প্ৰতিভাবান অভিনেত্ৰী তথা মডেল – Purbodix.com

প্ৰতিভাবান অভিনেত্ৰী তথা মডেল

গীতু হাজৰিকা

পূৰ্বদিশৰ মেজৰ পৰা

গীতু হাজৰিকা, সাম্প্ৰতিক সময়ৰ অসমৰ অন্যতম এগৰাকী জনপ্ৰিয় তথা সফল অভিনেত্ৰী৷ সৰ্বস্তৰৰ দৰ্শকৰাইজক নৃত্য আৰু অভিনয়ৰ যাদুৰে আকৰ্ষিত কৰি অহা এইগৰাকী দূৰন্ত প্ৰতিভাসম্পন্ন শিল্পীক যোৱা ১৮ ছেপ্তেম্বৰত মহানগৰীৰ চলচ্চিত্ৰ ক্ষেত্ৰৰ মন্দিৰ স্বৰূপ জ্যোতি চিত্ৰবনত জ্জম বাৰ্ষিক ভাৰতৰত্ন ভূপেন হাজৰিকা নেচনেল এৱাৰ্ড২০২২ প্ৰদান কৰা হয় এই বৰ্ষৰ দুটিকৈ ৰাষ্ট্ৰীয় সন্মান ‘‘নেবকছ কুইন’’ আৰু ‘‘নেকবছ অসম সুন্দৰী ২০২২’’ খিতাপ৷ এই বঁটা প্ৰদান কৰা হয় জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ দ্বাৰা৷ সহযোগ কৰে বিশিষ্ট কবিসাহিত্যিক হেমন্ত কুমাৰ দাসে৷ অনুষ্ঠানত গীতু হাজৰিকাই সাৱলীল এটি নৃত্য পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে৷ উল্লেখ্য যে শিল্পীগৰাকীয়ে ইতিমধ্যে জুবিন গাৰ্গৰ মায়াবী কণ্ঠত প্ৰাণ পোৱা ‘‘মৰম মৰম’’ শীৰ্ষক গীতটিত বিবেক বৰাৰ সৈতে সুন্দৰ অভিনয় কৰিছে৷ যিটো গীত বহুল প্ৰচাৰিত হৈ ইতিমধ্যে সৰ্বজন সমাদৃত হৈছে৷ চিন্ময় প্ৰডাকচনৰ বেনাৰত নৱ নীলিমৰ সৈতে সপোন এলবামৰ ‘‘বাৰে বাৰে ভাগে’’ গীতটিতো সুন্দৰ কাম কৰিছে গীতুৱে৷ এই গীতটিৰ কণ্ঠও জুবিন গাৰ্গৰ৷ একেদৰে ৰাজ শ্বেখৰৰ নৃত্য পৰিচালনাৰে ‘‘যদি মোৰ মনে বিচাৰে’’ গীতটিৰ ভিডিঅটোত সুন্দৰ কাম কৰিছে অভিনেত্ৰীগৰাকীয়ে৷ একেলগে অভিনয় কৰিছে প্ৰতিভাৱান অভিনেতা নৱ নীলিমে৷ ‘‘ফ্লিম ফেয়াৰ ফেষ্টিভেল’’ স্থান পোৱা ‘‘দ্য ষ্টৰী’’ মুখীখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা গীতি হাজৰিকাৰ আছে দূৰন্ত প্ৰতিভা৷ ইয়াৰ পূৰ্বতে ‘‘মহীয়সী নাৰী’’, ‘‘নেবকছ হাগ বিহুৱতী ২২’’, ‘‘নেবকেছ এস্প্ৰেছ’’, ‘‘নেবকছ অসম সুন্দৰী’’, ‘‘নেবকছ কুইন’’ আদি সন্মানেৰে সন্মানিত হৈছিল গীতু হাজৰিকা৷ অহা ৩০ অক্টোবৰত গুৱাহাটী প্ৰেছ ক্লাৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত লগা National Diamond Globe Award ২০২২ক্ট নিৰ্বাচিত হৈছে ক্টBest Popular Actress ২০২২ক্ট বঁটাৰ বাবে৷ অভিনন্দন গীতু হাজৰিকা৷

Leave a Reply

Your email address will not be published. Required fields are marked *