শিশুৰ সু-স্বাস্থ্যৰ আধাৰ – Purbodix.com

শিশুৰ সু-স্বাস্থ্যৰ আধাৰ

ইলোৰা শৰ্মা দত্ত



 

শাৰীৰিক ভাবেই হওক বা মানসিক ভাবেই হওক মানৱ জীৱনৰ ভেটি গড় দিবলৈ উপযুক্ত সময়ছোৱা হৈছে শিশু অৱস্থা৷ যি শিশুৰ জীৱনৰ প্ৰথম দুবছৰ কালত বাঢ়ন উপযুক্ত হয় সেই শিশু সাধাৰণতে গোটেই শৈশৱ কালজুৰি সু স্বাস্থ্যৰ অধিকাৰী হয় আৰু নিৰোগী হৈ থাকে৷ সেয়ে জন্মৰ পিছৰে পৰাই এটি শিশুৰ স্বাস্থ্যৰ যত্ন লোৱাটো অধিক প্ৰয়োজনীয়৷ স্বাস্থ্যৰ যত্ন বুলি কওঁতে সময় মতে খোৱা, ঠিক মতে খোৱা আৰু শোৱা এই গোটেই কেইটা কথাকে সামৰি ধৰে৷ ককাআইতায়ে কোৱাৰ দৰে যে তেওঁলোকে যি খাই ডাঙৰ হৈছিল তেনে খাদ্য আজিকালিৰ লৰা ছোৱালীয়ে খাবলৈ পোৱা নাই৷ আজিকালি শিশুয়ে দোকানৰ শ্বিপছ, কুৰকুৰে, জাম, কল্ড ড্ৰিংক, বিভিন্ন ধৰণৰ ফাষ্টফুড আদিবোৰ বেছিকৈ খাবলৈ মন কৰে৷ পিতৃমাতৃসকলৰ প্ৰধান কৰ্তব্য এইটোৱেই যে তেওঁলোকে কেনেদৰে এনেবোৰ খাদ্যাভ্যাসৰ পৰা লৰাছোৱালীক আঁতৰাই ৰাখিব পাৰে৷ শিশুৰ সু স্বাস্থ্যৰ আধাৰ হৈছে বয়সোপযোগী উপযুক্ত পুষ্টিকৰ আহাৰ যোগান৷ প্ৰাপ্তবয়স্কৰ সকলো খাদ্যই শিশুৰ বাবে উপকাৰী, যদিহে সময়মতে আৰম্ভ কৰা হয়৷ শিশুৰ শৰীৰৰ বাঢ়ন আৰু বিকাশৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ শিশুৰ খাদ্য তালিকাত সকলোবোৰ উপাদান থকাটো যথেষ্ট প্ৰয়োজনীয়৷ এই উপাদান বোৰৰ ভিতৰত পৰে, কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন, মিনাৰেলছ ইত্যাদি৷ মাছ, মাংস, কণী, ডাইল, গাখীৰ, ফলমূল, শাকপাচলি আদি সকলোবোৰেই শিশুক বাঢ়ি অহাত আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে৷ শিশুয়ে খেলাধূলা কৰি যথেষ্ট শক্তি খৰচ কৰে, গতিকে শিশুৰ খাদ্যৰ পৰিমাণ কম হলেও শক্তিদায়ক হোৱাটো যথেষ্ট দৰকাৰ৷ শিশুৰ খাদ্য তালিকাত অসমৰ থলুৱা খাদ্যবোৰ অন্তৰ্ভুক্ত কৰিব পাৰিলে খুবেই ভাল৷ যেনে ধৰক, চাউলৰ গুৰিৰ পিঠাপনা,  চিৰা, সান্দহ, পিঠাগুৰি, বৰা চাউল আদিৰ জলপান, শাক মাছৰ টেঙা আৰু খাৰৰ ব্যঞ্জন ইত্যাদি৷

শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে শিশুৰ টোপনি বয়স অনুপাতে পৰ্যাপ্ত লাগে৷ বছৰৰ পৰা ১২ বছৰ শিশুক প্ৰায় পৰা ১৩ ঘণ্টা শোৱাটো প্ৰয়োজনীয়৷ পুষ্টিহীন শিশুৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থা নিশকতীয়া হয়৷ যি শিশুৰ বয়স অনুপাতে ওজন কম, তেনে শিশুক নিতৌ কণী, গাখীৰ, কল, বাটাৰ, ঘী, ৰুটি আদি সিহঁতে ভালপোৱা ধৰণে বনাই খাবলৈ দিব লাগে৷ মানসিক বিকাশৰ বাবেও পুষ্টিকৰ আহাৰৰ খুবেই প্ৰয়োজন৷ এটি দুৰ্বল শিশুৰ স্মৰণ শক্তি আৰু আয়ত্ত কৰিব পৰা ক্ষমতা স্বাস্থ্যবান শিশুতকৈ কম৷

মেদবহুলতা কিছুমান শিশুৰ এটা ডাঙৰ সমস্যা৷ তেনে শিশুৰ খাদ্য তালিকাত চৰ্বিযুক্ত খাদ্য কমাই দিব লাগে৷ তেনে শিশুৰ অলপমান খেলাধূলা কৰিলেই ভাগৰ লাগে৷ তথাপি নিতৌ শাৰীৰিক পৰিশ্ৰম হোৱা খেল আৰু ব্যায়াম কৰোৱাটো খুব প্ৰয়োজন৷

শিশুৱে খুব কম পৰিমাণৰ আহাৰ খায়, কিন্তু এসাজ আহাৰত যাতে সকলোবিধ উপাদান থাকে আৰু শক্তিদায়ক হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে৷ অধিক মছলাযুক্ত খাদ্য শিশুৰ স্বাস্থ্যৰ বাবে উপকাৰী নহয়৷ পুষ্টিকৰ আহাৰৰ লগতে বিশুদ্ধ পানী পৰ্যাপ্ত পৰিমাণে খাবলৈ দিয়াটো খুবেই প্ৰয়োজনীয়৷ শিশুৰ বৃদ্ধি আৰু বিকাশৰ বাবে পুষ্টিকৰ আহাৰৰ লগতে খেলা ধূলাও সমানে প্ৰয়োজনীয়৷ খেলাধূলাই শিশুৰ মানসিক বিকাশ বঢ়োৱাৰ লগতে ভোক বঢ়ায় আৰু খোৱাৰ প্ৰতি ৰুচি বঢ়ায়৷ পুষ্টিকৰ খাদ্যৰ লগতে পৰিষ্কাৰপৰি২৬ন্নতা শিশুৰ বাবে অতি প্ৰয়োজনীয়৷  নিতৌ গা ধুই পৰিষ্কাৰ হৈ থাকিলে বিভিন্ন ৰোগৰ বীজাণুৰ পৰাও হাত সাৰি থাকিব পাৰি৷

দোকানত পেকেট কৰি থোৱা খোৱা খাদ্যত কিছুমান ৰাসায়নিক পদাৰ্থ (preservatives) দিয়া হয় বহু দিনলৈ সংৰক্ষণ কৰিবলৈ৷ এনেবোৰ পেকেট কৰা খাদ্য নিতৌ খালে শৰীৰৰ বাবে অপকাৰীও হব পাৰে৷ আজিকালি ইউ টিউবৰ যুগ৷ গতিকে দোকানত কিনিবলৈ পোৱা বিভিন্ন খোৱা বস্তু যেনে, আইছ ক্ৰীম, কে, জাম, ফলৰ ৰস, মিঠাই আদি ইউ টিউবত চাই ঘৰতে বনাই দিবলৈ চেষ্টা কৰিব লাগে৷

  এটি সুস্থ আৰু নিৰোগী শিশু সকলো পিতৃমাতৃৰে কাম্য৷ কিয়নো আজিৰ এটি সুস্থ শিশু কাইলৈৰ এজন সুস্থ নাগৰিক৷

Leave a Reply

Your email address will not be published. Required fields are marked *