গুপ্তেশ্বৰ দেৱালয় …
অঞ্জন ডেকা

সুজলা–সুফলা অসমৰ চুকে–কোণে কোনোবা দূৰ অতীততেই গঢ়ি উঠিছিল উন্নত সমাজ ব্যৱস্থা৷ পৃথিৱীৰ আন ঠাইৰ দৰেই ইয়াতো মানুহে উন্নয়নৰ সপোন দেখিছিল৷ নিৰ্মাণ হৈছিল বহু উন্নত স্মাৰক, স্থাপত্য, মঠ–মন্দিৰ ইত্যাদি৷ এই ঠাইসমূহৰ ভিতৰত অসমৰ শোণিতপুৰ জিলাৰ শিঙৰিও আছিল উল্লেখযোগ্য৷
এই শিঙৰি নামৰ ঠাইখনে দুৰ অতীতৰ পৰা বৰ্তমানলৈকে বহন কৰি আহিছে এক অতি চহকী অতীত৷ বিশেষকৈ সেই তাহানিতে এই শিঙৰিত স্থাপিত হৈছিল বহু শিল্প–ভাস্কৰ্যখচিত এক বিশেষ শিলৰ স্থাপত্য৷ কোনো এক সময়ত এই স্থাপত্যক হিন্দুধৰ্মৰ উপাস্য দেৱতা শিৱৰ নামত উৎসৰ্গা কৰা হৈছিল৷ স্থাপন হৈছিল দেৱাদিদেৱ শিৱৰ এক অন্য উপাসনাস্থলী৷
প্ৰতিষ্ঠা কৰা হৈছিল শিৱৰ এক অন্য ৰূপ৷ গুপ্তেশ্বৰ শিৱ৷ এক প্ৰাচীন স্থাপত্য আৰু ইফালে সিফালে বিভিন্ন খননৰ সময়ত উদ্ধাৰ হোৱা অলেখ শিল্প–ভাস্কৰ্য খোদিত শিলাখণ্ড তথা অতি প্ৰাচীন পুৰাতাত্ত্বিক কীৰ্তি চিহ্নই এই স্থানৰ বিভিন্ন সময়ৰ গৌৰৱময় অতীতৰ ঐতিহ্য বৰ্ণনা কৰে৷
লোক বিশ্বাস মতে, শিঙৰি পাহাৰৰ একেবাৰে নামনিত স্থাপন কৰা শিৱ লিঙ্গই কাকো দৰ্শন নিদিয়ে৷ লুকাই থাকে পানীৰ তলত৷ সেয়েই ইয়াৰ নাম গুপ্তেশ্বৰ৷
এক দুৰ অতীতৰ ইতিহাস বহন কৰা শিঙৰিলৈ ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলি আৰু মঙ্গলদৈ পাৰ হৈ দলগাঁৱৰ পৰা ওৰাঙলৈ নিৰ্মিয়মান পথেৰে ১৩৮ কিলোমিটাৰ৷ নিজৰ বাহনেৰে দুঘণ্টা পোন্ধৰ মিনিট মানত এই দূৰত্ব সম্পূৰ্ণ কৰিব পাৰি৷ আনহাতে ঐতিহাসিক বাণৰজাৰ ৰাজধানী তেজপুৰৰ পৰা ইয়ালৈ দূৰত্ব মাথো ৩৩ কিলোমিটাৰ আৰু অসমৰ এক উল্লেখযোগ্য ঠাই ঢেকীয়াজুলিৰ পৰা ইয়ালৈ মাথো ১২ কিলোমিটাৰ৷ সুন্দৰ পথ যোগাযোগ ব্যৱস্থাই শিঙৰিক কিছু বছৰ আগৰ তুলনাত বিশ্বৰ বহু ওচৰলৈ আগবঢ়াই লৈ গৈছে৷
ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰেৰে পাৰ হৈ যোৱা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঢেকিয়াজুলি চাহ বাগিছাৰ মাজেৰে দক্ষিণলৈ পথটো৷ দুয়োপাৰে সেউজীয়া৷ অসমৰ অন্য এক পৰিচয়ৰ উৎস৷ চাহবাগিছা৷ তাৰ মাজে মাজে ৰঙা–নীলা পোছাক পিন্ধি লছমীহঁতে পাত তোলে৷ লালিত–পালিত হয় অন্য এক জীৱন৷
সেউজীয়া চাহবাগিছাবোৰ পাৰহৈ, বাটটোৰ বাওঁফালে সহস্ৰ চেগুন গছেৰে পৰিপূৰ্ণ শিঙৰি পাহাৰ আৰু তাৰ নামনিৰে বৈ আছে বিশাল লুইতৰ qw জলধাৰা৷ সময়ে সময়ে পাহাৰ আৰু নৈৰ ৰঙবোৰ সলনি হয়৷ চেগুণ গছবোৰ ফুলিলে দূৰৈৰ পৰা পাহাৰখন ঈষৎ হালধীয়াৰ দৰে দেখা যায়৷ আনহাতে বাৰিষাৰ দোকোলটোকা ব্ৰহ্মপুত্ৰৰ খৰালি কালত নীলবৰণীয়া হৈ পৰে৷
শিঙৰি পাহাৰৰ নিচেই দাঁতিৰ পথাৰ বোৰেও বছৰৰ বিভিন্ন ঋতুত ভিন ভিন পোছাক পিন্ধে৷ কেতিয়াবা সেউজীয়া, কেতিয়াবা হালধীয়া, কেতিয়াবা সোণোৱালী৷ ইত্যাদি ইত্যাদি৷
শিঙৰি পাহাৰৰ নামনিত এক নিৰ্জন স্থানত আছে এক হেজাৰ বছৰীয়া ইতিহাস৷ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়৷ একে সময়তে এই দেৱালয়ক শিঙৰি মন্দিৰ বুলিও জনা যায়৷
কামৰূপৰ পটভূমিত ৰচিত গ্ৰন্থ কালিকাপুৰাণত এই দেৱালয়ক ’শৃঙ্গটক’ নামেৰে উল্লেখ কৰা আছে৷
অসমৰ আন আন উল্লেখযোগ্য ঠাই সমূহৰ দৰে শিঙৰি মন্দিৰৰ বিষয়েও সমাজৰ প্ৰচলিত আছে বহু প্ৰবাদ আৰু লোক কথা৷ প্ৰজন্মৰ পিছত প্ৰজন্মলৈ প্ৰবাহিত হৈ আহিছে সেই কাহিনী৷ এটা সময়লৈকে মুখে মুখে আৰু পিছলৈ লিখিতভাবে৷
পণ্ডিত প্ৰবৰ ড॰ নিৰ্মল প্ৰভা বৰদলৈয়ে তেওঁৰ গৱেষণামূলক গ্ৰন্থ ‘শিৱ’ত উল্লেখ কৰা মতে, হেজাৰ বছৰ আগেয়ে আৰ্য আৰু অনাৰ্যসকল অসমলৈ অহাৰ আগেয়ে এই স্থাপত্য বা মন্দিৰ নিৰ্মাণ হৈছিল৷ এই মন্দিৰ এটা শিলেৰে নিৰ্মিত৷ দেৱাদিদেৱ শিৱৰ সখিয়েক বিশ্বকৰ্মাই হেনো তেওঁৰ অনুৰোধত এই স্থাপত্য নিৰ্মাণ কৰিছিল৷ পিছলৈ ঋষ্যশৃঙ্গ মুনি আহি মন্দিৰত তেওঁ আৰাধ্য দেৱতাৰ সন্তুষ্টিৰ বাবে তপস্যাত বহে৷
প্ৰবাদ মতে দূৰ অতীতৰ কামৰূপৰ মুনি ঋষ্যশৃঙ্গই এই শিঙিৰ পৰ্বতৰ নিৰ্জন স্থানত আৰাধ্য দেৱতাৰ সন্তুষ্টিৰ উদ্দেশ্যে তপস্যাত বহিছিল৷ শিঙৰি পৰ্বত শিখৰত এতিয়াও মুনি ঋষ্যশৃঙ্গই স্থাপন কৰা আশ্ৰম আৰু যজ্ঞকুণ্ডৰ নিদৰ্শন পোৱা যায়৷ বৰ্তমান পাহাৰ শিখৰত থকা এটা প্ৰায় তিনি চাৰিফুট ব্যাসৰ গাঁতক স্থানীয় লোকে মুনিৰ যজ্ঞকুণ্ড বুলি বিশ্বাস কৰে৷ তেঁৱেই হেনো এই মন্দিৰত নিয়মীয়া পূজা–পাতল কৰিছিল৷ বহু লোকে ক’ব খোজে, ঋষ্যশৃঙ্গ মুনিৰ নামৰ পৰাই এই পাহাৰৰ নাম শিংৰী বা পিছলৈ শিঙৰি হৈছে৷
কোনে, কেতিয়া, কিয় আৰু কেনেকৈ এনে এক দুৰ্গম স্থানত এক বিশাল স্থাপত্য গঢ়ি তুলিছিল, সেই সম্পৰ্কে ইতিহাসৰ পাত খুচৰিলে বহু কম তথ্যহে পোৱা যায়৷
অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ তথ্য অনুসৰি শিঙৰি পৰ্বতত উদ্ধাৰ হোৱা নিৰ্মাণ কাৰ্ষ বা ভগ্নাৱশেষসমূহ খ্ৰীষ্টীয় ষষ্ঠ–সপ্তম শতিকাত নিৰ্মিত৷
বৰ্তমান এই ঠাইত আছে সেই তাহানিতে নিৰ্মাণ কৰা এটা শিলৰ মন্দিৰ৷ সাম্প্ৰতিক সময়ত অসমত এনে ধৰণৰ নিৰ্মাণ কাৰ্য প্ৰায় দেখিবলৈ পোৱা নাযায়৷ হেজাৰ বছৰীয়া ঐতিহ্য বহন কৰি অহা এই স্থাপত্যৰ নিৰ্মাণ শৈলীৰ সমসাময়িক উত্তৰপূৱ ভাৰতৰ বহু ইতিমধ্যে ধ্বংসৰ গৰাহত পৰিছে৷ আৰু আমি সাক্ষী হৈ ৰৈছোঁ সেই ঐতিহাসিক ভগ্নাৱশেষ সমূহৰ৷
এক সুন্দৰ প্ৰাকৃতিক পৰিবেশত নিৰ্মিত এই শিঙৰি মন্দিৰ বা গুপ্তেশ্বৰ দেৱালয় বৰ্তমান অসমৰ পৰ্যটন উদ্যোগৰ বাবে এক উল্লেখযোগ্য স্থান৷
উল্লেখযোগ্য যে, কোনো অজ্ঞাত কাৰণত, ঋষ্যশৃঙ্গ মুনিৰ পিছত এক দীঘলীয়া সময়ৰ বাবে এই স্থাপত্য বা মন্দিৰ পৰিত্যক্ত হৈ আছিল৷ অটব্য অৰণ্যৰ মাজত লুকাই পৰিছিল সেই ঐতিহাসিক নিৰ্মাণ কাৰ্য৷ এইখিনিতে এইটোও ক’ব পাৰি যে খ্ৰীষ্টীয় ১৩ শতিকাৰ মাজভাগ মানৰ পৰা ১৬ শতিকাৰ মাজভাগলৈ, গুৱাহাটীৰ নিকটবৰ্তী নীলাচল পাহাৰৰ বুকুত থকা কামাখ্যা মন্দিৰো পৰিত্যক্ত অৱস্থাত আছিল৷ সেইয়া আন এক কাহিনী৷
পিছলৈ শিঙৰি পাহাৰৰ ওচৰে–পাজৰে থকা বড়ো জনগোষ্ঠীয় লোকসকলৰ তৎপৰতাত এই স্থাপত্য পুনৰ উদ্ধাৰ হয়৷ জনশ্ৰুতি মতে, এই সমগ্ৰ অঞ্চলটোত এটা সময়ত হাইজাই মহামাৰীৰূপে আত্মপ্ৰকাশ কৰিছিল৷ ইয়াৰ প্ৰভাৱত দূৰ–দূৰণিলৈ মানুহ–দুনুহ মৰি উছন হৈছিল৷ জীয়াই থকা মানুহবোৰে বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ সেই ঠাই এৰিছিল৷ তেনে সময়তে, কোনো এক নেতৃস্থানীয় ব্যক্তিয়ে সামাজিকত পোৱা নিৰ্দেশ অনুসৰি দুৰ্গম পাহাৰৰ নামনিৰ অটব্য অৰণ্যৰ মাজত এই স্থাপত্য বা মন্দিৰটো উদ্ধাৰ কৰে৷ সামাজিকৰ মতে, যদি কোনোৱে এই পৰিত্যক্ত মন্দিৰৰ দেৱতাক সন্তুষ্ট কৰিব পাৰে তেনেহ’লে সেই ঠাই প্ৰভাৱিত কৰি থকা মহামাৰী আঁতৰিব৷ আৰু আগৰ দিন পুনৰ ঘূৰি আহিব৷
যেনে কথা তেনে কাম, গাওঁৱাসীয়ে দলে–বলে গৈ সামাজিকত দেখাৰ দৰেই অৰণ্যৰ মাজত নিৰ্জনতাত বিশাল মন্দিৰৰ অৱস্থিতি আৱিষ্কাৰ কৰে৷ সপোন ফলিওৱা দেখি তেওঁলোকৰ জীৱনলৈ আশাৰ সঞ্চাৰ হয় আৰু ততাতৈয়াকৈ সেই হাবি–বন পৰিষ্কাৰ কৰি ৰুষ্ট দেৱতাক তুষ্ট কৰাৰ আয়োজন কৰে৷ দেৱতা তুষ্ট হোৱাত গাঁওবাসীক সন্ত্ৰাসিত কৰা সেই মহামাৰীও দূৰ হয়৷ তেতিয়াৰ পৰা এই মন্দিৰৰ পূজা–পাতল আৰু পৰিচৰ্যাৰ দায়িত্ব সেই সামাজিক দেখা ব্যক্তি গৰাকীয়েই গ্ৰহণ কৰে৷ তেওঁৰ সৈতে গাওঁবাসীয়ে সহযোগ আগবঢ়ায়৷ পিছলৈ, মন্দিৰৰ সমস্ত পূজা–পাতলৰ দায়িত্বভাৰ ব্ৰাহ্মণসকলৰ হাতত অৰ্পণ কৰা হয়৷
১৮ শতিকাত শিঙৰিলৈ অহা বৌদ্ধ ভিক্ষু জিগমে লিঙ্গপাই তেওঁৰ লেখাত উল্লেখ কৰা মতে ১৪ শতিকা মানৰ পৰাই তিব্বত আৰু ভূটানৰ বৌদ্ধধৰ্মী লোকসকলৰ মাজৰ শিঙৰি মন্দিৰে যথেষ্ট গুৰুত্ব লাভ কৰি আহিছে৷ তেওঁলোকে শিঙৰিৰ লগতে কামৰূপ জিলাৰ হাজোৰ মণিকূট পাহাৰ শীৰ্ষত অৱস্থিত হয়গ্ৰীৱ মন্দিৰক মহামুনিৰ মঠ অৰ্থাৎ বুদ্ধদেৱৰ থান বুলি বিশ্বাস কৰে৷ প্ৰতিবছৰে তেওঁলোকে এই ঠাইলৈ আহে৷ “অসম গৌৰৱ’’তো এই সম্পৰ্কে উল্লেখ আছে৷
ভূটানৰ লোকসকলে এতিয়াও তেওঁলোকৰ পূৰ্বজ সকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰিবলৈ ভূটীয়া আলিৰে ‘ভূটানৰ পৰা শিঙৰিলৈ পোনপটীয়া যোগাযোগৰ বাবে তাহানিতে নিৰ্মাণ কৰা পথ’ শিঙৰিলৈ আহে৷ স্থানীয় লোকৰ মতে দল বান্ধি অহা এই লোকসকলে পাহাৰ শীৰ্ষত অস্থায়ী শিবিৰ পাতেহি৷ তেওঁলোকৰ ৰীতি–নীতিৰে পূজা–পাতল সম্পন্ন কৰাৰ পিছত ঐতিহাসিক মন্দিৰ দৰ্শন কৰে৷
মন্দিৰৰ বহু প্ৰাচীন নিৰ্মাণ কাৰ্য গুপ্তেশ্বৰ সময়ে সময়ে মেৰামতি কৰা হৈ আহিছে৷ আহোম ৰাজত্বকালত অসমৰ আন আন স্থাপত্য বা মন্দিৰসমূহ পুনৰ্নিৰ্মাণ কৰাৰ সময়ত, শিঙৰি মন্দিৰতো হয়তো শিল্পীৰ হাতৰ পৰশ পৰিছিল৷ শিলেৰে নিৰ্মিত মন্দিৰৰ চৌপাশে নিৰ্মাণ কৰা চূণ–চুৰ্কি আৰু চেপেটা ইটাৰ দেৱালখনেই ইয়াৰ প্ৰমাণ হিচাবে গ্ৰহণ কৰিব পাৰি৷ স্বৰ্গদেউ শিৱসিংহৰ পৃষ্ঠপোষকতাত এই দেৱালৰ নিৰ্মাণ কৰা হৈছিল৷ চাৰিফুট ওখ এই দেৱালখনৰ দৈৰ্ঘ দীঘলে ১৮৮ ফুট আৰু পথালিয়ে ১৬৮ ফুট৷ সময়ৰ আঁচোৰত এই দেৱালৰ কিছু কিছু অংশ উখহি গৈছে৷ প্ৰকৃত অধ্যয়ন আৰু নিয়ম–নীতিৰে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিলে নি(য় আহিব লগীয়া আমাৰ ভবিষ্যত প্ৰজন্মলৈ এই কীৰ্তিচিহ্ন সুৰক্ষিত হৈ থাকিব৷
ঐতিহাসিক শিঙৰি মন্দিৰৰ উচ্চতা ৫০ ফুট আৰু বহল ২৪ ফুট৷ মন্দিৰৰ গৰ্ভগৃহ চাৰিফুট বহল৷ মন্দিৰত বিমান, অন্তৰাল, মণ্ডপ আৰু মুখ্যমণ্ডপ স্পষ্ট৷ মন্দিৰৰ টুপত একোখনকৈ অঙ্গ শিখৰ আৰু গৰ্ভগৃহত শিলৰ চৌকাঠ নিৰ্মাণ কৰা হৈছিল৷ মণ্ডপৰ ভিতৰত দণ্ডায়মান চাৰিটা শিলৰ স্তম্ভ৷ সন্মুখলৈ অন্তৰাল আৰু তাৰ আগলৈ গৰ্ভগৃহ৷ গৰ্ভগৃহত বছৰৰ প্ৰতিটো দিনেই পানী থাকে৷ এই পানীৰ তলতেই আছে বাণৰজাই নিৰ্মাণ কৰিব বিচৰা দ্বিতীয় কাশীৰ পৰা নাৰদে গোপনে আনি লুকুৱাই থোৱা সেই শিৱৰ বিগ্ৰহ৷
কোনো কোনোৱে ক’ব বিচাৰে, মন্দিৰৰ গৰ্ভগৃহৰ চৌহদতে থকা দুটা জলাধাৰ আৰু একেবাৰে ওচৰেৰে পাৰ হৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ সৈতে প্ৰত্যক্ষ যোগাযোগ আছে৷
গৰ্ভগৃহৰ সন্মুখত থকা শিলৰ চৌকাঠ পাঁচটা শাখাত নিৰ্মিত৷ ইয়াৰ সোঁমাজত পদ্মাসনত উপৱিষ্ট গণেশৰ ভাস্কৰ্য খোদিত কৰা আছে৷ দুৱাৰৰ চৌকাঠত খোদিত আছে গণেশ আৰু সূৰ্যৰ ভাস্কৰ্য৷ ইয়াৰ পৰা ধাৰণা কৰিব পাৰি, শিঙৰি অঞ্চলতো পোহৰৰ উৎস সূৰ্যৰ গুৰুত্ব আছিল অনেক৷ ইয়াৰ লগতে মন্দিৰৰ বিভিন্ন ঠাইত মুঠ একুৰি দুটা ভাস্কৰ্য দেখা যায়৷ দুৱাৰৰ দুই স্তম্ভত নামনিত ত্ৰিশূলধাৰী দুই দ্বাৰপালৰ ভাস্কৰ্য দণ্ডায়মান৷ মন্দিৰৰ অভ্যন্তৰৰ এই ভাস্কৰ্যসমূহ এতিয়াও খুউব সুন্দৰ হৈ আছে৷
শেহতীয়াকৈ একেটা চৌহদতে কোনো নতুন নিৰ্মাণৰ বাবে খনন কাৰ্য চলোৱাত আৰু কিছু ঐতিহাসিক চিহ্ন উদ্ধাৰ হয়৷ আনহাতে দেৱালয়লৈ অহা–যোৱা কৰা মূল পথৰ দাঁতিত থকা আন এক বিশাল শিলাখণ্ডতো দেখা যায় কোনো প্ৰাচীন শিলাকূটিৰ হাতৰ পৰশ৷ দূৰ্ভাগ্যৰ কথা এয়ে, এই ঐতিহাসিক শিলাখণ্ডত কোনো দুষ্কৃতিকাৰীৰ হাত লাগিছে৷ যাৰ ফলত লয় পাইছে এই শিলাখণ্ডত থকা এক আপুৰুগীয়া ভাস্কৰ্য৷
মই ভাবো, ইতিহাস আৰু প্ৰাচীন স্থাপত্যশৈলীৰ প্ৰতি মনোযোগ ৰখা প্ৰতিজন ব্যক্তিয়ে এবাৰ হ’লেও এই শিঙৰি দেৱালয় বা গুপ্তেশ্বৰ দেৱালয় ভ্ৰমণ কৰাটো অতি প্ৰয়োজনীয়৷
আহোম ৰাজ পৰিয়ালে আন আন মঠ–মন্দিৰৰ দৰেই গুপ্তেশ্বৰ দেৱালয়ৰ পৰিচালনাৰ সুবিধাৰ বাবে বহু মাটি–সম্পত্তি দান কৰিছিল৷ কিন্তু আন আন ঠাইৰ দৰে এই দেৱালয়ত কোনো তাম্ৰফলি বা শিলৰ ফলি এতিয়ালৈকে উদ্ধাৰ হোৱা নাই৷ যদিহে কেতিয়াবা তেনে ধৰণৰ কোনো স্মৃতিচিহ্ন উদ্ধাৰ হয় তেন্তে গুপ্তেশ্বৰ দেৱালয় সম্পৰ্কীয় বহু তথ্য হয়তো পোহৰলৈ আহিব৷