আহিনৰ পৰশত
চন্দ্ৰ দত্ত
আহিনৰ পৰশত গাখীৰতী ধানৰ
থোকে থোকে লাগি থাকে
কৃষকৰ ঘাম আৰু তেজৰ চেঁকুৰা,
আশাৰ বৰ্ণিল স্বপ্ন ভাঁহি থাকে
মেহনতী মানুহৰ চকুৱে চকুৱে৷
আহিনৰ পৰশত জুৰিটিৰ পাৰত ফুলে
কোমল কহুঁৱা ফুল
বিৰিণাই হালি–জালি নাচে,
আকাশৰ বুকুৰে সৰে
টোপ টোপ নিয়ৰৰ কণা,
শৰতৰ প্ৰেম শেৱালিৰ স’তে
গোপন অভিসাৰ/
নিয়ৰৰ আলিংগন/
পুৱাৰ সুৰুযৰ সোণালী কিৰণত
মুকুতা মণি জ্বলে দুবৰিৰ শিৰত৷
আহিনৰ পৰশত
বিলৰ বুকুত ফুলে পদুমৰ পাহি,
কুঁৱলিৰ আৱৰণ ফালি
জিলিকি উঠে ৰক্তিম আভা,
তোমাৰ ওৰণি তলৰ সলাজ হাঁহিৰ দৰে/
আহিনৰ পৰশত
বিলৰ বুকুত ফুলে পদুমৰ পাহি,
কুঁৱলিৰ আবৰণ ফালি
জিলিকি উঠে ৰক্তিম আভা,
তোমাৰ ওৰণি তলৰ সলাজ হাঁহিৰ দৰে/
আহিনৰ পৰশত
আলসুৱা শৰতৰ
আকলুৱা মৰম
ফৰকাল আকাশত qw ডাৱৰ
দিগন্ত সীমনাৰে উৰি যায়
দিক্ভ্ৰান্ত শৰালিৰ জাক৷
শাৰদী জোনৰ স্নিগ্ধ জোনাকত
উৰি ফুৰে সুৰ এটি হৈ
আশাভৰা জীৱনৰ গান৷
ৰ’দৰ চোতালত এতিয়া
জীৱন বোটলাৰ হাত বাউলি…৷