
ফৰাচী সাহিত্যিক ড’মিনিক লেপিয়েৰৰ অলপতে দেহাৱসান ঘটিল যাৰ কলমেৰে সৃষ্টি হৈছিল বিশেষ উপন্যাস ‘চিটি অৱ জয়’৷ যিখন চলচ্চিত্ৰৰ ৰূপতো নিৰ্মাণ কৰা হৈছিল৷ তেওঁৰ গ্ৰন্থ এক কোটিৰো ওপৰ বিক্ৰী হয়, অসমতো তেওঁৰ গ্ৰন্থৰ চাহিদা আছে৷
এতিয়া আমাৰ সাহিত্যৰ কথালৈ আহো৷ প্ৰতি বছৰে বহুতো নতুন নতুন লেখকৰ জন্ম হৈছে আৰু নতুন নতুন গ্ৰন্থই প্ৰকাশৰ মুখ দেখিছে৷ এয়া নিঃসন্দেহে উৎসাহজনক কথা৷ সকলোৰে সপোন, নিজৰ সৃষ্টিয়ে গ্ৰন্থৰ ৰূপ পাওঁক, পঢ়ুৱৈৰ সমাদৰ লাভ কৰক৷ কিন্তু প্ৰকৃত অৰ্থত সেয়া কাৰ ক্ষেত্ৰত কিমান হৈছে সহজেই অনুমেয়৷ আঙুলিৰ মুৰত লেখিব পৰা পঢ়ুৱৈয়ে কিমান দিন জীয়াই ৰাখিব এগৰাকী লেখকৰ সপোনক? কিমান বছৰ আৰু জীয়াই ৰাখিব এটা প্ৰকাশনক? কিন্তু প্ৰকৃত অৰ্থত পঢ়ুৱৈৰ সংখ্যা কমিছে জানো? নহ’লে এই বিদেশী সাহিত্যিকসকলৰ গ্ৰন্থ অসমত নি(য় বিক্ৰী নহ’লহেঁতেন৷ আজিৰ প্ৰজন্মই চেতন ভাগত, আমিষ ত্ৰিপাঠী,
ঝুম্পা লাহিড়ী আদিৰ গ্ৰন্থ পঢ়ে, সিহঁতৰ মাজতো ‘গ্ৰন্থ পিপাসু’ক দেখা পোৱা যায়, কিন্তু অসমীয়া গ্ৰন্থৰ প্ৰতিহে সিহঁত আগ্ৰহী নহয়৷ কাৰণ এটাই ‘মাধ্যম’৷ ইংৰাজী মাধ্যমত পঢ়া ল’ৰা–ছোৱালীয়ে অসমীয়া বিষয়টো ল’ব লাগে বাবেহে লয়৷ সিহঁতে বাতৰি কাকতৰ ‘হেডলাইন’
কেইটা পঢ়িব পাৰে যদিও গ্ৰন্থ এখনৰ কঠিন শব্দবোৰৰ অৰ্থ বিচাৰি পঢ়িবলৈ ইচ্ছু্যক নহয়৷ তাতকৈ ইংলিছত লিখা গ্ৰন্থ এখন পঢ়িবলৈহে বেছি সহজ পায়, সেয়ে অসমীয়া গ্ৰন্থৰ প্ৰতি উৎসাহ অনুভৱ নকৰে৷ উদাহৰণ হিচাপে মোৰ ছোৱালীৰ লগৰবোৰে তাইক কয়– ‘‘মাক ইংলিছত লেখিবলৈ ক’বাচোন৷’’ নতুন প্ৰজন্মক বাদ দিলে বাকী থাকিল আমি চল্লিছ–পঞ্চলিছৰ দেওনা পাৰ হোৱা পঢ়ুৱৈসকল,
যিয়ে জীৱনৰ নানানটা সমস্যাৰে জড়িত হৈ কিতাপ এখন পঢ়াৰ বাবে সময়ৰ লগতে পৰিৱেশ হেৰুৱাবলৈ ধৰিছোঁ৷ আমাৰ অগ্ৰজ সকলকো বাৰ্ধক্যই হেঙাৰ দিছে৷ ইয়াৰ মাজতে কিছুসংখ্যকে দুই–এখন গ্ৰন্থৰে সময় পাৰ কৰিছে৷ কিন্তু বেছিভাগেই কিতাপ পঢ়াৰ স্পৃহা হেৰুৱাই পেলাইছে৷ এয়াও হয়তো সময়ৰে প্ৰতিক্ৰিয়া৷ তেন্তে বাকী থাকিল কোন? কাৰ বাবে আমি লেখিম আৰু কিমানদিন?
আমাৰ সময়ত ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ–ছাত্ৰী কমেই আছিল৷ প্ৰায়ভাগেই অসমীয়া মাধ্যমতেই শিক্ষা গ্ৰহণ কৰিছিল সেয়ে সেই সময়ত সৃষ্টি হোৱা গল্প, উপন্যাস, কবিতা, প্ৰৱন্ধ আদিৰ গ্ৰন্থক সমাদৰ কৰিছিল৷ লেখক–লেখিকাৰ নাম কণ্ঠস্থ আছিল৷ তেওঁলোকৰ সৃষ্টিয়ে যথেষ্ট সমাদৰ পাইছিল৷ কিন্তু আজি কালি লেখকৰ সংখ্যাও বাঢ়িল, গ্ৰন্থয়ো সাহিত্যৰ ভঁৰাল চহকী কৰিছে কিন্তু ইয়াৰ অনুপাতে মাতৃভাষাৰ পঢ়ুৱৈৰ সংখ্যা সীমিত হৈ পৰিল৷ এনেকৈ আৰু কিমানদিন প্ৰকাশকে যুঁজিব, লেখক জীয়াই থাকিব? কাৰ বাবে লেখিম আমি, কিমানজনে আমাৰ লেখা পঢ়িব? সঁচাকৈয়ে এয়া চিন্তনীয় বিষয় নহয় নে?