ঊৰিমলী বৰকটকী

বিষয়বস্তু দেখিয়েই হয়তো বহুতৰে চকু কপালত উঠিব৷ পিছে এয়া এক সত্য, ঠিক যিদৰে নাৰীৰ প্ৰাকৃতিকভাৱে সন্তান গৰ্ভত ধাৰণ কৰা আৰু জন্ম দিয়াৰ ক্ষমতা সত্য৷ পিছে আজিৰ বিষয়টো হৈছে, কিয় নাৰী এগৰাকী সন্তান জন্ম দিবৰ বাবে ইচ্ছুক নহ’ব পাৰে! ইয়াৰ খাৰাংখাছ বা এক কথাত উত্তৰ হ’ব পাৰে-“নিজৰ ইচ্ছা, ক্ষমতা থাকিলেই সকলো কাম কৰা বাধ্যতামূলক নহয়’’৷ পিছে ইয়াৰ উপৰিও থকা কিছু কাৰণৰ বিষয়েহে লিখিব লৈছোঁ আজি৷
হয়, প্ৰজনন কৰিব পৰাৰ ক্ষমতা নাৰীৰেই থাকে৷ জীৱকুল চলি আছে এনেদৰেই৷ পিছে, পৃথিৱীজুৰি বিৰ্দ্ধত জনসংখ্যা নি(য়কৈ দুই–চাৰিগৰাকী সন্তান জন্ম নিদিয়া নাৰীৰ বাবে থমকি নৰয়৷ এটা সন্তান জন্ম দিয়া মানে এক বৃহৎ দায়িত্ব নিজৰ কান্ধত তুলি লোৱা৷ কায়িক–মানসিক–আৰ্থিক সকলো দিশতেই এটি শিশুক পৃথিৱীত নিজে খুটি খাব নোৱাৰা পৰ্যন্ত পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰা৷ এই আটাইখিনি দায়িত্ব সুচাৰুৰূপে পালন কৰিব পৰা পিতৃ–মাতৃ কিমান থাকে? সকলোৱে বিয়াৰ কথা সুধি থাকে বাবেই অনিচ্ছাকৃত বা প্ৰস্তুত নোহোৱাকৈয়ে বহুতেই বিয়া পাতে৷ তাৰপিছত চৌপাশৰ সমাজৰ অৱধাৰিত দায়িত্ব–সন্তান কেতিয়া জন্ম দিব, বা নাই দিয়া যদি কিয় দিয়া নাইকে আদি কৰি উপদেশ আৰু চৰ্চাৰ এক ভাণ্ডাৰ৷ তাৰপিছত ঘৰৰ মানুহৰ হেঁচা, তাৰপিছত সন্তান এটি জন্ম৷ এই সন্তানৰ দায়িত্ব ল’ব পৰাকৈ সক্ষম কিমান থাকে? আৰু পৰৱৰ্তী পৰ্যায়ত নিজ নিজ ব্যক্তিগত জীৱনৰ হতাশা বা নিৰাশাবিলাকৰ সন্তানৰ ওপৰত বহিঃপ্ৰকাশ ঘটে৷ অপ্ৰস্তুত আৰু সক্ষমতা নথকা নৰ–নাৰীয়ে জন্ম দিয়া সন্তান এটিৰ ভবিষ্যত কি হ’ব পাৰে, সেয়া বিপথে যোৱা বা অন্যান্য মানসিক সমস্যা বা নিচাগ্ৰস্ততা আদি জটিলতাত ভোগা ল’ৰা–ছোৱালীলৈ চকু দিলেই যথেষ্ট৷ বা বাটত ভিক্ষা মাগি ফুৰা, ডেনড্ৰাইট শুঙি নিচা কৰা শিশুবিলাকৰ এই অৱস্থাৰ বাবে এনে পিতৃ–মাতৃয়েই দায়ী নহয় জানো?

নাৰী মাত্ৰকে মমতাময়ী ৰূপ এটাৰ কল্পনা থাকে, ত্যাগৰ জীৱন্ত স্বৰূপ ইত্যাদি ইত্যাদি৷ পিছে বহু নাৰীয়েই সন্তান এটি জন্মৰ পিছত দীৰ্ঘসময়ৰ বাবে ডিপ্ৰেছনকে আদি কৰি ভিন্ন মানসিক সমস্যা বা ৰোগত ভুগিবলৈ আৰম্ভ কৰে৷ ডিপ্ৰেছনত যিয়ে ভুগি পাইছে, তেওঁ জানে ইয়াৰ প্ৰভাৱ কেনে৷ গতিকে তেনে অৱস্থাত সেই নাৰীগৰাকীয়ে কিমানদূৰ সন্তানটিৰ দায়িত্ব সুকলমে ল’ব পাৰিব? সন্তান এটি জন্ম দিয়া মানেই প্ৰধানতঃ নাৰীগৰাকীৰ সমগ্ৰ জীৱনলৈকে এক বৃহৎ পৰিৱৰ্তন অহা, এই পৰিৱৰ্তন, নতুন জীৱনচৰ্যা, নিজলৈ ঘূৰি চাবলৈ সময় নোহোৱা হোৱা হয়৷ এইখিনি সহজ জানো? নি(য়কৈ নহয়৷ আগৰ দিনত নাৰীৰ শিক্ষাৰ খুব কম সুযোগ আছিল, বা আত্মনিৰ্ভৰশীল হোৱাৰ উদাহৰণো খুব কমেই আছিলে৷ নাৰী এগৰাকীৰ জন্মৰ পিছৰে পৰাই কিদৰে নাৰীসুলভ আচৰণ কৰিব লাগে, কিদৰে এগৰাকী সুযোগ্যা লখিমী বা ঘৰধৰা বোৱাৰী হ’ব পাৰে, তাৰেই বাবেহে প্ৰস্তুত কৰা হৈছিল৷ পিছে সময় সলনি হৈছে, এতিয়া নাৰী শিক্ষাৰ লগতে আত্মনিৰ্ভৰশীলতা পৰ্যন্ত সকলো দিশতেই আগবাঢ়িছে (যদিওবা সমাজ–ব্যৱস্থা আৰু বিশ্বাস একেই আছে)৷ বৰ্তমান সময়ত নাৰী এগৰাকীয়ে নিজলৈ চকু দিবলৈ সুযোগ পাই, নিজস্বতাক বাদ দিবলৈ ইচ্ছুক মুঠেও নহয়৷ চাবলৈ গ’লে, এই প্ৰচলিত সমাজ–ব্যৱস্থাত পুৰুষতকৈয়ো নাৰী এগৰাকী আৰ্থিকভাৱে আত্ননিৰ্ভৰশীল হোৱা অধিক হে জৰুৰী৷ কাৰণ, এতিয়াও এই আৰ্থিক নিৰ্ভৰশীলতাৰ বাবেই বহু নাৰী নিজ পুৰুষ–সংগীজনৰ দ্বাৰাই লাঞ্চিত হয়৷ আগতে পুৰুষে যিদৰে নিজক আৰু নিজৰ কেৰিয়াৰকলৈ সচেতন আছিল বা নিজৰ বাবে যি ভাল দেখে কৰিছিল, আজিকালি সমানেই নাৰীয়েও কৰে৷ গতিকেই অৱধাৰিতভাৱে নাৰীগৰাকীৰ প্ৰাধান্য সন্তান নহৈ কেৰিয়াৰ বা নিজকে প্ৰতিষ্ঠিত কৰাও হ’ব পাৰে৷ নিজকে প্ৰতিষ্ঠা কৰাৰ দীৰ্ঘকালৰ সপোন যদিহে সন্তান জন্ম দিয়াৰ ফলত থমকি ৰয়, তেন্তে নাৰীগৰাকী পৰৱৰ্তী সময়ত হতাশ হোৱাটো স্বাভাৱিক, যাৰ ফল সন্তানটিৰ ওপৰত পৰে৷ আৰু কাৰো এই অধিকাৰ নাই যে, নিজ ইচ্ছাৰে এটি জীৱ জন্ম দি তাক প্ৰয়োজনীয় সকলো নিৰাপত্তা দিয়াৰ পৰা বঞ্চিত কৰা৷ মই নিজে এগৰাকী ৩৬ বছৰীয়া নাৰী, সন্তান জন্ম দিব পৰাকৈ সক্ষম, পিছে মই নিজে আজিকোপতি সেই তাগিদা অনুভৱ কৰি পোৱা নাই৷ ইয়াৰ লগতেই নিজৰ ব্যক্তিগত মানসিক, আৰ্থিক সমস্যা আছে, যাৰবাবে মই সন্তান জন্ম দি সেই সন্তানৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব পৰাকৈ নিজকে সক্ষম বুলিও নেভাবো৷ বহুতে ভবাৰ দৰেই বেদনাদায়ক অনুভৱ নহয় মোৰ বাবে৷ এনেকুৱা আৰু বহু নাৰী আছে, পাইছো৷ কিছুদিন আগতে এগৰাকী চিকিৎসকক লগ পাইছিলোঁ, যিয়ে নিজেই ডিপ্ৰেছনত ভুগি আছে প্ৰস্তুত নোহোৱাকৈ সন্তান জন্ম দিয়াৰ পিছৰ দেৰবছৰৰ পৰা৷ গতিকেই এগৰাকী নাৰীৰ গৰ্ভধাৰণ বা সন্তান জন্ম দিব পৰাৰ ক্ষমতা থাকিলে বুলিয়েই যে সন্তান জন্ম দিবই লাগিব, তেনে কোনো বাধ্যতামূলক কথা থাকিব নোৱাৰে৷ অপ্ৰস্তুত আৰু ইচ্ছুক কোনোবাই জন্ম দিছে, তাত ক’বলগা একো নাই বা থাকিব নোৱাৰে৷ আৰু এটা কথা–মাতৃত্ব এক অনুভৱ, যি মাথোঁঁ নাৰীয়েই নহয়, পুৰুষ এজনৰ মাজতো থাকিব পাৰে৷ আৰু সেই মাতৃত্বৰ উম, কেতিয়াবা প্ৰয়োজন অনুভৱ কৰিলে এক অনাথ শিশুকো দিব পাৰে৷