চাওঁতে চাওঁতে চকুৰ পলকতেই বছৰটো বাগৰি গ’ল৷ সকলোৰে ব্যক্তিগত, সামাজিক আৰু ৰাজনৈতিক জীৱনৰ উত্থান–পতন আৰু বহুতো ঘটনা–পৰিঘটনাৰ মেটমৰা বোজা লৈ বিদায়মুখৰ ২০২২ আৰু বহুতো অনাগত সম্ভাৱনাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজলৈ আহিব ২০২৩৷ পুৰণিক বিদায় দি নতুনক আদৰি লোৱা মানৱ জাতিৰ এক পৰম্পৰা৷
বিগত সময়ছোৱাত অসমক আটাইতকৈ ক্ষতিগ্ৰস্ত কৰি যোৱা কাৰণটো আছিল বানপানী৷ ভয়ংকৰ বানপানীয়ে গাঁৱে–ভূঞে সৰ্বত্ৰ জলমগ্ন কৰি অসমৰ জনসাধাৰণৰ জীৱনত এক সৰ্বাত্মক ক্ষতিসাধন কৰি থৈ যায়৷ জনা গৈছিল এই বানপানীৰ মুখ্য কাৰণ আছিল আবতৰীয়া প্ৰৱল বৰষুণ৷
এই বানপানীৰ আগছোৱাত অসমৰ জনজীৱনক প্ৰায় দুবছৰলৈ ভয়ংকৰ কৰোনাই স্তব্ধ কৰি ৰাখিছিল৷ মৃত্যুৰ বিভীষিকাই প্ৰতিদিনে নিদ্ৰাহৰণ কৰিছিল আমাৰ৷ অৰ্থনৈতিকভাৱে আমি বিধবংস হৈ পৰিছিলোঁ৷ সমাজত চুৰি–ডকাইত আৰু আত্মহত্যাৰ দৰে ঘটনা প্ৰতিদিন ভয়ানক হাৰত বৃদ্ধি হ’ব ধৰিছিল৷ ছাত্ৰ–ছাত্ৰীৰ অধ্যয়ন আৰু স্কুল–কলেজীয়া জীৱনো স্তদ্ধপ্ৰায় হৈ পৰিছিল৷
এই ডিচেম্বৰৰ শেষত নতুন বৰ্ষৰ পৰ্বৰ আগতেই আমেৰিকা, জাপান আদি বিভিন্ন দেশত বলিছে প্ৰচণ্ড বৰফৰ ধুমুহা৷ জনজীৱন স্তব্ধ৷
এনেদৰেই প্ৰায় এক বা দুই দশক মান আগৰ পৰা আমি যেন প্ৰকৃতিৰ ৰোষত পৰিছোঁ৷ প্ৰকৃতি যেন ভয়ংকৰভাৱে নাৰাজ মানৱ জাতিৰ প্ৰতি৷ নহ’বইনো কিয়? অতিমাত্ৰা জনবিস্ফোৰণেৰে আমি জানো প্ৰকৃতিক প্ৰত্যাহ্বান জনোৱা নাই?
গছ–বন কাটি, পাহাৰ–পৰ্বত টকলা কৰি আমি জানো প্ৰকৃতিৰ বুকুত গোৰ মৰা নাই৷ নৈ–সাগৰৰ বুকু, নলা–নৰ্দমা আদি কোটি কোটি নৈ প্লাষ্টিকৰ আৱৰ্জনাৰে পৰিপূৰ্ণ কৰি প্ৰকৃতিৰ আচলত আমি বিহ গাঠি দিয়া নাইনে?
কল–কাৰখানা, গাড়ী–মটৰৰ ধোৱাৰে দিনতেই আকাশ কলীয়া ডাৱৰে আঁৱৰি ধৰা অৱস্থা আমিয়েই কৰা নাইনে? প্ৰকৃতিৰ বুকুত মানৱ জাতিয়ে কৰা অত্যাচাৰৰ শেষ নাই৷ সেয়ে প্ৰকৃতি আই আজি ৰুষ্ট৷
আজি সমগ্ৰ পৃথিৱীৰ কেইজনমান ক্ষমতাশালী আৰু দুৰ্নীতি পৰায়ণ ৰজা–মহাৰজাৰ বাবেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কোনো এটা ক্ষেত্ৰতেই প্ৰকৃতিক মানৱ সভ্যতাৰ তথাকথিত যান্ত্ৰিক হাতোৰাৰ পৰা ৰক্ষা কৰিবলৈ কোনো কঠোৰ নিয়ম বলবৎ কৰিবলৈ সক্ষম নহয়৷ ফলত জনবিস্ফোৰণ, প্ৰদূষণ আৰু অৰণ্য ধবংসৰ পৰিমাণ দিনে দিনে বাঢ়ি গৈছে৷
এই সকলোবোৰৰ ফলাফল আমি ভোগ কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু হয়তো আমাৰ পাছৰ প্ৰজন্মৰ সন্তানসকল আৰু ভয়াৱহ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব৷
কিন্তু আমাৰ হাতত এতিয়াও সময় আছে৷ সময় আছে আমাৰ মৰমৰ পৃথিৱীখনক পুনৰবাৰ নতুনকৈ সজাবলৈ৷ সময় আছে প্ৰকৃতিৰ সৈতে হাত মিলোৱাৰ৷ আজি আমি প্ৰতিজন ব্যক্তি যদি ব্যক্তিগতভাৱে সচেতন হওঁ আৰু আনকো সচেতন কৰো– অন্ততঃত এটা প্ৰজন্মই যদি নিৰৱিচ্ছিন্নভাৱে প্ৰকৃতি সংৰক্ষণৰ সজাগতাৰ ওপৰত অকণমান সময় আৰু সঁহাৰি দিওঁ সেইয়াও যথেষ্ট৷ ইতিমধ্যে এই বিষয়ত ব্যাপক চিন্তা–চৰ্চা আৰু গৱেষণা আৰম্ভ হৈছে৷
শেষত নতুন বৰ্ষই সকলোৰে জীৱনলৈ আনক অনাবিল প্ৰশান্তি আৰু প্ৰাপ্তিৰ সঁফুৰা– তাৰেই কামনাৰে৷