আমেৰিকাৰ ডায়েৰী (২১) – Purbodix.com

আমেৰিকাৰ ডায়েৰী (২১)

বহুতো পৰিকল্পনাৰ অন্ত পৰি মোৰ সপোনৰ চহৰ চিকাগোখন দেখাৰ সৌভাগ্য অৱশেষত ঘটিল জুলাই মাহৰ ৩১ তাৰিখে৷ বহুদিন ভাবি আছিলোঁ, কিন্তু মিলাবহে পৰা নাছিলোঁ৷ যিকি নহওক এইবাৰ মিলিল আৰু হেঁপাহ পলুৱাই চিকাগো চহৰখন ফুৰিলোঁ৷ মোৰ অন্তৰৰ এটি কোণত সৰn-ডাঙৰ সকলো অভিজ্ঞতা সযতনে সাঁচি ৰাখিবলৈ যত্ন কৰিছোঁ৷

সম্পূৰ্ণ এটা বছৰ পৰিয়ালৰ পৰা বহু দূৰত, তাকো বিদেশত পাৰ কৰা পাছত মোৰ বাৰে বাৰে এবাৰ নিজৰ ঘৰখনলৈ নিজৰ আইজনীৰ ওচৰলৈ আহিব মন ল৷ যিহেতু শাৰীৰিকভাৱে কিছু দুৰ্বল বুলিও ফোনৰ যোগেদি জনাই থাকে মায়ে৷ বহুত ভাৱি চিন্তি সিদ্ধান্ত লোঁ যে নিজৰ দেশলৈ, নিজৰ ঘৰলৈ গৈ আহোঁ৷ মোৰ সকলো সিদ্ধান্ততে সহমত জনোৱা মানুহজনে টিকট কৰি দিলে আগষ্ট তাৰিখে  চিকাগোৰ পৰা গুৱাহাটীলৈ৷  চিকাগোৰ পৰা অহাৰ একমাত্ৰ উদ্দেশ্য আছিল চিকাগো চহৰখনৰ দুই এটা পৰ্যটক স্থললৈ যোৱাৰ৷

জুলাই মাহৰ১৩ তাৰিখে দিনৰ প্ৰায় দুই বজাত আমি যাত্ৰা আৰম্ভ কৰিলোঁ চিকাগোলৈ৷ প্ৰায় পাঁচ ঘণ্টা বাট গাড়ীৰে আহি আমি হোটেল পালোহি সন্ধিয়া সাতমান বজাত৷ অলপ সময় জিৰণি লৈ আমি ওলালো ৰাতিৰ চিকাগো চহৰখন চাবলৈ৷ ইমান যে ব্যস্ত চহৰ৷ গাড়ীৰ সংখ্যাও বহু বেছি, আমি থকা চহৰখনতকৈ বহু বেছি গাড়ী দেখাৰ উপৰিও আন এটা কথা লক্ষ্য কৰিলো দুই এজনে গাড়ী ইমান বেয়াকৈ চলাইছিল মোৰ বুকু কঁপি গৈছিল৷ ৰাস্তাত বিভিন্ন ধৰণৰ গাড়ী দেখিলোঁ, ডাঙৰ ডাঙৰ কোম্পানীৰ নতুন নতুন মডেলৰ বিভিন্ন গাড়ী৷ লাহে লাহে আন্ধাৰ নামি আহিল সকলো ফালে বিভিন্ন লাইটেৰে উজ্জ্বলি উঠিল চহৰখন৷ আমি থকা ঠাইখিনিত আন্ধাৰ হয় মান বজাতহে, কিন্তু চিকাগোত জ্জ্বটা বজাত সম্পূৰ্ণ আন্ধাৰ হৈ পৰিল৷ সুউচ্চ বিল্ডিংবোৰৰ লাইটৰ পোহৰে চহৰখনো উজলাই তুলিলে৷ ঘড়ীটোলৈ মন কৰি দেখিলোঁ ৰাতি বাজিল, নিশাৰ আহাৰৰ বাবে ভাৰতীয় ৰেস্তোৰাঁ এখন বিচাৰি পালোঁ৷ বিভিন্ন ধৰণৰ সুস্বাদু ভাৰতীয় খাদ্য দেখিলোঁ যদিও নিজকে সংযম কৰি ৰুটি আৰু মাংসৰ জুতি লৈ হোটেল পালোহি৷

চিকাগো চহৰৰ মিলেনিয়াম পাৰ্ক আৰn নেভী পিয়েৰৰ কথা সকলোৰে মুখত শুনিবলৈ পাই থাকোঁ, সেইবাবে আমি ৰাতিপুৱা আহাৰ গ্ৰহণ কৰি এই দুইস্থল চাবলৈ যোৱাৰ থিৰাং কৰিলোঁ৷ এইবাৰ পিছে আমি নিজৰ গাড়ী নিবলৈ সাহস নকৰিলোঁ৷ গতিকে উবেৰ এখন লৈ লো৷ হোটেলৰ পৰা মিলেনিয়াম পাৰ্কৰ প্ত মিনিটৰ যাত্ৰাটো হাঁহিৰ খোৰাক যোগাবলৈ অকণো কৃপণালি নকৰিল চালকগৰাকী৷ হাটী নামৰ অকলশৰীয়া মহিলাগৰাকীৰ সংগ্ৰাম বহুত জীৱনত তথাপি তেওঁ সকলো যাত্ৰীৰ সৈতে হাঁহিধেমালিৰে গন্তব্য স্থলত থৈ আহে৷ পোন প্ৰথমতে তেওঁ আৰম্ভ কৰিলে আমাৰ ঘৰৰ কথাৰে, ভাৰতীয় বুলি গম পাই ভাৰতলৈ অহাৰ অভিজ্ঞতা জনালে তেওঁ৷ ১৯৯৪ চনত দিল্লী, মাদ্ৰাজ আৰn ¸ৰাজস্থান চহৰ ফুৰিবলৈ আহি মানুহৰ ভিৰ দেখি তেওঁ প্ৰথমতে হতবাক হৈ পৰিছিল৷ খাদ্যত মাখিৰ পয়োভৰ যদিও মাখিটো আঁতৰাই খাদ্যখিনি পুনৰাই ভাৰতীয় লোকে কেনেকৈ খায় সকলো কথা বিৱৰি লে৷ তাৰ পাছত বাছত উঠি তেওঁৰ অবস্থা একেবাৰে বেয়াহৈ পৰিল৷ বাকপটু মহিলা গৰাকীয়ে আমাৰ আগত আমাৰ দেশৰ বিষয়ে এনেকৈ বৰ্ণনা কৰিছে যাতে আমি বেয়াও নাপাওঁ সেই কথাৰ প্ৰতিও লক্ষ্য ৰাখিছে৷ টয়লেট পেপাৰ নথকাৰ বাবে বহু সমস্যাত পৰিল তেখেত সেই কথাও বুজাই দিলে৷ কথাৰ মাজতে দুজন ব্যক্তিক ফোনতে কিছু দায়িত্ব দিয়াও দেখিলোঁ৷ মোৰ জোতাযোৰৰ প্ৰশংসা কৰিবলৈও নাপাহৰিল৷ মহাত্মা গান্ধী, মাদাৰ টেৰেছা, ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে থকা তেখেতৰ জ্ঞানে মোক আপ্লুত কৰিলে৷ আমিও বৰ্তমান ভাৰতবৰ্ষ যে বহু সলনি , এতিয়া তেওঁ আহিলে সম্পূৰ্ণ এখন বেলেগ ভাৰতবৰ্ষ দেখিবলৈ পাব তেখেতক জনালোঁ৷ আমেৰিকাৰ ব্যয়বহুল স্বাস্থ্য সেৱা আৰn টেক্স ব্যৱস্থাৰ বিষয়েও বহুখিনি কথাই আলোচনা আমাৰ লগত কৰিলে৷ হাটীৰ ৰসাল ব্যক্তিত্ব সৈতে এটি মধুৰ যাত্ৰাৰ সামৰণি পেলাই আমি সোমালো মিলেনিয়াম পাৰ্কত৷

মেলেনিয়াম পাৰ্কৰ শাৰী শাৰী ফুলবোৰ দেখিলে দৃষ্টি আঁতৰাবলৈ মন নোযোৱা৷ লাহে লাহে ভিতৰলৈ গৈ আছোঁ তেনেতে দেখিলোঁ ৱাটাৰ পাৰ্ক সদৃশ সৰn ¸যদিও কেইটিমান শিশুৱে খেলি আছে তাত৷ আৰ্ট ইনষ্টিটিউট, ক্লাউড গেট, কনচাৰ্টৰ বাবে সাজু কৰি ৰখা গেলৰী, এই সকলোবোৰ একেথৰে চাই থাকিলো মই বহু সময়৷ ক্লাউড গেটত যথেষ্ট মানুহ ছেলফী তুলিবলৈ৷ ময়ো পিছ পৰি নৰলো৷ ছেলফী তোলাত ব্যস্ত হৈপৰিলোঁ৷ আৰ্ট ইনষ্টিটিউটখন চাবলৈ বৰকৈ মোৰ মন আছিল যদিও সময়ৰ কিছু অভাৱ হোৱাৰ বাবে অন্য এদিনলৈ ৰাখিলোঁ মোৰ এই ইচ্ছা৷ দুঘণ্টামান সময় পাৰ কৰি আমি ওলালো নেভী পিয়েৰলৈ৷

নেভী পিয়েৰ আৰু মিলেনিয়াম পাৰ্কৰ মাজত দুৰত্ব বৰ বেছি যেন নেদেখি খোজেৰেই আগবাঢ়িলো৷ গুগুল মেপৰ সহায়েৰে এখোজ দুখোজকৈ আগবাঢ়ি গৈ সুউচ্চ কাঁচৰ ঘৰবোৰ চাই লো৷ তাৰ মাজতে দেখিলোঁ দুজন লোকে কঁকালত ৰছি বান্ধি ওপৰৰ পৰা গ্লাচবোৰ চাফা কৰি আহি আছে৷ দেখি ভয় লাগি ল৷ ইমানেই ওখ ওপৰলৈ চাওঁতে ডিঙি বিষাই গৈছিল আৰু মানুহ কেইজনক একেবাৰে ক্ষুদ্ৰ আকাৰতহে দেখা পাইছিলোঁ৷ মনতে ভাবিবলৈ বাধ্য লো পেটৰ তাড়ণাতে নি( ইমান সাহস বুকুত বান্ধি এই কাম কৰিছে৷ এনেকৈয়ে প্ৰায় আধা ঘণ্টা খোজেৰে গৈ আমি পালোঁ নেভী পিয়েৰ৷

শাৰী পাতি কণ কণ শিশুসকল স্কুল বাছৰ পৰা নামি অহা দৃশ্যই মোৰ চকুত প্ৰথম ধৰা পৰিল৷ শিক্ষকসকলে যেনেকৈ কৈছে তেওঁলোক তেনেকৈয়ে আগুৱাই গৈ ভিতৰত এটি নিৰ্দিষ্ট স্থান বিচাৰি লৈ বহিল৷ আমি ভিতৰত অন্য এখন বিদ্যালয়ৰ কিছু ৰাছোৱালী দেখিলোঁ শিক্ষকসকলৰ লগত কিবা আলোচনাত মিলিত হোৱা৷ তেওঁলোকক দেখি থকাকৈ ময়ো চকী এখনত বহি লো নৈখনৰ কাষতে৷ গৰমত শৰীৰ জুৰ পৰা বতাহ এজাক পাই বৰ আৰাম লাগিল৷ নৈখনত কেইবাখনো ডাঙৰ ডাঙৰ নাও চলি আছে৷ আকাশত আকৌ হেলিকপ্টাৰ কেইবাখনো চলি আছে৷ এখন হেলিকপ্টাৰ দেখিলোঁ, যাৰ পাছফালে পেপছীৰ বেনাৰ এখন উৰুৱাই লৈ ফুৰিছে৷ লাহেকৈ গম পালোঁ চিকাগো চহৰখনৰ সৌন্দৰ্য নাৱেৰে বা হেলিকপ্টাৰৰ সহায়ত উপভোগ কৰিব পাৰি৷ সেইবাবে কিছু সময়ৰ মূৰে মূৰে পানীত নাও আৰু আকাশত হেলিকপ্টাৰ উৰি আছে৷

পুনৰবাৰ স্কুলীয়া ৰাছোৱালীখিনিৰ ফালে চাই দেখিলোঁ তেওঁলোকৰ এইবাৰ দিনৰ আহাৰ খোৱাৰ সময়৷ সকলোৱে নিজৰ নিজৰ বেগৰ পৰা টিফিন, পানী বটল উলিয়াই ধুনীয়াকৈ নেপকিন পাৰি তিনি চাৰিজনীয়া দল বান্ধি খাবলৈ বহি লৈছে৷ দেখি যে ইমান মৰম লাগিছে৷ মই তেওঁলোকৰ সকলো কামেই লক্ষ্য কৰি আছিলোঁ৷ প্ৰায় বিশজনীয়া কণ কণ শিশুৰ দল এটাই খাদ্য গ্ৰহণ কৰিলে, কিন্তু তো কুটা এটা দেখিবলৈ নাপালোঁ, ইমান চাফাকৈ খাইছে৷ খোৱাৰ শেষত নেপকিন ডাষ্টবিনত পেলাইছে, টিফিন পানী বটল নিজৰ নিজৰ বেগত নিয়াৰিকৈ ভৰাই লৈছে৷ সৰুৰে পৰাই তেওঁলোকক সকলো কথাই শিকাই দিয়ে চাফ চিকুণতাৰ পৰা নিয়মানুবৰ্তিতালৈকে৷

নেভী পিয়েৰ আৰু অলপ ভিতৰলৈ লো৷ সৰুৰ পৰা ডাঙৰলৈ অৱসৰ বিনোদনৰ বাবে বিভিন্ন ধৰণৰ গাড়ী, ঘোঁৰা, আৰু চকৰীৰ দৰে ঘূৰি থকাটো দেখিলেই মোৰ মুৰটো ঘূৰায়৷ গতিকে আনকহে চালোঁ স্ফুৰ্তি কৰা নিজে সাহস নকৰিলোঁ৷ খোজকাঢ়ি ঘূৰি ঘূৰি এটা সময়ত আমাৰ ভোক লাগিল৷ মেক ডনাল্ডখন দেখি তাতে সোমাই দিলো৷ লানি নিচিগা মানুহৰ সোঁত৷ কোনোমতে আমি দুয়ো সোমালো৷ সকলো কাম শৃংখলাবদ্ধ বাবে আমি বেছি দেৰি লগা নহল৷ বাৰ্গাৰ, ফ্ৰাইছ, আছিল আমাৰ দুপৰীয়া আহাৰত৷ খাই বই নিজেই পেকেট আৰn নেপকিন ডাষ্টবিনত পেলাব লাগে, এইখিনিতে মোক সহায় কৰিলে জ্জজ্জ্ব বছৰীয়া কণমানি এগৰাকীয়ে৷ কিযে তীক্ষ্ণ বুদ্ধিৰ অধিকাৰী আছিল ছোৱালীজনী৷ সকলো বস্তু পেলাই শেষত নেপকিনেৰে হাতখন মুচি কিলাকুটিৰ সহায়ত তাই ডাষ্টবিনটো খুলি নেপকিনখন পেলাইছে৷ পুনৰবাৰ ডাষ্টবিন হাতেৰে চুলে হাতখন লেতেৰা হয় বুলি৷

এনেকৈয়ে সম্পূৰ্ণ এটা দিন চিকাগো চহৰখনত বিভিন্ন অভিজ্ঞতা গোটালো৷ পাছদিনাখন পুৱাই মোৰ ফ্লাইট থকাৰ বাবে বহুখিনি ঠাই চাবলৈ বাকী যদিও মনটোত কিবা এটা সন্তুষ্টি পালোঁ৷

বিঃদ্ৰঃমোৰ আমেৰিকাৰ ডায়েৰীখন ইমানতে সামৰণি মাৰিলো৷

Leave a Reply

Your email address will not be published. Required fields are marked *