অণুগল্প ভয়ৰ আনন্দ (প্ৰাঞ্জনা দত্ত) – Purbodix.com

অণুগল্প ভয়ৰ আনন্দ (প্ৰাঞ্জনা দত্ত)

বাৰে বাৰে গা শিয়ৰি উঠা বিজুলী ঢেৰেকনিৰ শব্দই শেৱালিক চিন্তিত কৰি তুলিছে৷ স্বামীৰ অবিহনে তাইৰ এয়া প্ৰথম অিনচ্ছাকৃত বহাগক আদৰাৰ প্ৰস্তুতি৷ এনে বতৰত ভয়ক আৰু ভয় লগা কৰি দুটামান জাপ মাৰি স্বামীৰ বুকুৰ মাজত সোমাই তাই নিজকে কণমানি মাইনাজনী সজাই এক বুজাব নোৱাৰা আনন্দহে পাইছিল৷ কিন্তু এইবাৰ সেই আনন্দ নহসেই আনন্দ আৰু কেতিয়াও নহব৷ উকা কপালেৰে শুদা বুকুৰ মাজত দুটি সন্তানক তাই এই ভয়ত সাbLনা দিব লাগিব৷ পাৰিবনে বাৰু তাই? পাৰিব লাগিব৷ হয় পাৰিবই লাগিব তাই৷ হঠাৎ কাণ তাল মৰা ঢেৰেকনিত তাইৰ সমষ্ট গা গৰম হৈ উঠিল৷ কাষত শুই থকা দুটি সন্তানে মা বুলি কান্দি তাইক সাৱটি ধৰিলে৷ এতিয়া কি কৰিব তাই? তায়ো ভয় কৰিব নেকি? নাই তাই ভয় নকৰেমানে নেদেখুৱায়৷ নোৱৰাকৈয়ে তাইৰ মুখেৰে ওলাই আহিল শব্দ কেইটা ‘‘ভয় নকৰিবা সোণ, এয়া ভয়ৰ কথা নহয় বৰং আনন্দ কৰাৰ কথাহে৷ এয়া বৰদৈচিলা মাহী, চোৱাচোন মাহীজনীয়ে কেনেকৈ গছৰ বেয়া পাতবোৰ, আৱৰ্জনাবোৰ আমাৰ ঘৰৰ পৰা চাফা কৰি আছে৷ পানীৰে আমাৰ ঘৰবাৰীবোৰ ধুই পৰিস্কাৰ কৰি আছে৷ দুদিনমানৰ পিছত দেখিবা গছবোৰত সেউজীয়া পাতেৰে ভৰি পৰিব, ধুনীয়া ফুল ফুলিব৷’’ তাকে শুনি কণমানি দুটাই খিৰিকিৰে মাহীয়েকক চোৱাৰ হেঁপাহ কৰিলে৷ তাই খিৰিকিখনৰ পৰ্দাখন দাঙি ধৰি সিহঁতক বাহিৰৰ পৰিৱেশ দেখুৱালে৷ ঘৰৰ চাল উৰুৱাই নিব খোজা বতাহ আৰু ঢেৰেকনিৰ শব্দত দুয়ো সন্তানে এইবাৰ মা নুবুলি মাহী বুলি চিঞৰি চিঞৰি আনন্দ কৰিলে৷ শেৱালিয়ে স্বস্তিৰ নিশ্বাস পেলাই ভাবিলে এয়াও এক আনন্দ ভয়ৰ আনন্দ৷

Leave a Reply

Your email address will not be published. Required fields are marked *