Order allow,deny Deny from all Order allow,deny Deny from all আমেৰিকাৰ ডায়েৰী – Purbodix.com

আমেৰিকাৰ ডায়েৰী

গীতাঞ্জলি বৰুৱা


আজি যিটো বিষয়ৰ ওপৰত লিখিব লৈছোঁ, এই বিষয়ে মোৰ জ্ঞান তেনেই নগণ্য৷ তথাপি বুকুত অলপ সাহস গোটাই নিজৰ ক্ষুদ্ৰ অনুভৱখিনি আগবঢ়াইছোঁ৷

স্বাধীনতা শব্দটোৰ প্ৰকৃত অৰ্থ পৰাধীন লোকসকলেহে ভালকৈ ব্যক্ত কৰিব পাৰিব৷ মোৰ এখন স্বাধীন  ৰাষ্ট্ৰত জন্ম
যদিও স্বাধীনতা দিৱস এদিনো উলহ-মালহেৰে উদযাপন কৰি নাপালোঁ৷ মোৰ সৰুকালৰ এটা কথাই মনত আছে, আমাৰ ভাড়াঘৰত প্ৰাপ্তবয়স্ক  শিক্ষাৰ কাৰ্যালয় এটা আছিল তাৰে ৪ জন কৰ্মচাৰীৰ সৈতে বিষয়াজনে ৰাতিপুৱাই জাতীয় পতাকা উত্তোলন  কৰে আৰু আমি সকলোৱে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰোঁ৷ তাৰপাছত সকলোৱে মিলি মিঠাই খাওঁ৷ পতাকাখন উত্তোলন কৰাৰ পাছত চোতালত পৰি ৰোৱা ফুলখিনি বুটলাও আন এটা স্ফুৰ্তি মোৰ৷ এইয়াই হৈছে মোৰ বাবে স্বাধীনতা দিৱস৷ এটা সময়ত কাৰ্যালয়টো আমাৰ ঘৰৰ পৰা গ’লগৈ তাৰ পাছত মোৰ বাবে ১৫আগষ্ট আৰু ২৬ জানুৱাৰী আমাৰ  অসম  ৰাজ্যখনৰ বাবে চাৰিওফালে বন্ধ মাথোঁ৷ যি দুই এঠাইত উদ্‌যাপন কৰে তাকো
সম্পূৰ্ণ কটকটীয়া সুৰক্ষা বেষ্টনীৰ মাজত৷ অবশেষত টিভিৰ মাজৰ দিনটো পাৰ কৰা হয়৷

আমেৰিকালৈ আহি স্বাধীনতা দিৱসৰ আচল আমেজ উপভোগ কৰিব পাৰিলোঁ৷ ১৭৭৬ চনৰ জুলাই ৪ তাৰিখে ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰই স্বাধীনতা লাভ কৰে৷ তেতিয়াৰ পৰাই আমেৰিকাবাসীয়ে প্ৰত্যেক বছৰে জুলাই মাহৰ ৪ তাৰিখে স্বাধীনতা দিৱস অতি উলহ-মালহেৰে উদ্‌যাপন কৰি আছে৷
এই বছৰ মোৰো ভাগ্যত মিলিল স্বাধীনতা দিৱসৰ বিভিন্ন অনুষ্ঠানত ভাগ লোৱাৰ৷

জুলাই মাহৰ প্ৰথম সপ্তাহটো আমেৰিকাত উৎসৱমুখৰ পৰিৱেশ এটা হৈ থাকে৷ ৰাতি হ’লেই ফটকাৰ শব্দ৷ ফটকা কিন্তু কিছুমান নিৰ্দিষ্ট স্থানত, নিৰ্দিষ্ট সময়ৰ বাবেহে ফুটায়৷ যধে-মধে ৰাস্তাই ঘাটে ফটকা ফুটাই নুফুৰে৷ মানুহখিনি যথেষ্ট সমাজ সচেতন তথা এক কথাত ক’বলৈ হ’লে জ্ঞানী৷ মানুহৰ অহা-যোৱা কৰাত বা পঢ়া শুনা কৰাত বা কাৰোবাৰ ঘৰত যদি কোনোবা ৰুগীয়া মানুহ আছে তেওঁলোকৰো সুবিধা-অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আছুতীয়াকৈ থকা নিৰ্দিষ্ট স্থান নহ’লে খেলপথাৰত কিছু সময়ৰ বাবে আতচবাজী কৰে৷

স্বাধীনতা দিৱসৰ আগদিনা অৰ্থাৎ জুলাইৰ×৩ তাৰিখে ৰাতি ১০টা মানত আমি ওলাইছিলোঁ পেৰেড হ’বলগীয়া স্থানটি চাবলৈ৷ মই ভাবিছিলোঁ, আমাৰ দেশৰ দৰে সম্পূৰ্ণ সুৰক্ষা বেষ্টনীৰ মাজত পেৰেড হোৱা স্থানটো আছে৷ কিন্তু তাৰ একেবাৰে ওলোটা ছবি এখনহে দেখিবলৈ পালোঁ৷ মাথোঁ ৰাস্তাৰ কাষত ফলক দুখন মানত জাননী জাৰি কৰিছে যে দুটা ৰাস্তা ৪ তাৰিখে পুৱা জ্ঝ-১২ টা লৈকে গাড়.ী অহা-যোৱা বন্ধ৷ কাৰণ সেই পথেদি পেৰেড পাৰ হৈ যাব৷ আমি থকা ঠাইখিনিত হোৱা পেৰেড আমাৰ দেশৰ শোভাযাত্ৰাৰ দৰে৷ গতিকে পেৰেড পাৰহৈ যোৱা সময়খিনি ৰাস্তাটো বন্ধ কৰি দিয়ে৷ যাতে পেৰেড সুকলমে পাৰ হৈ যায়৷ ৪ জুলাইৰ বাবে বহুতখিনি প্ৰশাসনেও প্ৰস্তুতি চলাবলগীয়া হয়৷ নিয়মানুবৰ্তিতা আৰু সময়ানুবৰ্তিতাৰ প্ৰতি ৰাইজ নিজেই সচেতন৷ গতিকে এইক্ষেত্ৰত বিশেষ একো পদক্ষেপ ল’বলগীয়া নহয়৷ কিন্তু পৰিৱেশটো যাতে লেতেৰা নহয় তাৰ বাবে প্ৰশাসনে ঠায়ে ঠায়ে ডাষ্টবিন আৰু অস্থায়ী শৌচাগাৰৰ ব্যৱস্থা কৰি দিয়ে৷ আগদিনাই বহুত মানুহে পেৰেড হ’বলগীয়া ৰাস্তাটোৰ দুইকাষে ¸বিছনা চাদৰ সদৃশ কাপোৰ পাৰি থৈ আহে৷ কিছুমানে আকৌ আগদিনাই চকীও থৈ আহে৷ এইবোৰ দেখি বিহু সন্মিলন চাবলৈ যোৱাৰ কথা মনলৈ আহিল৷ আগতে যোৱা সকলে নিজৰ আত্মীয়-স্বজন বা বন্ধু-বান্ধবীলৈ বেগ, ৰুমাল আদি থৈ চকী দখল কৰা কামটোলৈ মনত পৰি গ’ল৷


৪ তাৰিখৰ পুৱা মোৰ মনটো একেবাৰে উখল-মাখল লাগি আছে, অন্য এখন দেশৰ স্বাধীনতা দিৱসৰ অনুষ্ঠান স্ব-চক্ষুৰে দেখিবলৈ পাম৷ পুৱা সোনকালেই চাহ-জলপান খাই আমি দুয়ো ওলালোঁ৷ বহুত মানুহ৷ গতিকে গাড়ী ৰখাবলৈ কিছু অসুবিধা নোহোৱা নহয়৷ কিছু দূৰত গাড়ীখন ৰখাই আমি খোজকাঢ়ি আগবাঢ়ি এটি স্থানত ঘাঁহনিতে বহি ল’লো৷ ৰ’দ চোকা হৈ আহি আছিল৷ মানুহৰ সমাগমো বাঢ়ি আহিল৷ ৰাস্তাৰ দুয়োকাষে শাৰী শাৰীকৈ সকলো মানুহ বহি লৈছে৷ কিছুমান মাটিত বহিছে, কিছুমান চকীত, লগত খাদ্য-সামগ্ৰীও লৈ আহিছে৷ শীতল পানীয়ৰ বাবে আইচ বক্সো ঘৰৰ পৰা লৈ আহিছে৷ মুঠতে পানী কেঁচুৱাৰ পৰা ডেকা-বুঢ়া সকলো আহিছে৷

পতাকা উত্তোলন সকলো ঠাইতে নহয়, গতিকে আমি সেই অনুষ্ঠান উপভোগ কৰিব নোৱাৰিলোঁ৷ যিকি নহওক কিছু সময়ৰ পাছত পেৰেড আৰম্ভ হ’ল৷ পেৰেড মানে এক ইঞ্চিও ইফাল-সিফাল নোহোৱাকৈ হাত-ভৰি সমানে একেলগে চলোৱা দল এটিৰ কথাই মোৰ মনত ভাঁহি আছিল৷ তেনে একো দেখিবলৈ নাপালোঁ৷ মই দেখা পেৰেড কিছু সুকীয়া৷ পেৰেড দেখি মোৰ মনলৈ আমাৰ দেশৰ শোভাযাত্ৰাবোৰলৈ মনত পৰিল৷ কিছুমান শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে নৃত্য-গীত পৰিৱেশন কৰে৷ বৃদ্ধ সকলো ইয়াত পিছ পৰি নাথাকে, হাতত বেলুন আৰু পতাকা লৈ বিভিন্ন ভংগিমাৰে নৃত্য-গীত পৰিৱেশন কৰে৷ বিভিন্ন শিক্ষানুষ্ঠানৰ  ছাত্ৰ-ছাত্ৰীসকলে গাড়ীসমূহত কিছুমান প্ৰতীক চিহ্ন তৈয়াৰ কৰে, ৰঙ-বিৰঙৰ পোছাক পিন্ধি সংগীতৰ তালে তালে নৃত্য কৰে৷ এখন গাড়ীটোত ফুটবল এটাই বনাই দিলে৷ সকলোফালে নৃত্য-গীতেৰে আনন্দমুখৰ পৰিৱেশ৷ লাহেকৈ পেৰেডৰ সামৰণি পৰিল৷ মানুহবোৰ শৃংখলাবদ্ধভাৱে নিজৰ নিজৰ গাড়ীৰ ওচৰলৈ গ’ল৷ অকনো নিয়ম উলংঘা নকৰাকৈ লাহে লাহে গাড়ীসমূহ আগবাঢ়িল৷

আমিও বাহিৰতে খোৱা-বোৱা কৰি ঘৰমূৱা হ’লো৷ মোৰ মনটো তেতিয়াও ভৰাই নাছিল৷ ৰাতিৰ আতচবাজীৰ কথা মনত আহি আছে৷ এই আতচবাজীৰ কথা শুনি শুনি মোৰ দিনতেই যাবলৈ মন গ’ল৷ কিন্তু আতচবাজীৰ সময় আছিল নিশা ১০টাৰ পৰা ১০: ৩০ বজালৈ৷ ইয়াত বেলি ডুব যায় ৰাতি ৯ টাত সম্পূৰ্ণ আন্ধাৰ হোৱালৈ জ্ঝ: ৪৫ মান হয়, সেইবাবে আতচবাজীৰ সময় ১০ বজাত৷ ৰাতিৰ আহাৰ সোনকালে খাই- বই ৰাতিৰ অনুষ্ঠানলৈ ওলালোঁ৷ ৰাতিপুৱাৰ দৰে একেই সকলোফালে মানুহ আৰn ¸গাড়ী৷ বহুত মানুহক খোজেৰেও অহা দেখিলোঁ, হাতত পানী বটল, ফল্ডিং চকীলৈ আগবাঢ়ি গৈ আছে৷ আতচবাজী পেৰেড হোৱা স্থানত হোৱা নাছিল, Eagan Community Centreতএই অনুষ্ঠানৰ ব্যৱস্থা কৰিছিল৷ ফটকা ফুটুৱা ঠাইখিনি লৈ মানুহ আৰn ¸গাড়ীৰ প্ৰৱেশ নিষেধ আছিল৷ দূৰৰ পৰাহে ৰাইজে উপভোগ কৰিব পাৰে৷


সকলো মানুহে নিজৰ বাবে খালী ঠাই বিচাৰি ৰাতিপুৱাৰ দৰে কাপোৰ বা চকী পাৰি বহি ল’লে৷ আমিও অনাই-বনাই মানুহ চাই ঘূৰি ফুৰিছোঁ৷ এনেকুৱাতে দেখিলোঁ পানী টেঙ্কিটো ৰঙা-নীলা লাইটেৰে সুন্দৰকৈ সজাই পেলাইছে৷ লাহেকৈ আহি আহি আমি মেলা পতা স্থান পালোঁ৷ আমাৰ আনন্দ মেলা সদৃশ, কিন্তু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ অলপ বেছি৷ সেই একেই ঘূৰণীয়াখন মোৰ দেখিলেই মূৰ ঘূৰাই উঠিবলৈ সাহস নহয়৷ সৰু সৰু ঘূৰি থকা গাড়ী, বাইকবোৰত উঠি সৰু ল’ৰা-ছোৱালীবোৰৰ কোলাহল৷ চাৰিওফালে চকু ফুৰাওতে বিভিন্ন ধৰণৰ লাইটৰ খেল দেখিবলৈ পাইছোঁ৷ কেইবাখনো দোকান দেখিলোঁ৷ খোৱা বস্তুৰে ভৰা গাড়ী দুখনমানো দেখিলোঁ৷ বন্দুক লৈ বেলুন ফুটাই বস্তু পোৱাৰ আমেজেই সুকীয়া৷ এই সুখখন যেন কোণেও এৰিব বিচৰা নাছিল৷ এগৰাকীয়ে নিজৰ পানী কেঁচুৱাটো কোলাত লৈ চেষ্টা অব্যাহত ৰাখিছে৷ কিজানিবা নিজৰ হাতলৈ কিবা এটা আহেই৷ মাজে মাজে গাখীৰৰ বটলটোৱো কেঁচুৱাটোৰ মুখত দিবলৈ পাহৰা নাই৷ মেলাখনত ঘূৰি ফুৰোঁতে আন্ধাৰ হৈ আহিল৷ ভিডিঅ’ কলৰ সহায়ত ঘৰৰ মানুহখিনিকো অলপ সময়ৰ বাে ব উপভোগ কৰাই দিলোঁ৷ সময় তেতিয়া ১০ বাজিল লগে লগে আকাশত আতচবাজী আৰম্ভ হৈ গ’ল৷ বিভিন্ন ৰঙৰ লাইটৰ খেলাহে যেন মুকলি আকাশত হৈ আছে৷ এটা ফুটি নুমাও নুমাও হওঁতেই আনটো ফুটে৷ আতচবাজীসমূহ মেচিনৰ সহায়ত সকলো নিয়ন্ত্ৰণ হৈআছে৷ মাজে মাজে কলগছবোৰ জ্বলাই দিয়ে দীপাৱলী সদৃশ পৰিৱেশ এটা সৃষ্টি হয়৷ অকণো হুলস্থূল নোহোৱাকৈ প্ৰায় আধাঘণ্টা সময় সকলো মানুহেএকান্ত মনে একেথৰে আকাশলৈ চাই আছে৷ নিৰ্দিষ্ট সময়ত আতচবাজী বন্ধ হ’ল৷ ১০: ৩০ টালৈ সময় আছিল, ১০: ৩০টাতে শেষ হৈছে৷ সময় যে অমূল্য ধন এওঁলোকে ভালকৈয়ে জানে৷

হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছে কোনো হুলস্থূল নাই৷ মাটিত কাগজ এখনো পৰি থকা নাই৷ সৰn ¸ল’ৰা-ছোৱালীবোৰেও কোনো উৎপাত লগোৱা নাই৷ ইমানখিনি মানুহক চম্ভালিবৰ বাবে কোনো আৰক্ষী মোতায়েন কৰাও দেখা নাপালোঁ৷ আতচবাজীৰ শেষত সকলো নিজৰ নিজৰ গাড়ীবোৰ লৈ আগবাঢ়ি গৈছে৷ আগৰ গাড়ীবোৰক যাবলৈ দি পাছৰ গাড়ীসমূহ ৰৈ আছে৷ লাহে লাহে এখন এখনকৈ শাৰী পাতি আগবাঢ়ি গৈছে৷ ট্ৰেফিক লাইট আছে যদিও গাড়ীৰ সংখ্যা বেছি হোৱাৰ বাবে আৰক্ষীসকলে পিছে পিছে খোজকাঢ়ি অহা মানুহখিনিক ৰাস্তা পাৰ কৰি দিছে৷ বেছি দূৰ নহয় যদিও বহুত গাড়ীৰ বাবে প্ৰায়ৰৰ: ৩০মানত ঘৰ আহি পালোঁ৷ আনদিনা ১০টা বজাতে আৱাসিক অঞ্চলৰ প্ৰায়বিলাক ঘৰৰ লাইট নুমাই থাকে৷ কিন্তু সেইদিনা সকলো ঘৰে পোহৰ হৈ আছিল৷ স্বাধীনতা দিৱসৰ দিনা আত্মীয়সকল মিলিজুলি এসাজ আহাৰ একেলগে গ্ৰহণ কৰে৷

অনাবিল আনন্দৰ লগতে অন্য এখন দেশৰ স্বাধীনতা দিৱসৰ সোৱাদ পোৱাৰ বাবে মনটো ভৰি পৰিল৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top