নিবেদিতা ভূঞা ৰাজকুমাৰী

আঘোণ বুলিলে প্ৰথমে মনলৈ আহে সোণালী ধানৰ বহল পথাৰখনি৷ দাৱনীৰ কাঁচিৰ কেঁচ কেঁচ শব্দ, হাঁহিৰ খলকনি৷ আঘোণ মানে নিয়ৰৰ মুকুতা ফুল৷ লেছেৰি বুটলা শিশুৰ কোলাহল৷ আঘোণ মানে ৰবাবটেঙা– ফিৰিঙি জলকীয়াৰ সুগন্ধ৷ আঘোণ মানে চহা ডেকাৰ দুবাহুৰ বিৰীয়াত ডাঙৰিৰ জিৰি জিৰি লহৰ৷
অসমীয়া বৰ্ষপঞ্জীৰ অষ্টমটো মাহ হৈছে আঘোণ মাহ৷ ঋতু হেমন্তৰ দ্বিতীয় সপ্তাহৰ পৰা আঘোণ মাহৰ শুভাৰম্ভ হয়৷ পৰম্পৰাগত ভাবে উজনিৰ পৰা নামনি, ব্ৰহ্মপুত্ৰৰ পৰা বৰাক উপত্যকালৈ সমগ্ৰ ভূ–খণ্ডত এয়া লখিমী চপোৱাৰ সময়৷ এফালে গ্ৰাম্য জীৱনৰ শইচ চপোৱা শ্ৰম কঠোৰ ব্যস্ততা আনহাতে গুটিধানেৰে ভঁৰাল উপচি পৰা আনন্দমুখৰ হেঁপাহ৷ সোণগুটিৰ চিকমিকনিত হালোৱা –ৰোৱনীয়ে পাহৰি যায় শাওণৰ প্ৰখৰ ৰ’দৰ সকলো কষ্ট৷ কি শিশু! কি বৃদ্ধ! সকলোৰে মন–মতলীয়া হৈ পৰে নৃত্যৰতা লাহি–শালি ধানৰ হাওলি পৰা পকা থোকবোৰ দেখি৷
মুখত তামোলৰ সেলেঙি ভৰাই হাতত কাঁচিখন লৈ দাৱনী নামি পৰে পথাৰত৷ কৃষক–হালোৱা লাগি পৰে তমাল তোলা কামত৷ শাৰী শাৰী ধান কাটি যোৱা দাৱনীৰ মাজত আৰম্ভ হয় অনেক গল্প–সাধুকথা৷ বনগীত, লোকগীতৰ পৰা আৰম্ভ কৰি সদ্য মুক্তিপ্ৰাপ্ত চিনেমাখন অথবা বজাৰলৈ অহা ধুনীয়া ডিজাইনৰ কাপোৰ লৈ আলোচ্য বিষয় হৈ পৰে৷ তাৰ মাজে মাজে ক্ষন্তেক জিৰণি লয়৷ গৃহস্থই টোপোলাত কঢ়িয়াই অনা চাহ–জলপান আৰু হাঁচতিত বান্ধি অনা চাদা–তামোলৰ সোৱাদ লৈ পুনৰ নতুন উদ্যমেৰে কামত ধৰে৷ মূৰৰ ওপৰত দুপৰৰ ৰ’দটো লৈ ৰবাবটেঙা, নিমখ – জলকীয়া সানি কলাপাতত খোৱা আমেজেই সুকীয়া৷ দাৱনীয়ে মুঠি মুঠিকৈ বান্ধি নৰাৰ ওপৰত থৈ যোৱা ধানৰ মুঠিবোৰ কৃষকে একগোট কৰি তমালেৰে ডাঙৰি বান্ধে৷ কোনো পাহুৱাল ডেকাই বিৰিয়াত গুঁজি ডাঙৰিবোৰ ঘৰলৈ নিয়ে আন কোনোৱে আকৌ গৰুগাড়ীত তুলি লৈ যায়৷ গাড়ী চকাৰ কেৰেক কেৰেক শব্দত গো–বাটৰ যেন নিৰ্জনতা দূৰ হয়৷
কৃষক–দাৱনীৰ লগতে মাহজোৰা ব্যস্ততা আৰম্ভ হয় ৰান্ধনীশালতো৷ পুৱাতে ধান দাৱলৈ ওলাই যোৱা পথৰুৱাৰ বাবে বিধে বিধে ভাত – জলপান যোগাৰ কৰা হয়৷ ধান কটা আৰম্ভ হোৱা কিছুদিনৰ আগৰ পৰাই ঘিলাপিঠা, তিলপিঠা, মিঠৈ লাৰু, পিঠাগুৰি, সান্দহ, কঢ়াই, কোমল চাউল আদি যাৰ যিমান সম্ভৱ হয় প্ৰস্তুত কৰি থয় যাতে এই সময়চোৱাত আখলত কোনোধৰণৰ অসুবিধা নহয়৷ দুপৰীয়া পথৰুৱাৰ বাবে ভাতৰ আয়োজন কৰা হয়৷ ভাতৰ সৈতে অতিৰিক্ত উপকৰণ হিচাপে দাইল, মাছ–মঙহ, পুৰাং, নামচিং, আলুপিটিকাকে আদি কৰি থলুৱা ব্যঞ্জন ৰন্ধা হয়৷ ব্যক্তিভেদে সাজ, লাওপানী, জ্যু বা আপঙৰ সোৱাদ লৈ শৰীৰৰ কষ্ট লাঘৱ কৰে৷ ধান কাটি এৰি যোৱা থোকবোৰ বুটলিবলৈ সৰু সৰু ল’ৰা–ছোৱালীৰ মাজত হেতা–ওপৰা লাগে৷ তাহানিতে আমি এই লেছেৰি বুটলা ধানৰ বিনিময়ত টাউনৰ পৰা গাঁৱলৈ ভাৰবান্ধি (দুফালে দুটা ডাঙৰ ডাঙৰ চচপেনত ওলমাই) অনা বেপাৰীৰ পৰা লালমোহন কিনি খাইছিলোঁ৷ লালমোহনবোৰ আকাৰত সৰু আছিল যদিও তাকে খাই পৰম তৃপ্তি লাভ কৰিছিলোঁ৷ সেয়া আমাৰ বাবে আছিল অন্য এক সুখময় আনন্দ৷ আজিকালি তেনে পৰিৱেশ গাওঁসমূহত বিৰল৷ পথাৰৰ পৰা উভতি আহি গধূলি যেতিয়া ভৰি–হাত ধুবলৈ লওঁ ধানপাতে কটা ঠাইত পানী লাগিলেই চেকচেকাই উঠে৷ তেতিয়া মা আৰু আইতাহঁতে সৰিয়হৰ তেল সানি দিয়া কথা এতিয়াও মনত পৰে৷
ধান কাটি হোৱা শেষৰ দিনা কাঁচি–উঠা বা নৰাচিগা উৎসৱ পালন কৰে৷ কোনো কোনো ঠাইত হাউৰী বা সাউৰী উৎসৱ পালন কৰা হয়৷ কিছুমান ঠাইত আকৌ “এন্দুৰৰ গাঁত খন্দা” পৰম্পৰা পালন কৰা হয়৷ ধাননি পথাৰত মানুহতকৈ এন্দুৰৰহে প্ৰথম অধিকাৰ বুলি বহুতে ভাবে৷ গতিকে এন্দুৰৰ গাঁত খান্দি ধান সংগ্ৰহ কৰা প্ৰথাও দেখিবলৈ পোৱা যায়৷
আঘোণ মাহটো অসমীয়া জাতিৰ অতি হেঁপাহৰ৷ গেঁৰ ধৰা ধান পকি পথাৰ ৰমকজমক হৈ পৰে৷ পৰিপূৰ্ণা প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যই মানুহক বিমুগ্ধ কৰে৷ গ্ৰামীণ অসমবাসী ৰাইজ ব্যস্ত হৈ পৰে খেতি চপোৱা আৰু ইয়াৰ লগত জড়িত কিছুমান উৎসৱ–অনুষ্ঠানৰ সৈতে৷ ধান কটা প্ৰাক্ মুহূৰ্তত নামনি অসমত পালন কৰা হয় “মহোহো” উৎসৱ৷ ধৰ্মীয় নীতি–নিয়মৰ লগত সম্বন্ধ নথকা এই উৎসৱ প্ৰতিবছৰে আঘোণ মাহৰ পূৰ্ণিমা ৰাতি উদযাপন কৰা হয়৷
কৃষিজীৱী অসমীয়া সমাজত ন–ভূঁই ৰোৱাৰ দিনাৰ পৰা সৰু–বৰ অনেক উৎসৱ – পাৰ্বন পালন কৰা দেখা যায়৷ শাওণমহীয়া প্ৰথম গোজ ৰুৱাৰ দিনা ঠাই বিশেষে তামোল–পাণ আগবঢ়াই কল বা তৰাগছৰ পুলি এটা পুতি ধান নদন–বদন হ’বৰ বাবে আৰাধ্য দেৱতালৈ প্ৰাৰ্থনা কৰে৷ কঠীয়া ৰুই শেষ হোৱা দিনা উজনিৰ ফালে “নাঙলধোৱা” উৎসৱ পালন কৰে৷ সেই দিনা নাঙলধোৱা পিঠা তৈয়াৰ কৰি পৰিৱেশন কৰা হয়৷ একেদৰে, ধানত কাঁচি লগোৱা পহিলা দিনা গৃহস্থ বা ধানৰ আগ আনিবলৈ যোৱা লোকজনে তিতা গাৰে খালী পেটে পথাৰলৈ গৈ তামোল–পাণ এযোৰ আগবঢ়াই সেৱা কৰি তিনিগোছা ধান কলপাতেৰে মেৰিয়াই মূৰত তুলি ঘৰলৈ উভতে৷ পদূলিত লখিমীক বৰ আলহ–উদহকৈ গৃহলৈ আদৰি অনা নিয়ম৷ লগতে মাছেৰে এসাঁজ ভোজৰ আয়োজন কৰে৷
আগৰ দিনত হালোৱা গৰুৰ সহায়ত মৰণা মৰা, উখোন দিয়া, ধান বা দি তাৰপিছত ভঁৰাললৈ চপোৱা হয় অথবা ডুলি, টোম বা মেৰ আদিত থোৱাৰ ব্যৱস্থা কৰে৷ আজিকালি ট্ৰেক্টৰ সহায়ত মৰণা মৰা, হাল বোৱা আদি কামবোৰ কৰা হয়৷ অৱশ্যে, ইয়াৰ দ্বাৰা সময় আৰু শাৰীৰিক পৰিশ্ৰম বহু পৰিমাণে লাঘৱ নোহোৱা নহয়৷ কিন্তু তাহানিতে দুভাগ ৰাতি উঠি মৰণা মৰা, গৰু খেদাৰ হুহ্ হুহ্ শব্দ আজিকালি প্ৰায় নুশুনাই হ’লোঁ৷ মৰণাৰ শব্দ আৰু লেম্পৰ পোহৰত গৰম কাপোৰৰ উমলৈ বছৰেকীয়া পৰীক্ষা, প্ৰৱেশিকা আদি পৰীক্ষাৰ বাবে সাজু হোৱা কথা স্মৃতিপটত আজিও সজীৱ হৈ আছে৷ এই সময়ৰ অন্য এক নান্দনিক দৃশ্য হ’ল চোতালৰ এমূৰে ৰ’দৰ উম লৈ লৈ আমাৰ ককা – আইতাহঁতে গোছাবোৰৰ পৰা ধানৰ সঁচ একাষৰীয়া কৰি যোৱা৷
অসমীয়া লোক–বিশ্বাস অনুসৰি পুহমহীয়া ন–চাউল বা ন–খোৱা উৎসৱ পাতিব নাপায় বা পতা নহয়৷ গতিকে মৰণা মৰাৰ অন্তত আয়োজন হয় ন–খোৱা পৰ্ব৷ যিসকলে আঘোণৰ ভিতৰত ন – চাউল গোঁসাইৰ আগত নিদিয়ে তেওঁলোকে মাঘৰ মাহত ন–খোৱা উৎসৱ পালন কৰে৷ ন–খোৱাৰ পূৰ্বে প্ৰথম ভগবানৰ শ্ৰীচৰণত মাহ–প্ৰসাদৰ শৰাইভাগ অৰ্পণ কৰা হয়৷ এয়া আমাৰ পৰম্পৰা৷ ন–খোৱা উৎসৱ দুইধৰণে অনুষ্ঠিত হয়৷ একো একোখন গাঁও একত্ৰিত হৈ ৰাজহুৱা নামঘৰ বা মুকলি পথাৰত হৰি–নাম কীৰ্তন কৰি ভোজ–ভাত খায়৷ কোনো ঠাইত ভোজ–ভাতৰ পৰিৱৰ্তে নতুন চাউলেৰে প্ৰস্তুত কৰা পায়স – মাহ–প্ৰসাদহে গ্ৰহণ কৰা নিয়ম৷ আনহাতে, পুখুৰী, নৈ, বিল আদিৰ ডাঙৰ মাছ, হাঁহ – কুকুৰা মাৰি আত্মীয়–স্বজন মাতি ব্যক্তিগতভাৱে ন–খোৱা দেখা যায়৷ অসমৰ পৰ্বত – ভৈয়ামত বসবাস কৰা আমাৰ জনজাতি ভাই–ককাইসকলেও তেখেতসকলৰ ঐতিহ্যবাহী খাদ্যসম্ভাৰ ও পানীয় প্ৰস্তুত কৰি ন–খোৱা পৰম্পৰা পালন কৰি আহিছে৷ বহু ঠাইত নতুন বৰা চাউলৰ পৰা প্ৰস্তুত কৰা জলপান সিদিনা খোৱা হয়৷ উজনি অসমৰ চেৱা দিয়া বৰাভাতৰ লগত হাঁহৰ মাংসৰ জুঁতিৰ কথা নজনা লোকৰ সংখ্যা হয়তো নিচেই তাকৰ! জলপান যিহেতু অসমীয়া দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ গতিকে বৰা আৰু কোমল ধানৰ খেতি পৃথকে পৃথকে কৰি সাৱধানে ভঁৰাললৈ চপায় যাতে আন ধানৰ সৈতে সানমিহিল নহয়৷
এতিয়া আঘোণ মাহ৷ সোণগুটি বুটলাত ব্যস্ত হৈ পৰিব আমাৰ কৃষক – দাৱনী৷ বছৰজোৰা হাড়ভঙা পৰিশ্ৰমৰ অন্তত সকলোৱে ধান দাই, মাৰি–কাটি ভঁৰালত চপোৱা পিছত হাঁহি– ধেমালিৰে সপোন ৰচিব আগন্তুক বৰ্ষটোৰ কৃষিকৰ্মৰ বাবে৷