ফায়াৰ এলাৰ্ম আৰু মই
গীতাঞ্জলি বৰুৱা

আমেৰিকালৈ অহাৰ পৰা সৰু–সুৰা কিছুমান অঘটন মাজে–সময়ে মই ঘটায়েই থাকোঁ৷ তাৰ ভিতৰত এই ফায়াৰ এলাৰ্মটো মোৰ বাবে বৰ স্মৰণীয় হৈ থাকিব৷ আজি মই মোৰ অদ্ভুত কিছুমান কৰ্ম–কাণ্ডৰ কথা লিখিবলৈ লৈছোঁ৷
প্ৰথম অহাৰ পাছত মই আমাৰ এপাৰ্টমেণ্টটোত থকা সকলো বস্তুৰ ব্যৱহাৰ শিকি ল’লো৷ ভাত ৰন্ধা গেছটোৱো আমাৰ দৰে নাছিল৷ গতিকে কিছুমান কথা শিকিবলগীয়া হ’ল শ্ৰীমানৰ পৰা৷ তেওঁ তিনি বছৰ থাকি বহুখিনি অভিজ্ঞতা গোটালে৷ মাইক্ৰ’ৱেভ, ডিছ ৱাচাৰৰ পৰা একেবাৰে কাপোৰ ধোৱা মেচিনটোলৈ সকলো হাততে পালোঁ৷ মানুহজন অফিচলৈ যায়, দিনটো মই অকলে, নাযায় নুপুৱাই সময়বোৰ৷ সময়ৰ সৎ প্ৰয়োগ কৰিব নজনা মানুহ৷ গতিকে অবাবতে বহুখিনি সময় পাৰ কৰাৰ পাছত এদিন হঠাৎ মনলৈ আহিলে কে’ক এটাকে বনাও৷ লাগি গ’লো কামত৷ এফালে টিভিটো চলাই লৈছোঁ, আনফালে কে’ক বনোৱাত লাগিলোঁ৷ মাইক্ৰ’ৱেভত টাইমটো দিয়াত ভুল কৰিলোঁ, গতিকে কে’ক জ্বলি ধোঁৱা ওলাই গ’ল৷ সেইবাৰ ভাগ্য ভাল আছিল, গৰম দিন আছিল৷ বেলকনি খোলা আছিল, খিৰিকিও খুলি থৈছিলোঁ, ফায়াৰ এলাৰ্ম নাবাজিল৷ নহ’লে অলপ ধোঁৱা হ’লেই এলাৰ্ম বাজেই৷
এদিনৰ ঘটনা৷ ৰুটি বনাবলৈ ল’লো, এফালে বেহৰবাৰী চলি আছে৷ মোহনে হঁহুৱাই আছে৷ গেছৰ চিমনীটো চলাই ল’লে মোহনৰ কথাবোৰ ভালকৈ নুশুনি৷ সেইকাৰণে চিমনী নচলোৱাকৈ ৰুটি বনাবলৈ আৰম্ভ কৰিলোঁ৷ ভাজিখনতো তেল মাৰিছোঁ, হঠাৎ আহিল বিকট শব্দৰ মাজত সুন্দৰ মাত এষাৰ ফায়াৰ এলাৰ্ট, ফায়াৰ এলাৰ্ট বুলি৷ ভাগ্যে মানুহটো আছিল, এলাৰ্মটোৰ ওচৰত গৈ ধোঁৱাখিনিৰ দিশটো সলনি কৰি দিয়াত হে এলাৰ্ম বন্ধ হ’ল৷ মোৰ ভৰিৰ তলৰ মাটিখিনি নাইকিয়া হোৱা যেন লাগি গৈছিল অলপ সময়ৰ বাবে কি হ’ব এতিয়া বুলি৷ ওচৰৰ মানুহ আহি গালি দিব আৰু লগতে নানান নাহিবলগীয়া চিন্তা৷ আমাৰ ঘৰৰ ভিতৰৰ এলাৰ্মটো বাজিছিল৷ সেইবাবে কোনেও একো ন’কলে বাৰু৷ তথাপি বহুত ভয় খালোঁ৷ সাৱধানে থাকিম বুলি থিৰাং কৰিলোঁ৷ এনেকৈ গ’ল দুদিনমান৷ ঘৰবোৰ যিহেতু কাঠৰ৷ সেইবাবে বহুখিনি সাৱধানতা অৱলম্বন কৰে এপাৰ্টমেণ্ট কৰ্তৃপক্ষই৷ মাজে সময়ে চেণ্ট্ৰেল ফায়াৰ এলাৰ্মটো ভালকৈ কাম কৰি আছেনে নাই তাৰ নিৰীক্ষণ কৰি থাকে৷ আগতীয়াকৈ জাননী দিয়ে, মোৰ খবৰ নাই৷ হঠাৎ বাজিল চেণ্ট্ৰেল এলাৰ্মটো৷ আছো অকলে৷ দুৱাৰ খুলি চাইছোঁ কাকো দেখা নাই৷ এলাৰ্ম বাজিছে কাৰো হুৱা–দুৱা নাই৷ ‘হে ভগৱান কি হৈছে অকনো খবৰ নাই মানুহবোৰৰ’ মনতে ভাবিছোঁ৷ ওলাই আহিব জনা নাই৷ অন্য মানুহ নেদেখি তললৈ নামি যোৱাৰ আগতে এবাৰ মানুহজনক ফোন এটা কৰিলোঁ৷ তেওঁ ক’লে এলাৰ্মটো ঠিকে–ঠাকে আছে নে নাই মাজে সময়ে চাই, অ’ তুমি চাগে জাননীখন নাচালা৷ পঢ়া–শুনা মুৰ্খবোৰৰ থাকে যে তাৰে উদাহৰণ মই৷
লাহে লাহে সকলো বস্তুৰ লগত অভ্যস্ত হৈ গ’লো৷ অকলে ঘূৰি ফুৰিব পৰা হ’লো৷ নিজৰ ওপৰত আত্মবিশ্বাস অলপ বেছিয়েই আহি গ’ল৷
জুলাই মাহৰ গৰম৷ দিন–ৰাতিৰ আহাৰ খাই বৈ এচিটো চলাই টিভিটো খুলি বহি লৈছোঁ আৰামত৷ মানুহজন লেপটপটো লৈ৷ চ’নী টিভিৰ চিৰিয়েল লেডিজ স্পেচিয়েল কি নো চাব, লেপটপটোকে খুলি লৈছে৷ আকৌ বাজিল ফায়াৰ এলাৰ্ম৷ চেণ্ট্ৰেল এলাৰ্মটো বাজিছে৷ এইবাৰ মানুহবোৰ ওলাইছে, মই বেলকনিৰ পৰা চাইছোঁ আৰু৷ মোক মানুহজনে কৈছে ওলোৱা ওলোৱা, মই পিন্ধি আছো গৰমত হাত কটা চুটি ফ্ৰক এটা৷ লৰালৰিকৈ জিনছ আৰু টি–চাৰ্ট এটা সুমুৱাইছোঁ৷ লগতে টিভি আৰু লেপটপটো বন্ধ কৰি দৌৰি নামি আহিছোঁ৷ বহু মানুহ বাহিৰলৈ ওলাই আহিছে৷ কিছুমানে ম’বাইলটো লৈ, কিছুমান লেপটপ লৈ আৰু আন কিছুমান নিজৰ পোহনীয়া জন্তু লৈ ব্যস্ত৷ কিন্তু এলাৰ্ম বাজিয়েই আছে৷ জুইৰ ধোঁৱাও দেখা নাই, জুইও দেখা নাই৷ মই মানুহজনক ক’লো, একোৱেই নাই দেখোন, তেওঁ ক’লে, ৰ’বাচোন ক’ৰবাত কিবা এটা হৈছে, এনেই নাবাজে এলাৰ্ম৷ জুই যদি সঁচাকৈয়ে লাগিছে কাঠৰ ঘৰ মুহূৰ্ততে জ্বলি চাই হ’ব, আমাৰ পাছপ’ৰ্ট দুখন আৰn ¸এটিমখন আনিব লাগিছিল৷ লোকৰ দেশত থাকোঁ পাছপ’ৰ্টখন সকলো কথাতে লাগে, লগতে এটিমখন বিপদৰ বন্ধু৷ যিটো চাৱনি দিলে মনে মনে থকাই যে মংগল, বুজিবলৈ বাকী নাথাকিল৷ তেনেতে এপাৰ্টমেণ্ট কৰ্তৃপক্ষৰ এজন লোকক দেখিলোঁ তেওঁ সকলো নিৰীক্ষণ কৰি অগ্নি নিৰ্বাপক বাহিনীক ফোন কৰিছে৷ তেওঁক সোধাত জানিব পাৰিলোঁ কোনোবা এঘৰৰ কাৰ্পেটত জুই লাগিছিল৷ নুমালে যদিও অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিছে৷ ফোন কৰাৰ পাঁচ মিনিট হোৱাই নাছিল, প্ৰথমতে এখন পুলিচৰ গাড়ী আহিল৷ তাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াৰ গাড়ী৷ তাৰ পিছত আহিল জুই নুমোৱা ৰঙা ৰঙৰ দুখন ডাঙৰ গাড়ী৷ প্ৰথমতে অগ্নি নিৰ্বাপক বিষয়াজনে পৰিস্থিতি নিৰীক্ষণ কৰিলে৷ বিকট শব্দৰ কাণ তাল মৰা এলাৰ্মটো বন্ধ কৰিলে৷ সেইখিনি সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীত অহা লোকসকলে জুই নুমুৱাবলৈ লগা দৰকাৰী সামগ্ৰীখিনি লৈ ভিতৰলৈ সোমাই গ’ল৷ এই সকলো কাম ইমান খৰতকীয়াকৈ কৰিছিল, মই একেথৰে চোৱাতহে লাগিছিলোঁ৷ অগ্নি নিৰ্বাপক বাহিনীলৈ ফোন কৰাৰ পৰা দহ মিনিট মানৰ ভিতৰত ঘটা কথা এইখিনি৷ কিছু সময়ৰ পাছত এজন বিষয়াই সকলো চাই–চিতি মানুহখিনিক ভিতৰলৈ যাব পাৰিব বুলি জনালে৷
আমি ওলাই অহাৰ পৰা তেতিয়ালৈ আধাঘণ্টা মানেই হৈছিল৷ ইমানখিনি সময় মই বাহিৰত থকা মানুহখিনিক লক্ষ্য কৰি আছিলোঁ, কোনে কি কৰি আছে৷ কোনো লোকৰ মাজত একো হুৱা–দুৱা নেদেখিলোঁ৷ কোনোবা যদি কুকুৰটোৰ লগত ব্যস্ত, অন্য কোনোবা কথা পতাত ব্যস্ত৷ বাহিৰত আহিও কিছু লোকে লেপটপত নিজৰ কামত লাগি আছিল৷ কোনো লোকে আকৌ গৰম দিনত গা শাঁত পৰা বতাহজাক বাৰুকৈয়ে উপভোগ কৰিছিল৷ কাৰো মনত উৎকণ্ঠা, ভয় ভাব একো নাই৷ সকলো নিজৰ মাজতে ব্যস্ত৷
এনে কিছুমান ঘটনা দেখিবলৈ পালে বুকুখনৰ কোনোবা এটা কোণত দুখে খুন্দা মাৰি ধৰে৷ এপাৰ্টমেণ্ট এটাৰ কাৰ্পেটখনত অলপ জুই লাগিছিল৷ গৃহস্থই নিজেই নুমুৱালে, আমি জুই নালাগে ধোঁৱাও নেদেখিলো৷ তথাপি ইমানখিনি সতৰ্কতা অৱলম্বন কৰিছে মানুহখিনিৰ সুৰক্ষাৰ বাবে৷ দুদিনমানৰ আগতে মোৰ জন্মস্থান তিনিচুকীয়াৰ মাকুমত এখন গেলামালৰ দোকান, দুটা গেৰেজ আৰn ¸এটা ঘৰ সম্পূৰ্ণ জ্বলি চাই হৈ গ’ল৷ ফায়াৰ এলাৰ্মৰ ব্যৱস্থা থকা হ’লে চাগে’ এজনৰ সপোনৰ ঘৰ, এজনৰ ব্যৱসায় নিমিষতে জুইৰ লেলিহান শিখাই ছাই কৰি দিব নোৱাৰিল হেঁতেন চাগে৷
ময়ো দুই–এটা ঘটনা ঘটাই বাৰুকৈয়ে সতৰ্ক হৈছিলোঁ, কিন্তু মানুহৰ স্বভাৱ বোলে মৰিলেহে লগত যায়৷ গতিকে আপোনভোলা মইজনীয়ে এটা বছৰতে সকলো পাহৰিলোঁ৷ পুনৰ আহি মাংস–ভাজি আছোঁ, চিকেন ড্ৰাই ফ্ৰাই খাম৷ লগত মোহন আছেই টিভিত চলি আছে বেহাৰবাৰী৷ একেটা ভুলৰে পুনৰাবৃত্তি৷ তেল বেছি খালে শকত হ’ম৷ সেইবাবে কম তেল দি ড্ৰাই ফ্ৰাই বনাবলৈ গৈছিলোঁ তাতে চিমনী চলালে টিভিৰ মাত নুশুনি ভালকৈ৷ গতিকে কম তেলত কম কমকৈ ভাজি গোটেইখন ধোঁৱা ধোঁৱা হ’ল, বিকট শব্দৰ লগত মিঠা মাতত ভাঁহি আহিল ফায়াৰ এলাৰ্ট৷ এইবাৰ টাৱেলখন ওচৰতে পাই মানুহটোৱে সেইখনে জোঁকাৰি আছে এলাৰ্মটোৰ ওচৰত গৈ৷ মানুহটোৰ খং–ৰাগ নাই বুলিহে, নহ’লে কিমান গালি শুনিলোহেঁতেন তাৰ কোনো ঠিক নাই৷ এই সকলোবোৰত মোৰ কিন্তু একো ভুল নাই৷ সকলো ভুল বেহাৰবাৰী ছিৰিয়েলখনৰ আৰn মোহনৰ৷ ছিৰিয়েলখন চালে সকলো পাহৰো ইমান সুন্দৰ তথা ব্যতিক্ৰমী চিত্ৰনাট্যৰ লগতে নিখুঁত অভিনয় সকলোৰে৷