অইল ফ্ৰী চিকেন মোগলাই কাৰী
পাপৰি দুৱৰা কাকতি

উপকৰণ ঃ মুৰ্গী মাংস আধা কেজি, পিয়াজ দুটা, নহৰু ছয়টা, আদা এটুকুৰা, দৈ চাৰি চামুচ, কাজু দহটা, নাৰিকল ৰুকা দুই চামুচ, গৰম মচলা এক চামুচ, নিমখ নিজৰ জোখ মতে, ধনীয়া গুৰি এক চামুচ, কচুৰী মেথি আধা চামুচ, শুকান ৰঙা জলকীয়া চাৰিটা, কেৱৰা ৱাটাৰ আধা চামুচতকৈ কম৷
প্ৰণালী ঃ প্ৰথমে পিয়াজ, আদা, নহৰু, কাজু, শুকান জলকীয়া, দৈ, নাৰিকল সকলোবোৰ একেলগে মিক্সিত ভালদৰে পিহি ল’ব৷ পিহি লোৱা মচলাখিনি মাংসত ভালদৰে সানি আধা ঘণ্টা ফ্ৰীজত থৈ দিব৷ এতিয়া এখন কেৰাহীত মাংসখিনি দি কম জুইত গেছত বহুৱাই ভালদৰে দহ মিনিটমান লৰাই থাকি তাৰ পিছত ঢাকি দিব৷ অলপ সময়ৰ মূৰে মূৰে লৰাই থাকিব৷ মাংসখিনি আধা সিজা হওঁতে তাত গৰম মচলা আৰু ধনীয়া গুৰি দি অলপ সময় লৰাই তাত জোখমতে পানী দি ঢাকি থ’ব৷ মাংসখিনি হোৱাৰ আগে আগে কচুৰী মেথি আৰু কেৱৰা ৱাটাৰ দি নমাই শুকান ৰুটি বা পৰঠাৰ লগত পৰিৱেশন কৰিব৷

নাৰিকল চুজি বৰফি
উপকৰণ ঃ ৰুকি লোৱা নাৰিকল এক কাপ, ঘিঁ তিনি চামুচ, চুজি আধা কাপ, কৰ্ণফ্ল’ৰ তিনি চামুচ, চেনী এক কাপ, পাউদাৰ গাখীৰ চাৰি চামুচ, ইলাইচি গুৰি আধা চামুচ, গোলাপজল আধা চামুচ, বীটৰ ৰস এক চামুচ৷
প্ৰণালী ঃ প্ৰথমে চুজিখিনি শুকানে ভাজি নমাই থব৷ এতিয়া কেৰাহীত ঘিঁ গৰম কৰি তাত নাৰিকল আৰু চেনীখিনি দি কম জুইত ভাজি থাকিব৷ আধা ভজা হ’লে তাত পাউদাৰ গাখীৰ আৰু কৰ্ণফ্ল’ৰ দি ভালকৈ লৰাই থাকিব৷ নাৰিকলখিনি যেতিয়া শুকাই আহিব ধৰিব তেতিয়া চুজিখিনি মিলাই দিব আৰু তাক দুভাগ কৰি এভাগত ইলাইচি গুৰি আৰু আন ভাগত গোলাপ জল আৰু বীটৰ ৰস দি মিলাব৷ এখন কাঁহীত অলপ ঘিঁ সানি প্ৰথমে নাৰিকলৰ বগা মিশ্ৰণখিনি সমানকৈ দি তাৰ ওপৰত গুলপীয়া মিশ্ৰণখিনি সমানকৈ দি আধা ঘণ্টা থৈ দিব৷ পিছত বৰফি আকাৰত কাটি পৰিৱেশন কৰিব৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]