আমাৰ কৰণীয়
ৰাজীৱ কাশ্যপ

গৰ্ভাৱস্থাৰ সময়ছোৱা গৰ্ভৱতী মহিলা আৰু গৰ্ভস্থ সন্তান দুয়োৰে বাবে অতি মূল্যবান৷ গৰ্ভস্থ শিশুৰ স্বাস্থ্য আৰু ভৱিষ্যত জীৱনৰ মুল ভেটিটো এইখিনি সময়তে গঢ় লয়৷ স্বাস্থ্যৱতী মহিলাই এটি স্বাস্থ্যৱান শিশুৰ জন্ম দিব পাৰে৷ সেয়েহে এইখিনি সময়ত মহিলাগৰাকীৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজনীয়৷ তদুপৰি জন্মৰ পিছতো কিছুদিনলৈ শিশু সম্পূৰ্ণৰূপে মাকৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ শিশুয়ে মাতৃ দুগ্ধপান কৰা সময়তো মাকে স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়৷ এইখিনি সময়তো মাকৰ স্বাস্থ্য বেয়া হলে তাৰ বিৰূ¸প প্ৰভাৱ শিশুৰ ওপৰত পোনপটীয়াকৈ পৰে৷ সেয়েহে পৰিয়ালৰ লোকে বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজনীয়৷
গৰ্ভাৱস্থাৰ সময়ছোৱাত দেখা দিয়া প্ৰধান সমস্যাসমূহ এনেধৰণৰ:
গ্ধ অপুষ্টিঃ অপুষ্টি গৰ্ভৱতী মহিলাৰ অন্যতম প্ৰধান সমস্যা আৰু অনাগত সময়ত হ’ব পৰা বিভিন্ন সমস্যাৰ কাৰক হিচাপে পৰিগণিত হয়৷ গৰ্ভধাৰণ কাল আৰু শিশুক দুগ্ধপান কৰোৱা সময়ত অধিক পুষ্টি আৰু কেল’ৰিৰ প্ৰয়োজন হয়৷ শিক্ষিত আৰু আৰ্থিক ভাবে উন্নত সমাজৰ মহিলাসকলৰ মাজত এই সমস্যা কমকৈ হয়৷ বৰ্তমান সময়ত চৰকাৰে গৰ্ভৱতী তথা দুগ্ধপান কৰোৱা মহিলাৰ পুষ্টিৰ বাবে বিভিন্ন আঁচনি আৰু সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে৷ গৰ্ভৱতী মহিলাই পুষ্টিকৰ খাদ্য কিয় খাব লাগে, কি কি খাদ্য খাব লাগে আৰু কিমান খাব লাগে এইবোৰৰ বিষয়ে গৰ্ভৱতী মহিলাগৰাকী আৰু পৰিয়ালৰ লোকসকল জ্ঞাত হোৱা উচিত৷ গৰ্ভাৱস্থাত প্ৰয়োজনীয় পুষ্টি লাভ নকৰিলে ৰক্তহীনতা, নৱজাতকৰ ওজন কম হোৱা আৰু বিভিন্ন জটিলতা হ’ব পাৰে৷ কিছুমান ক্ষেত্ৰত নবজাতক বা প্ৰসূতিৰ মৃত্যুও হয়৷ আমাৰ ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশত পুষ্টিহীনতাৰ সমস্যাত ভোগা লোকৰ সংখ্যা অধিক৷ প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰো অধিক হয়৷ গৰ্ভাৱস্থাত মাকজনী পুষ্টিৰ অভাৱত ভূগিলে নৱজাতকৰ ওজন কম হয়৷ ওজন কম শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয়৷ ফলত সাধাৰণ ৰোগতে এনে নৱজাতকৰ মৃত্যু হ’ব পাৰে৷
এটি শিশুক জন্মৰ পৰা ছয়মাহ বয়সলৈ কেৱল মাতৃ দুগ্ধপান কৰোৱাবলৈ পৰামৰ্শ দিয়া হয়৷ এইখিনি সময়ত মাকৰ খোৱা–বোৱা ভাল নহ’লে প্ৰয়োজনীয় দুগ্ধ শিশুটোৱে খাবলৈ নাপাব পাৰে৷ ফলত¸ শিশুৰ বৃদ্ধি বাধাগ্ৰস্ত হয়৷ ঠিক সেইদৰে শিশুক গোটা আহাৰ খুৱাবৰ সময়তো যথেষ্ট সাৱধানতা অবলম্বন কৰিব লাগে৷ শিশুৱে সহজতে হজম কৰিব পৰা পুষ্টিকৰ আহাৰ দিনত ৩–৪ বাৰ খুৱাব লাগে৷ গুৰুপাক খাদ্য একেবাৰে দিব নালাগে৷ খোৱাত অনিয়ম হলে পেটৰ অসুখ, ডায়েৰীয়া আদি হ’ব পাৰে৷
গৰ্ভাৱস্থাত তেজত পানীৰ পৰিমাণ বাঢ়ে আৰু ৰক্তকণিকাৰ পৰিমাণ কমি যায়৷ শৰীৰত আইৰনৰ মাত্ৰাও কমে৷
ফলত স্বাভাৱিকতে কিছু পৰিমাণে ৰক্তহীনতা হয়৷ এইখিনি সময়ত পুষ্টিকৰ খাদ্য ভালদৰে নাপালে ৰক্তহীনতা বাঢ়ি যায় আৰু গুৰুতৰ সমস্যা সৃষ্টি কৰে৷ গৰ্ভধাৰণৰ সময়ছোৱাত পুষ্টিকৰ খোৱা খাদ্যৰ উপৰিও আইৰন আৰু ফ’লিক এচিডৰ বড়ী নিয়মীয়াকৈ সেৱন কৰা উচিত৷ প্ৰসৱৰ সময়তো বহু পৰিমাণে ৰক্তক্ষৰণ হয়৷ সেয়েহে আইৰন আৰু ফ’লিক এচিডৰ বড়ি প্ৰসৱৰ পিছতো কিছু দিনলৈ খোৱা উচিত৷ স্তনপানৰ সময়চোৱাত মাকৰ শৰীৰত কেলছিয়ামৰ অভাৱ হয়৷ মাতৃদুগ্ধৰ লগত বহু পৰিমাণৰ কেলছিয়াম শৰীৰৰ পৰা ওলাই যায়৷ স্তনপান কৰোৱা সময়খিনিত মহিলাগৰাকীয়ে কেলছিয়ামৰ বড়ি নিয়মীয়াকৈ খাব লাগে৷ গৰ্ভস্থ শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবেও কেলছিয়াম অতি প্ৰয়োজনীয়৷
গৰ্ভাৱস্থাৰ সময়ছোৱাত বিভিন্ন সংক্ৰামক ৰোগ হ’ব পাৰে আৰু ইয়াৰ পৰা গৰ্ভস্থ সন্তানৰ ক্ষতি হ’ব পাৰে৷ ভ্ৰুণ এটা মাতৃ গৰ্ভত স্থিতি লোৱাৰ লগে লগে মাকৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা স্বাভাৱিকতে কমি যায়৷ এই সময়ত বিভিন্ন সংক্ৰামক ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়৷ গৰ্ভাৱস্থাত স্ত্ৰী অংগ ভালদৰে পৰিষ্কাৰ কৰি নাৰাখিলে মুত্ৰনলীৰ সংক্ৰমণ হ’ব পাৰে৷ সংক্ৰমণৰ বাবে গৰ্ভপাত, শিশুৰ জন্মগত বিসংগতি, ওজন কম থকা শিশুৰ জন্ম হোৱা আদি সমস্যা হ’ব পাৰে৷ এইখিনি সময়ত পৰিস্কাৰ–পৰি২৬ন্ন হৈ থকাটো অতি প্ৰয়োজনীয়৷ কিবা সংক্ৰামক ৰোগ হলে সোনকালে ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত৷
সঘনাই গৰ্ভধাৰণ কৰিলেও শিশু আৰু মাকৰ বিভিন্ন সমস্যা হ’ব পাৰে৷ আমাৰ দেশত জন্মৰ হাৰ অধিক৷ সঘনাই গৰ্ভধাৰণ কৰিলে মাকৰ স্বাস্থ্যৰ বহুত ক্ষতি হয়৷ ইয়াৰ ফলত গৰ্ভপাত, দুৰ্বল শিশুৰ জন্ম হয়৷ ঠিক তেনেদৰে কম বয়সতে মাতৃত্ব লাভ কৰিলেও মাক আৰু শিশুৰ স্বাস্থ্য বেয়া হ’ব পাৰে৷ আমাৰ দেশত কম বয়সত মাক হোৱা মহিলাৰ সংখ্যা বহুত৷ এইবোৰ কাৰণতেই প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ আমাৰ দেশত আধিক৷

গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্যৰ বাবে ল’বলগীয়া যত্ন সমূহ:
ৰ৷গ্গপুষ্টিকৰ খাদ্য গৰ্ভৱতী মহিলাৰ বাবে অপৰিহাৰ্য৷ সেউজীয়া শাক–পাচলি, ফল–মুল, মাছ, মাংস, কণী, গাখীৰ ইত্যাদি খাদ্যবোৰ নিয়মিতভাবে খাব লাগে৷ খাদ্যৰ লগতে বিশুদ্ধ পানীও যথেষ্ট পৰিমাণে খাব লাগে৷ দিনটোৰ ভিতৰত প্ৰায় জ্জ্ব–জ্ঝ গিলাচ পানী খোৱা উচিত৷ তদুপৰি ডাক্তৰে খাবলৈ দিয়া আইৰণ, ফ’লিক এচিড আৰু কেলছিয়াম ১ দৰৱ নিয়মীয়াকৈ খাব লাগে৷ গৰ্ভৱতী মহিলাৰ কৌষ্ঠকাঠিন্যৰ সমস্যা হ’ব পাৰে৷ সেইটো দূৰ কৰিবলৈ পানী আৰু শাক–পাচলি খোৱা অতি প্ৰয়োজনীয়৷ দৈ খোৱাটো গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী৷ কেঁচা অমিতাই গৰ্ভপাত কৰিব পাৰে বাবে খাব নালাগে৷ অত্যধিক টেঙা, খাৰ, মাটিকঁঠাল আদি খাব নালাগে৷ বেছিকৈ কফি বা অন্য কেফেইনযুক্ত পানীয় খাব নালাগে৷ কেফেইনে সময়ৰ আগতে প্ৰসৱ বেদনা আনিব পাৰে৷ ফাষ্ট ফুড আৰু জাংক ফুড খাব নালাগে৷
গৰ্ভধাৰণৰ সময়ছোৱাত ধূমপান আৰু মদ্যপান কৰাটো অতি ক্ষতিকাৰক৷ নিক’টিনৰ ফলত গৰ্ভস্থ শিশুৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয়৷ ইয়াৰ বাবে গৰ্ভপাতো হ’ব পাৰে৷
২৷ সময়ে সময়ে গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰোৱাব লাগে৷ ডাক্তৰৰ পৰামৰ্শ অনুসৰি ধনুষ্টংকাৰৰ বেজী দুবাৰ দিয়াব লাগে৷ গৰ্ভৱতী মহিলাৰ ওজন স্বাভাৱিকতেই বৃদ্ধি হ’ব লাগে৷ ইয়াৰ দ্বাৰা গৰ্ভস্থ শিশুৰ ওজন বৃদ্ধি হোৱাটো অনুমান কৰা হয়৷ গৰ্ভধাৰণৰ সময়ছোৱাত মহিলা এগৰাকীৰ ওজন জ্জ্ব–১২ কেজি পৰ্যন্ত বৃদ্ধি হ’ব লাগে৷
৩৷গ্গগৰ্ভৱতী মহিলাই ঘৰুৱা কাম–কাজ কৰিব পাৰে৷ গৰ্ভধাৰণৰ শেষৰ সময়ছোৱাত বেছি গধুৰ কাম কৰিব নালাগে৷ এনে মহিলাই গধুৰ বস্তু দাঙিব নালাগে, চিৰি বগাব নালাগে, ওখ চেন্দেল পিন্ধিব নালাগে৷ টোপনি গৰ্ভৱতী মহিলাৰ বাবে অতি প্ৰয়োজনীয়৷ ৰাতি জ্জ–জ্জ্বঘণ্টা শুব লাগে আৰু দিনত দুপৰীয়া আহাৰ খোৱাৰ পিছত ২ ঘণ্টা জিৰণি ল’ব লাগে৷ বাওঁফালে কাটি হৈ শোৱা ভাল৷ পেট পেলাই তলমুৱাকৈ কেতিয়াও শুৱ নালাগে৷ সদায় ঢিলা আৰু পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে৷ মানসিক চাপ পৰিহাৰ কৰিব লাগে৷ মানসিক চাপে গৰ্ভস্থ শিশুৰ স্বাস্থ্যৰ ওপৰত বিৰূ¸প প্ৰভাৱ পেলাব পাৰে৷
খোজকঢ়াটো গৰ্ভৱতী মহিলাৰ বাবে খুব ভাল ব্যয়াম৷ কিছুমান পাতলীয়া ধৰণৰ যোগাসন, প্ৰাণায়ম আদিও কৰিব পাৰে৷ ষ্টেটিক চাইকেল চলোৱা আৰু সাঁতোৰা গৰ্ভৱতী মহিলাই কৰিব পৰা ভাল এৰোবিক ব্যায়াম৷ উন্নত দেশসমূহত গৰ্ভৱতী মহিলাৰ বিভিন্ন সমস্যা, বিষ আদিৰ বাবে ফিজিঅ’থেৰাপি কৰোৱা হয়৷ শিশুৰ জন্মৰ পিছতো এৱডমিনেল পেশীসমূহ স্বাভাৱিক হ’বলৈ বিভিন্ন ব্যয়াম ফিজিঅ’থেৰাপিষ্টে শিকাই দিয়ে৷
৪৷ গৰ্ভৱতী মহিলাই যিকোনো দৰৱ খাব নালাগে৷
কিছুমান দৰৱে গৰ্ভস্থ শিশুৰ ক্ষতি কৰিব পাৰে৷ যিকোনো অসুখ হলে ডাক্তৰৰ পৰামৰ্শ লৈহে দৰৱ খোৱা উচিত৷ তেজষ্ক্ৰিয় বিকিৰণে গৰ্ভস্থ শিশুৰ বিকাশত বাধা আনিব পাৰে৷ সেয়েহে পৰাপক্ষত এই সময়ছোৱাত এক্সৰে কৰিব নালাগে৷ গৰ্ভস্থ শিশুৰ বিকাশ চাবলৈ আলট্ৰাচনোগ্ৰাফী কৰোৱা হয়৷ বৰ্তমান উন্নত দেশ কিছুমানত এই আলট্ৰাচনোগ্ৰাফীও কমকৈ কৰা হয়৷
প্ত৷গ্গগৰ্ভৱস্থাত শৰীৰত কষ্ট নিদিয়াকৈ যৌন সম্পৰ্ক কৰিব পাৰি৷ ইয়াৰ দ্বাৰা গৰ্ভস্থ শিশুৰ কোনো ক্ষতি নহয়৷ শেষৰ তিনিমাহত যৌন সম্পৰ্ক নকৰাকৈ থাকিলে ভাল৷
৬৷গ্গগৰ্ভধাৰণৰ আৰম্ভণিতে স্বামী–স্ত্ৰীয়ে তেজৰ গ্ৰুপটো পৰীক্ষা কৰি জানি ল’ব লাগে৷ গৰ্ভৱতী মহিলা গৰাকী নিগেটিভ গ্ৰুপৰ হ’লে আৰু পুৰুষজন পজিটিভ গ্ৰুপৰ হলে গৰ্ভস্থ শিশুৰ সমস্যা হ’ব পাৰে৷ ইয়াৰ বাবে একধৰণৰ বেজী আছে যিটো সময়মতে মহিলা গৰাকীয়ে ল’ব লাগে৷
জ্জ৷ এইচ –আই–ভি ভাইৰাছৰ সংক্ৰমণ গৰ্ভৱতী মহিলাৰ পৰা সন্তানলৈ বিয়পিব পাৰে৷ সেয়েহে গৰ্ভধাৰণৰ আদিতে এইচ–আই–ভি পৰীক্ষা কৰাবলৈ পৰামৰ্শ দিয়া হয়৷ উপযুক্ত সময়ত গম পালে শিশুটি এইডছৰ সংক্ৰমণ ১ পৰা বচাব পাৰি৷
গৰ্ভধাৰণৰ সময়ছোৱা মাতৃ আৰু শিশুৰ বাবে অতি গুৰুত্বপূৰ্ণ সময়৷ শিশুটোৰ ভৱিষ্যতৰ স্বাস্থ্যৰ মূল ভেটি এইখিনি সময়তে গঢ় লয়৷ সেয়েহে পিতৃ–মাতৃ, পৰিয়াল, সমাজ সকলোৱে এই ক্ষেত্ৰত সজাগ হোৱা উচিত৷ গৰ্ভধাৰণৰ এই মূল্যবান তথা গুৰুত্বপূৰ্ণ সময়খিনিত লোৱা অকণমান সাৱধানতা আৰু যত্নই এক স্বাস্থৱান নতুন প্ৰজন্মৰ সৃষ্টিত যথেষ্ট সহায়ক হয়৷