পিতৃ-মাতৃ-শিক্ষক আৰু সমাজলৈ এক বাৰ্তা – Purbodix.com

পিতৃ-মাতৃ-শিক্ষক আৰু সমাজলৈ এক বাৰ্তা

(কোটা ফেক্টৰী) (Kota Factory)

ৰাজলক্ষ্মী শৰ্মা গোস্বামী

কোটা ফেক্টৰী নামেৰে প্ৰায় কেইবাটাও খণ্ডৰ এখন ধাৰাবাহিক চালোঁ৷ আপুনিও চাওক, আপোনালোকেও চাওক৷ আজি আমাৰ সন্তানক লৈ কৰা আৰু ছাত্ৰছাত্ৰীক লৈ কৰা এখন বিভীষিকাময় ছবি, সঁচা ছবি দেখুওৱা হৈছে৷ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত ৰাজ্যৰ ভিতৰত স্থান পোৱা, ১০০ণ পোৱা, ৯৯ণ নম্বৰ পোৱা ছাত্ৰছাত্ৰীকে ধৰি মধ্যম বৰ্গলৈকে (বুদ্ধি বা নম্বৰৰ তালিকাত) থকা ছাত্ৰছাত্ৰীৰ কাহিনীৰে গঢ়া এই ধাৰাবাহিকৰ খণ্ডকেইটা চাই থাকোঁতে আমাৰ সমাজত বৰ্তমান চলি থকা  এখন ছবি দেখা পাব৷ আজি যদি আমি লক্ষ্য কৰোঁ দেখিম আৰ্থিকভাৱে কিছু স্বচ্চল পিতৃমাতৃসকলে, নিজৰ সন্তানক মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিয়াৰ পাছতে ঘৰৰ পৰা বাহিৰত ৰাখিটিউচনদিয়াৰ প্ৰৱণতা হৈছে৷ লগতে এটা উদ্দেশ্য ধৰি দিয়া থাকে৷ কোনোবাই যদি আই আই টিত ছিট পাব লাগিব বুলি সীমা বান্ধি দিয়ে, কোনোবাই ডাক্তৰ, ইঞ্জিনীয়াৰ লাগিব বুলি সীমা বান্ধি দিয়ে৷ কলা বিভাগত যদি ৯৯ শতাংশ বা ১০০ শতাংশ পায় তেওঁক আই এছৰ বাবে তৈয়াৰ কৰিব খোজে৷ এয়া হৈছে পিতৃমাতৃয়ে সন্তানৰ ওপৰত জাপি দিয়া বোজা৷ জীৱনৰ এটা লক্ষ্য লাগে, থাকিবও লাগে আৰু অভিভাবকে তৈয়াৰ কৰিব খোজা চেষ্টা এটাও লাগে৷ তথাপি জীৱনবোৰ বিজ্ঞাপন ভিত্তিত গঢ়ি তুলিব নালাগে৷ আমি আনক দেখি বা শুনি কিছুমান সিদ্ধান্ত লওঁ আৰু সেই সিদ্ধান্তই মোৰ ঘৰৰ ভেটি গঢ়িবনে উদাহৰণ চাব পাৰে ৰাজস্থানৰ কোটা চহৰত গঢ়ি উঠা এই টিউচন চেণ্টাৰলৈ৷ কোটা চহৰলৈ বছৰি সাত লাখ ছাত্ৰ আহে, ধাৰাবাহিকখনৰ ভাষ্য মতে৷ যদিও এইখন এখন ধাৰাবাহিক, কিন্তু বাস্তৱ জীৱনৰ সৈতে সংগতি ৰাখি সৃষ্টি কৰিছে৷ দশম বা দ্বাদশ শ্ৰেণীৰ পৰীক্ষা দি ঘৰৰ পৰা ওলাই অহা এজাক কিশোৰকিশোৰীৰ মুখত দিয়াডায়লগবা কথোপকথন শুনিলে আপুনিও নি( এবাৰ আহত , যদিহে আপুনি এজন সচেতন অভিভাৱক হয়, যদিহে ছাত্ৰছাত্ৰীৰ ভৱিষ্যৎ সম্পৰ্কে সচেতন এজন শিক্ষক হয়৷

কোটা ফেক্টৰীলৈ অহা ছাত্ৰছাত্ৰীয়ে যেতিয়া হাজাৰ হাজাৰ লাখ লাখ ছাত্ৰছাত্ৰীৰ মাজত সোমাই পৰেহি তেতিয়াই আৰম্ভ হয় এক মানসিক দ্বন্দ্বৰ৷ ইমান প্ৰতিযোগিতা, ইমান দৌৰাদৌৰি অথচ বিচৰা মতে একোৱেই আয়ত্ব কৰিব নোৱাৰে বা তেওঁলোকৰ মানসিক অৱস্থাৰ বুজ বলৈ কোনোবাই চেষ্টা কৰে/ আমদানিকৃত নামীদামী শিক্ষকৰ নামত বিজ্ঞাপন, তেওঁলোকৰ কৃতিত্ব এইবোৰেতো আমাৰ ষোল্ল, সোতৰ বা ওঠৰ বছৰীয়া ৰাছোৱালীকেইটাৰ মানসিক ভোগ পূৰাব পৰা নাই৷ যদি কোনোবা ছাত্ৰছাত্ৰীয়ে পঢ়া বুজি নাপাই আপত্তি কৰিছে, তেতিয়া তেওঁলোকে আপত্তি কৰা শিক্ষকজনক আঁতৰাই অন্য এজন বৃহৎ শিক্ষানুষ্ঠানত শিক্ষা দিয়া অথবা অভিজ্ঞতা থকা আৰু কেইটামান বেছি ডিগ্ৰী থকা শিক্ষকক সেই স্থানত আনি বহুৱাইছে৷ সেইজনৰ দ্বাৰাও যদি একো শিকিব পৰা নাই বা বুজা নাই তেতিয়া ছাত্ৰছাত্ৰীয়ে আপত্তি কৰিলে গালি খাইছে, ঠাট্টা শুনিছে৷ কিন্তু ঘৰত এইবোৰ একো জনাব নোৱাৰে৷ কাৰণ ঘৰত তেওঁলোকৰ উচ্চ শিক্ষাৰ আশাৰে বহি থকা চেহেৰাবোৰ মনত পৰে৷ কথাবতৰাবোৰ মনত পৰে আৰু তেওঁলোকৰ বিনিময়ত খৰচ কৰা টকাপইচাবোৰলৈ মনত পৰে৷

মাকসকলে সন্তানটিৰ মাতকথাবোৰ দূৰ সংযোগ ব্যৱস্থাৰে শুনিলেও বুজিব পাৰে যে কিবা এটা গণ্ডগোল চলি আছে৷ সন্তানটি সুখী হোৱা নাই, কিবা এটাৰ অভাৱ হৈছে৷ কিন্তু পিছ মুহূৰ্ততে তেওঁৰ সন্তানক লৈ দেখা সপোনৰ কথা হয়তো মনত পৰে, নাইবা ঘৰৰ বাকীসকলৰ লগত মত মিলাব নোৱাৰে৷ সেয়ে কলিজাত শিল বান্ধি লেও সন্তানক এনেদৰে দূৰত ৰাখে৷ হয়তো সকলোৰে একে নহবও পাৰে৷ এতিয়াৰ কেৰিয়াৰ প্ৰধান মাতৃসকলৰ হয়তো অলপ আৱেগ প্ৰৱণতা বেলেগ৷ তেওঁলোকে হয়তো দূৰত ৰাখি সন্তানক বাস্তৱৰ মুখামুখি বলৈ শিকাইছোঁ বুলি ভাবে৷ কিন্তু এই বাস্তৱ যে কেতিয়াবা অত্যাধিক বাস্তৱ হৈ জীৱনকে কাঢ়ি নিয়ে৷ সেই বিষয়ে হয়তো মনোনিৱেশ নকৰে৷ সহজসৰল জীৱন শৈলীয়ে জীৱনত সুখ দিব নোৱাৰিব বুলি ধাৰণা কৰে৷ তেওঁলোকৰ মতে এতিয়াপ্ৰতিযোগিতাৰ সময়, গতিকে প্ৰতিযোগিতা কৰিবই লাগিব৷ লাগিলে প্ৰতিযোগিতাৰ এই ঘোঁৰা দৌৰত দৌৰিব নোৱাৰি পৰি যাওক, নাইবা কাৰোবাৰ গছকত পৰি চিৰদিনৰ বাবে ঘূণীয়া হওক, নাইবা একেবাৰে শেষ হৈ যাওক কথা নাই৷ মাথোঁ প্ৰতিযোগিতাৰ এই ঘোঁৰা দৌৰত দৌৰিবই লাগিব৷

‘Kota Factory’ এক উদাহৰণহে মাথোঁ৷ এনে বহু ফেক্টৰী আছে, উঠি অহা প্ৰজন্মক মাৰি যন্ত্ৰ বনোৱা হৈছে৷ এই বাস্তৱ ধাৰাবাহিকখনত ছাত্ৰছাত্ৰীৰ মুখত থকা কথাবোৰ শুনিলে আপোনাৰো কলিজাত ৰবাত আঘাত হানিব৷ তেওঁলোকৰ কথাবোৰ এনেধৰণৰ– ‘পৰীক্ষাত ভাল কৰা, মানে প্ৰথম হোৱাটোৱেই মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ ভুল ল৷ তাৰ ফলত আজি ইয়াত এয়া মোৰ অৱস্থা, পৰীক্ষাতটপকৰিছিলোঁ যেতিয়া আই আই টিত ছিট পামেই, নাপালে মাদেউতাৰ সমাজত ইজ্জত নাথাকিব৷আকৌ এজনৰ মন্তব্য– ‘জীৱনটোতো বৰ সঠিক আৰু সুন্দৰকৈয়ে গৈ আছিল, কি লোকচান আছিল নিজৰ নগৰখনৰে এখন আগশাৰীৰ মহাবিদ্যালয়ত নামভৰ্তি কৰি পঢ়াহেঁতেন৷ ৯০ শতাংশ পাৰচেণ্ট পালো যে, গতিকে যা, আই আই টিয়ান হগৈ, নহলে জীৱন শেষ৷ তেওঁলোকৰ মাজত হোৱা কথোপকথনে আমাৰ ৰুগ্ন প্ৰতিযোগিতাৰ এখন প্ৰতি২৬বি দাঙি ধৰে৷

এজনে কয় স্কুলৰ পৰা মোতকৈ পিছত থকা মানে নম্বৰ কম পোৱা ওচৰৰ মোৰ বন্ধু এজন আহিল কোটালৈ, আমাৰ ঘৰত কেইজনমানে আহি উচটনি দিলেহি৷ আপোনাৰ ৰা প্ৰথম হৈ ঘৰত আছে৷ তৃতীয় হোৱাটো গৈ কোটাত চিং লৈ আছে, কাইলৈ সি আই আই টিয়ান হৈ আহিব৷ নহলে বিদেশৰ কোনো উচ্চ শিক্ষানুষ্ঠানত পঢ়িব আৰু আপোনাৰ প্ৰথম হোৱা ৰাটোৱে ইয়াতে কোনোবা কলেজৰ শিক্ষক হৈ থাকিব৷ এই জাতীয় উচটনিমূলক কথা৷ আমাৰ মাজত ভাল শিক্ষক লাগে, কিন্তু কোনেও নিজৰ মেধাৱী সন্তানটোক শিক্ষক হোৱাৰ বাবে উৎসাহ নিদিয়ে৷ এই প্ৰথম হোৱা ৰাজন ঘৰত থাকি পঢ়াৰ কথা আছিল৷ কিন্তু তেওঁতকৈ নম্বৰ কম পোৱাজন ঘৰৰ বাহিৰত থাকি উচ্চ শিক্ষা কাৰণেই সেই প্ৰথম স্থান পোৱাজনো শেষত ঘৰৰ পৰা ওলাই আহিব লগা ল৷ ইতিমধ্যে নামভৰ্তিৰ সময় পাৰ হৈ গৈছিল৷ কিন্তু ৰাৰ দেউতাকৰ যুক্তি যে মোৰ ৰাতকৈ কম বুদ্ধিৰ ৰাটো অমুকে যদি ইয়াত ছিট পায় তেন্তে মোৰ ৰায়ো পাব লাগিব৷ আচলতে শিক্ষাৰ নামত সাংঘাতিক এক বিৰাট বেপাৰ চলি আছে আৰু এই বেপাৰত আমি আমাৰ সন্তানৰ ভৱিষ্যত বিক্ৰী কৰি আছোঁ৷

কোটা ফেক্টৰীৰ এটা বচনত আছে (ডায়লগ) তাৰে এজন প্ৰাক্তন আই আই টিয়ানৰ মুখত দিছে যেএই ঠাইলৈ বছৰি সাত লাখ ছাত্ৰছাত্ৰী পঢ়িবলৈ আহে, তাৰে খুউব বেছি মাত্ৰ ৫০ জন ছাত্ৰইহে আই আই টিৰ পৰীক্ষাত সফল হয়৷ তাকে ঢোল পিটি চাৰিওফালে শুনোৱা হয় আৰু তাকে শুনি তহঁতৰ দৰেমোৰ দৰে লাখ লাখ আৰু আহি যায়৷ এক বিৰাট ব্যৱসায়িক খেল৷

কেতিয়াবা কোনোবাজন ছাত্ৰ বা ছাত্ৰীয়ে পঢ়াশুনাত আগবাঢ়িব নোৱাৰি কান্দি কাটি অধৈৰ্য হয়৷ তেতিয়া লগৰে দুইএকে বুজনি দিয়ে৷ ঘৰলৈ ঘূৰি যাবলৈ পৰামৰ্শ দিয়ে, তাৰ উত্তৰত কি কয় শুনক– ‘ঘৰলৈ কেনেকৈ উভতি যাম৷ ইতিমধ্যে মাদেউতাই ঢোল বজাই সকলোকে শুনাই দিলেই (ধিন্দোৰা পিটি) যে তেওঁলোকৰ সন্তানে আই আই টিৰ চিং লৈ আছে, আই আই টি পৰীক্ষা দিব, ঘূৰি লেতেওঁলোকৰ নাককাণ কটা যাব, তেওঁলোকৰ মতে অমুকে কি , তমুকে কি , সেইটোহে আচল কথা৷ মই কি? মই কি বিচাৰো সেইটো ডাঙৰ কথা নহয়৷ তদুপৰি চুবুৰীয়া আৰু আপোন মানুহবোৰ আছেই মোৰ জনম যে অসফল সেই কথা বুজাবলৈ৷ এনেদৰে বিচলিত হৈ পৰা সকলৰ মাজত এজন ডেকা ৰা দেখুৱাইছে৷ যাৰ ভূমিকাজিতু ভায়া তেৱোঁ ৰাছোৱালীক পঢ়ায়, কিন্তু তেওঁৰ সম্পৰ্কত অহা সকলে অকণমান নিৰাপত্তা পায়৷ তেওঁ ছাত্ৰছাত্ৰীসকলৰ লগত এটা ঘৰুৱা সম্পৰ্ক গঢ়ি তোলে, তেওঁলোকৰ মনৰ ভাব বুজি আচৰণ কৰে৷ তেওঁ আই আই টি পৰীক্ষাত সফল , কিন্তু তেওঁপ্ৰাইভেট টিউচন মাষ্টৰহৈ থাকি কিয়? নি( তেওঁৰ বয়স গুচি ল৷ এবাৰ এটা ৰাৰ খুউব জ্বৰ ল৷ শেষত টাইফয়ড বুলি ধৰা পৰিল৷ জিতু ভায়াই খবৰ লৈ থাকে৷ অসুখ ভাল হোৱাত তাক লে– ‘তই এইবাৰ ব্ৰহ্মাস্ত্ৰ ব্যৱহাৰ কৰিব লাগিব,  কি ব্ৰহ্মাস্ত্ৰ?? (ব্ৰহ্মাস্ত্ৰই কিছু আনন্দ দিলে মোক ব্যক্তিগতভাৱে) তোৰ মাক মাতি দে, সন্তানৰ বাবে মাৰ সমান ব্ৰহ্মাস্ত্ৰ আৰু আন কোনো নাই৷ অসুখ দৰৱ বা ডাক্তৰে ভাল কৰিব নোৱাৰে, তোৰ বন্ধুহঁতেও নোৱাৰেগতিকে এইবাৰ ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিব লাগিব৷ৰাটোৱে কয়– ‘কিন্তু ঘৰত দেউতা অকলশৰীয়া ব৷  মা, নহলে ঘৰ নচলে৷জিতু ভায়াই লেদেউতাৰ বাবেমাকেৱল পত্নী, কিন্তু তোৰ বাবে তোৰ মা, মা আৰু পত্নীৰ পাৰ্থক্য আছে৷

কিন্তু জিতু (ভায়া) দাদা, কোনো কিন্তু নাই, তোৰ এতিয়া মাৰক প্ৰয়োজন আছে আৰু যদি তোৰ দেউতাক কিবা দৰকাৰ হয় তেওঁ, তেওঁৰ মাকক মাতি ব৷ নহলে মাকৰ ওচৰলৈ যাব৷ দেউতাৰ চিন্তা তই বাদদে৷

জিতু দাদা (ভায়া), মোৰ ভাইটিয়ে দশম শ্ৰেণীৰফাইনেলপৰীক্ষা দিব, মায়ে তাক এৰি আহিবলৈ নোখোজে৷

তোৰ ভায়েৰে পৰীক্ষাহে দিব, বেমাৰত ভোগা নাই নহয়, মা, তোৰ ওচৰত থকা দৰকাৰ৷ বচ, মই ফোন কৰিমনে তোৰ মালৈ, নে তই কৰিবি??

মই কৰিম জিতু (ভায়া) দাদা এই কথাখিনি এই বাবেই উল্লেখ কৰিলোঁ যে আমাৰ সন্তানসকলে ঘৰৰ বাবে চিন্তা কৰে, তেওঁলোকৰ দায়িত্বও আছে, তেওঁৰ কথাই সেয়া প্ৰমাণ কৰে৷ তেওঁলোকে আমি বিচৰা ধৰণে মাত্ৰ দেখুৱাব নাজানে৷ আমি ভাবো পিতৃমাতৃসকলেহে সন্তানৰ বৰ্তমান, ভৱিষ্যত আদিক লৈ চিন্তা কৰে, কথাটো শুদ্ধ নহয়৷ সন্তানসকলেও বুজা হোৱাৰ লগে লগে নিজৰ ঘৰখনৰ প্ৰতি বা সমাজৰ প্ৰতি চিন্তা কৰে, দায়িত্ব আছে৷ এই দায়িত্বক কৰ্তব্যৰ ৰূপ দিয়াৰ পথত বাধা আমি অভিভাৱকসকল৷ কাৰণ খাব জনাৰ পিছতো খুৱাই দিয়াৰ মানসিকতাই আজিকালি বেছি৷ নিজৰ ওপৰত বিশ্বাস জন্ম বলৈ দিব লাগিব, চিন্তা কৰা শক্তিক বৃদ্ধি বলৈ দিব লাগিব৷ তাকে নকৰি আমি কি ভাবো সেই ভাবকে জাপি দিয়াৰ চেষ্টা কৰি থাকিলে মানুহৰ সন্তান যন্ত্ৰ বই৷ তাৰ পিছত হিয়া ঢাকুৰিয়াই কান্দিলেও লাভ নাই৷ সন্তানে নুবুজে, ছাত্ৰছাত্ৰীয়ে নুবুজে বুলি, বুজিবলৈও তেওঁলোকৰ মনটো মুকলি বলৈ দিব লাগিব৷ চিন্তাভাবনা কৰা, কল্পনা কৰা, সপোন দেখা মনটোও যদি কাৰোবাৰ হেঁচাত চেপা খায়, তাৰ মাজত মানৱীয় অনুভূতি কেনেকৈ জাগ্ৰত / শচীন তেণ্ডুলকাৰক অংক, বিজ্ঞান পঢ়াই থাকি ইঞ্জিনীয়াৰ কৰিব খোজা লে আজি শচীন টেণ্ডুলকাৰক আমি নাপালোহেঁতেন৷ লতা মংগেশকাৰক গান গাবলৈ নিদিয়া কৈ ৰাখি থোৱা লে বিশ্ববিখ্যাত এই মহান গায়িকাগৰাকীক আমি নাপালোহেঁতেন৷ নাইবা কোটা ফেক্টৰীত দেখুৱাৰ দৰে এগৰাকী প্ৰতিভাৱান ছোৱালীৰ আত্মহত্যাৰ দৰেও ঘটনা নঘটিলহেঁতেন৷

আমাৰ পুলিপোখাবোৰে পাহি মেলিবলৈ লওঁতেই মষিমূৰ কৰা অভ্যাস এটা গঢ় লৈ উঠিছে৷ এই কাহিনী সমগ্ৰ ভাৰতবৰ্ষৰ, অকল অসমৰে নহয়৷ ভাৰতবৰ্ষত বহুত উপায় আছে ব্যক্তি নিৰ্মাণ কৰাৰ বাবে৷ কিন্তু আমাৰ দৃষ্টি যদি সাম্ৰাজ্যবাদী দেশকেইখনত আবদ্ধ হৈ থাকে, আমি ভাৰতৰ প্ৰাচূৰ্য আৰু সংস্কৃতি কেনেকৈ দেখিম৷ এই লেখাটোৰ উদ্দেশ্যটো আপোনাৰ ঘৰৰ বন্তিগছ (সন্তান) জ্বলি উঠোতেই নুমুৱাই নিদিব৷ আপোনাৰ ঘৰখনৰ ফুলপাহ ফুলি উঠিব দিয়ক৷ কলিতে মৰহি যাব নিদিব৷ শেষত সন্তানৰ কেৰিয়াৰক লৈ চিন্তা কৰা সকলোৱে ‘Kota Factory’ লৈ যোৱাৰ আগতে সকলো দিশ এবাৰ ভাবক৷

Leave a Reply

Your email address will not be published. Required fields are marked *