বৰষুণজাকে
তুমি অহাৰ উমান দিয়ে,
শীতল বতাহ জাকেও
আহিবা বুলি বতৰা দিয়ে৷
চকুজুৰিয়েও বাৰে বাৰে
চাই ৰয়
পদুলিলৈ,
প্ৰেমৰ ভাষা চকুৰে বুজাবলৈ৷
তোমাৰ বুকুত মুৰ গুজি
এপ’লক জিৰাও
ভাগৰুৱা দেহ–মন শাঁত পেলাওঁ৷
বাজে সুৰ হৃদয়ত
অইঃ নিতমৰ
প্ৰেমৰ জোঁৱাৰ উঠে
মনৰ সাগৰৰ তীৰত৷
একো নকবা
মাথো চকুলৈ চাই ৰোৱা
অনুভৱ প্ৰেম বিশালতাৰ৷
ৰঙা চাহৰ কাপত
ওঁঠৰ ৰঙা বোল
যেন অমৃতৰ সৰোবৰ৷
তুমি অহাৰ অপেক্ষা
চকুজুৰিও ভাগৰুৱা৷