হেঁপাহৰ ন-খোৱা
বৰ্ণালী চেতিয়া ফুকন

আঘোণ সোমোৱাৰ পৰাই পথাৰৰ সোণগুটিবোৰ জিৰিক জিৰিক শব্দৰে দাঙৰিৰ কান্ধত উঠি গৃহস্থৰ চোতাল শুৱনি কৰে৷ গৃহস্থৰ এই কেইদিন কামৰ আহৰি নাই৷ দাঙৰীবোৰ মৰণা মাৰি ধান উলিয়াই ৰ’দত শুকুৱাই ভাগে ভাগে সামৰিব লাগিব৷ লগতে আকৌ আঘোণৰ ভিতৰতে ন-খোৱা উৎসৱৰো আয়োজন কৰিব লাগিব৷ নহ’লে আকৌ একেবাৰে মাঘতহে ন-খাবলৈ লাগিব৷ পুহ মাহত কোনো ন-খাব নাপায়৷
অসমীয়া সমাজৰ এক কৃষিভিত্তিক পৰম্পৰা ন-খোৱা৷ আঘোণত পকা ধান কাটি মৰণা মৰাৰ পাছত নতুন ধানৰ
ন-চাউলেৰে আটায়ে মিলিজুলি এসাজ খোৱা পৰম্পৰাই হ’ল ন-খোৱা৷ কৃষিজীৱি সমাজে বছৰৰ খেতি সফলতাৰে সামৰি ন-খোৱা আয়োজন কৰে৷ ন-খোৱা উৎসৱ ক’ত, কেতিয়া, কেনেকৈ আৰম্ভ হ’ল সবিশেষ জনা নাযায়৷ কিন্তু অসমীয়া জন-জীৱনৰ ই এক বহল প্ৰচলিত পৰম্পৰা৷ অসমীয়া চহা সমাজখনত কৃষিকাৰ্যৰ বাবে এজনে আনজনৰ ওপৰত নিৰ্ভৰশীল৷ মাটি চহোৱা, কঠীয়া ৰুৱা, ধান কটা আদি কাৰ্যবোৰত ইঘৰে-সিঘৰক সহায় কৰি দিয়ে৷ আজিও গাঁওসমূহত এনেদৰে মিলাপ্ৰীতিৰে খেতি কৰ্ম কৰা দেখা যায়৷ নতুনকৈ কঠীয়া লগোৱাৰ দিনা যেনেকৈ ন-ভূঁই ৰোৱা পৰম্পৰা উৎযাপন কৰা হয়, খেতি উঠিলে তেনেকৈ ন-খোৱা পৰম্পৰাৰ আয়োজন কৰা হয়৷ ন-খোৱা পৰম্পৰা কৃষিজীৱি সমাজৰ বাবে সফলতাৰ প্ৰতীক বুলি ক’ব পৰা যায়৷

সফলতাৰে লখিমী ঘৰলৈ অনাৰ পিছত আয়োজন কৰা ‘ন-খোৱা’ উৎসৱ আনন্দৰ উৎসৱ৷ মূৰৰ ঘাম মাটিত পেলাই বছৰৰ খেতিটো সফলতাৰে সামৰি স্বাভাৱিকতেই সকলোৰে মনবোৰ মুকলি হৈ পৰে৷ লগে ভাগে নতুন চাউলৰ এসাজ ৰান্ধি খাই ৰং তামাছাৰে ন-খোৱা উৎসৱ পালন কৰে৷ ঠাইভেদে ন-খোৱা উৎসৱৰ পৰম্পৰা বেলেগ বেলেগ৷ কিন্তু ইয়াৰ মূল উদ্দেশ্য এটাই৷ সাধাৰণতে এটা ভাল দিন-বাৰ চাই সমূহীয়া নামঘৰত সেৱা লৈ কীৰ্তন পাঠ কৰে৷ প্ৰসাদ আৰু পায়সেৰে সমূহীয়া ন-খোৱা উৎসৱ আয়োজন হয়৷ সমূহীয়া ন-খোৱাত ভাতৰ ব্যৱস্থা কৰা নহয় সাধাৰণতে৷ নামঘৰত ন-খোৱাৰ পিছত গৃহস্থৰ সুবিধা অনুসৰি ঘৰে ঘৰে ন-খোৱাটো আয়োজন কৰে৷ ওচৰ চুবুৰীয়াৰ লগতে মিটিৰ-কুটুম্ব সকলোকে নিমন্ত্ৰণ কৰি সাধ্যনুসাৰে গৃহস্থই খোৱা-বোৱাৰ আয়োজন কৰে৷ সেই সময়ত শীতৰ আগমন৷ গতিকে ঘৰৰ বাৰীৰ শাক-পাচলিৰে ভৰি থাকে৷ বাৰীৰ শাক, পুখুৰীৰ মাছ, গড়ালৰ হাঁহ আৰু যেয়ে যেনেকৈ পাৰে তেনেকৈ ন-খোৱা উৎসৱৰ ভাগ আয়োজন কৰে৷ উলিয়াই দিয়া জীয়ৰী, দূৰৈত কৰ্মৰত পুত্ৰ সকলো গোট খাই ঘৰখন সেইদিনা আনন্দৰ থলীলৈ পৰিণত হয়৷ কোনো কোনো ঠাইত এপাক বিহুনাচ নাচি ঘৰে ঘৰে সকলোৱে আনন্দ কৰে৷
কোনো কোনো ঠাইত ন-খোৱাৰ দিনা গো-সেৱা কৰে৷ ন-চাউলৰ ভাত ৰান্ধি এখন আগলি পাতত লৈ তাত কেঁচা ধান এমুঠি দি গৰু-গোহালিত গৰুক সেৱা জনাই খাবলৈ দিয়া হয়৷ কোনো ঠাইত আই লখিমীক আদৰাৰ নাম গাই আয়তীসকলে উৰুলি দিয়ে৷ নামনি অসমৰ নলবাৰীৰ ফালে ন-খোৱা উৎসৱত ভাগিন-ভাগিনীক খুৱালেহে আই লখিমী সন্তুষ্ট হোৱা বুলি বিশ্বাস কৰে৷ উজনিৰ ফালে ন-খোৱা উৎসৱত চুঙা চাউলৰ ব্যৱহাৰ বহুলভাৱে হয়৷ বৰা ধানৰ লগতে অসমত বিভিন্ন প্ৰকাৰৰ জহা চাউলৰ খেতি বহুলভাৱে হয়৷ বৰা ধানৰ চাউল বিভিন্ন ধৰণেৰে ৰান্ধি, ভাপত দি বা চুঙাত দি খোৱা হয়৷ বাঁহ চুঙাত বৰা চাউল সিজাই দৈ, গুড় নাইবা শুকানকৈ ভজা হঁাহৰ মঙহৰ লগত পৰিৱেশন কৰা হয়৷ এয়া ন-খোৱাৰ এক পৰম্পৰা৷

ন-খোৱা উৎসৱৰ লগত অসমীয়া সমাজত থকা মৰম, চেনেহ, একতা আদিৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে৷ পিছে সময়ৰ পাকচক্ৰত ন-খোৱা প্ৰথা কমি অহা দেখা গৈছে৷ বান অধ্যুষিত অঞ্চলত ন-খোৱা প্ৰথা ক্ৰমাগতভাৱে পাহৰি যোৱাই স্বাভাৱিক৷ লগতে খেতি-বাতিও নকৰাৰ বাবে ন-খোৱা উৎসৱেও বিশেষ প্ৰাধান্য নাপায়৷ গাঁৱৰ দুই এঘৰত ন-খোৱা উৎসৱ আয়োজন কৰে যদিও যেন আগৰ প্ৰাণৱন্ত ৰূপটো হেৰাই গৈছে৷ একান্তই এৰিব নোৱাৰি দুই-এঘৰক লগত লৈ আজিকালি ন-খোৱা উৎসৱ পালন কৰা দেখা যায়৷ ইয়াৰ লগত অৰ্থনৈতিক দিশটোও জড়িত হৈ আছে৷ আগৰ দৰে এসাজ খুৱাবলৈ সকলোৰে সামৰ্থও নাথাকে৷ তথাপি, ন-খোৱাৰ দৰে পৰম্পৰাৰ প্ৰচলনে আমাৰ অসমীয়া সমাজখন মৰম-চেনেহ আৰু একতাৰ ডোলেৰে বান্ধি ৰাখিছে৷ ভৱিষ্যত প্ৰজন্মই এনে মানৱীয় গুণবোৰ আহৰণ কৰিবলৈ হ’লে এনেধৰণৰ সৰু-সুৰা উৎসৱ, পৰম্পৰাবোৰৰ যথেষ্ট প্ৰয়োজন আছে৷ বৰ্তমানৰ উত্তৰ পুৰুষেই ইয়াৰ বাট কাটিব লাগিব, পৰম্পৰাবোৰ ধৰি ৰাখিব লাগিব৷[DISPLAY_ULTIMATE_SOCIAL_ICONS]