মুকুল এম বৈশ্য

পৃথিৱীৰ সংগীত জগতত কোনো সংগীতজ্ঞ, কোনো গীতিকাৰ, কোনো সুৰকাৰ বা কোনো গায়কৰ নামেৰে এক বিশেষলানি সংগীত বা তাৰ ধাৰাক স্বীকৃতি দিয়াটো এক জটিল কাম, এক সচৰাচৰ দেখিবলৈ নোপোৱা কাম৷ সংগীতৰ ধাৰা থাকে, তাৰ বিভিন্ন উপাদান থাকে আৰু সেইবোৰকেই মূল ভেঁটি কৰি একোটাহঁত সংগীত পৰম্পৰাক সংজ্ঞাবদ্ধ কৰা হয়, নামকৰণ কৰা হয়৷ উদাহৰণস্বৰূপে পাশ্চাত্যৰ পৃথিৱীত চিম্ফনী, জাজ, ব্লুজ, ৰ’ক আৰু প্ৰাচ্যৰ ভাৰতবৰ্ষৰ দৰে দেশত খেয়াল, থুমৰি, ভজন, গজল আৰু লঘু সংগীত ইত্যাদি৷
পিছে কেতিয়াবা বিশেষ কাৰকৰ তাগিদাত, বিশেষ অৰ্থৰ প্ৰয়োজনত, বিশেষ ভাবধাৰাক চিহ্নিত কৰিবলৈ বা বিশেষ সৃষ্টিক চিৰযুগমীয়া কৰিবলৈ ওপৰত উল্লেখ কৰা পৰম্পৰাগত সংগীতৰ ধাৰাবোৰৰ উপৰি আন এক বিশেষ সংগীতৰ সংজ্ঞাবদ্ধকৰণ প্ৰয়োজনীয় হৈ পৰে৷ ইয়াত সংগীতৰ ব্যাকৰণ, লিপি, নীতি–নিয়ম আৰু আনুসংগিক চৰ্তবোৰতকৈ সেই সংগীতৰ দৰ্শন আৰু মানৱ সমাজলৈ সেই সংগীতৰ বহুমূলীয়া অৱদানে অধিক প্ৰাধান্য লাভ কৰে৷ সেই সংগীতৰ বিশ্বজনীন ৰূপ, সেই সংগীতৰ সাংস্কৃতিক আৰু সামাজিক দায়বদ্ধতা, প্ৰভাব আৰু সেই সংগীতৰ সৈতে জনমানসৰ নিবিড় সম্পৰ্কই তেতিয়া সংগীতৰ সকলো সাধাৰণ সংজ্ঞা আঁতৰাই থৈ জনতাৰ মন, চেতনা আৰু আত্মাক মাৰ্গদৰ্শন কৰে৷ এই বিধ সংগীতক আমি কোনো সংগীত ধাৰাত বহুৱাব নোৱাৰো, বৰঞ্চ ই তেতিয়া মাথোঁ এক দাৰ্শনিক আদৰ্শৰ কথাহে সবাৰে আগত প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে৷
আমাৰ ভাৰতবৰ্ষৰ দৰে সাংস্কৃতিক পৰম্পৰা আৰু ঐতিহ্যৰে গৌৰৱান্বিত দেশতো এই দ্বিতীয়বিধ সংগীত পৰম্পৰা বিৰল যদিও ইয়াৰ উদাহৰণ নথকা নহয়৷ সাহিত্যৰ ন’বেল বঁটাৰে সন্মানিত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সমূহ গীতি–কবিতা এসময়ত ‘ৰবীন্দ্ৰ সংগীত’লৈ ৰূপান্তৰ ঘটোৱা হৈছিল৷ ৰবীন্দ্ৰ সংগীতৰ ধাৰা কি বুলি সুধিলে উত্তৰ দিবলৈ জটিল, কিয়নো এফালে ইয়াত উত্তৰ ভাৰতীয় ধ্ৰুপদী সংগীত আৰু আনফালে বংগদেশৰ থলুৱা লোকসংগীতৰ ধাৰা স্পষ্টৰূপত দেখিবলৈ পোৱা যায়৷ তেনেস্থলত ৰবীন্দ্ৰ সংগীতক ভাৰতীয় সংগীত পৰম্পৰাৰ কোনটো বিশেষ ধাৰাৰ সৈতে সংজ্ঞাবদ্ধ কৰা যাব? নে তেনে কৰাৰ পৰিৱৰ্তে ৰবীন্দ্ৰ সংগীতক কেৱল অৰ্থ, গভীৰতা, দৰ্শন আৰু মানৱ চেতনাক আপ্লুত কৰা এক সৃষ্টিৰ ধাৰা হিচাপে গ্ৰহণ কৰা যথোপযুক্ত বুলি বিবেচিত হ’ব? হয়তো দ্বিতীয় কাৰকটো অধিক যুক্তিপূৰ্ণ, অধিক প্ৰভাৱশালী আৰু অধিক ঐতিহ্যপূৰ্ণ৷ সেয়ে ৰবীন্দ্ৰ সংগীত এক বিশ্বজনীন সংগীত সংজ্ঞা, এক মানৱতাবাদী দৰ্শন৷ ঠিক একে সমল আৰু সাধনৰ ওপৰত ভেঁটি কৰি বংগৰ আন এক বিপ্লৱী কবি, সাহিত্যিক, নাট্যকাৰ আৰু ঔপন্যাসিক কাজী নজৰুল ইছলাম যাক বাংলাদেশৰ জাতীয় কবি ৰূপে আখ্যা দিয়া হয় তেখেতৰ কবিতা সংগ্ৰহো নজৰুল গীতি বা গীত ৰূপে নামাকৰণ কৰা হয়৷ সেইদৰে আমাৰ অতি আদৰৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জ্যোতি সংগীত আৰু কলাগুৰু ৰাভাদেৱৰ ৰাভা সংগীত আখ্যা দিয়া হৈছে৷ এয়া যদি বাস্তৱ, তেনেহ’লে সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাদেৱৰ গীতসমূহৰ কি হ’ব, নামাকৰণ কৰা সম্ভৱ হ’বনে, গীতসমূহে দাৰ্শনিক শ্ৰেষ্ঠতা লাভ কৰিবলৈ নামাকৰণ প্ৰয়োজনীয় বুলি বিবেচনা কৰা উচিত হ’বনে?

এইবোৰ এজন ডেকা সাংস্কৃতিক যোৰহটীয়াৰ অন্তৰত ঠেকা খাই থকা প্ৰশ্ন আছিল, উত্তৰ বিচাৰি দিশহাৰা হোৱা ভূপেনদাৰ এগৰাকী অনুগামীৰ চেতনাত কোলাহল সৃষ্টিকাৰী প্ৰশ্ন আছিল, ভূপেনদাৰ বিশ্বজনীন মানৱতাবাদৰ দৰ্শনেৰে উজ্জীৱিত গীতৰ ভৱিষ্যতলৈ শংকিত অথচ দূৰন্ত আশাবাদী এক সাংস্কৃতিক সত্ত্বাৰ মনত সদায় আন্দোলন কৰি থকা কিছু সঁচা আৰু বাস্তৱ প্ৰশ্ন আছিল৷ ১৯৮১ চনৰ জুন মাহৰ ২০ তাৰিখে (ৰাভা দিৱস) এই যোৰহটীয়া সাংস্কৃতিক মনটোৰ প্ৰশ্নবোৰে, শংকাবোৰে আৰু আশাবোৰে এক ৰাজহুৱা প্ৰকাশ লাভ কৰিলে৷ স্বয়ং ভূপেন হাজৰিকাদেৱৰ উপস্থিতিত এটা প্ৰস্তাৱ উপস্থাপন কৰা হ’ল– ভূপেন হাজৰিকাদেৱৰ সমগ্ৰ গীতৰ সম্ভাৰ ‘ভূপেন্দ্ৰ সংগীত’ ৰূপে নামাকৰণ কৰা হওক৷ কথা মতেই কাম, ভূপেন হাজৰিকাদেৱৰ চকুৰ আগতেই, তেখেতৰ জীৱিত কালতেই তেখেতৰ সৃষ্টি কৰ্মই এক চিৰযুগমীয়া নাম লাভ কৰিলে৷ অসমীয়া জাতি আৰু অসমীয়া সংস্কৃতিয়ে বিশ্বৰ এক বৰেণ্য মানৱতাবাদী গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক আৰু গায়ক ড॰ ভূপেন হাজৰিকাদেৱৰ বিৰল কৰ্মৰাজিক অন্তৰত গভীৰ শ্ৰদ্ধাৰে নাম দিলে– ‘ভূপেন্দ্ৰ সংগীত’৷ আমাৰ অতি আদৰৰ, শ্ৰদ্ধাৰ, সাংস্কৃতিক সত্ত্বা আৰু ভূপেনদাৰ অতি কাষৰেই ভাতৃসম এই যোৰহটীয়াজনেই হৈছে বিভূচৰণ বৰুৱাদেৱ৷ বহুতৰে বাবে আদৰৰ লনীদা, আমাৰ দৰে সকলোৰে বাবে শ্ৰদ্ধাৰ ছাৰ, সংস্কৃতিৰ এজন নিৰৱ সাধক৷ যি কোনো কালেই নিজৰ অৰিহণা, নিজৰ ত্যাগ, নিজৰ কৰ্ম সম্পৰ্কে কাৰো ওচৰত জাহিৰ নকৰিলে, নিৰৱে থাকি অসমীয়া জাতি আৰু অসমীয়া জাতিৰ সাংস্কৃতিক সমলসমূহৰ উত্তৰণৰ বাবে যৎপৰোনাস্তি কাম কৰি গ’ল৷ অসমীয়া জাতি আৰু স্বয়ং ভূপেন হাজৰিকাদেৱক দি গ’ল এক চিৰযুগমীয়া খ্যাতি– ভূপেন্দ্ৰ সংগীত৷ তেখেতে নব্বৈৰ দশকতেই নিজ প্ৰচেষ্টাত নামকৰণৰ বাবে কৰা এই যুঁজত অসমৰ বহু প্ৰতিষ্ঠিত ব্যক্তিৰ পৰা কেৱল বাধা পোৱাই নহয়, সমালোচনাৰো সন্মুখীন হ’ব লগা হৈছিল৷ বহুতকেই অহেতুক প্ৰশ্নৰ উত্তৰ দিব লগা হৈছিল৷ কেঁকোৰা জাতি অসমীয়াক বাৰে বাৰে চিঞৰি ক’ব লগা হৈছিল যদি বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কৰ্মৰাজি ৰবীন্দ্ৰ সংগীত হ’ব পাৰে তেনেহ’লে মানৱতাবাদেৰে পুষ্ট, মানুহৰ জীৱনক মুখ্য উপজীব্য কৰি, মানুহৰ জীৱনৰ আশা–আকাংক্ষাক প্ৰেৰণা দিব পৰা, নতুন সমাজ গঢ়াৰ সপোন জগাব পৰা, মানুহক মানুহৰ বাবে জীয়াই থাকিবলৈ অনুপ্ৰেৰণা যোগোৱা ড॰ ভূপেন হাজৰিকাদেৱৰ গীতসমূহক কিয় ভূপেন্দ্ৰ সংগীত আখ্যা দিব নোৱাৰি?
এই নামেৰে হাজৰিকাদেৱৰ কৰ্মৰাজিক কিয় বিশ্ব দৰবাৰলৈ আদৰেৰে উলিয়াই নিব নোৱাৰি? বিভূচৰণ বৰুৱাদেৱ এই যুঁজত জিকিল, অসমীয়া জাতিক তেখেতে এক অমূল্য সম্পদ উপহাৰ দিলে, ড॰ ভূপেন হাজৰিকাদেৱৰ অসামান্য সৃষ্টিক তেখেতে এক গভীৰ আৰু মননশীল মুকুতাৰ মালা পিন্ধালে৷ অসমীয়া জাতি, অসমীয়া মন আৰু অসমীয়া সংস্কৃতিৰ বৰঘৰত বৰুৱাদেৱে এক নতুন চিন্তা আৰু আশাৰ বন্তি জলালে৷ আমি চিৰদিন বিভূচৰণ বৰুৱাদেৱৰ এই উপহাৰ এক আশীৰ্বাদৰূপে গ্ৰহণ কৰিম, সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাদেৱক তেখেতৰ মহৎ সৃষ্টিৰাজিৰ বাবে উপলব্ধি কৰাৰ প্ৰয়াস কৰিম৷