কামাখ্যা মঠ
অঞ্জন ডেকা

ইতিহাসৰ মেটমৰা বোজা বহন কৰা অসমৰ যেনিয়েই চকু যায় তেনিয়েই গৌৰৱময় অতীতৰ নিদৰ্শন বিদ্যমান৷ শদিয়াৰ পৰা ধুবুৰীলৈ, ভৈৱৰকুণ্ডৰ পৰা খাচপুৰলৈ অসম অনেক উল্লেখযোগ্য ঘটনা–পৰিঘটনাৰ সাক্ষী৷
অসমৰ চহকী অতীত সম্পৰ্কে আমাৰ জ্ঞান তেনেই সীমাবদ্ধ৷ যেন এপাচি শাকত এটা জালুক৷ একালৰ প্ৰাগদেশ আৰু আজিৰ অসম এক চহকী ঐতিহ্যৰ ধাৰা৷ মহীৰঙ্গ দানৱৰ ৰাজত্বকালৰ পৰা আজিৰ তাৰিখলৈকে এই ধাৰা প্ৰবাহিত হৈ আহিছে৷ মাজে মাজে সৃষ্টি হৈছে, লয় পাইছে ইতিহাস৷ চৌপাশে সিঁচৰতি হৈ আছে এই সৃষ্টি আৰু ধ্বংসৰ চাক্ষুস প্ৰমাণ৷
একে সময়তে অসম কামাখ্যাৰ দেশ৷ অন্যতম কামাখ্যা৷ চিৰ আৰাধ্য কামাখ্যা৷ এই কামৰূপ কামাখ্যাৰ দেশৰ চুকে–কোণে সিঁচৰতি হৈ আছে বহু লিখিত–অলিখিত কাহিনী, উপকাহিনী, লোককথা৷
সাধাৰণতে কামাখ্যা বা কামাখ্য মন্দিৰ বুলি ক’লে আমি গুৱাহাটী মহানগৰীৰ সোঁমাজৰ নীলাচল পাহাৰস্থিত কামাখ্যা মন্দিৰকে বুজো৷ প্ৰতি বছৰে দেশ–বিদেশৰ হাজাৰ হাজাৰ ভক্তই এই নীলাচলস্থিত কামাখ্যা মন্দিৰ দৰ্শন কৰে৷ একে সময়তে অসমৰ আৰু কেইবাটাও স্থানত আছে দেৱী কামাখ্যাৰ উপাসনাস্থলী৷ লেখক, গৱেষক–বিদ্বান ড॰ গজেন্দ্ৰ অধিকাৰীদেৱে তেওঁৰ গৱেষণামূলক গ্ৰন্থ ’অসমৰ শক্তি সাধনা আৰু সত্ৰীয়া পৰম্পৰা’ত উল্লেখ কৰা মতে অসমৰ চাৰিস্থানত কামাখ্যা দেৱীৰ মন্দিৰ বা উপাসনা স্থলী আছে৷ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে শিলঘাট, নীলাচল পাহাৰ, মানকাছাৰ আৰু উত্তৰপাৰে দৰং জিলাৰ লখিমপুৰত৷
ইয়াৰ উপৰিও অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা প্ৰায় ৫৬ কিলোমিটাৰ নিলগৰ জাগীৰোডৰ ওচৰতে আছে আৰু এক কামাখ্যা দেৱীৰ উপাসনা স্থলী৷
এই নিবন্ধত অসমৰ দৰং জিলাৰ লখিমপুৰস্থিত দেৱী কামাখ্যাৰ উপাসনা স্থলীৰ বিষয়ে কিছু আলোকপাত কৰাৰ প্ৰয়াস কৰিম৷ যদিও এই স্থান দেৱী মহিমাৰে মহিমামন্দিত, তথাপিও এই ঐতিহাসিক স্থান সম্পৰ্কে জনসাধাৰণৰ ধাৰণা আৰু প্ৰচাৰ খুবেই সীমিত৷ বহু লোকে হয়তো এই স্থানৰ নামেই শুনা নাই৷
গুৱাহাটীৰ পৰা ৮৪ কিলোমিটাৰ উত্তৰ–পূৱ আৰু দৰঙ জিলাৰ সদৰ মঙলদৈৰ পৰা প্ৰায় ২২ কিলোমিটাৰ উত্তৰ–পশ্চিমত অৱস্থিত এই ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ বা কামাখ্যা মঠ অৱস্থিত৷ মঙ্গলদৈ চহৰৰ পৰা দলংঘাটলৈ যোৱা পথৰ বালিপোতা আৰু ঐতিহাসিক লখিমপুৰ পুখুৰীৰ নাতিদূৰৈৰ মূল পথৰ পৰা মাথো তিনিশ মিটাৰ দূৰৈত এই ইতিহাস প্ৰসিদ্ধ দেৱী কামাখ্যাৰ উপাসনাস্থলী৷ চাৰিওদিশে সেউজীয়া গছ–গছনিৰে আবৃত এক নিৰল–নিস্তব্ধ পৰিৱেশ৷ শান্ত–সমাহিত সেউজ পৰিৱেশৰ এক সুকীয়া অনুভৱ৷ এই ঠাইত উপবিষ্ট হ’লেই মন প্ৰাণ শাঁত পৰি যায়৷ মনৰ গভীৰ কোণত জাগি উঠে অনাবিল প্ৰশান্তি/
বিভিন্ন পুথি–পাঁজিৰ পৃষ্ঠাত উল্লেখ থকাৰ লগতে, মানুহৰ মুখে মুখে চলি অহা বহু লোককথা অনুসৰি দূৰ অতীতত প্ৰাগজ্যোতিষপুৰৰ লগতে তেতিয়াৰ দৰঙ্গী ৰাজ্য বা বৰ্তমানৰ দৰঙ জিলা আৰু ইয়াৰ আশে–পাশে বহু ঠাইতেই তন্ত্ৰ–মন্ত্ৰ সাধনাৰ এক পৰিৱেশ গঢ়ি উঠিছিল৷ স্থাপন কৰা হৈছিল বহু তেনে সাধনাস্থলী৷ কামাখ্যা মঠো আছিল তেনে এক তন্ত্ৰ সাধনাৰ থলী৷ পণ্ডিত ড॰ মহেশ্বৰ নেওগ সম্পাদিত আৰু অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত ’পবিত্ৰ অসম’ গ্ৰন্থত এই কামাখ্যা মঠ তন্ত্ৰ সাধনাৰ থলী আছিল বুলি উল্লেখ কৰা হৈছে৷
কোনে কেতিয়া কেনেকৈ আৰু কিয় এই স্থানত এক উপাসনাস্থলী স্থাপন বা নিৰ্মাণ কৰিছিল সেই সম্পৰ্কে ইতিহাস নিমাত৷ তথাপিও, আন আন পৌৰাণিক স্থানসমূহত উদ্ধাৰ হোৱা বিভিন্ন পৌৰাণিক বা প্ৰাচীন কীৰ্তিচিহ্নৰ ভগ্নাৱশেষ, দূৰ অতীতৰ অনেক শিল্পকৰ্ম, ভিন ভিন ভাস্কৰ্য আদিৰ দৰে এই স্থানতো সময়ে সময়ে উদ্ধাৰ হোৱা বহু প্ৰাচীন শিল্পীৰ শিল্পকৰ্ম আৰু তন্ত্ৰ সাধনাৰ বাবে ব্যৱহাৰ হোৱা বিভিন্ন মন্ত্ৰখচিত শিলৰ ভগ্নাৱশেষে এই স্থানক হেজাৰ বছৰীয়া অতীতৰ স্বাক্ষৰ বুলি ভাবিবলৈ অনুপ্ৰেৰণা যোগায়৷
বৰ্তমানৰ কামাখ্য মঠৰ চৌহদত ইতিমধ্যে উদ্ধাৰ হোৱা বিভিন্ন শিল্পকৰ্মৰ লগতে উদ্ধাৰ হৈছে অনেক প্ৰাচীন নিৰ্মাণশৈলীৰ ভগ্নাৱশেষ৷ বহু পুৰণি এই কামাখ্যা মঠ সম্পৰ্কে অধ্যয়ন আৰু তথ্যৰ ভড়াল এতিয়ালৈকে তেনেই সীমিত৷ মঠ সম্পৰ্কীয় কিছু কথা জনশ্ৰুতি হিচাপেই প্ৰবাহিত হৈ আহিছে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ৷ প্ৰতিটো প্ৰজন্মৰ ওচৰ পোৱালৈকে অনেক যোগ–বিয়োগ হৈ মুল তথ্যবোৰৰো কিছু বিকৃতি ঘটিছে৷ অদূৰ ভবিষ্যতে হয়তো কোনো আগ্ৰহী লোকে এই স্থানৰ অতীত বা ইতিহাস সম্পৰ্কে অধ্যয়নৰ বাবে আগবাঢ়ি আহিব আৰু উন্মোচিত হ’ব অনেক গুৰুত্বপূৰ্ণ অধ্যায়৷ টনকিয়াল হ’ব অসমৰ ইতিহাসৰ ভড়াল৷
জিতাৰি বংশীয় ৰজা আৰিমত্তই পিতৃ হত্যাৰ প্ৰায়শ্চিত্ত কৰাৰ উদ্দেশ্যে খনন কৰা এককাউন (এহেজাৰ ছশ) পুখুৰীৰ অন্যতম তথা ঐতিহাসিক লখিমপুৰ বৰপুখুৰীৰ নিকটতে থকা মঙ্গলদৈ দলংঘাট পথৰ উত্তৰ দাঁতিত নৱ–নিৰ্মিত তোৰণৰ মাজেৰে সোমাই গ’লে পথৰ সোঁফালে এটা সামান্য ভেঁটিৰ ওপৰত আছে এই ঐতিহাসিক উপাসনাস্থলী৷ কামাখ্যা মঠ৷ অসমৰ বাকী স্থানসমূহত থকা দেৱী কামাখ্যাৰ উপাসনা স্থলীবোৰক কামাখ্যা মন্দিৰ বুলি কোৱা হয় যদিও এই স্থানৰ উপাসনাস্থলীক মঠ বুলিহে কোৱা হয়৷
প্ৰবাদ মতে, দক্ষ ৰজাৰ যজ্ঞস্থানত উপেক্ষিত হৈ অপমানিত অনুভৱ কৰি দেহ ত্যাগ কৰা সতীৰ প্ৰাণহীন দেহ কান্ধত লৈ দেৱাদিদেৱ শিৱই ক্ষোভত পৃথিৱী পৰিভ্ৰমণ কৰাৰ সময়ত বিষ্ণুৱে সুদৰ্শন চক্ৰেৰে দুকুৰি এঘাৰটা খণ্ডত বিভক্ত কৰা সতীৰ নাভি প্ৰদেশ এই স্থানত পতিত হৈছিল৷ সতীৰ দেহাংশ পতিত হোৱা প্ৰতি স্থানতেই গঢ়ি উঠিছিল একোখনকৈ তীৰ্থক্ষেত্ৰ আৰু লখিমপূৰস্থিত কামাখ্যা মঠো তাৰ ব্যতিক্ৰম নাছিল৷ কিন্তু কি পৰিস্থিতিত এই স্থানত এটা মঠ নিৰ্মাণ হ’ল সেই সম্পৰ্কে কোনো তথ্যই পাবলৈ নাই৷ বা মঠ নিৰ্মাণৰ আগতে এই স্থানত থকা কোনো প্ৰাচীন স্থাপত্য সম্পৰ্কেও একো জনা নাযায়৷ অৱশ্য নীলাচলস্থিত কামাখ্যা মন্দিৰৰ বাহিৰে প্ৰায় একে সময়তে নিৰ্মিত দেৱী কামাখ্যাৰ আন তিনিটা উপাস্থলীৰ বিষয়েও তথ্য তেনেই সীমিত৷
অসমৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা হিন্দু ধৰ্মৰ উপাসনাস্থলীসমূহক পোনপটীয়াকৈ মঠ–মন্দিৰ বুলি কোৱা হয় বা মঠ আৰু মন্দিৰ একে বুলি ভবা হয় যদিও স্থাপত্যৰ দিশৰ পৰা মঠ–মন্দিৰৰ মাজত কিছু প্ৰভেদ আছে৷ মন্দিৰত থকা গৰ্ভগৃহ, অন্তৰাল আৰু মণ্ডপ বা সভাগৃহৰ পৰিৱৰ্তে মঠত গৰ্ভগৃহ আৰু অন্তৰাল থাকে৷ বহুতৰ মতে মঠৰ ধাৰণাটো বৌদ্ধ ধৰ্মৰ পৰা অসমলৈ অহা বুলি বিশ্বাস কৰে৷

কোনো প্ৰণালীবদ্ধ অধ্যয়ন বা খনন নোহোৱা বাবে এই স্থানত এতিয়ালৈকে বিশেষ কোনো কীৰ্তি চিহ্ন উদ্ধাৰ হোৱা নাই৷ মাজে মাজে মঠৰ মেৰামতি আৰু নৱ–নিৰ্মিত ভৱনৰ বাবে মাটি খান্দেঁাতে উদ্ধাৰ হোৱা মাথো কেইটামান ভগ্নাৱশেষৰ¸ পৰাই ইতিহাস প্ৰসিদ্ধ এই স্থানত আদিতে এক বিশাল স্থাপত্য আছিল বুলি অনুমান কৰিব পাৰি৷ মন্দিৰ চৌহদৰ ইফালে–সিফালে পৰি থকা কেইটামান বিশেষ স্মৃতি চিহ্নৰ লগতে বৰ্তমান মন্দিৰৰ অভ্যন্তৰত স্থাপিত বিগ্ৰহ আৰু আন দুই–তিনিটা ভগ্নাৱশেষে সেই বিশালতা প্ৰতীয়মান কৰি তোলে৷ কিছুদিনৰ আগত উদ্ধাৰ হোৱা দুটা ভগ্নাৱশেষ বৰ্তমানৰ চৌহদৰ জপনাৰ ওচৰতে স্থাপন কৰা হৈছে আৰু সুন্দৰ শিল্পকৰ্ম সংযোজিত শিলাখণ্ডত এই দুই ভগ্নাৱশেষত থকা নলাকৃতিৰ গঠনে একালত এই স্থাপত্যত থকা জল পৰিবহণ বা মঠৰ জল নিষ্কাশনৰ সুব্যৱস্থাৰ প্ৰমাণ ব্যক্ত কৰে৷
এনে ধৰণৰ জল পৰিবাহিত কৰিব পৰা ব্যৱস্থাসমূহৰ ভগ্নাৱশেষ পশ্চিম দৰঙৰ ৰূদ্ৰেশ্বৰ দেৱালয়তো উদ্ধাৰ হৈছে৷ আনহাতে, উত্তৰ গুৱাহাটীৰ বিভিন্ন স্থানত উদ্ধাৰ হোৱা প্ৰাচীন স্থাপত্যসমূহৰ ভগ্নাৱশেষৰ মাজতো এনে ধৰণৰ পানী পৰিবাহিত হ’ব পৰা নলাৰ উন্নত ব্যৱস্থা দেখা পোৱা গৈছে৷
এই ভগ্নাৱশেষ ৰাখি থোৱা জপনাৰ পৰাই আৰম্ভ হয় এতিয়ালৈকে উদ্ধাৰ নোহোৱা বিশাল ইতিহাসৰ ভেঁটি৷ জপনাৰ ওচৰতেই মাটিত আধা পোত গৈ থকা অৱস্থাত আছে দুটুকুৰা বিশাল শিলাখণ্ড৷ অতীতৰ চহকী নিৰ্মাণশৈলীৰ সাক্ষী৷ মাটিৰ ওপৰত ওলাই থকা অংশই তাৰ তলত যে এক সুন্দৰ শিল্পকৰ্ম লুকাই আছে সেইটো উনুকিয়াই দিয়ে৷
মূল মন্দিৰৰ সোঁফালে অনাদৃতভাৱে পৰি আছে দুটা সৰু, কিন্তু একালৰ চহকী ভাস্কৰ্যৰ স্পষ্ট প্ৰকাশ৷ হয়তো কোনো বিশাল স্তম্ভৰ ভগ্নাৱশেষ৷ তাৰ অনতি দূৰৈত আছে আন এক স্তম্ভৰ ভগ্নাৱশেষ৷ এই ভগ্নাৱশেষসমূহ খ্ৰীষ্টীয় অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ মাজত নিৰ্মিত বুলি ভবাৰ থল আছে৷ এই খিনিতে উল্লেখ কৰিব পাৰি যে তাহানিৰ দৰং ৰাজ্যত ভূঞাসকলৰ দিনত বহু স্মাৰক বা স্থাপত্য নিৰ্মাণ কৰা হৈছিল৷ দূৰ্ভাগ্যজনক কথা এয়ে যে, সময়ে সময়ে অহা প্ৰাকৃতিক দুৰ্যোগে বহু স্মাৰক বা স্থাপত্যৰ ক্ষতি সাধন কৰে আৰু যোল্ল শতিকাৰ পিছত ইতিহাসৰ পাতত লিপিবদ্ধ কেইবাটাও প্ৰলয়ঙ্কৰী ভূইকঁপে এনে ধৰণৰ স্থাপত্যসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰি থৈ যায়৷ বৰ্তমান আমি এই ধ্বংসাৱশেষৰ মাজতেই হেৰোৱা অতীতৰ গৌৰৱময় চানেকিৰ সন্ধান কৰো৷
বৰ্তমানৰ মন্দিৰৰ সভাগৃহৰ ভিতৰত ৰখা হৈছে কেইবাটাও বিশাল ভাস্কৰ্ষৰ ভগ্নাৱশেষ৷ তাৰে ভিতৰত আছে এটা বিশাল শিৱলিঙ্গৰ অংশবিশেষ৷ কালৰ সোঁতত অস্পষ্ট হৈ পৰা সৰু সৰু হাতৰ কামবোৰৰ পৰা একালৰ ইয়াৰ নিখুঁত শিল্পকৰ্ম সম্পৰ্কে এক ধাৰণা কৰিব পৰা যায়৷ এক গোলাকাৰ শিলত খোদিত আছে শিৱৰ ত্ৰিনয়ন আৰু কৰ্ণ কুণ্ডলৰ দৰে ভাস্কৰ্য৷ বৰ্তমানে এই গোলাকাৰ ভাস্কৰ্যটো ভাঙি দুটুকৰা হৈ পৰিছে৷ তথাপিও, ইয়াক স্থানীয়ভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ একে সময়তে, ইয়াক স্থাপন কৰা হৈছে আন এক বিশাল স্তম্ভৰ ভগ্নাৱশেষৰ ওপৰত৷ লগতে আন এক স্তম্ভৰ ভগ্নাৱশেষ ৰখা হৈছে মুল মন্দিৰ ভিতৰত৷ স্তম্ভৰ ভগ্নাৱশেষৰ আকাৰৰ পৰা এটা ধাৰণা কৰিব পৰা যায় যে, একালত ইয়াত থকা শিলৰ স্থাপত্যৰ আকাৰ বৰ বিশাল আছিল৷ কোনে, কেতিয়া, কিয় এই বিশাল স্থাপত্য নিৰ্মাণ কৰিছিল? আছিল নেকি এই মঠৰ নিকটৱৰ্তী কোনো চহকী ইতিহাস৷ হয়তো উপযুক্ত খনন আৰু অধ্যয়নে এই বিশালতাক পোহৰলৈ আনিব৷
অৱশ্যে ইয়াৰ নিকটৱৰ্তী বুঢ়ী নগৰৰ আছে আন এক চহকী ইতিহাস৷ হয়তো সেই বুঢ়ী নগৰৰ ইতিহাসৰ সৈতে ওতঃপ্ৰোতঃ ভাবে জড়িত হৈ আছিল কামাখ্যা মঠৰ ইতিহাস৷
কামৰূপ আৰু দৰঙ জিলাৰ বহু মন্দিৰৰ দৰেই এই মন্দিৰৰ গৰ্ভগৃহও বাহিৰৰ মজিয়াতকৈ তলত৷ এই স্থানত উদ্ধাৰ হোৱা অষ্টদশ দল পদ্মৰ বেদীৰ ভাস্কৰ্যকেই কামাখ্যাৰ বিগ্ৰহ হিচাপে প্ৰতিষ্ঠা কৰা হৈছে৷ এই বেদীত প্ৰতিষ্ঠা কৰা হৈছে এক সুন্দৰ ভাস্কৰ্য৷ পদুম ফুলৰ দৰে খোদিত শিলৰ এই ভাস্কৰ্য আৰু ইয়াৰ চাৰিওফালে ঘেৰি আছে এক সুন্দৰ শিল্পকৰ্ম যুক্ত বৃত্তই৷ সম্ভৱত উত্তৰ পূৱত উদ্ধাৰ হোৱা বিভিন্ন চক্ৰৰ ভাস্কৰ্যসমূহৰ ভিতৰত এইটো এটা অতি সুন্দৰ আৰু মনোমোহা ভাস্কৰ্য৷ নিখুঁত শিল্পীৰ হাতত প্ৰাণ পাই উঠা যাদুকৰী শিল্পকৰ্ম৷ এবাৰ দেখিলেই মন ভৰি আহে৷ প্ৰাণ ভৰি উপভোগ কৰিবলৈ মন যায় ইয়াৰ সৌন্দৰ্য৷ কোন আছিল সেই শিল্পী, যাৰ যাদুকৰী হাতত প্ৰাণ পাইছিল এনে ধৰণৰ শিল্পকৰ্মই৷ প্ৰথম দৰ্শনতেই সকলোকে মোহিত কৰি ৰাখিব পৰা অদ্ভুত শক্তি সন্নিবিষ্ট এই ভাস্কৰ্য৷ ক্ষণিকৰ দৰ্শনতেই মুক হৈ যায় সমগ্ৰ পৃথিৱী৷ নীৰৱতাই সিক্ত কৰি তোলে হৃদয়৷ চকুৰ পতা থৰ হৈ ৰয়৷ গভীৰ প্ৰশান্তিয়ে আবৰি ধৰে মন৷
প্ৰকৃত অধ্যয়ন আৰু গৱেষণা নোহোৱাকৈ কোনো কথা দৃঢ়ভাবে ক’ব নোৱাৰি৷ সেয়ে এতিয়ালৈকে কামাখ্যা মঠৰ বয়স বা শৈলীৰ বিষয়ে কোনো সিদ্ধান্তলৈ আহিব পৰা হোৱা নাই যদিও, অসমৰ চুকে–কোণে গুপ্ত যুগত নিৰ্মিত আন বহু শিল্প–ভাস্কৰ্যৰ সৈতে ইয়াৰো কোনো যোগাযোগ থাকিব পাৰে বুলি ভবাৰ থল আছে৷
অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত ড॰ সুমন দাসৰ গৱেষণা পুথি ’দৰঙৰ সত্ৰ আৰু মঠ মন্দিৰ, এটি সমীক্ষাত্মক অধ্যয়ন’ত উল্লেখ কৰা মতে ১৬১৪ খ্ৰীষ্টাব্দত সিংহাসনত আৰোহণ কৰা কোচ ৰজা ধৰ্ম নাৰায়ণৰ পৃষ্ঠপোষকতাত আহোম স্বৰ্গদেউৱে এই মঠ পুনৰ্নিৰ্মাণ কৰোৱাইছিল৷ মন্দিৰৰ চৌহদত উদ্ধাৰ হোৱা বহুসংখ্যক ইটাৰ ভগ্নাংশই এই কথা প্ৰমাণ কৰে৷ কিন্তু তাৰ আগতেই এই স্থানত যে আন এক বা ততোধিক স্থাপত্য আছিল সেইটো উদ্ধাৰ হোৱা ভগ্নাৱশেষবোৰে প্ৰমাণ কৰে৷ কিয়নো সৌ সিদিনাৰ ইটাৰ নিৰ্মাণ শৈলীৰ বহু শতিকা আগতেই কামৰূপ আৰু ইয়াৰ আশে–পাশে শিলৰ স্থাপত্য গঢ়ি উঠিছিল৷ কামাখ্যা মঠো নি(য় ইয়াৰ ব্যতিক্ৰম নহ’ব বুলি ভাবিব পাৰি৷
লেখক–গবেষক ড॰ নিৰ্মলপ্ৰভা বৰদলৈদেৱে তেওঁৰ ঐতিহাসিক গ্ৰন্থ ’শিৱ’ত এই সম্পৰ্কে বিশদভাবে উল্লেখ কৰিছে৷ তেনেস্থলত এই স্থানতো আহোমৰ সময়তকৈও প্ৰাচীন স্থাপত্য থকাৰ কথা মানি ল’ব পাৰি৷
যোৱা প্ৰায় দুটা যুগ (এক যুগ ৃ বাৰ বছৰ) ধৰি এই অনুষ্ঠানৰ লগত জড়িত হৈ থকা পূজাৰী পুৱাৰাম চহৰীয়া আৰু স্থানীয় ব্যক্তি ভূপেন শৰ্মাই কোৱা মতে এই স্থানত বহুত ঐতিহাসিক স্মৃতি বিদ্যমান৷ শেহতীয়াকৈ নিৰ্মিত মন্দিৰৰ বাবে খনন কাৰ্য চলোৱাৰ সময়ত তাতে বহু শিল আৰু ইটাৰ (পোৰামাটি)ৰ ভগ্নাংশ উদ্ধাৰ হৈছিল৷ এতিয়াও সেই স্থানত গাঁত খান্দিলেই তেনে ধৰণৰ সৰু–ডাঙৰ ভগ্নাংশ পোৱা যায় বুলি চহৰীয়া ডাঙৰীয়াই জনিবলৈ দিয়ে৷ তেওঁৰ মতে কিছু বছৰ আগলৈকে, এই চৌহদটো বিশাল ইটাৰ দেৱালেৰে আৱৰা আছিল৷ সময়ৰ লগে লগে সেই দেৱালো হেনো মাটিৰ তললৈ বহি গৈছে৷
বৰ্তমানে থকা মন্দিৰৰ পিছফালে থকা এটা পুখুৰীৰ চৌপাশে এনে ধৰণৰ সহস্ৰাধিক পোৰামাটিৰ ভগ্নাংশ সিঁচৰতি হৈ আছে৷ ওচৰে–পাজৰে আছে অনেক ওখোৰা–মোখোৰা মাটিৰ ঢিপ৷ প্ৰতিটো ঢিপৰ তলতেই আছে চহকী অতীতৰ মেটমৰা সুপ্ত ভড়াল৷
পূজাৰী চহৰীয়াৰ মতে, মঠৰ গৰ্ভগৃহৰ সৈতে নাতি দূৰৈত থকা লখিমপুৰ পুখুৰীৰ সংযোগ আছে৷ যাৰ ফলত গৰ্ভগৃহত থকা বেদীত প্ৰায় সকলো সময়তে পানীৰে ওপচি থাকে৷
এখন শক্তিপীঠ হিচাবে এই মঠত তান্ত্ৰিক পূজাৰ সকলো বিধি পালন কৰা হয় আৰু নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰত পালিত সকলো নীতি–নিয়ম এই স্থানতো পালন কৰা হয়৷ নিত্য–নৈমিত্তিক পূজা–পাৰ্বণৰ লগতে প্ৰতিবছৰে তৃতীয় বহাগত আয়োজিত দৰং জিলাৰ ঐতিহাসিক দেউল উৎসৱৰ জৰিযতে এই মঠৰ বাৰ্ষিক কাৰ্য–ক্ৰমণিকাৰ পাতনি মেলা হয়৷ পিছলৈ জেঠ মাহত সভা উৎসৱ অনুষ্ঠিত কৰা হয়৷ আহিন–কাতি মাহত আকাশ বন্তি জ্বলোৱা হয়৷ ফাগুনৰ পূৰ্ণিমাত বিষ্ণু যজ্ঞ আৰু শিৱৰাত্ৰিৰো আয়োজন কৰা হয় মহা ধুমধামেৰে৷
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মঠৰ ওচৰে–পাজৰে আছে আৰু বহুতো ঐতিহাসিক স্থান আৰু সমল৷ ইয়াৰ পিছৰ নিবন্ধত এইবোৰৰ বিষয়ে আলোকপাত কৰিবলৈ চেষ্টা কৰিম৷ এই মঠৰ অনতি দূৰৈত আছে সহস্ৰ বৰ্ষীয় এক বসুদেৱ থান৷ আৰু আছে একাদশ–দ্বাদশ শতিকাত খন্দোৱা বুঢ়ীনগৰ, লখিমপুৰ, সমলেশ্বৰী, ইটাখুন্দা, ঢলখুন্দা, সোণেশ্বৰী, গাজী, অদিৰ দৰে অনেক বিশাল বিশাল পুখুৰী৷ এক কথাত ক’বলৈ হ’লে, এই অঞ্চল হৈছে অসমৰ ইতিহাসৰ জোলোঙা৷ প্ৰয়োজন মাথো কিছু সময় আৰু আগ্ৰহ, জোলোঙাত জুমি চাবলৈ৷
সঠিক অধ্যয়নে অদূৰ ভবিষ্যতে এই স্থানৰ চহকী ইতিহাসক জনচক্ষুৰ আগলৈ লৈ আহিব আৰু লগতে, আশা কৰো, অসমৰ আধ্যাত্মিক জগত আৰু পৰ্যটন উদ্যোগৰ মানচিত্ৰত বিশেষ স্থান লাভ কৰিব৷ আনহাতে, যদিহে এই ভগ্নাৱশেষসমূহ সঠিকভাবে উদ্ধাৰ কৰি প্ৰণালীবদ্ধ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে বিশ্বৰ আন ঠাইৰ স্থাপত্যসমূহৰ দৰে পুনৰ্নিমাণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা হয়, তেনেহলে ভবিষ্যত প্ৰজন্মৰ বাবে আজিৰ প্ৰজন্মৰ ই হ’ব এক অতুলনীয় উপহাৰ৷ আনফালে সৃষ্টি হ’ব আন এক ইতিহাস৷
(লেখক অসমৰ এজন অভিজ্ঞ আলেকচিত্ৰ শিল্পী)