Order allow,deny Deny from all Order allow,deny Deny from all আমাৰ অনুভৱ – Purbodix.com

আমাৰ অনুভৱ

উত্তৰাকাণ্ড ৰামায়ণ’সীতা

নিৰুপমা ভট্টাচাৰ্য


শংকৰদেৱৰ সাহিত্য বা দৃষ্টিত নাৰীৰ ধাৰণা আচলতে এক গৱেষণাৰ বিষয়৷ স্ত্ৰী চৰিত্ৰসমূহ তেওঁৰ ৰচনাত কি ধৰণে প্ৰতিফলিত হৈছে তাক আলোচনা কৰাটো আজিৰ সমাজৰ পৰিপ্ৰেক্ষিতত অতিশয় প্ৰাসংগিক বুলি চিহ্নিত কৰিব পাৰি৷ বৰ্তমান নাৰীবাদৰ ধাৰণাৰ উন্নত প্ৰসাৰৰ যুগতো শংকৰদেৱৰ দৰ্শনত নাৰীয়ে কি ভূমিকা গ্ৰহণ কৰিছিল সেয়া সময় উপযোগী বুলি অনুভৱ হৈছে৷

সৃষ্টিৰ উৎস জননীক শংকৰদেৱে নানাধৰণে নানা ছন্দ, গান, ৰূপ-ৰসেৰে ভৰাই তুলিছিল৷ সকলোবোৰ আলোচনা এই সামান্য প্ৰবন্ধত আলোচনা কৰা সম্ভৱপৰ নহয় বাবে আমি তেখেতৰ এটা চৰিত্ৰকে ফুটাই তোলাৰ যত্ন কৰিব খুজিছোঁ৷

বৈদিক যুগতো মন্ত্ৰ দ্ৰষ্টা ঋষিসকলে বিশ্ব প্ৰপঞ্চৰ নিয়ামকৰূপে এক স্ত্ৰী সত্তা স্বীকাৰ কৰি লৈছিল৷ ঋকবেদৰ দেৱীসূত্ৰত অসীম ক্ষমতাশালিনী শক্তিক দৈৱিক ৰূপ প্ৰদান কৰা হৈছিল৷ যুগে যুগে মাতৃক শ্ৰদ্ধা-সন্মানৰ গৰাকী বুলি প্ৰমাণ কৰা হৈছিল৷

শংকৰদেৱৰ অজস্ৰ ৰচনাৰ মাজতো সোমাই থকা ‘উত্তৰাকাণ্ড ৰামায়ণ’ কাব্য অন্যতম৷ গুৰুচৰিত কথাত কোৱা অনুসৰি শংকৰদেৱৰ আদেশত মাধৱদেৱে মাধৱ কন্দলীৰ ৰামায়ণৰ আদিকাব্য ৰচনা কৰে আৰু শংকৰদেৱে নিজে উত্তৰাকাণ্ড ৰামায়ণ ৰচনা কৰে৷ উত্তৰাকাণ্ড ৰামায়ণখন যদিও বাল্মিকী ৰামায়ণৰ অনুবাদ, ইয়াৰ মাজেদি তেখেতৰ মৌলিক ধ্যান-ধাৰণা আৰু দৰ্শন উজ্বল ৰূপত প্ৰতিভাত হৈছে৷ কাব্যখনৰ আৰম্ভ হৈছে ৪২ অধ্যায়ৰ ৩২ সংখ্যক শ্লোকৰ পৰা৷ উত্তৰাকাণ্ড ৰামায়ণৰ সীতা নাৰী চৰিত্ৰই আজিও জনতাক মুগ্ধ কৰে৷ কাৰ্যৰ কল্পনা জাগ্ৰত হৈছে আৰম্ভণি পদতেই৷ কাব্যত সীতাই ৰামক তপোবন দেখাৰ ই২৬া প্ৰকাশ কৰিছে৷ মূল ৰামায়ণৰ লগত সামঞ্জস্য ৰক্ষা কৰি সীতা চৰিত্ৰটো শংকৰদেৱে ৰচনা কৰিলেও বহু ক্ষেত্ৰত মৌলিক চিন্তা পৰিস্ফুট হৈছে৷ সীতা চৰিত্ৰত সাহস আৰু দৃঢ়তাও সংযোগ কৰা দৃষ্টিগোচৰ হৈছে৷ মূল ৰামায়ণত কিন্তু সীতা নাৰীসুলভ গুণেৰে বিভূষিতা হ’লেও অবলা নাৰী বুলিহে অনুভৱ হয়৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top