চাকি
নিৰ্মালি নয়নতৰা

ৰাতিলৈ নগৰখন অকণমান কেঁচুৱা এটিৰ দৰে শুই পৰে৷
দিনত সেই একেখন নগৰেই যেন চপল কিশোৰ এটি হৈ দৌৰি ফুৰিব খোজে৷
নগৰখনৰ পুৱে পি ডব্লিউ ডি অফিচটো আৰু ক’লনিটো৷ ক’লনিত মুকালমুৱাৰ হৰেণ হালৈও থাকে, কাকজানৰ হেমন্ত গোহাঁইও থাকে৷ মাহীয়েকৰ জীয়েককে বিয়া পাতি সমাজচ্যুত হৈ থকা মহাদেৱ চকীদাৰো থাকে, জীয়েকহঁতক নিয়মীয়াকৈ বৰগীত শিকোৱা বিনয় বৰবাবুও থাকে৷
মানুহবোৰৰ কোৱাৰ্টাৰবোৰৰ আগফালে ফুলনি আৰু শাকনি অকণমান, পাছফালে তাঁতশাল নহ’লেবা ঢেঁকীশাল৷ নাদৰ পাৰত বাচন ৰ’দাবলৈ বাঁহৰ চাং৷ তাতে আচাৰৰ বটলকেইটাও তোলা যায়৷
আবেলিতে ক’লনিৰ ষ্ট্ৰীট লাইটবোৰ জলি উঠে৷
তেতিয়া ল’ৰা ছোৱালীবোৰে চাইকেল লৈ পিনপিনাই ফুৰা বন্ধ কৰি ঘৰ সোমাবলৈ মাকহঁতৰ দাবী ধমকি খায়৷
এনীৰ মাকেও সেইকন সময়তে দুকাপ চাহ কৰে৷
একাপ মানুহজনৰ হাতত তুলি দি কয়, “ই হাজৰিকাৰ ল’ৰাটো আহিছিল৷ কিতাপবোৰ নিবলৈ৷’’
নহলেবা, “জানমণিক লগ পালো আজি৷ সন্তোষৰ দোকানত কিবা কিনিছিল৷ ধুনীয়াজনী হৈছে৷’’
এনীৰ দেউতাকে একো নকয়৷
তেওঁ জানে, মানুহজনীয়ে কিবা এটা ক’ব খোজে, বাট এটা বিচাৰে৷
সেইকাৰণেই কিবা এটা কয়৷
তাত তেওঁ কিবা এষাৰ নক’লেও হয়৷
তেওঁ কেতিয়াবা কয়, “বাহিৰত বহোঁগৈ ব’লা৷ পুলিচ কেম্পাচত কোনোবা হোমগাৰ্ডে বিহুনাম গাইছে৷ ইমান ভাল শুনিছোঁ৷’’
এনীৰ মাক নেযায়৷
তেওঁৰ চাৎ কৈ মনত পৰে, ষ্ট’ভত গাখীৰৰ চ’চপেনটো বহাই থোৱা আছে!
কেমেল চিঞাহীৰ দোৱাতত ফটাকানিৰ শলিতা ভৰাই বনোৱা চাকিটোও কিজানি নুমাব পায়!
তেল নাছিলেই বুলিব পাৰি৷
তেল নথকা চাকিনো কিমান পৰ জ্বলিব?
তেওঁ ভাত ৰান্ধিবলৈ যায় মানে কাষৰ ঘৰৰ শইকীয়াহঁতৰ জিলমিলে চিঞৰি চিঞৰি “পিঠা খাবি মিঠা পাবি, মিনি চিঠি লিখি থবি’’ পঢ়ে৷
তেওঁৰ উদং বুকুখন এনেয়ে ভৰি উঠে৷ হওক তেওঁ! মাত এষাৰ যে শুনি আছে!
এনীৰ মাকে ভাত ৰান্ধিবলৈ যায় মানে প্ৰায়েই লাইনটো কটা যায়৷ কেতিয়াবা দুঘণ্টালৈকে নাহে৷ কেৰাচিনো আটকৰ ধন৷ কণ্ট্ৰলৰ দোকানত ষ্টক কম৷ পঢ়া–শুনা কৰা ল’ৰা–ছোৱালী থকা কেইঘৰৰ অলপ সমস্যাই হয়৷ লাইন নথকাত অতিষ্ঠ হৈ দুদিনমানৰ বাবে ফুৰিবলৈ অহা এনীৰ খুড়াকে চিঞাহীৰ দোৱাতত ফটাকানিৰ শলিতা ভৰাই চাকি এটা সাজি দিছিল৷ হাত লেম্প দুটাৰ এটা সদায় জলোৱা হয়৷ সেইটোৰ পোহৰত বহি এনীৰ দেউতাকে কিবাকিবি পঢ়ে৷ অকলে লুডু খেলে৷
“বত্তা মই চি চি কৰিবলৈ আহিছোঁ “বুলি জিলমিলে চিঞৰিলে লেমটো লৈ ওলাই যায়৷
জেওৰাৰ ইটো পাৰৰ পৰা তেওঁ পোহৰটো দি থাকে, জিলমিলে চি চি কৰি থাকে৷
শইকীয়াই কয়, “বেয়া নেপাব দাদা৷’’
জিলমিলে মাত লগায়, “ইস্, বত্তাই আকৌ কিয় বেয়া পাব৷ চাওক বত্তা মই কিমান দূৰলৈকে চি চি কৰি দিছোঁ৷’’
এনীৰ দেউতাকে কেতিয়াবা কয়, “এইখিনি ঠাই আৰু বিশ বছৰত চিনি নোপোৱা হৈ যাব চাবা৷ চব সলনি হৈ যাব৷’’
জিলমিল যেতিয়া দ্বিতীয় শ্ৰেণী পালেগৈ, এনীৰ মাক–দেউতাক ক’লনি এৰি যাবলৈ ওলাল৷ ট্ৰেন্সফাৰৰ অৰ্ডাৰো আহিছে, জয়সাগৰৰ মাটিখিনিত ঘৰো সাজিব লাগে৷
মানুহ হাল গাড়ীত উঠিবৰ পৰত জিলমিলে বহল চকুৰে চাই থাকিল৷ তেওঁলোকেহে তাইলৈ চাব নোৱাৰিলে৷ তাইক দেউতাকে ক’ব লগা হ’ল, বত্তাৰ যে বুঢ়ী মাকজনী! তেওঁৰ বৰ অসুখ হৈছে৷ বত্তা, বম্মা যাবই লাগিব৷ বত্তা আহিবই আকৌ৷ তাইৰ বিশ্বাস হোৱা নাই? আচ্ছা ঠিক আছে, বত্তাই লেমটোকে তাইক দি থৈ যাব৷ হ’ব?
নহ’ব?
তেন্তে জিলমিলক কি লাগিব?
বম্মাই যে লয়, সেই চাকিটো?
ঠিক আছে, চাকিটোকে তাই ল’ব৷
কিন্তু বত্তাহঁত ঘূৰি আহিবই লাগিব৷
বত্তাকে গাড়ীৰ পৰা নামি টোপোলা খুচৰি চাকিটো তাইৰ হাতত দিলে৷ তেওঁ আনফালে চাই থাকিল৷ বিদায় বুলিলে তেওঁৰ চকুহাল পোৰে৷
সেই যে অকণমান এনীজনীক কবৰত শুৱাই থৈ আহিল, তাৰ পাছৰ পৰাই তেওঁৰ বিদায় শব্দটোলৈ ভয় লাগে৷
বত্তাকে জিলমিলৰ দেউতাকলৈ চিঠি পত্ৰ দি থাকিল৷ দেউতাকেও তাইৰ ফটো, পঢ়াৰ খবৰ, ক’লনিখনৰ মানুহবোৰ লাহে লাহে কমি গৈ থকাৰ খবৰ জনাই থাকিল৷ এসময়ত চিঠিবোৰ কমি গ’ল৷
জিলমিলৰ বিয়াত বত্তাকহঁতক মতা হৈছিল৷ তেওঁলোক নাহিল৷
তাৰ পাছত চিঠিবোৰ বন্ধই হৈ গ’ল৷
জিলমিলে নতুনকৈ জইন কৰা অফিচটোত ৰেহেনাক লগ পাই বত্তাকহঁতৰ খবৰ লোৱাৰ কথা ভাবে৷ ৰেহেনাও জয়সাগৰৰে, বত্তাকহঁতৰ ঘৰৰ কাষৰে কিজানি!
কিন্তু কিবা এক অভিমানে তাইক বাধা দিয়ে৷
অভিমন্যুৰ লগত কেতিয়াবা তাই তাহানিৰ কিচমী নামৰ চ’কলেটটো, উইং চাং পেনটো নহ’লেবা কমলা ফোঁটটোৰ নিচিনা মৰ্টনবিধৰ কথা পাতে৷
কথাৰ মাজৰ কথা হৈ বত্তাকৰ প্ৰসংগ ওলায়, তাৰ পাছত তাই মনে মনে থাকে৷
ৰেহেনাৰ ঘৰত ইফ্টাৰ পাৰ্টি৷ অভিমন্যুৱে যাবলৈ ভৰি দাঙিয়ে আছে৷ জিলমিলক যেন কাপোৰসাজ পিন্ধিবলৈকো তত নিদিব৷
তাই সাৱধান কৰি দিছে, ‘‘তাত গৈ গৰহে খোৱাদি নেখাবা৷ অলপ ঠিকঠাক কে খাবা৷’’
সি আচৰিত হোৱা যেন দেখুৱাই ওলোটাই সুধিছে, “খাবলৈকে মতা নাই জানো? নেখাই নবৈ ৰেহানাকে চাই থাকিলে তুমি ভাল পাবা?’’
ৰেহানাৰ ঘৰত অকল মাক বাপেক৷
দুয়োজনৰেই বয়স হৈছে৷ দেউতাকে চকুৰে ভালকৈ মনিব নোৱাৰে৷ মাকে আগৰে পৰাই কথা কমকৈ কৈছিল৷ এতিয়া আৰু কমকৈ কয়৷
জিলমিল আৰু অভিমন্যু গৈ পায় মানে সাঁজ লাগি ভাগিবৰ হ’ল৷
টিভিৰ সন্মুখত এনেয়ে বহি থকা বৃদ্ধ থৰক–বৰক কৈ দুৱাৰদলিলৈ ওলাই আহিল৷ পাছে পাছে ৰেহেনাৰ মাক৷
ৰেহেনা আৰু মাক–দেউতাকৰ মাজত চেহেৰাৰ অকনো মিল নাই৷
তাই হেনো আইতাকৰ দৰেহে৷
জিলমিলৰ চকুত তেওঁলোকৰ চেহেৰাৰ বৈসাদৃশ্যটো যেন কিবা আঁ–খজা লাগিল৷
বৃদ্ধই জিলমিলক গালে মুখে চুলে৷
“আমাৰ এই কৈয়ে আছে তোমালোক আহিবা বুলি৷ মই আকৌ আজিকালি মানুহ অহালৈ ৰৈ থাকোঁ৷ নহ’লে সোনকালে মৰিম মৰিম লাগে৷’’
ৰেহেনাই অলপ অস্বস্তি পালে৷
তাই অলপ ডাঙৰকৈয়ে ক’লে, “আব্বা! এওঁলোকক বহি ল’বলৈ দিয়া৷ তাৰ পাছত কথা পাতি থাকিবা৷’’
বৃদ্ধ যেন এক শিশু৷
তেওঁ বাধ্য ছাত্ৰৰ দৰে আৰ্ম চেয়াৰখনত বহি ল’লে৷
ঃ নামটো কি আছিল তোমাৰ মাজনী?
ঃ নম্ৰতা, নম্ৰতা শইকীয়া৷
ঃ ওম্৷ শইকীয়া বুলি মোৰ ভাই এজন আছিল জানা৷
ৰেহেনাই অনুনয়ৰ দৃষ্টিৰে জিলমিললৈ চালে৷
তাই আগেই কৈ থৈছিল, দেউতাকে কথা অলপ বেছি কয়৷
জিলমিলেও ৰেহেনাক ইংগিতেৰে ক’লে, ৰিলেক্স৷ ক’বলৈ দে৷
ঃ মোৰ আকৌ ডাঙৰ জীজনী নিচেই সৰুতে ঢুকাল বুইছা৷ আমাৰ এওঁ একেবাৰে কম কথা কৈছিল৷ ছোৱালীজনী ঢুকোৱাৰ পাছত একেবাৰে নোকোৱাই হ’ল৷ ৰেহেনা অফিচলৈ গ’লে আমি বুঢ়া–বুঢ়ীয়ে নমতা–নমতি খেল খেলি থাকো৷
বৃদ্ধই ডাঙৰকৈ হাঁহিলে৷ প্ৰছন্ন বেদনাৰ ছাঁয়াই হাঁহিটো যেন মিছা বুলি লগে লগেই জিলমিলক কৈ দিলে৷
ঃ চাকৰি শেষ কৰি এতিয়া মৰিবলৈহে ৰৈ আছো আৰু বুইছা?
Êঃ ইস্! কিয় মৰিব আকৌ? ৰেহেনাৰ বিয়া হ’বলৈকে আছে৷ তাৰ পাছত নাতি–পুতি ওমলাব নালাগিব?
ঃ সেইটো আশা নাই আৰু! জী–নাতি এহাল চাবলৈ পালো বুইছা? এতিয়া মৰিলেও কথা নাই৷
ঃ অস্৷ আপোনালোকৰ আৰু এজনী ছোৱালী আছে? ক’লৈ বিয়া দিছে?
ঃ নাজানো৷ বৰ অভিমানী তাই৷ হ’বও দিয়াচোন৷ আমি বুঢ়া–বুঢ়ীয়ে কমখন মিছা কথা কৈ ঠগিলো নে তাইক?
বৃদ্ধৰ কথাবোৰ জিলমিলৰ কিবা খেলিমেলি লাগিল৷
ৰেহেনাই মাজতে থপিয়াই ধৰিলেহি৷
‘টেবুললৈকে আহক বা’ তাইৰ কথাত জিলমিল বৃদ্ধৰ ওচৰৰ পৰা আঁতৰি গ’ল৷
ৰেহেনাৰ মাকে বহুত কিবাকিবি ৰান্ধিব নোৱাৰে৷ তেওঁ চেৱৈ অকণমান ৰান্ধিছিল৷ জিলমিলে খুজি লৈও খালে৷
ৰেহেনাৰ মতে, মাকে অকল এইবিধেই যি ৰান্ধিব পাৰে৷
জিলমিলে নামহীন আকৰ্ষণত বৃদ্ধৰ সৈতে বহুত কথা পাতিলে৷
আহিবৰ পৰত বৃদ্ধই ক’লে, “তোমাক লগ পাই ইমান ভাল পালোঁ! বহুত পুৰণি চিনাকি যেন! কম্পিউটাৰৰ কাম মই একেবাৰে নেজানো জানা? তুমি মোক ফেচবুক নে কিহত চায় যে, তাত জিলমিল শইকীয়াক বিচাৰি দিব পাৰিবা? আমাৰ এই বিচাৰিয়ে নেপায়৷
ঃ কোননো জিলমিল শইকীয়া?
জিলমিলৰ মাতটো কঁপি উঠিল৷
ঃ মোৰেই ছোৱালী অ’৷ আজি পোন্ধৰ বছৰমানৰ আগেয়ে শেষবাৰ দেখা৷ গুৱাহাটীৰ নাৰ্ছিং হোম এটাত আমাৰ এওঁক নিছিলোঁ৷ তাতে জিলমিলৰ টুইন এহালৰ জন্ম হৈছিল৷ তাইক তেজ দিব লাগে৷ দেখিছিলোঁ শইকীয়াই হাহাকাৰ কৰি ফুৰিছিল৷ মই তেজ দিছিলোঁ৷ কিন্তু শইকীয়াক মোৰ পৰিচয়ো নিদিলো৷ দিওঁনো কেনেকৈ? জিলমিলৰ বিয়ালৈ আমি নগ’লো৷ তাৰো বহু বছৰৰ আগৰ পৰাই চিঠি দিবলৈকো এৰিছিলোঁ৷ জিলমিলে চাকি এগছ লৈ ৰাতি ৰাতি সদায় হেনো মোক মাতিছিল৷ শইকীয়াই চিঠিত লিখিছিল৷ দাড়ি মোৰ দীঘল হ’ল যে! সেয়ে চিনি নেপালে৷ ষ্ট্ৰেচাৰত লৈ যোৱা জিলমিলক দূৰৈৰ পৰাই দেখিছিলোঁ৷ ল’ৰা ছোৱালীহালক শইকীয়ানীয়ে নিজেই আনি দেখুৱাইছিল৷
বৃদ্ধৰ কথা যেন শেষেই নহ’ব৷
ঃ চিঠি লিখা বন্ধ কৰিছিল কেলেই?
জিলমিলৰ নাকৰ পাহি দুটা ফুলি উঠিল৷
Êঃ ৰেহেনাৰ মাক–দেউতাক হাল বেমাৰত ঢুকাইছিল৷ সিহঁত মোৰেই নিজৰ ভাই আৰু ভাই বোৱাৰী আছিল৷ তিনিমহীয়া ৰেহেনা, নিজৰ গাৰ কাপোৰ ফালি পেলাব ধৰা আধা পাগলী মানুহজনী আৰু আধাসজা ঘৰ এটা৷ এইবোৰতে মকৰাই জালত বন্দী হোৱাদি বন্দী হৈছিলো জানা?
চিঠিত কথাবোৰ লিখাই নহ’ল৷
ঃ জিলমিলক লগ পাব লাগিব৷ তাৰ পিছতহে মৰিম৷ তুমি বিচাৰি দিবা নে?
ঃ বিচাৰিম৷ ঈদৰ দিনা লৈও আহিম৷ গিফ্ট কিনি থ’ব৷ চিঞাহী দোৱাতৰ চাকি এটা দি ঠগিলে নহ’ব৷
কৈয়ে জিলমিল নৰ’ল৷ তাই গাড়ীত বহিলগৈ৷
জিলমিলৰ নাম যে দ্বিতীয় শ্ৰেণীৰ পৰা নম্ৰতা শইকীয়া হ’ল, তাকো তাই নক’লে৷
তাই মাথোঁ দুহাতেৰে মুখ ঢাকি ধৰিলে৷
বৃদ্ধই ক’লে, “মাজনী, জিলমিলক ক’বা, বত্তাই তোমালৈ সোণৰ আঙুঠি গঢ়াই থৈছিল৷ বিয়ালৈ যোৱাহে নহ’ল৷’’