্ত ভৰণ–পোষণৰ ব্যয় বহন কৰি এনে বৃদ্ধাৱাসত থৈ যায়৷ ইয়ো সত্য যে নিজ ঘৰখনৰ দৰে মনে বিচৰা সা–সুবিধা, স্বাধীনতাৰ কিছু অভাব অনুভুত হোৱাৰ সম্ভাৱনা নথকা নহয়৷ ঘৰত যি মন যায় খাব পাৰে৷ ৰাজহুৱা স্থানত সকলোৰে বাবে যি গোটাই তাকে খাব লাগিব, পৰিৱেশৰ লগত মিলিব লাগিব৷ কিন্তু এটা কথা নি(য় সকলোৱে একেমুখে স্বীকাৰ কৰিব যে অন্তত: সৌ সিদিনা গুৱাহাটী মহানগৰীৰ মাজ মজিয়াত বৰুৱা দম্পত্তীৰ দৰে পাশৱিক অত্যাচাৰৰ সন্মুখীন হৈ মৃত্যুমুখত পৰিব লগা নহয়৷ এটা সুৰক্ষিত স্থান৷ গতিকে আজি বিশেষকৈ ৰাজ্যৰ দেশৰ কিছুমান ক্ষেত্ৰত জিলাখনৰ বাহিৰত কৰ্মৰত জনৰ বাবেও এনে বৃদ্ধাৱাসৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ চৰকাৰেতো প্ৰচাৰ কৰা শুনা গৈছে যে এখন জিলাত কৰ্ম কৰি আনখন জিলাৰ ঘৰলৈ উপায়ুক্তৰ বিনা অনুমতিত (without station leave permission) কৰ্মস্থান এৰিব নোৱাৰিব৷ অবশ্যে এই ক্ষেত্ৰত কৰ্মচাৰীৰ কৰ্তব্যৰ গাফিলতিৰ কথাও নোহোৱা নহয়, এক কথাত সুবিধাৰ অপব্যৱহাৰ৷ গতিকে অতি প্ৰয়োজনীয়জনৰ বাবে অসুবিধা৷ সৃষ্টি হোৱাটো স্বাভাবিক৷ চৰকাৰে সমস্যা দেখি ব্যবস্থা গ্ৰহণ কৰিবলৈ বাধ্য৷ এই খিনিতেই এটা কথা উল্লেখ নকৰিলে দোষে চুব, এই আলোচনাৰ মাজলৈ পিতৃ মাতৃক পদপথত এৰি যোৱা উদণ্ড নিলাজ অত্যাচাৰী পুত্ৰ, বধূ কন্যাক অনা হোৱা নাই৷ সেই নিকৃষ্ট মানসিকতাৰ জীৱৰ প্ৰতি তিলমানো সহানুভূতি নাই৷
এটা সময়ত আমাৰ সমাজত যৌথ পৰিয়াল ব্যৱস্থাত ককা, আইতা, মা, দেউতা, খুড়া, খুড়ী, বৰদেউতা, ভতিজা একেখন ঘৰত একেটা চৰুতেই থকা–খোৱাৰ ব্যবস্থা আছিল৷ ক্ৰমান্বয়ে পৰিৱেশ¸ বেলেগ হ’ল পৰিয়াল সীমিত হ’ল৷ শিক্ষা, জীৱিকা বিভিন্ন কাৰণত মানুহ আঁতৰি থাকিবলৈ বাধ্য হ’ল৷ গতিকে পৰিৱেশ–পৰিস্থিতিয়ে মানুহক প্ৰায় অকল শৰীয়া কৰি গঢ়ি তুলিছে৷ ইতিমধ্যে উল্লেখ কৰাৰ দৰে বিভিন্ন কাৰণত, কেতিয়াবা পিতৃ–মাতৃৰ ঘৰ এৰাৰ অনিচ্ছা, শেষত ঘৰ এৰিব লগা হ’লেও নিজ ঠাইখন এৰিব নিবিচৰা আদি বিভিন্ন কাৰণৰ বশৱতীৰ্ হৈ তেওঁলোক বৃদ্ধাবাসত থবলৈ বাধ্য হ’ব লগা হয়৷ কাৰণ আজিৰ দিনত নিজৰ মানুহ নহ’লে আনৰ হাতত দায়িত্ব দি বৃদ্ধ ৰুগ্ন লোকক অকলে এৰি অহাতো প্ৰায় অসম্ভব বুলিয়েই ক’ব লাগিব৷ তেনে ক্ষেত্ৰত ঘটা বিভিন্ন ঘটনাৰ বিবৰণ আমি খবৰ কাগজত, দূৰদৰ্শনত প্ৰায়েই পাওঁ৷ এইয়া হ’ল বৃদ্ধাৱাসৰ প্ৰয়োজনীয়তাৰ দিশ৷

এতিয়া নিৰপেক্ষভাবে বৃদ্ধাবাসত পিতৃ মাতৃক থবলগীয়া অন্য কেইটামান দিশৰ অৱলোকন কৰাৰ এক প্ৰচেষ্টা৷ দেখা যায় বহুতো পিতৃ–মাতৃয়ে বোৱাৰীজনীক নিজৰ জীৰ দৃষ্টিৰে চাব নিবিচাৰে৷ নিজৰ জীয়েকে কৰা কামবোৰ বোৱাৰীয়ে কৰিলে অক্ষমনীয় অপৰাধ হয়৷ বহু ক্ষেত্ৰত পৰিলক্ষিত হয় যে স্বামী–স্ত্ৰী উভয়ে চাকৰি কৰা হ’লে, প্ৰায়ে ঘৰত সময় দিব নোৱাৰা হয়৷ আগতে এজনৰ বন্ধু–বান্ধবী, মিতিৰ–কুটুম্বৰ ঠাইত বিয়াৰ পিছত দুয়োজনৰ বন্ধু–বান্ধবী, সম্বন্ধীয়ৰ লগত সম্পৰ্ক ৰক্ষা কৰিব লগা হোৱাত আগতকৈ পিতৃ–মাতৃৰ লগত সময় কম দিব লগা হ’লেও এটা অশান্তিৰ কাৰণ হয়৷ প্ৰতি পদে পদে বোৱাৰীৰ দোষ দেখে৷ কেতিয়াবা তাৰ বিজাণু পুত্ৰলৈও বিয়পি পৰে৷ বিয়াৰ পিছত সলনি হ’ল বুলি কোৱা শুনাও যায়৷ অথচ কোনো অবহেলা নকৰাকৈয়ে, আকৌ কেতিয়াবা দেখা যায় বোৱাৰীয়েও শহুৰ–শাহুক নিজ পিতৃ–মাতৃৰ স্থান দিব নিবিচাৰে৷ এনেদৰে পৰিয়ালটোত অশান্তিৰ বীজ ৰোপণ হৈ এদিন বিষবৃক্ষলৈ পৰিৱৰ্তিত হয়৷ এনে পৰিস্থিতিত তাতোকৈ অবাঞ্চিত আৰু বেয়া পৰিস্থিতিৰ উদ্ভব নহবলে কেতিয়াবা উপযুক্ত ভৰণ–পোষণৰে বৃদ্ধাৱাসত থোৱাটো মঙ্গলজনক হৈপৰে৷ বৃদ্ধ পিতৃ–মাতৃক অকলে এৰি নিজে ভাৰা ঘৰলৈ যোৱাও উপৰো¸ক্ত কাৰণতে এটা বাধা৷ অৱশ্যে পৰিয়ালৰ সদস্যৰ সংখ্যাৰ ওপৰতে নিৰ্ভৰ কৰে৷ এইটো অবাঞ্চিত হ’লেও স্থায়ী অশান্তি এটাৰ পৰা সাময়িক পৰিত্ৰাণৰ এক উপায়৷ কাৰণ এনে নিত্য–নৈমিত্তিক অশান্তিবোৰ কেতিয়াবা তাতোতকৈ অধিক বেয়া পৰিস্থিতিলৈ যোৱাৰ সাৱধানতাৰ উপায় হিচাবে কোনোবাই হয়তো ক’ব বিচাৰিব কিয় বুজাই বঢ়াই এটা সমাধান সূত্ৰ উলিওৱাৰ কথা চিন্তা নকৰিলে৷ কিন্তু এইটো সকলোৱেই নি(য় স্বীকাৰ কৰিব যে বৰ্তমান শিক্ষিত মানুহক আনে বুজাই কিবা এটা সমাধান সূত্ৰ উলিয়াই সহজ নহয়৷ সকলোৱে নিজৰটোকে শুদ্ধ বুলি ভাবি আকোঁৰগোজ হৈ থাকে৷ এইবোৰ সমস্যাৰ চাক্ষুষ প্ৰমাণ পোৱাৰ সৌভাগ্য (নে দুৰ্ভাগ্য) আমাৰ হৈছে৷ আন এটা দিশ কিছুমান স্বামী–স্ত্ৰী ১ মনোমালিন্য ১ বাবে, বিবাহ বিচ্ছেদৰ বাবেও কোনো লোক বৃদ্ধাৱাসত থাকিবলৈ বাধ্য হ’ব লগা হয়৷ মুঠতে কিছুমান পৰিস্থিতি এৰাই চলাৰ প্ৰতিকাৰ হিচাবে এই আশ্ৰয়স্থল গ্ৰহণ কৰি কোনোবা এটা পক্ষ আঁতৰি দিয়াৰ প্ৰয়োজনীয়তা গুৰুত্বপূৰ্ণ৷
এইবোৰ কাৰণৰ বাবে দায়ী কোন বিচৰাৰ আমাৰ অধিকাৰ নাই৷ সম্পুৰ্ণ নেদেখাকৈ কাৰোবাৰ পৰা এক পক্ষীয়ভাবে শুনি বিচাৰকৰ আসনত বহি বিভিন্নজনে মতামত দিয়াটো হাস¸্যকৰ৷ অসমীয়াত এশাৰী কথা আছে “শুনা কথাত নিদিবা কাণ, দেখাটোৰো ল’বা তিনিটা প্ৰমাণ৷“
এতিয়া শেষ পৰ্যায়ত বিচাৰ্য বিষয় হ’ল এই ক্ষেত্ৰত চৰকাৰ আৰু সমাজৰ কৰণীয় দিশ কি? বৃদ্ধাৱাস বোধকৰোঁ ভাৰতবৰ্ষৰ উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন আছিল অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ জেষ্ঠ কন্যা প্ৰথম অসমীয়া এই চি এছ বিষয়া স্বনামধন্যা সুচিব্ৰতা ৰায়চৌধুৰীয়ে তেখেতৰ পিতৃ দেৱৰ স্মৃতিত স্থাপন কৰি যোৱাখনেই৷ কিন্তু বৰ্তমান অসমৰ চুকে–কোণে বহুতো গঢ় লৈ উঠিছে৷ এতিয়া যেন প্ৰথমখনৰ আদৰ্শৰ পৰা কিঞ্চিৎ হ’লেও ফালৰি কাটি গৈ পি জি(PG) ১ দৰে গঢ়ি উঠিছে৷ গতিকে উদেশ্যে সৎ হ’লেও কাৰ্যপন্থাৰ ওপৰত ইয়াৰ ভৱিষ্যত নিৰ্ভৰ কৰে৷ চৰকাৰী পষ্ঠপোষকতাতো বৃদ্ধাৱাস গঢ় লৈ উঠিছে বুলি শুনা যায়৷ অবশ্যে এই বিষয়ত বিস্তৃতভাবে জনাৰ সুযোগ–সুবিধা পোৱা নাই৷ এই অনুষ্ঠানসমূহ যাতে এক ব্যৱসায়িক মনোভাবেৰে পি জিৰ ৰূপত গঢ় লৈ মানৱতাৰ দিশত প্ৰাধান্য দিয়া হয় তালৈ চৰকাৰ তথা সমাজৰ সুদৃষ্টিৰ অতীব প্ৰয়োজন আছে৷ এটা অনুষ্ঠান চলাবলৈ অৰ্থৰ দিশটো টনকিয়াল হোৱাৰ প্ৰয়োজনীয়তা কোনেও নুই কৰিব নোৱাৰে৷ এটা মানদণ্ড পূৰ্ণ জীৱন ধাৰণৰ বাবে টকাৰ প্ৰয়োজন৷ এই অনুষ্ঠানবোৰৰ বাবে ৰাজ সাহায্য প্ৰদানৰ ব্যবস্থাৰ প্ৰয়োজন৷ আটাইতকৈ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ বিধ হয়তো কোনোবা স্বেচ্ছাসেৱী সংগঠনে খুলিবলৈ সমৰ্থ হ’ব পাৰে নতুবা চৰকাৰী ভাবেহে খুলিব পাৰিব৷ যিসকলৰ কোনো আত্মীয় নাইবা যিসকলে পিতৃ–মাতৃক ব্যয় বহন কৰি তেনে অনুষ্ঠানত ৰাখিবলৈ অপাৰগ অথচ এৰিবও নোৱাৰে, ধৰিবও নোৱাৰে, সেই সকলক বিনামুলীয়াকৈ ৰখাৰ ব্যৱস্থাৰ বাবে এনে অনুষ্ঠানৰ অতি প্ৰয়োজন৷ চৰকাৰে বিভিন্ন হিতাধিকাৰী সৃষ্টিৰ আঁচনি লোৱা দেখা শুনা যায়৷ কিন্তু এনে মহান জনহিতকৰ আঁচনিৰ কথা শুনিবলৈ পোৱাৰ সৌভাগ্য হোৱা নাই৷ চৰকাৰে অসহায়, অনাথসকলক বিনামুলীয়াকৈ অন্ন, বস্ত্ৰ আৰু স্বাস্থৰ বাবে ব্যবস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় বিষয় হৈ পৰিছে৷ চৰকাৰীভাবে খোলা বা ব্যক্তিগত ভাবে খোলা অনুষ্ঠানসমূহত সুস্বাস্থ্য, সুখাদ্যৰ ব্যবস্থা, মানসিক স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ ওপৰত চৰকাৰ আৰু সমাজৰ সচেতন, নিৰপেক্ষ অনুষ্ঠানসমূহে দৃষ্টি নিক্ষেপ কৰাটো অতি প্ৰয়োজন৷ এই খিনিতে আৰু এটা বিষয় উল্লেখযোগ্য যে এনে অনুষ্ঠানত প্ৰায়ে বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠান, এন জি অ’, বিভিন্নজন ব্যক্তিয়ে বিভিন্ন উপলক্ষে আৱাসীসকলৰ মাজত খাদ্য, বিভিন্ন উপহাৰ বিতৰণ কৰা দেখা যায়৷ এই ক্ষেত্ৰত দেখা যায় একাংশই কি দিছে তাত গুৰুত্ব দিয়াত কৈ দিয়াৰ (বিতৰণৰ) কিমান ফটো ল’ব পাৰে তাতেহে যেন বেছি গুৰুত্ব প্ৰদান কৰে৷ তেওঁলোকৰ উদেশ্য প্ৰচাৰ আৰু সাহায্য লাভ কৰা৷ কিছুমান মানুহ আহে আন্তৰিকতাৰে কিবা এটা দিবলৈ, বৃদ্ধ–বৃদ্ধাৰ আৰ্শীবাদ কামনাৰে৷ বহুতৰে এটা ভুল ধাৰণাও নথকা নহয় যে তেওঁলোক অনাথ–অঘৰী গতিকে কিবা এটা পেলাই দিলেই হয় পুৰণি সাজপাৰ দিয়াৰ মানসিকতাও দেখা যায়৷ এইক্ষেত্ৰত উভয় পক্ষক পৰিচালনা সমিতিয়ে এটা কথা জনোৱা উচিত যে তাত বৃদ্ধ–বৃদ্ধা থাকে, বয়স বেছি হ’লে বেছিভাগ লোকে বাৰ্ধক্যজনিত ৰোগত ভোগে৷ গতিকে তেনে লোকক জনোৱা উচিত যে অত্যধিক তেলত ভজা বস্তু, মিঠা বস্তু, ময়দাৰে তৈয়াৰী খাদ্য আদি যাতে নিদিয়ে৷ পেকেটত ওজন আৰু আকাৰ তকৈ কি দিলে তাৰ মানদণ্ডৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰা উচিত৷ কাৰণ বহুতৰে হয়তো বিষয়টো জ্ঞাত নহ’বও পাৰে৷ বিভিন্ন ধৰণৰ তেলত ভজা বস্তু, ময়দাৰ বস্তু, মিঠা বস্তুতকৈ এটা বয়ল কেক বা এটা মিঠাই, ফল–মূল, নোৱাৰিলে এটা দৰ্কাৰী বস্তুকে দিয়াও মঙ্গলজনক৷ শুভেচ্ছা, আন্তৰিকতা ওজন আৰু আকাৰে নুবুজায়৷ এই দিশত পৰিচালনা সমিতিৰ দায়িত্ব আৰু কৰ্তব্য যথেষ্ট আছে৷
পৰিচালনা সমিতিসমূহেও কিছূ কথাত অতি সতৰ্কতাৰে অগ্ৰসৰ হোৱাৰ প্ৰয়োজন৷ বিভিন্ন ঠাইৰ বিভিন্ন ৰুচি সম্পন্ন বিভিন্ন স্বভাব–চৰিত্ৰৰ তাত সমাৱেশ হয়৷ অনৈকত ঐক্য সৃষ্টি কৰা প্ৰায় অসম্ভব৷ ভিন্ন ৰঙৰ সমাহাৰেৰে ৰামধেনু সৃষ্টিৰ কল্পনাও অলীক৷
গতিকে অনুষ্ঠানটি সুকলমে পৰিচালনা কৰিবলৈ কঠোৰ নীতি–নিয়ম শৃংখলাবদ্ধতাৰ প্ৰয়োজন৷ তাত কোনো আৱাসীৰ বাবে আন কোনোৱে যাতে অশান্তি পাব লগা নহয়৷ কোনেও কাৰো যাতে শান্তি ভঙ্গ নকৰে, তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মানিব লগা নীতি–নিৰ্দেশনা স্বাক্ষৰ কৰাই লৈ কঠোৰ শাস্তি প্ৰদান (জৰিমনা, ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা, অভিভাৱকক মাতি জনোৱা ইত্যাদি)ৰ ব্যবস্থা থকা উচিত৷ কিছুমান অবাঞ্চিত অপত্যাশিত ঘটনাৰ প্ৰতিৰোধৰ বাবে এইবোৰ অতি গুৰুত্বপূৰ্ণ৷ কথাটো থোৰতে ইঙ্গিত হিচাপে উল্লেখ কৰা হ’ল৷ “Prevention is better than cure’’ কাৰণ অসমীয়াত এশাৰী কথা আছে “চোৰে নেৰে চোৰ প্ৰকৃতি, কুকুৰে নেৰে ছাই, যাৰ যি প্ৰকৃতি, মৰিলে লগত যায়৷ “এঙাৰ সদায় গাখীৰেৰে ধুলেও বগা নহয়, গতিকে প্ৰতিজন ব্যক্তিৰ স্বভাৱ–চৰিত্ৰ জনাৰ উপায় নাথাকে বাবে অনুষ্ঠানৰ মৰ্যাদা শান্তি–সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত কঠোৰ নিয়মাৱলী থকা বাঞ্ছনীয়৷
চৰকাৰী স্বাস্থ্য, জন কল্যাণ বিভাগে এই অনুষ্ঠানসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তা বৰ বেছি৷ অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰৰ কন্যাই প্ৰতিষ্ঠা কৰা বৃদ্ধাৱাসখনৰ দৰে সকলোতে এম্বুলেন্স, নাৰ্চৰ সুবিধা আদি পৰিলক্ষিত নহয়৷ মুঠতে এই অনুষ্ঠানবোৰ খোলাৰ অনুমতি প্ৰদান কৰোঁতে প্ৰাথমিক সা–সুবিধাবোৰৰ প্ৰতি নজৰ দিয়া উচিত৷