অৰ্ধাঙ্গিনী – Purbodix.com

অৰ্ধাঙ্গিনী

হিমাংশু শৰ্মা

এখন মধ্যবিত্ত ঘৰৰ একমাত্ৰ জীয়ৰী অনন্যা৷ অনন্যা এগৰাকী অতিকৈ সহজসৰল ছোৱালী৷ অসমীয়া বিভাগত এম কৰা অনন্যাই কবিতা, গল্প, উপন্যাস আদি লিখামেলা কৰে আৰু তাক বিভিন্ন পুথি আকাৰে বা বাতৰি কাকতৰ যোগেৰেও প্ৰকাশ কৰে৷ তাইৰ লিখনিৰ বহু সংখ্যক অনুৰাগী আছে৷ অনন্যাৰ ঘৰখনত মাত্ৰ তিনিটাই পৰিয়ালৰ সদস্য, অনন্যা আৰু তাইৰ মাকদেউতাক৷

গুৱাহাটী মহানগৰীৰ এজন সম্ভ্ৰান্ত ব্যক্তি বলৰাম ডেকাৰ পৰিয়ালত গৰাকী সদস্য৷ বলৰামৰ পত্নী, সিহঁতৰ দুজন পুত্ৰ আৰু বছৰ মান আগতে বিয়া কৰোৱা ডাঙৰ পুত্ৰৰ বোৱাৰী৷ চাকৰি সূত্ৰে ডাঙৰ পুত্ৰ অতুল অসমৰ বাহিৰত থাকে আৰু তাৰ পত্নী ঘৰতে থাকে৷ বলৰামৰ সৰু পুত্ৰ পংকজ, বৰ খঙাল স্বভাৱৰবেকাৰ আৰু নষ্ট চৰিত্ৰৰ৷ সকলো সময়তে নিচাত ডুব গৈ থকা পংকজৰ তাৰ বৌৱেকৰ লগতে এক পৰকীয়া প্ৰেমৰ সম্পৰ্কও আছে, যাৰ কথা ঘৰৰ আন কোনো সদস্যই গম নাপায়৷ বিয়াৰ উপযুক্ত হোৱা বাবে বলৰাম ডেকাই পুত্ৰ পংকজৰ বাবে ছোৱালী বিচাৰে আৰু এজন পুৰণি বন্ধুৰ সহায় লৈ, অনন্যাৰ লগত তাৰ বিয়া কৰাই দিয়ে৷

নতুনকৈ বিয়া হোৱা অনন্যাই ঘৰখনক খুব সোনকালে আপোন কৰি লয়৷ কিন্তু পংকজৰ স্বভাৱচৰিত্ৰবোৰে তাইক চিন্তিত কৰি তোলে৷ তথাপিও তাই অৰ্ধাঙ্গিনী হিচাপে নিজৰ সকলো দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ যত্ন কৰে৷ উদণ্ড আৰু চৰিত্ৰহীনা পংকজে বৈবাহিক জীৱনৰ পৰা অতিষ্ঠ হয়৷ সেয়ে অনন্যাক নানান শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে৷ পংকজৰ এইবোৰ কাৰ্যত তাৰ বৌৱেকেও হাত উজান দিয়ে৷ সঁচামিছাৰ সঠিক জ্ঞান নথকা পংকজৰ মাকেও পুত্ৰ স্নেহত অন্ধ হৈ অনন্যাকেই বেয়া বুলি ভাবে৷

সাৱলীল ভাষাজ্ঞানৰ অধিকাৰী অনন্যাই মনৰ ভিতৰৰ এই দুখবোৰ কাকো নোৱাৰে, সেই বাবে নিজৰ লেখনিৰ মাজেৰেই সেইবোৰ ব্যক্ত কৰে৷ মানসিক নিসংগতাই গ্ৰাস কৰি পেলোৱা অনন্যাই নিজৰ আত্মবিশ্বাস হেৰুৱাই পেলায় আৰু এদিন নিজকে শেষ কৰি পেলাবলৈও সিদ্ধান্ত লয়৷ পাহাৰৰ ওপৰৰ এক নিৰ্জন ঠাইত গৈ আত্মহত্যা কৰিবলৈ লওঁতেই এজন অচিনাকী যুৱকে তাইৰ প্ৰাণ ৰক্ষা কৰে৷ যুৱকজনৰ নাম নিশান্ত, সি আচলতে এজন কবি আৰু অনন্যাৰ লেখনিবোৰৰো সি যথেষ্ট অনুৰাগী৷

এদিন  নিশান্তই ভাড়া ঘৰ বিচাৰি থাকোঁতে হঠাৎ আহি বলৰাম ডেকাৰ ঘৰ পাই আৰু ৰুম ভাৰা লয়৷ তাতে হঠাৎ অনন্যাক লগ পায়৷ হতাশাগ্ৰস্ত জীৱনটোত এজন অনুৰাগী বন্ধু পাই অনন্যা বহুত উৎফুল্লিত হয়৷ লাহে লাহে দুয়োৰে মাজত বন্ধুত্ব গাঢ় হৈ উঠে আৰু অনন্যাই জীয়াই থাকিবলৈ এক নতুন উদ্যম পায়৷ নিশান্ত আৰু অনন্যাৰ বন্ধুত্বক সহজভাৱে নোৱাৰি পংকজে অনন্যাৰ ওচৰত দুগুণ অত্যাচাৰ চলায় আৰু নিশান্তৰ লগতো কাজিয়াত লিপ্ত হয়৷ অৱশেষত পংকজ নিয়তিৰ হাতত দণ্ডিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত পংকজে পেটত আঘাতপ্ৰাপ্ত হয়৷ তাৰ দুয়োটা বৃক্ক নষ্ট হৈ পৰে৷ পত্নী হিচাপে নিজৰ কৰ্তব্যত অলপো ত্ৰুটি নকৰা অনন্যাই নিজৰ স্বামীৰ জীৱন ৰক্ষাৰ বাবে নিজৰ এটা বৃক্ক দিবলৈ প্ৰস্তুত হয়৷ অনন্যাৰ এই অমৰ ত্যাগৰ বাবে বলৰাম ডেকাৰ গোটেই পৰিয়ালে তাইক এগৰাকী জীৱনদায়িনী দেৱীৰ আসন দিয়ে আৰু এই ঘটনাটোৰ পিছত পংকজো সলনি হৈ পৰে আৰু অৰ্ধাঙ্গনী অনন্যাৰ লগত সুখেৰে জীৱনযাপন কৰে৷

অনন্যাৰ এই জীৱন সংঘাত আৰু ত্যাগৰ কাহিনীক লৈ লেখক নিশান্তই এখন সুন্দৰ উপন্যাস লিখি উলিয়ায় আৰু তাৰ নাম দিয়েঅৰ্ধাঙ্গিনী

Leave a Reply

Your email address will not be published. Required fields are marked *