মমী নাথ

আকৌ আহিল বৰদিন৷ আন বছৰৰ দৰে এইবাৰো সমগ্ৰ বিশ্বৰ খ্ৰীষ্টিয়ান ধৰ্মৰ লোকসকলে অতি উলহ–মালহেৰে ২৫ ডিচেম্বৰৰ দিনা বৰদিন পালন কৰিব৷ ডিচেম্বৰ মাহ সোমোৱাৰ লগে লগে প্ৰাক বৰদিন পালন কৰাৰ ধুম উঠে৷ এই উৎসৱত আন ধৰ্মৰ লোকসকলেও ভাগ লোৱা দেখা যায়৷ প্ৰাক বৰদিনৰ উৎসৱত উপহাৰৰ বিনিময় হয়৷ গীৰ্জাত ধৰ্মৰ উপাসনাৰ উপৰিও ভোজ আদিৰ আয়োজন হয়৷ ডিচেম্বৰ মাহ সোমোৱাৰ লগে লগে বজাৰত বৰদিনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীবোৰ উভয় নদী হৈ পৰে৷
বৰদিনটো প্ৰভু যীশুৰ জন্মদিন বুলি পালন কৰা হয়৷ এই বৰদিনৰ দিনা সকলোৱে লগ লাগি গীৰ্জাত প্ৰাৰ্থনা কৰে৷ পবিত্ৰ কেৰলৰ সুৰে গোটেই পৰিৱেশটো পবিত্ৰ কৰি তোলে৷ প্ৰাৰ্থনাৰ শেষত দুপৰীয়া বিশেষ আহাৰ মিলিজুলি গ্ৰহণ কৰে৷ ইংলেণ্ড, অষ্ট্ৰেলিয়া, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত বৰদিনৰ দুপৰীয়া আহাৰত টিৰ্কি চৰাইৰ মঙহ পোৰা বা সিজোৱা আলু খোৱাটো এক পৰম্পৰা৷
খ্ৰীষ্টমাছ ট্ৰী ছাণ্টাক্ল’জ কে’ক আৰু বিভিন্ন আলোকসজ্জাৰ অবিহনে বৰদিন সম্পূৰ্ণ নহয়৷ খ্ৰীষ্টমাছ গছডাল পবিত্ৰ ফাৰ নামৰ এবিধ গছৰ ডাল নানা ৰঙীণ বেলুন, বিজুলী চাকি, কাগজৰ তৰা, ঘণ্টা, উপহাৰ আদিৰে সজোৱা হয়৷ এই গছজোপাই প্ৰভু যীশু পৃথিৱীলৈ নামি অহাৰ সংবাদ বহন কৰে৷
ছাণ্টাক্ল’জ অবিহনে বৰদিনৰ কথা ভাবিবই নোৱাৰি৷ সৰু সৰু ল’ৰা–ছোৱালীবোৰে ছাণ্টাক্ল’জৰ উপহাৰলৈ অপেক্ষা কৰে৷ ছাণ্টাক্ল’জে সৰু সৰু ল’ৰা–ছোৱালীবোৰক নানা ধৰণৰ উপহাৰ দিয়ে৷ এই বিশ্বাসৰ বাবেই প্ৰাক বৰদিনৰ পৰা সৰু সৰু ল’ৰা–ছোৱালীবোৰে শিশুসুলভ দুষ্টালি এৰি বৰদিনৰ সময়ত শান্ত–শিষ্ট হৈ থাকিবলৈ চেষ্টা কৰে৷
বৰদিনৰ দিনা আহাৰত কে’ক থাকিবই লাগিব৷ কে’কৰ অবিহনে বৰদিনৰ আহাৰ সম্পূৰ্ণ নহয়৷ আজি কালি বজাৰত বৰদিন উপলক্ষে বিভিন্ন সোৱাদৰ কে’ক পোৱা যায়৷
বৰদিনে পৃথিৱীলৈ শান্তিৰ বতৰা কঢ়িয়াই আনে৷ আশা কৰিছোঁ এই বৰদিনে লৈ আনক শান্তি–সমৃদ্ধি৷ এই লিখনিৰ জৰিয়তে ময়ো পবিত্ৰ বৰদিনৰ শুভকামনা জনালোঁ৷