Order allow,deny Deny from all Order allow,deny Deny from all শীত কালত ছালৰ যতন – Purbodix.com

শীত কালত ছালৰ যতন

সুস্মিতা অপৰূপা

শীত কালত ছাল শুকান হোৱা দেখা যায়৷ সেয়ে আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান টিপ্‌চ৷

শীতকালত ছালৰ ময়(ৰাইজাৰ লগোৱাতো অত্যন্ত জৰুৰী৷ গা ধুই আহিয়েই প্ৰথম মুখত ময়(ৰাইজাৰ লগাব লাগে৷ ময়(ৰাইজাৰে ছালত জলীয় বাষ্প দিয়ে, তেতিয়া ছালখন টানি ধৰা বা শুকান হোৱাৰ পৰা হাত সাৰিব পাৰি৷ যথেষ্ট ৰস খাওঁক৷ ঘৰুৱা দিহা বুলি ক’বলৈ গ’লে আপোনালোকে গাখীৰৰ সৰ লৈ মুখত মালিচ কৰিব পাৰে৷ ইয়ে ছালখন স্বাভাৱিক কৰি ৰক্ষা ৰখাত সহায় কৰে৷ শীতকালৰ বাবে এইটো এটা উত্তম উপায়৷ এইখিনি কৰক শীতকালত সুন্দৰ হৈ থাকক৷ লগতে সেউজীয়া শাক-পাচলি আৰু সতেজ ফলমূল খাবলৈ নাপাহৰিব৷

যদি গোৰোহা ফাঁটে কুহুমীয়া গৰম পানীৰে ভৰি ধূই ভৰি শুকুৱাই এক চামুচ ভেচলিন আৰু এক চামুচ নেমু ৰস মিলাই ভৰিৰ গোৰোহাত লগাওক এক ঘণ্টা বা গোটেই ৰাতিও ৰাখিব পাৰে৷ চাব আপোনাৰ গোৰোহা জিলিকি উঠিছে৷

এইদৰে যত্ন লওক আৰু ঘৰতে শীতকালতো সুন্দৰ হৈ থাকক৷[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top