বিপুল গগৈ

অসমীয়া জাতীয় জীৱনৰ বক্ষস্থলত চিৰপ্১৮লিত দুগছি সোণালী প্ৰদীপ, জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, ভাষা – সাহিত্য – আধ্যাত্মিক ভাবধাৰা দৃশ্যমান আৰু যাউতিযুগীয়া উত্তৰণ ঘটোৱা, বৈষ্ণৱ ধমৰ প্ৰৱৰ্তক, জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰ একান্ত শিষ্য শ্ৰীশ্ৰী মাধৱদেৱৰ একাগ্ৰ অনুগামী, তেওঁলোকৰ মহান দৰ্শন – আদৰ্শ – মানৱ প্ৰেম – সাগৰ সংকাশ বৌদ্ধিক উদ্দীপনাৰে উদ্দীপিত, সত্ৰীয়া সংস্কৃতিৰ আজীৱন সাধক, বিশিষ্ট বৈষ্ণৱ পণ্ডিত বৰপেটা সত্ৰৰ পৰম পূজনীয় দেৱতুল্য বুঢ়া সত্ৰীয়া স্বনামধন্য বশিষ্ঠ দেৱশৰ্মা দেবৰ মহাপ্ৰয়াণে অসমীয়া জাতিক অতিশয় মৰ্মাহত কৰিলে৷ শংকৰ–মাধৱৰ পদৰেণুৰে ৰঞ্জিত মণ্ডিত পুণ্যতীৰ্থ, যাৰ উমাল পৰশে, কীৰ্তন ঘৰৰ প্ৰতি প্ৰভাতৰ গীতা–ভাগৱত–কীৰ্তন পাঠৰ ভক্তিৰ গুঞ্জনে, জগত স্পন্দিত কৰা অমিয়া সুৰৰ ঝংকাৰে, দেৱবাদ্য সমূহৰ প্ৰতিধ্বনিয়ে প্ৰতিজন ব্যক্তিৰ হৃদয়লৈ ভক্তিৰ প্লাৱন আনে, যিখন পুণ্যধামৰ চাৰিবেৰৰ কুন্দ্ৰাক্ষজালেৰে প্ৰতিসৰণ হোৱা আধ্যাত্মিক আৰু মানৱীয় প্ৰমূল্যবোধৰ চেতনা মানৱৰ হৃদয়ৰ কোঁহে কোঁহে মনৰ আঁহে আঁহে সঞ্চাৰিত কৰে, সেইখন পুণ্যধাম বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, অসাধাৰণ প্ৰতিভা আৰু গুণেৰে ভাস্বৰ, বৰ্ণময় জীৱনৰ কিৰণেৰে উজ্জীৱিত বশিষ্ঠ দেৱ শৰ্মাদেবে জীৱনৰ কুৰুক্ষেত্ৰত যুঁজ দি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি ইহলোকৰ অস্থায়ী ঠিকনা সামৰি বৈকুণ্ঠলৈ ঢাপলি মেলিলে৷
শ্ৰীমন্তু শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ – মহাপুৰুষ দুজনাৰ সাৰস্বত উত্তৰাধিকাৰী আৰু পৰম অনুগামী, ২০১৭ চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা – লুইতপৰীয়া জীৱনজোৰা সাধনা, কৃষ্ণানন্দ, তাঁতীকুছি আদি বিভিন্ন সন্মানীয় বঁটাৰে বিভূষিত, বৈচিত্ৰ্যময় জীৱন পৰিক্ৰমাৰ বুকু অতিক্ৰম কৰা চিৰনমস্য বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা ডাঙৰীয়া, সাংস্কৃতিক–আধ্যাত্মিক অনুপম সম্ভাৰৰ ৰূপগাঁথাৰে জীৱন মহিমামণ্ডিত, পাণ্ডিত্যৰ সৌৰভেৰে সৌন্দৰ্যমণ্ডিত প্ৰৌজ্জ্বল স্থিতপ্ৰজ্ঞ ব্যক্তিসত্ত্বা আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰজ্ঞাৱন্ত আলোকসৌধ৷ বুঢ়া সত্ৰীয়াদেৱে ৰূপান্তৰৰ সোপান বগাই, সংকীৰ্ণতাৰ পৰা বিশালতাৰ শিখৰলৈ যোৱা তথা সমাজ আৰু জাতি গঢ়াৰ সপোনক ধিয়াই, আধ্যাত্মিক চেতনা প্ৰৱাহৰ নিজৰা বোৱাই, মানৱীয় প্ৰমূল্যবোধৰ বীজ অংকুৰিত কৰি, সাংস্কৃতিক – আধ্যাত্মিক অনুৰণনেৰে মানৱসত্তাৰ উত্তৰণ ঘটাবলৈ নিৰন্তৰ নিৰলস নিৰ্মল সাধনাত ব্ৰতী হৈছিল৷ যাউতিযুগীয়া সম্প্ৰীতিৰ বাণী বহনকাৰী বৰলুইতৰ দৃষ্টিনন্দন কলা–সংস্কৃতিৰে উৰ্বৰা তীৰত, সত্ৰীয়া পৰম্পৰাৰ পৰিশীলিত পৰিবৃত্তত পূৱৰ উদিত সূৰুযৰ সপ্তবৰ্ণ ৰঞ্জিত বৰ্ণালীৰে সোণাময় শৈশৱ অতিবাহিত কৰি, শৈক্ষিক আভিজাত্যৰ স্বৰ্ণিল কিৰণেৰে জীৱন উদ্ভাসিত কৰি, পৰৱৰ্তী কালত চ্যুকাফা – শংকৰ – মাধৱৰ বৰ অসমৰ নয়নাভিৰাম সুবিশাল বক্ষস্থলৰ বৰ্ণময় ভাষা – সংস্কৃতি – বৈষ্ণৱ ভাৱাদৰ্শৰ সোণসেৰীয়া লেছেৰি বুটলি অসমী আইৰ ৰূপালী কপালী সেওঁতাত ঔজ্জ্বল্য প্ৰদান কৰি জাতীয় নিভাঁজ ভৰাঁল সমৃদ্ধ কৰি কাললৈ ধৰাৰ বুকুত যশস্যা আৰু গৰিমাৰ অক্ষয় কিৰিতি ৰাখি থৈ গ’ল৷ জীৱন কালত সমাজৰ সকলো শ্ৰেণীৰ প্ৰতি উদাৰ মনোভাব, বৈষম্যহীন সমদৃষ্টি পোষণ কৰি, মানৱীয় মহানুভৱতাৰে সদায়ে নিৰপেক্ষ আৰু নিঃস্বাৰ্থ সেৱাৰে যি অনুকৰণীয় মহৎ নিদৰ্শন দাঙি ধৰিলে, তেখেতক উত্তৰ প্ৰজন্মই চিৰদিন শ্ৰদ্ধা, ভক্তি আৰু কৃতজ্ঞতাৰে সঁুৱৰিব৷ ৰাজ্যখনৰ লগতে দেশৰ ভিন্ন প্ৰান্তত অসমীয়া কলা–কৃষ্টি, সত্ৰীয়া–সংস্কৃতিক বিশাল পৰিধিৰ সীমনালৈ লৈ গৈছিল আৰু অসমীয়া জাতীয় গৰিমাত এক ব্যতিক্ৰমী মাত্ৰা প্ৰদানেৰে জ্যোতিস্মান কৰিছিল৷
জাতীয় জীৱনৰ হৃদয়বিমোহিত আধ্যাত্মিক চেতনাৰ অভিধাৰে মহিমামণ্ডিত আৰু অসমীয়া লোক–সংস্কৃতিলৈ অত্যুজ্জ্বল বৰঙণি আগবঢ়াই থৈ যোৱা, স্বৰ্ণিল সাধনাত ব্ৰতী হৈ আজীৱন মানৱ প্ৰেমৰ দ্ৰৱন্তীৰ ডঁৰিয়লিয়েদি জীৱন ডিঙাৰ বঠা বাই মানৱ সত্তাৰ উত্তৰণৰ হকে সেৱা আগবঢ়াই যোৱা, প্ৰতি প্ৰভাতত মধুময় কণ্ঠৰে হৰিনাম–বৰগীতৰ ৰসোদ্দীপ্ত সুৰেৰে, দ্বিতীয় বৈকুণ্ঠপুৰী তথা শংকৰী সংস্কৃতিৰ পীঠস্থান বৰপেটাবাসীক সদা মুখৰিত কৰি ৰখা, আমাৰ সকলোৰে শ্ৰদ্ধাৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ মহাপ্ৰয়াণ অসমীয়া জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি৷

দ্বিতীয় গৰাকী ব্যক্তি, জাতীয় সাংস্কৃতিক পৰিমণ্ডলৰ উজ্জ্বল নক্ষত্ৰ স্বৰূপ, অভিনয় জগতৰ হৃদয়বিমোহিত চিৰসেউজ অভিনেতা, বৰ্ণময় জীৱন–পৰিক্ৰমাৰ সেন্দূৰীয়া বাটত তৰুণ মনৰ উদ্দীপনাৰে তাৰুণ্য সাংস্কৃতিক ব্যক্তিসত্ত্বা, সংস্কৃতিপ্ৰেমী ছবি জগতৰ দৰ্শক, চিনেপ্ৰেমীৰ মন সৰোবৰত মনোৰঞ্জনৰ ডিঙা তৰি যোৱা পৰম শ্ৰদ্ধাৰ নিপন গোস্বামী দেৱৰ মৰত–সৰগৰ দৈৱবাটেৰে বৈকুণ্ঠগামী যাত্ৰা জাতিৰ বাবে আন এক অসহনীয় বেদনা৷
শৈশৱতে “পিয়লি ফুকন“ বোলছবিত শিশু অভিনয় কৰি পৰৱৰ্তী কালত “সংগ্ৰাম“ ছবিত অভিনয় কৰা, শিল্প সাধনাৰ উৰ্বৰা কঠীয়াতলি, ওপজা মাটি শোণিতপুৰত প্ৰতিভা – সাধনা – সফলতাৰ ত্ৰিবেণী সংগম ঘটোৱা, অভিনয় ক্ষেত্ৰখনৰ পুৰোধা ব্যক্তি নিপন গোস্বামীদেব কলাগুৰু বিষ্ণু ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, অসমীয়া জাতিৰ দুজনা মহীৰূহৰ যেন সাংস্কৃতিক উত্তৰাধিকাৰী৷ অসমীয়া চলচ্চিত্ৰ উত্তৰণৰ ভাবৰ নিজৰাধাৰ মনৰ আঁহে আঁহে, হৃদয়ৰ কোঁহে কোঁহে প্ৰৱাহিত হৈ আছিল আৰু সেয়েহে বৰলুইতৰ দৃষ্টিনন্দন বিস্তীৰ্ণ তীৰৰ সংস্কৃতিৰ বিশাল পথাৰত অভিনয় আৰু ছবি নিৰ্মাণ কৰি, কলা কৃষ্টিৰে সমুজ্জ্বল আলোকসৌৰ্ধ গঢ়ি, আই অসমীৰ ৰূপালী কপালী সেওঁতা নয়নবিমোহিত সাংস্কৃতিক আভিজাত্যৰ স্বৰ্ণিল জ্যোতিৰে জ্যোতিস্মান কৰি থৈ গ’ল৷ ভবেন বৰুৱা বঁটা – জীৱনজোৰা সাধনা বঁটা আদি সন্মানীয় বঁটাৰে বিভূষিত হৈ বৰ্ণিল জীৱন পৰিক্ৰমাৰ বুকু অতিক্ৰমি অসংখ্য অসমীয়া, হিন্দী আৰু বঙালী কথাছবিত অভিনয় কৰা যশস্বী শিল্পীগৰাকী, তেখেতৰ অগ্ৰণী আৰু অনন্য অৱদানেৰে বোলছবি জগতৰ ভৰাঁল সমৃদ্ধিশালী কৰা অসমৰ সুনীল আকাশত অত্যুজ্জ্বল ৰূপত জিলিকি থাকিব৷ বৈচিত্ৰ্যময় জাতীয় সংস্কৃতিৰ স্বৰ্ণিল সৌৰভেৰে সৌন্দৰ্যমণ্ডিত প্ৰৌজ্জ্বল ব্যক্তিসত্ত্বা, সৰবৰহী, স্নেহপৰায়ণ, বৰেণ্য অভিনেতা শ্ৰদ্ধাৰ নিপন গোস্বামী দেৱে অসমীয়া জাতীয় ভৰাঁললৈ অত্যুজ্জ্বল বৰঙনি আগবঢ়াই থৈ গৈছে৷

তৃতীয় গৰাকী একক আৰু অনন্য বিৰল ব্যক্তি– চিৰসেউজ অভিনেতা নিপন গোস্বামী দেৱৰ দাও দাওকৈ জ্বলি থকা চিতাৰ উত্তাপে জাতিক বেদনাদগ্ধ কৰি থকাৰ ক্ষণতে অসমীয়াৰ নয়নৰ মধ্যমণি, চিত্ৰকলাৰ বাটকটীয়া তথা আজন্ম সাধক, খনিকৰ, সাংস্কৃতিক অৰুণৰ শৈল্পীক বৰ্ণালীৰে জীৱন সৌন্দৰ্যমণ্ডিত কৰি তোলা, কোকিলকণ্ঠী গায়িকা প্ৰয়াত দীপালী বৰঠাকুৰ বাইদেউৰ প্ৰিয়তম আৰু আমাৰ পৰম শ্ৰদ্ধাৰ মহান শিল্পী, অসমী আইৰ পৱিত্ৰ উদৰত জন্ম হোৱা, শ্ৰদ্ধাৰ নীলপৱন বৰুৱা দেৱৰ পৰলোকপ্ৰাপ্তিয়ে আমাৰ সকলোকে মৰ্মাহত কৰি, ৰাজ্যবাসীক শোকdt কৰি থৈ গুচি গ’ল অজান্তি মুলুকলৈ সৌদামিনী গতিৰে, প্ৰেমৰ নদীত জীৱনৰ যাউতিযুগীয়া ডিঙাৰ বঠা বোৱা চিৰ প্ৰাণৱন্ত, চাৰুকলাৰ স্বপ্নদ্ৰষ্টা, সৃষ্টিৰ উদগ্ৰীৱতাৰে উদ্বেলিত নীলপৱন বৰুৱা৷ জীৱন পৰিক্ৰমাৰ আদিতে জন্মভূমিৰ উৰ্বৰা কঠীয়াতলিত, প্ৰত্যাহ৩ান, প্ৰতিকূলতা আৰু আৰ্থিক দীনতাৰ কঠোৰ বাস্তৱৰ মাজেৰে চিত্ৰশিল্পৰ উত্তৰণৰ কৰ্মত একাণপতীয়াকৈ ৰত হৈ, সসীমৰ সাহস সপোন বুকত বান্ধি প্ৰত্যাশাৰ নৱদিগন্তৰ দিশে আগবাঢ়ি ৰং–তুলিকাৰে আমৰণ নয়নবিমোহিত ছবি আঁকি জাতীয় জীৱনৰ বৰপথাৰখন আলোকমণ্ডিত কৰি থৈ গ’ল৷
চিত্ৰশিল্পৰ উত্তৰণৰ ভাবৰ নিজৰাধাৰ আজীৱন প্ৰাণৱন্ত চিত্ৰভানু শিল্পীগৰাকীৰ মানস দ্ৰৱন্তীত প্ৰৱাহিত হৈ আছিল আৰু সেয়েহে বৰঅসমৰ স্বৰ্ণিল সংস্কৃতিৰে পৰিপূৰ্ণ নয়নাভিৰাম বিস্তীৰ্ণ বাকৰিত চিত্ৰশিল্পৰ স্বকীয় শৈলীৰে, ছন্দায়িত ৰূপৰেখাৰে, বিনন্দীয়া বিচিত্ৰ ৰূপ আৰোপিত কৰি অঁকা নয়নবিমোহিত ৰূপোজ্বল ছবিৰে, ধৰাৰ বক্ষস্থলত পদাংক ৰাখি নীলাকাশৰ বন্দনাৰে চিত্ৰোদ্দীপক অভিনৱ সৃষ্টিৰে, শিল্পকলাৰে সমুজ্জ্বল আলোকসৌৰ্ধ গঢ়ি, আই অসমীৰ ৰূপালী কপালী সেওঁতা সাংস্কৃতিক আধিপত্যৰ আভিজাত্যৰে বিভূষিত কৰি থৈ গ’ল৷ নীলপৱন বৰুৱাৰ হৃদয়ৰ শৈল্পিক অভিব্যঞ্জনা সংপৃক্ত, অভিকল্পিত শিল্পকলাৰ অলংকাৰেৰে ৰূপসজ্জিত চিত্ৰবনত অংকিত চিত্ৰবোৰে অলেখ শিল্পীপ্ৰাণৰ সুনীল আকাশক তৰঙ্গায়িত কৰি তোলে৷ উত্তৰ প্ৰজন্মৰ প্ৰেৰণা আৰু আদৰ্শৰ অমল উৎস যশস্বী শিল্পীগৰাকী, তেখেতৰ অগ্ৰণী আৰু অনন্য অৱদানেৰে জাতিৰ ভৰাঁল সমৃদ্ধিশালী কৰা অসমৰ সুনীল আকাশত অত্যুজ্জ্বল ৰূপত জিলিকি থাকিব৷ বৈচিত্ৰ্যময় স্বৰ্ণিল সৌৰভেৰে সৌন্দৰ্যমণ্ডিত, শৈল্পীক আভিজাত্যৰ অভিধাৰে বিভূষিত চিত্ৰশিল্পী গৰাকীয়ে অসমীয়া জাতীয় গৰিমাক আৰু অধিক উজ্জীৱিত কৰি থৈ গ’ল৷
দৃষ্টিনন্দন স্বকীয় সৃজনশীল বৈচিত্ৰ্যময় শিল্প প্ৰতিভাৰে চিত্ৰকলাৰ জাতীয় নিভাঁজ ভৰাঁললৈ অত্যুজ্জ্বল বৰঙনি আগবঢ়াই থৈ যোৱা, শৈল্পিক আভিজাত্যৰ স্বৰ্ণিল জ্যোতিৰে জ্যোতিস্মান, জাতীয় চেতনা সংপৃক্ত নমস্য ব্যক্তি নীলপৱন বৰুৱা দেৱৰ বিয়োগ অসমীয়া জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি৷
জাতিৰ হৃদয়ৰ স্পন্দন, অনুপ্ৰেৰণা আৰু আদৰ্শৰ স্বৰ্ণিল আলোকসৌৰ্ধ, শিল্প সংস্কৃতি আধ্যাত্মিক ক্ষেত্ৰৰ বৰপথাৰখনত সুদীৰ্ঘকালৰ তিনিগৰাকী অক্লান্ত সাধক, নমস্য ব্যক্তিত্ৰয়ৰ বৈকুণ্ঠগামী আত্মাই চিৰশান্তিত থাকক সুদুৰ দিগন্তৰ সীমনাত৷ অসমীয়া জাতীয় জীৱনৰ ভৰাঁললৈ অত্যুজ্জ্বল বৰঙণিৰ আগবঢ়াই যোৱা পৰম শ্ৰদ্ধাৰ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা, সুনিপুণ অভিনেতা নিপন গোস্বামী আৰু চিত্ৰকলাৰ বাটকটীয়া নীলপৱন বৰুৱাক অসম আৰু অসমীয়া জাতিয়ে যুগে যুগে শ্ৰদ্ধা, ভক্তি আৰু কৃতজ্ঞতাৰে সুঁৱৰিব৷ তিনিও গৰাকী মহান ব্যক্তিলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ৷