মাঘ বিহু – Purbodix.com

মাঘ বিহু

কৰবী বৰ্মন কলিতা

 

 বছৰজুৰি পৰিশ্ৰম কৰা কৃষিজীৱি অসমীয়াই ক্লান্তিঅৱসাদ দূৰ কৰিবলৈকে পালন কৰে ভোগৰ উৎসৱ ভোগালী বিহু৷ আনহাতে মকৰ সংক্ৰান্তিৰ উপলক্ষে আৰ্যবাদীসকলে অগ্নি সেৱা কৰে৷ প্ৰাপ্তিৰ আনন্দ আৰু ভক্তিৰ মাধুয্য যেনেকৈয়ে হওক অসমীয়া জাতিৰ প্ৰাণাধিক স্নেহৰ পৰম্পৰা মুঠতে ভোগালী বিহু ভোগৰ উৎসৱ৷ বিহুৰ পৰম্পৰা অতি প্ৰাচীন৷ বিহু শব্দৰ উৎপত্তি সংস্কৃতবিষুৱণ’’ শব্দৰ পৰা৷ অৰ্থববেদ আৰু ঐতৰেয় আদি পুৰণি শাস্ত্ৰত পোৱা যায় যে বিষুৱণ যাগযজ্ঞ কৰা এটা দিনৰ নাম৷ এই যাগযজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে৷ অৰ্থাৎ খেতিবাতিৰ সুব্যৱস্থাৰ কাৰণেই এই বিষুৱ দিনৰ যাগযজ্ঞৰ আয়োজন৷ সাধাৰণতে লোকসংস্কৃতিৰ স্বৰূপ প্ৰকাশ পায় পৰম্পৰাগত লোক উৎসৱসমূহৰ জৰিয়তে৷ একমাত্ৰ সামাজিক জীৱ হিচাপে মানুহে সমাজত বিভিন্ন নীতিনিয়ম আৰু উৎসৱপাৰ্বনৰ জৰিয়তে জীৱননিৰ্বাহ কৰে৷ অসম প্ৰধানতঃ কৃষি প্ৰধান ৰাজ্য৷ গতিকে কৃষিক লৈ অসমৰ মানুহে প্ৰাচীন কালৰে পৰা কিছুমান উৎসৱ পালন কৰি আহিছে আৰু ইয়াৰ ভিতৰত অন্যতম মাঘ বিহু৷ পুহ আৰু মাঘৰ সংক্ৰান্তিত মাঘ বিহু উদ্যাপন কৰা হয় বাবে মাঘ বিহুক মকৰ সংক্ৰান্তিৰ উৎসৱ বুলিও কোৱা হয়৷ এই মাহৰ পৰাই সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰে বাবে দিন ক্ৰমাৎ দীঘল হৈ শীতৰ প্ৰকোপ কমায়৷ মকৰ সংক্ৰান্তিৰ এই উৎসৱ অসমৰ লগতে গোটেই ভাৰততে উদ্যাপন কৰা হয়৷ বিহুৰ সময়ত বিভিন্ন ধৰণৰ পিঠাপনা, জাজলপান, দৈক্ৰীম, শাকপাত, চাউলমাহ, মাছমাংস আদি যোগাৰ কৰি নিজৰ পৰিয়াল, মিটিৰকুটুম, ওচৰচুবুৰীয়া বন্ধুবান্ধৱ আদিৰ লগত আনন্দ মনে এসাজ খায়৷ এতিয়া অৱশ্যে সময়ৰ গহ৩১ত ইয়াৰ বহু খাদ্য লোপ পাইছে যদিও কিছু ভাল লগা অসমীয়া খাদ্য এতিয়াও আছে৷

মাঘৰ বিহুৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হৈছে ওচৰচুবুৰীয়া মিটিৰকুটুম বা গাৱঁৰ ৰাইজে মিলাপ্ৰীতিৰে খোৱা উৰুকাৰ ৰাতিৰ ভোজটো৷ ইয়াৰ উপৰি গোটেই ৰাতি বহুতে মেজিৰ ওচৰত বহি উজাগৰে কটায়৷ মাঘ বিহুৰ মেজিটোৰ এক বিশেষ গুৰুত্ব আছে অঞ্চল বিশেষে৷ ঠাইভেদে বিহুৰ মেজিৰ ৰূপো বেলেগ বেলেগ৷ উৰুকাৰ নিশা ৰংধেমালিৰ অন্তত পুৱা সূৰ্য উদয়ৰ আগতে গা ধুই আহি মেজিত জুই দিয়া হয়৷ সমাজত অপায় অমঙ্গল আদি দূৰ কৰাৰ বাবে সকলোৱে মেজিত মাহ, চাউল, তিল, তামোলপাণ, পইচা আদি দি অগ্নিদেৱতাক প্ৰণাম কৰে৷ মাঘ বিহুৰ অন্য এক পৰম্পৰা অনুসৰি উজনি অসমত প্ৰথম বিহুৰ দিনা পুৱাই কাঠ আলু, মোৱা আলু আৰু ৰঙা আলু খোৱা নিয়ম৷ মাঘ বিহুত আলু খালে শৰীৰে যথেষ্ট শক্তি লাভ কৰে আৰু নাখালে বেমাৰআজাৰ হয় বুলি প্ৰবাদ আছে৷

খোৱাবোৱাৰ উপৰি মাঘ বিহুৰ আনন্দৰ আন এটা আকষৰ্ণীয় দিশ বিভিন্ন খেলধেমালিৰ প্ৰতিযোগিতা৷ এই বিহুত বিশেষকৈ যুঁজ, কণী যুঁজ, কড়ি খেল, পইচা খেলা, নাৰিকল ভঙা, টেকেলি ভঙা, বুলবুলি চৰাইৰ যুঁজ আদি অনুষ্ঠিত হয়৷ ঠাইভেদে বেলেগ বেলেগ খেলৰ আয়োজন কৰা হয়৷ বিশেষকৈ হাজোৰ অঞ্চলৰ বুলবুলি চৰাইৰ যুঁজ অতি জনপ্ৰিয়৷ মাঘ বিহুৰ সময়ত আন এটা উল্লেখনীয় দিশ সমূহীয়াভাবে মাছ মৰা৷ কোনো কোনো ঠাইত ৰাইজ একগোট হৈ সৰুখেল, বৰখেল আদি নামেৰে ৰাজহুৱাভাবে মাছ মাৰে আৰু সমজুৱাকৈ বিতৰণ কৰি আনন্দেৰে মিলিজুলি ভোজ ভাত খায়৷

পূৰ্বৰে পৰা মাঘ বিহু উপলক্ষে অসমত বিভিন্ন খেলধেমালি অনুষ্ঠিত কৰা হয়৷  অসমৰ হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ দেৱালয়ৰ বুলবুলি চৰাইৰ যুঁজে এক সুকীয়া ঐতিহ্য বহন কৰি আহিছে৷ দুটা বুলবুলি চৰাইৰ মাজত অনুষ্ঠিত এই যুঁজত আটাইতকৈ শক্তিশালী বুলবুলি চৰাইটোৱেই জয়লাভ কৰে৷ এই বুলবুলি চৰাইৰ যুঁজৰ আৰম্ভণি কেতিয়া সেয়া পৰিষ্কাৰ নহয়৷ কথিত কাহিনী অনুসৰি মাঘ মাহৰ প্ৰথম দিনা এগৰাকী নৃপতিয়ে হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ আহি তাত দুটা বুলবুলি চৰাইৰ মাজত এখন যুঁজ দেখি মুগ্ধ হৈ পৰে আৰু তেতিয়াৰে পৰাই তাত বছৰি মাঘ বিহুত এই যুঁজ অনুষ্ঠিত হৈ আহিছে৷ মাঘ বিহুৰ সময়ত যুঁজৰ আয়োজনৰ সম্পৰ্কে ভিন্ন জনৰ ভিন্ন মত পোৱা যায়৷ এই খেল আহোম ৰজাৰ দিনত ৰংপুৰৰ ৰূপহী পথাৰত অনুষ্ঠিত হৈছিল বুলি জনা যায়৷ আহোম স্বৰ্গদেউসকলে ৰংঘৰৰ ওপৰৰ পৰা এই খেল উপভোগ কৰিছিল৷

বৰ্তমানৰ প্ৰজন্মই কিমান শ্ৰদ্ধাৰে ইয়াৰ লোকাচাৰ সমূহৰ বিষয়ে অৱগত সেয়াও চিন্তনীয় বিষয়৷ সম্প্ৰতি আমাৰ হাতত সংস্কৃতিৰ সমল যথেষ্ট আছে আৰু তাৰ ধাৰা ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰসাৰ কৰিব পাৰিলেহে সংস্কৃতি যুগমীয়া হৈ বুলি আশা পোষণ কৰিব পাৰি৷ বৰ্তমান সময়ত যদিও মাঘ বিহুৰ সৈতে জড়িত পুৰণি নিয়মবোৰ কিছু পৰিমাণে লোপ পোৱাৰ কাৰণ হিচাপে খেতিবাতিৰ পৰিমাণ কমি যোৱাৰ হেতু খাদ্যবস্তুৰ নাটনিয়ে দেখা দিছে৷ ফলত মাঘ বিহুৰ আনন্দউল্লাস যথেষ্ট লোপ পাইছে৷ বৰ্তমানৰ ব্যস্ততাপূৰ্ণ জীৱনৰ তাগিদাত পৰি মানুহে মাঘ বিহুৰ পৰম্পৰাৰ পৰা বহুখিনি ফালৰি কাটিছে৷ অৱশ্যে আনন্দৰ কথা এয়ে যে গাঁও অঞ্চলত বিশেষকৈ কৃষক ৰাইজে প্ৰতিবছৰে মাঘ বিহু পালন কৰি আহিছে আৰু লগতে থলুৱা ৰীতিনীতিকে আদি কৰি অগ্নি দেৱতাকো সেৱাসৎকাৰ কৰা নিয়মআচাৰ বৰ্তমানো বৰ্তি আছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *