প্ৰেম গুৰুৰ সমিধান – Purbodix.com

প্ৰেম গুৰুৰ সমিধান

তন্দ্ৰালি মু২৬১্না

          মোৰ বয়স ৬৫ বছৰ৷ বয়সৰ দেওনাৰে সকলো কথাতেই জিৰণি লোৱাৰ সময়৷ কিন্তু এই বয়সত মোৰ ঘৰৰ ভাড়া থকা এগৰাকী ৩৫ বছৰীয়া নাৰীৰ প্ৰেমত পৰিছোঁ৷ তেখেতৰ স্বামী ঢুকাইছে, সন্তান এটা আছে৷ সমাজৰ ভয়ত বিয়াও পাতিব পৰা নাই৷ মোৰ পত্নী নাই যদিও পোবোৱাৰী আছে৷ কি কৰো প্ৰেমগুৰু?

নিপন বৰা (গোলাঘাট)

I              প্ৰথম কথা, প্ৰেমৰ কোনো নিৰ্দিষ্ট বয়স নাথাকে৷ যিকোনো বয়সতে প্ৰেম পাৰে৷ দুয়ো যদি সঁচা প্ৰেমৰ বান্ধোনত বান্ধ খাইছে, তেন্তে সমাজলৈ ভয় কৰিব নালাগে৷ বৈধ সম্পৰ্ক স্থাপনত সমাজে সহযোগহে কৰে৷ দুয়ো নিসংগ সময় কটোৱাতকৈ একেলগে এখন সুখৰ সংসাৰ কৰক৷ জীয়াই থকা দিনকেইটা শান্তিৰে উদ্যাপন কৰক৷

           গুৰু, সকলো মানুহেই শাৰীৰিক সম্পৰ্কত সুখী হয় বুলি শুনো৷ কিন্তু মই শাৰীৰিক সম্পৰ্কত কষ্টহে পাওঁ৷ স্বামীক কথাটো নকওঁ৷ কলে বেয়া কিবা পাৰে বুলি ভাবি৷

জুলি কলিতা (কলিয়াবৰ)

I              আপুনি, প্ৰসূতি বিভাগৰ ডাক্তৰৰ পৰামৰ্শ লওঁক৷ যদি সমাধান নাপায়, তেন্তে মানসিক চিকিৎসকৰ কাষ চাপক৷ দুয়োটাৰে পৰামৰ্শ লোৱাটো লাজৰ কথা নহয়৷ হৰমনৰ বিসংগতিৰ বাবেও কামনাবাসনাৰ ই২৬া নাথাকিব পাৰে৷ আনহাতে মনত যদি কিবা কথাত অশান্তি লৈ আছে তেতিয়াও তেনে পাৰে৷ জীৱনত কিছুমান সুখ বৰ প্ৰয়োজন৷ নহলে সংসাৰত জুই লাগিব পাৰে৷

           মোৰ সন্তান প্ৰেমত পৰি বিপথে গৈছে৷ ঘৰত টকাৰ ডিমাণ্ড কৰা হৈছে৷ তাৰ বয়স ১৮ বছৰ৷ মই কি কৰো উপায় নোহোৱা হৈছোঁ৷

মৌমিতা ডেকা (মৰিগাঁও)

I              আপোনাৰ সন্তানক গালি নাপাৰি তাৰ তে বন্ধুত্ব স্থাপন কৰিবলৈ চেষ্টা কৰক৷ এটা বয়সত সন্তানে অন্ধ প্ৰেম কৰে৷ তাৰ প্ৰেমিকাৰ তও কথা পাতক৷ কি কি কামত টকা লাগে খবৰ ৰাখক৷ যদি ৰেস্তোৰাঁত খোৱা, চিনেমা চোৱা ইত্যাদিত খৰচ হৈছে তেন্তে ভয় নাখাব৷ এই বয়সত অভিভাৱকে নজনাকৈও বহু সন্তান এইবোৰ কামত ব্যস্ত থাকে৷ মাথো ধ্যান ৰাখিব যাতে অবৈধ কামত তেওঁলোক লিপ্ত নহয় অথবা নিচা জাতীয় দ্ৰব্য সেৱন নকৰে৷

           মোৰ পত্নীয়ে নিশা দুপৰলৈ কাৰোবাক মেছেজ লিখি থাকে৷ দিনটো মই ঘৰত নাথাকোঁ৷ অহাৰ পাছতো মোৰ প্ৰতি আকৰ্ষণ নাই৷ মোবাইল লক মোক জানিবলৈ নিদিয়ে৷ বিৰাট অশান্তি হৈছে৷ কি কৰো?

নীলিম কুৰ্মী (কোকৰাঝাৰ)

I              আপুনি যদি পত্নীক সঁচা মৰম দিছে তাৰ পাছতো তেওঁ আপোনাৰ মৰমক আওকাণ কৰি অন্য কাৰোবাৰ প্ৰেমত পৰিছে তেন্তে মিছা এখন সংসাৰ তৰি থাকি একো লাভ নাই৷ আৰক্ষীৰ সহায় লৈ কল লিষ্ট উলিয়াই কনফাৰ্ম কৰক প্ৰকৃততে পত্নীয়ে ভুল কৰিছে নে নাই? যদি কৰিছে তেন্তে ধৈৰ্যশীল ব্যক্তি এজন হৈ এবাৰ শুদ্ধ পথলৈ আহিবলৈ সুবিধা দিব৷ তাৰ পাছতো যদি ঠিক নহয়, তেন্তে বিবাহবিচ্ছেদৰ ফালে আগবাঢ়ক৷ যন্ত্ৰণাত প্ৰতিদিনেই কষ্ট পোৱাতকৈ কঠিন সিদ্ধান্ত লৈ এদিন কষ্ট পাওঁক আৰু শান্তিত থাকক৷

           মই গান গাই ভাল পাওঁ, লিখি ভাল পাওঁ, কিন্তু মোৰ বলগীয়া পত্নীয়ে এইবোৰ কাম ভাল নাপায়৷ ভাল পোৱা কামত মোৰ আত্মাটো সজীৱ হয়৷ তেওঁৰ অৱহেলাই নিৰাশ কৰে৷ গোটেই জীৱনটো একেলগে কটাম বুলি ভাবিছিলোঁ৷ মাদেউতাই পছন্দ কৰা ছোৱালী বুলি গ্ৰহণ কৰিছিলোঁ৷ এতিয়া কথাই কথাই মোৰ সৃষ্টিশীল জগতৰ কথাত ইতিকিং কৰাটো মই সহিব পৰা নাই৷ সিদ্ধান্ত সলনি কৰা ভাল নেকি প্ৰেমগুৰু?

ময়ুৰ বৰুৱা (শিৱসাগৰ)

I              হয়, সিদ্ধান্ত সলনি কৰা৷ বিবাহ দৰাকইনাৰ ওমলা খেল নহয়৷ আজীৱন ইজনে সিজনৰ সুখী দুখত লগ দিয়া অকৃত্ৰিম সম্পৰ্কৰ নাম বিবাহ৷ বিবাহৰ পূৰ্বেই যদি তোমাৰ ভাল কামক শ্ৰদ্ধা কৰিব নাজানে, তেন্তে তেওঁ তোমাৰ পত্নী হোৱাৰ যোগ্য নহয়৷ গান গোৱা বা লিখা অনুভূতিশীল ব্যক্তিৰ কাম৷ জড় হৃদয় থকা ব্যক্তি তোমাৰ বন্ধু হোৱাও অনুচিত৷ তোমাৰ মনটো অধ্যয়ন কৰি তোমাক প্ৰেৰণা দিব পৰা গৰাকীহে প্ৰকৃত জীৱনসংগী৷ জীৱনটো চাব জানিলে খুব ধুনীয়া৷ সেয়ে ধুনীয়া মনৰ মানুহৰ তে সুখী হওঁক তাকে কামনা কৰো৷

Leave a Reply

Your email address will not be published. Required fields are marked *