January 12, 2023January 12, 2023 by Arup Kakoti উপকৰণ ঃ চিৰা– ১ কাপ, গুৰৰ পাউদাৰ– ৰয২ কাপ, কাজু– ১০ টা, খেজুৰ– ৮ টা, ঘী– ৩ টেবুল চামুচ, ইলাচী– ২ টা৷ প্ৰণালী ঃ প্ৰথমতে পাতল চিৰাখিনি পৰিস্কাৰ কৰি ধুই পানীখিনি গুচাই ল’ব লাগে৷ তাৰ পিছত কেৰাহী এটাত ঘী গৰম কৰি ইলাচী ২ টা দিব লাগে আৰু চিৰাখিনি ভালদৰে ভাজিব লাগে৷ তাৰ পিছত পাউদাৰ গুৰখিনি দি আৰু ভাজিব লাগে একেলগে গুড়ি কৰা কাজু আৰু খেজুৰখিনি দিব লাগে৷ সকলোখিনি ধুনীয়াকৈ ২০ মিনিট সময় ভালদৰে ভাজি ল’ব লাগে৷ হোৱাৰ পিছত ১ চামুচ ঘী দিব লাগে৷ তাৰ পিছত লাড়ু আকাৰত পৰিৱেশন কৰিব লাগে৷ Share on FacebookTweetFollow us