সমাজসেৱক মৃণাল পাটৰ (বাবুল)ৰ সৈতে হোৱা পূৰ্বদিশৰ এক আছুতীয়া সাক্ষাৎকাৰ
তন্দ্ৰালী মূৰ্ছনা

ৰামধেনুৰ ৰঙৰ দৰেই ভিন্নৰঙী আমাৰ মনৰ মাজতে একো একোখন নিজস্ব পৃথিৱী আছে৷ এই পৃথিৱীৰ তাগিদাত মানুহবোৰ ব্যস্ত হৈ পৰে৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানুহৰ প্ৰয়োজন পূৰ্ণ কৰি গৈ আছে যদিও বিজ্ঞানে আৱিস্কাৰ কৰিব নাই মানৱতা, একতা, সু–সংস্কাৰ ধৰি ৰখাৰ যন্ত্ৰ৷ আৱিস্কাৰ কৰিব পৰা নাই ভঙা হৃদয়ৰ ঘাঁ শুকুৱাই দিয়া এটা মেচিন৷ হৃদয়বান মানুহ কোনো যন্ত্ৰৰ আশ্ৰয় নোলোৱাকৈ মহান হয়৷ সঁচা সম্পৰ্ক ধৰি ৰাখিব জনাসকলে দিব জানে আপোনজনক সঁচা মূল্য৷ যান্ত্ৰিকতা আঁতৰাই সম্পৰ্কবোৰক বুজি উঠিলেই গঢ়ি উঠে এখন নিভাঁজ পৃথিৱী৷ য’ত সুখবোৰো নাচি উঠে৷ যোৱা সংখ্যাৰ ‘পূৰ্বদিশ’ত আমি পাতিছিলোঁ এজন মানৱ দৰদী ব্যক্তিৰ কথা৷ যিজন ব্যক্তিয়ে কেৱল অনুভৱ কৰে মানুহৰ আত্মাৰ গান৷ কেৱল মানুহৰ বাবেই কাম কৰি পায় প্ৰশান্তি৷ মৰিগাঁও জিলাৰ নেলী অঞ্চলৰ বেলি সদৃশ ব্যক্তি শ্ৰদ্ধাৰ মৃণাল পাটৰ বুবুল ডাঙৰীয়াৰ কথাৰে আপোনালোকলৈ আগবঢ়াইছো পূৰ্বদিশৰ আন এটি পৃষ্ঠা৷
ঃ আপুনি সু–সংস্কাৰেৰে পৰিপূৰ্ণ এখন ঘৰৰ সন্তান৷ আপোনাৰ দেউতা এজন সামাজিক ব্যক্তি৷ তেওঁৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ৷
ঃ হয়, মোৰ দেউতা খুব নিকা মনৰ এজন সামাজিক ব্যক্তি৷ যিমানখিনি সম্ভৱ দেউতাই আৰ্তজনক সহায় কৰিবলৈ প্ৰয়াস কৰিছিল৷ সৰুৰে পৰা তেওঁৰ সেই ভাল গুণবোৰ আয়ত্ব কৰিছিলোঁ৷ দেউতাৰ নাম শ্ৰীকান্ত পাটৰ আৰু মোৰ মাতৃৰ নাম ৰমা পাটৰ৷ দেউতাই একো বেয়া বস্তু সেৱন নকৰে৷ অকণমানো অহংকাৰ নথকা ব্যক্তি তেওঁ৷ মোৰ মা খুব সৰল নাৰী৷ মোৰ জীৱন বাটত তেওঁলোকৰ আদৰ্শ আৰু আশীৰ্বাদ প্ৰধান মন্ত্ৰ বুলি মই ভাবোঁ৷
ঃ আপুনি হৃদয়বান মানুহ৷ ৰাইজৰ সেৱাতে নিমজ্জিত হৈ থাকোঁতে ঘৰত সময়. দিব নোৱাৰিলে সমস্যা আহে নেকি?
ঃ অলপো সমস্যা নহয়৷ মোৰ ঘৰৰ প্ৰতিজন সদস্যই মোক সম্পূৰ্ণ সহযোগিতা কৰে৷ আচলতে মোৰ পত্নী, পুত্ৰ, জীয়ৰীও মোৰ দৰেই উদাৰ মনৰ গৰাকী৷ তেওঁলোকেও নিজা নিজা ক্ষেত্ৰত মানুহক সহায় কৰি আহিছে৷ ৰাইজক সময় নিদিলেহে হয়তো তেওঁলোকে মোক বেয়া পাব৷
ঃ কি কাম আটাইতকৈ বেছি ভাল পায়?
ঃ আলহী শুশ্ৰুষা কৰি বৰ ভাল পাওঁ৷ নিজে ৰান্ধি খুৱাবলৈ পালে আৰু বেছি আনন্দ পাওঁ৷

ঃ কি কথা বেয়া পায়?
ঃ চাওক, মই স্পষ্টবাদী মানুহ৷ কিবা সমস্যা হ’লে খুলি কথা ক’লে মই সহায় কৰিম৷ কিন্তু মিছা কথা কোৱা মানুহ অলপো ভাল নাপাওঁ৷ মিছলীয়া কথাৰে সুবিধা ল’বলৈ অহা মানুহ মই দেৰিকৈ হ’লেও চিনি পাওঁ৷ তেতিয়া মনটো খুব বেয়া লাগে৷
ঃ ৰাইজৰ সেৱাত কেতিয়ালৈকে বছৰলৈ জড়িত হৈ থকাৰ ই২৬া আছে আপোনাৰ?
ঃ মৃত্যুৰ আগমুহূৰ্তলৈকে৷ গাত বল থকালৈকে ৰাইজৰ হৈ কাম কৰি যাম৷ ৰাইজক সেৱা কৰিবলৈ শাসনভাৰ লৈ থাকিলেহে যে পাৰি তেনেকুৱা কথা একো নাই৷ ৰাজনীতিত ভৰি দিয়াৰ পূৰ্বেও মই মানুহক সহায় কৰি আছিলোঁ৷ কিবা এটা পদবীত থাকিহে কৰিব পাৰিম বুলি মনোভাব মোৰ কোনো দিনে নাছিল৷ ৰাইজে জানে সকলো কথা৷ সেয়ে হয়তো মৰম আৰু আশীৰ্বাদ দিয়ে৷
ঃ আপোনাৰ মানৱতাৰ যাত্ৰা এইদৰেই অব্যাহত থাকক৷ পূৰ্বদিশ আলোচনীৰ তৰফৰ পৰা যাঁচিলো অলেখ শুভকামনা৷
ঃ ধন্যবাদ৷ ‘পূৰ্বদিশ’ক মোৰ ফালৰ পৰাও ধন্যবাদ আৰু শুভে২৬া জ্ঞাপন কৰিলোঁ৷ বিলাই যাওঁক প্ৰজ্ঞাৰ জ্যোতি৷ জয়তু ‘পূৰ্বদিশ’৷
বিজ্ঞজনেই বুজে প্ৰজ্ঞাৰ সাধনাক৷ এইখন ধৰাত এতিয়া কেৱল প্ৰগতিৰ দৌৰ৷ প্ৰগতিৰ নামত ভীষণ ব্যস্ততা৷ হেৰাই গৈছে দয়া, কাৰুণ্যতা কিম্বা মানৱতা৷ তথাপি কিছুসংখ্যক মানুহে অভিনয় ভৰা ব্যস্ততাক আদৰি লোৱা নাই৷ মৃণাল পাটৰ ডাঙৰীয়াৰ দৰে কিছুসংখ্যক ব্যক্তিৰ বাবেই ম্লান পৰা নাই সেউজীয়াবোৰ৷ নিঃশেষ হৈ যোৱা নাই সঁচা সম্পৰ্কবোৰ৷ হেৰাই যোৱা নাই নিভাঁজ মানৱতাবোৰ৷ ঈশ্বৰলৈ কাতৰ প্ৰাৰ্থনা ‘‘মনৰ আকাশ সকলোৰে পোহৰ হওঁক৷ জিলিকি উঠক সঁচা হাঁহিবোৰ’’৷