যুতিকা বৰুৱাৰ স্বামীয়ে আত্মহত্যা কৰিলে৷ বৰ বৰ আখৰেৰে পাছদিনাই খবৰটো দৈনিক বাতৰি কাকতবোৰত প্ৰকাশ পালে৷ দূৰদৰ্শনৰ পৰ্দাতো উক্ত খবৰে চাঞ্চল্যৰ সৃষ্টি কৰি তুলিলে৷ অইলৰ কোৱাৰ্টাৰৰ কোঠাতেই অঘটন ঘটালে৷ ক’ৰ পৰা কি হৈ গ’ল কোনেও ধৰিবই নোৱাৰিলে৷
প্ৰসেনজিৎ শইকীয়াৰ লগত প্ৰেমসূত্ৰেই যুতিকা বৰুৱাই বিয়া পাতিছিল৷ দুয়ো ইঞ্জিনীয়াৰিং কলেজত একেলগে পঢ়া৷ তেতিয়াই দুয়োৰে মাজত প্ৰেমৰ আদান–প্ৰদান হৈছিল৷
দুয়ো এখন সোণৰ সংসাৰ গঢ়াৰ সপোন দেখিছিল৷
তেওঁলোক দুয়োৰে এই সোণালী সপোন এদিন দিঠকত পৰিণত হ’ল৷
প্ৰথমতে দুয়োৰে সংসাৰ ভালেই চলিছিল৷ তেওঁলোকৰ আৰ্থিক অৱস্থাও স্বচ্চল৷ নাই কোনো অভাৱ অনাটন৷ ভ্ৰমণৰ চখ আছে দুয়োৰে৷ বিদেশলৈ যোৱাৰ বাবেও আঁচনি লৈছে৷
পাছেপাৰ্টৰ বাবেও ইতিমধ্যে আৱেদন কৰিছে৷ মাজত দুয়ো কিছুদিনৰ আগতে ছিকিম, গেংটক ভ্ৰমণ কৰি আহিছে৷
যুতিকা বৰুৱাই অইলত চাকৰি কৰাৰ সূত্ৰে অইলৰ কোৱাৰ্টাৰতে থাকিবলৈ ল’লে৷ স্বামী প্ৰসেনজিৎ শইকীয়া টেলিকম কোম্পানী এটাৰ ইঞ্জিনীয়াৰ৷ সেয়ে তেওঁ ইঠাইৰ পৰা সিঠাইলৈ চাকৰি সূত্ৰে ভ্ৰমণ কৰি থাকিব লাগে৷
প্ৰসেন নথকা সময়ত যুতিকা বৰুৱাই অকলশৰীয়া অনুভৱ কৰে৷ অৱশ্যে যুতিকা বৰুৱাৰ ঘৰুৱা কাম–বনৰ সৰহখিনি বনকৰা তিৰোতাই সম্পাদন কৰে৷ এনেয়েওতেল নিগমৰ কোৱাৰ্টাৰবোৰলৈ বনকৰা মানুহৰ সমাগম খুবেই বেছি৷ কিয়নো বনকৰা তিৰোতাই সদায় সৰহকৈ পইচা পায়৷ সেয়ে হয়তো চাকৰিয়াল মানুহবোৰৰ পৰিয়ালত ঘৰুৱা কৰ্মীৰ কোনোদিন অভাৱ হোৱা নাই৷
তেল নিগমৰ চাকৰিয়ালৰ দৰমহা পাতি ভাল৷ তেওঁলোকৰ একোৰে অভাৱ নাই৷ তথাপিতো যুতিকা বৰুৱাই আজিকালি কিবা এটাৰ অভাৱ বৰকৈ অনুভৱ কৰিছে৷
তেওঁ অনুভৱ কৰে তেওঁ যেন আগৰ সেই হাঁহি মাতি থকা চঞ্চলা যুতিকাজনী হৈ থকা নাই৷ তেঁৱো বিচাৰে সুখ–দুখৰ কথা পাতিবলৈ লগ এটা৷
বিজয় কুমাৰ শৰ্মা নামৰ এজন যুৱকে কিছুদিনৰ আগতে যুতিকা বৰুৱাহঁতৰ কাৰ্যালয়তে যোগদান কৰিছে৷ বিজয় সুদৰ্শন যুৱক৷ যিকোনো মহিলাকে আকৰ্ষণ কৰিব পৰা তাৰ এটা সুন্দৰ শৰীৰ আছে৷ হাঁহি–ধেমালি কৰি, স্ফূৰ্তিবাজ, চলাহী কথা–বতৰা পাতি সকলোকে আকৃষ্ট কৰি ল’ব পৰা এটা গুণ বিজয় শৰ্মাৰ গাত আছে৷ সেয়ে কাৰ্যালয়ত যোগদান কৰাৰ পাছতে সকলোকে তেওঁ আপোন কৰি ল’লে৷ এই ক্ষেত্ৰত যুতিকা বৰুৱাও বাদ নপৰিল৷
যুতিকা বৰুৱাই বৰ ভাল গান গায়৷ স্কুল–কলেজত পঢ়া দিনৰ পৰাই গান গোৱাৰ অভ্যাস এটা আছিল৷ বিয়া পতাৰ পাছত তেওঁৰ গান গোৱাৰ ক্ষেত্ৰত যতি পৰিছিল৷
অৱশ্যে কাৰ্যালয়ত অনুষ্ঠিত হোৱা কিছুমান কাৰ্যসূচী যেনে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস, কাযাৰ্লয়ৰ বিহু সন্মিলন আদিত সমবেত সংগীত আদি পৰিৱেশন কৰিছিল৷ বিভাগীয় সুৰক্ষা সপ্তাহত সমবেত সংগীত প্ৰতিযোগিতাতো অংশ লৈছিল৷ বহু ইমানখিনিলৈকেহে তেওঁৰ সংগীতৰ চৰ্চা বিয়াৰ পাছৰ জীৱনত সম্ভৱ হৈছিল৷
কাৰ্যালয়ত নতুনকৈ যোগদান কৰা বিজয় শৰ্মাৰো সংগীতৰ প্ৰতি ভাল ৰাপ এটা আছিল৷ ইয়াৰ উপৰিও বিজয়ে ভাল গীতাৰ, হাৰম’নিয়াম আদি বজায়৷ সেয়ে এইবাৰ উত্তৰ–পূৱ ভিত্তিত অনুষ্ঠিত হ’বলগীয়া সুৰক্ষা সপ্তাহৰ বাবে তেওঁলোকৰ কাৰ্যালয়ৰ তৰফৰ পৰা নিৰ্বাচিত হোৱা দলৰ সদস্য বিজয় শৰ্মাকো কৰা হ’ল৷ সেই প্ৰতিযোগিতাৰ বাবে তেওঁলোকে আবেলি আবেলি ভালকৈ আখৰা কৰিছে৷
যুতিকা বৰুলা বিজয় শৰ্মাৰ এইবোৰ প্ৰতিভা দেখি বৰ মুগ্ধ হ’ল৷ বিজয় শৰ্মাহঁতৰ লগত অনুশীলন কৰি যুতিকা বৰুৱা মানুহগৰাকী পুনৰ ৰাংঢালী হৈ পৰিল৷ জীৱনত জীয়াই থকাৰ নতুন প্ৰেৰণাৰ উৎস লাভ কৰিলে৷ লাহে লাহে তেওঁৰ দিনবোৰ পুনৰ আনন্দময় হৈ আহিল৷
প্ৰসেনজিৎ শইকীয়াৰ চাকৰিৰ প্ৰমোচন হ’ল৷ সেই অজুহাতত তেওঁ আজিকালি বৰ বেছি ব্যস্ততা দেখুৱাবলৈ ল’লে৷ পত্নী যুতিকা বৰুৱাক সময় দিব নোৱাৰা হ’ল৷ যুতিকা বৰুৱাই বৰ অকলশৰীয়া অনুভৱ কৰিব ধৰিলে৷ হ’লেও তেওঁক কথ া পাতিবলৈ লগ এটা লাগে বুলি অনুভৱ হ’বলৈ ধৰিছে৷
তেওঁলোকৰ আজি বিয়া হোৱা কেইবাবছৰো হ’ল৷ যুতিকা বৰুৱাৰ স্বামীয়ে সন্তান নিবিচাৰে৷ তেওঁ আধুনিক যুগৰ ষ্টাইলত জীৱন ধাৰণ কৰিব বিচাৰে৷ তেওঁ বিচাৰে আদিম যৌন জীৱন, যেতিয়াই মন যায় তেতিয়াই তেওঁ পত্নীক উপভোগ কৰিব বিচাৰে৷ সন্তান হ’লে যে তেওঁৰ যৌন ক্ষুধাত বাধা পৰিব সেয়া প্ৰসেনজিতে তেওঁৰ ভাৱ–ভাষাত স্পষ্টভাৱে প্ৰকাশ কৰি দিয়ে৷ অইনে কি ভাবে নাজানো কিন্তু যুতিকা বৰুৱাই অন্ততঃ কথাবোৰ তেনেদৰেই ভাবে৷
যুতিকাৰ মাজে মাজে মনত সন্দেহ ওপজে গিৰিয়েকে তেওঁৰ বাহিৰে বেলেগ নাৰীৰ সতে সম্পৰ্ক ৰখা নাইতো৷ কিয়নো আজি কিছুদিনৰ পৰা গিৰিয়েকে প্ৰায়ে তেওঁৰ লগত শাৰীৰিক সম্পৰ্ক আদিৰ পৰাও আঁতৰত থাকিবলৈ চেষ্টা কৰা আৰম্ভ কৰিছে৷
কাৰ্যালয়ৰ পাঁচদিনীয়া এক প্ৰশিক্ষণ কাৰ্যসূচীত যুতিকা বৰুৱা নিৰ্বাচিত হ’ল৷ উক্ত প্ৰশিক্ষণৰ বাবে বিজয় শৰ্মাকো মনোনীত কৰা হৈছিল৷
দুয়ো প্ৰশিক্ষণৰ বাবে একেখন গাড়ীৰে যোৱাৰ ব্যৱস্থা কৰিলে৷ সিদ্ধান্ত হ’ল বিজয় শৰ্মাৰ নিজা গাড়ীখন লৈ যাব৷ আৰু গ’লেও যুতিকা বৰুৱাই পেট্ৰল ভৰাবলৈ কিছু ধন দিব৷
কথা মতে সময়ত দুয়ো প্ৰশিক্ষণ স্থানলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে ৰাতিপুৱাৰ সময়তে৷ বাটত তেওঁলোকৰ কথা–বাৰ্তাই বহু আনন্দৰ জোৱাৰ তুলিলে৷ যেন তেওঁলোক কলেজত পঢ়ি থকা চঞ্চল ডেকা–গাভৰুহে৷ যাত্ৰাপথত তেওঁলোকে কাজিৰঙা অভয়াৰণ্য পোৱাত গাড়ী ৰখাই পৃথিৱী বিখ্যাত এশিঙীয়া গঢ় চাই ল’লে ভিন্ন ভিন্ন ষ্টাইলত ফটোও উঠিল৷ যুতিকা বৰুৱাৰ খিলখিল হাঁহিয়ে তেওঁলোকৰ যাত্ৰাৰ সময়খিনি বৰ ৰঙিয়াল কৰি তুলিলে৷
যাওঁতে ধাবা এখনত সোমাই ভালকৈ ভাত সাজো তৃপ্তিৰে খাই ল’লে৷ সজাত বন্দী কৰি ৰখা চৰাই মুক্ত কৰি দিলে যি আনন্দ পায় তেনে আনন্দ আজি বহুদিনৰ মূৰত পোৱা নিচিনা যুতিকা বৰুৱাৰো অনুভৱ হ’ল৷
যুতিকা বৰুৱাহঁতৰ প্ৰশিক্ষণৰ কেইদিন থাকিবৰ বাবে গেষ্ট হাউচ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বুক কৰি ৰাখিছিল৷ গেষ্ট হাউচত যুতিকা বৰুৱাৰ কাষৰ ৰূমটোৱেই বিজয় শৰ্মাই পালে৷ যুতিকাই ভালেই পালে অন্ততঃ ওচৰতে বিজয় থাকিব৷ গতিকে অকলশৰীয়া হ’লেও ভয় নাই৷ ৰূমত সোমাই দুয়ো মুখ–হাত ধুই ল’লে৷
আবেলি সময়ত চৌহদৰ ভিতৰত অকণমান সান্ধ্য ভ্ৰমণ কৰিবলৈ ওলাই গ’ল, যুতিকাই চৌহদটো বৰ ভাল পালে৷ নানা ধৰণৰ শাৰী শাৰী গছে চৌপাশটো আৱৰি আছে৷ শিৰিখ গছ, কৃষ্ণচূড়া গছে আৱৰি ৰখা চৌহদটো বৰ সুন্দৰ ৰোমাণ্টিক কৰি ৰাখিছে৷
ৰাতি তেওঁলোক দুয়ো গেষ্ট হাউচতে ডিনাৰ কৰিলে৷ গেষ্ট হাউচত আহাৰৰ বাবে অৰ্ডাৰ কৰি ৰাখিছিল৷ দুয়ো নিজৰ নিজৰ ৰূমত ম’বাইল লৈ ব্যস্ত হৈ পৰিল৷
ডিনাৰৰ পৰা আহি বিজয় শৰ্মাৰ মনত কিবা–কিবি ভাব আহিল৷ তেওঁ ভাবিলে এবাৰ যুতিকাক ফোন কৰিব নেকি? নে যুতিকাৰ ৰূমলৈকে যাব?
বিজয়ে বিছনাতে ইচাটি–বিচাটি কৰি থাকিল৷ তেওঁৰ যুতিকাৰ ৰূমলৈ যাবলৈ খুউব ই২৬া জাগিল৷ কিন্তু মনত ভাব এটাও আহিল৷ গেষ্ট হাউচৰ বাকী মানুহবোৰে গম পালে কি ভাবিব/ এগৰাকী ভৰ যৌৱনা গাভৰু নাৰীৰ ৰূমত এজন পৰপুৰুষ তাকো ইমান ৰাতি৷
যুতিকা বৰুৱাৰ মনটোত কিবা কিবি ভাব আহে, তেৱোঁ অকলশৰীয়া অনুভৱ কৰে৷ যুতিকা সন্তানৰ মাক হ’ব বিচাৰে৷ তেওঁ সন্তানৰ মৰমৰ মাজত সোমাই পৰিব বিচাৰে৷ তেওঁ সন্তানৰ মুখত ‘মা’ শব্দ শুনিবৰ বাবে উদগ্ৰীৱ হৈ থাকে৷
কিন্তু গিৰিয়েকে তেওঁক চলনা কৰি কোনো দিনে মাক হ’ব নিদিয়ে৷ যুতিকাই অনুভৱ কৰে বিয়াৰ পাছৰে পৰা প্ৰসেনে নানা চলাহী কথাকৈ বিভিন্ন ঠাইলৈ যুতিকাক ভ্ৰমণ কৰাবলৈ নিয়ে আৰু ভ্ৰমণৰ ছুটীত সময়ত তেওঁৰ দেহাটো টানি আজুৰি বন্য আদিমতাত উপভোগ কৰে৷ তাই কোনো তৃপ্তি নাপাই ছটফ্টাই থাকে৷ গিৰিয়েকৰ প্ৰতি তাইৰ তীব্ৰ ঘৃণা ভাব ওপজে৷
তেনে হ’লেও সেয়া তেওঁ সহ্য কৰি থাকে৷ কিয়নো তেওঁলোকে ভাল পায়েই ঘৰৰ অমতত হলেও বিয়াখন পাতিছিল৷ যুতিকা বৰুৱাই এইবোৰ কথাকে গেষ্ট হাউচৰ বিছনাত শুই শুই চিন্তা কৰি আছিল৷
ৰাতি তেতিয়া প্ৰায় দহ বাজিছে৷ বিজয়ে গেষ্ট হাউচৰ টিভিত নিউজ চাবলৈ টিভিৰ চুইচ অন কৰিলে৷ কিন্তু তাৰ মনলৈ যুতিকা বৰুৱাৰ কথা বাৰে বাৰে আহি থাকিল৷
বিজয়ে এক সিদ্ধান্ত ল’লে, বহু ভাবি–চিন্তি বিজেয় যুতিকা বৰুৱাৰ ৰূমৰ দৰ্জাত লাহেকৈ টোকৰ দিলে৷ লগে লগে যুতিকাই ৰূমৰ দৰ্জা খুলি মিচিকিয়া লাজুক হাঁহিৰে বিজয়ক আদৰণি জনালে৷
যুতিকা বৰুৱাৰ পিন্ধনত গোলাপী ৰঙৰ নাইটিৰে ইমান সুন্দৰ দেখা গৈছে যে বিজয়ে বহু সময় যুতিকাক চায়েই থাকিল৷ ড্ৰিম লাইটৰ পোহৰত ৰূমটো এনেয়েও ৰঙীণ হৈ আছিল৷

বিজয়ৰ যুতিকাৰ মেলি থোৱা বিশৃংখল চুলিটাৰি এবাৰ চুই চাবৰ মন গ’ল৷ যুতিকাৰো এনে লাগিল যেন তেওঁৰ হৃদয়ৰ স্পন্দন বাঢ়ি গৈছে, ওঁঠটো কিবা শুকাই গৈ উশাহবোৰ ঘন হৈ আহিছে৷ কিছু সময় তেওঁলোক দুয়ো মৌন হৈ থাকিল৷ যুতিকা বৰুৱাই তেওঁৰ হৃদয়ৰ ভিতৰত ক্ষোভিত হৈ থকা কথাবোৰ বিজয়ক লাহে লাহে সেই ৰাতি কৈয়েই পেলালে৷
সেই প্ৰশিক্ষণৰ আটাইকেইদিন যুতিকাৰ ৰূমলৈ বিজয়ৰ আগমন ঘটিল৷ সেয়া কিমান ৰাতি তেওঁলোকৰ মনত নাথাকিল৷
প্ৰশিক্ষণৰ পাঁচদিন কেনেকৈ পাৰ হৈ গ’ল তেওঁলোকে গমেই নাপালে৷ মনে কৈছিল, হৃদয়ে বিচাৰিছিল আৰু কেইদিনমান তাতে থাকি যাবলৈ৷ কিন্তু প্ৰশিক্ষণ শেষ হ’ল,
গতিকে চাকৰিত যোগদান কৰিবই লাগিব৷
প্ৰশিক্ষণৰ পাছত কাৰ্যালয়ত যোগদান কৰাৰ পাছতযুতিকা আৰু বিজয়ক এক বেলেগ ধৰণৰ নিচাই আকৃষ্ট কৰিলে৷ দুয়ো নাজানে এই নিচাৰ অন্ত ক’ত………৷
ঘুনুক–ঘানাককৈ যুতিকা বৰুৱা আৰু বিজয়ৰ কথা বিয়পি গ’ল৷ প্ৰসেনজিতে কিবা এটা ঘটনা ঘটিছে যে সেয়া অনুভৱ কৰিলে৷ যুতিকাৰ চাল–চলন,
ভাব–ভাষাত তেওঁ ভালেখিনি পৰিৱৰ্তন দেখিলে৷ অৱশ্যে প্ৰসেনজিতে এই সন্দৰ্ভত যুতিকা বৰুৱাক একো সোধা নাই৷ সাংসাৰিক জীৱনক লৈ প্ৰসেনজিতে যেন একো নামাতে তেওঁ তেনে অভিনয় কৰিবলৈ ধৰিলে৷ ডিপাৰ্টমেণ্টৰ কামক লৈয়ে প্ৰসেনজিত বেছি ব্যস্ত হৈ থকা হ’ল৷ ৰাতি ঘৰলৈও কাৰ্যালয়ৰ কাম লৈ আহে আৰু কাৰ্যালয়ৰ পৰা ঘৰ সোমাওঁতেও প্ৰায়েই দেৰি কৰা হ’ল৷
অৱশ্যে যুতিকা বৰুৱাও এনে অৱস্থাৰ সুযোগ আদায় নকৰাকৈ নাথাকিল৷ আবেলি কাৰ্যালয় ছুটীৰ পাছত বিজয়ৰ গাড়ীতে তেওঁ ঘৰলৈ অহা হ’ল৷ কেতিয়াবা কেতিয়াবা বিজয়ক চাহ কাপো খাই যাবলৈ কয়৷ সেয়ে হয়তো প্ৰসেনজিত শইকীয়া অফিচৰ পৰা দেৰিকৈ আহিলে যুতিকাই ভালেই পোৱা হ’ল৷
বিজয়ে মিঠা মিঠা কথাৰে যুতিকাৰ কাষ চাপি আহিব বিচাৰে৷ এই ক্ষেত্ৰত বিজয় পাকৈত খেলুৱৈ৷ তেওঁ ভালকৈয়ে জানে দুৰ্বলতাৰ সুযোগ ল’বলৈ৷
যুতিকাৰ সংগৰ বাবে বিজয়ৰ ব্যাকুলতা বাঢ়িল৷ যুতিকাৰ সংগ নাপালে মনত বৰ বেছি কষ্ট পোৱা হ’ল৷ যুতিকাক নেদেখিলে বিজয় হাহাকাৰ কৰি উঠে, ছটফটাই থাকে৷
মাজে মাজে বিজয়ে যুতিকাক বুজায়, যুতিকা তুমি বিবাহ বিচ্ছেদ কৰা তেতিয়া তেওঁলোক দুয়ো বিয়া পাতিব৷
যুতিকাই কয়, ‘‘চোৱা বিজয়, প্ৰসেনক তেওঁ অগ্নিক সাক্ষী কৰি বিয়া পাতিছে৷ যিমান হ’লেও প্ৰসেন তেওঁৰ স্বামী, গতিকে তেওঁ তাক ত্যাগ কৰিব নোৱাৰে৷’’
লগতে যুতিকাই বিজয়ক পুনৰ বুজায় যে প্ৰসেনে তেওঁলোকৰ সম্বন্ধৰ বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিয়া নাই৷ সিতো ঘৰত আজিকালি বেছিভাগ সময় নাথাকেই৷
বিজয় গুমৰি গুমৰি উঠে, নহ’ব যুতিকাক তাক সম্পূৰ্ণকৈ নিজৰ কৰি লাগিব৷
বিজয়ে ভাৱে কিবা এটা চূড়ান্ত সিদ্ধান্ত সোনকালে কৰিবই লাগিব৷
যুতিকাই লক্ষ্য কৰিলে আজি কেইদিনমানৰ পৰা বিজয়ে প্ৰসেনজিতৰ লগত বৰ ভাল বন্ধুত্বৰ ব্যৱহাৰ কৰিছে৷ তাই এটা কথা ভাবি আচৰিত হয় বিজয়েতো প্ৰসেনক পেটে–পেটে দেখিবই নোৱাৰে৷
তেনেস্থলত ঘটনাটো বা কি? যুতিকাই অৱশ্যে বেছি চিন্তা নকৰিলে৷
বিজয় আৰু প্ৰসেনে ৰাতি ৰাতি সিহঁতৰ ঘৰত বিলাতী মদৰ পাৰ্টি কৰা হ’ল৷ উক্ত দিনাও বিজয় আৰু প্ৰসেনৰ পাৰ্টি খুউব জমি উঠিছিল৷ যুতিকাই ভালেই পাইছিল৷ প্ৰসেনেও ভাবিছিল তেওঁ কোনোদিনে দিব নোৱাৰা সুখ হয়তো বিজয়ে যুতিকাক দিব পাৰিব৷ সেয়ে প্ৰসেনো বিজয়ৰ লগত মিলি গৈছিল৷ কিয়নো চিকিৎসকে প্ৰসেনক আগতেই জনাইছিল যে সি কোনো দিনে পিতৃ হ’ব নোৱাৰিব৷ তাৰ দেহত সেই শক্তি নাই৷
যিদিনাখন সি এই কথা গম পাইছিল তাৰ মূৰত আকাশী সৰগ ভাগি পৰিছিল৷ সি বাপেক হোৱাৰ সোণালী সপোন দেখিছিল৷ তাৰ হৃদয়ৰ ৰাণী, মৰমৰ যুতিকাজনীৰ কথা চিন্তা কৰি সি পাগলৰ দৰে কান্দি উঠিছিল৷ সি ভাবিছিল এদিন যুতিকাক এই কথাটো ক’ব৷ কিন্তু প্ৰসেনে সাহস গোটাব নোৱাৰিলে৷ সি ভাবিলে যুতিকাই এই কথা গম পালে হয়তো পাগলী হৈ যাব৷ সি তাইক কোনোদিনে পাগলী কৰিব নোৱাৰে৷ এই কথা ভাবিবলৈও তাৰ ভয় লাগে৷ সেয়ে সি বিজয় আৰু যুতিকালৈ আৰ চকুৰে চাই সিহঁতৰ স্ফুৰ্টিত,
মিলামিছাত বিশেষ সুখ পাইছিল৷ পাৰ্টি শেষ কৰি বিজয় ঘৰলৈ গ’ল৷ যুতিকাক অলপ মৰম কৰি প্ৰসেনো শুই পৰিল৷
ৰাতিপুৱা প্ৰসেন দেৰিলৈকে শুই আছিল৷ যুতিকাই জগাই উঠাব নোৱাৰিলত হুলস্থুল লাগিল৷ ওচৰৰ কোৱাৰ্টাৰৰ মানুহ আহি সিহঁতৰ ঘৰত ভিৰ কৰিলেহি৷ প্ৰসেনক মৃত অৱস্থাত উদ্ধাৰ কৰিলে৷
ঘটনাটোৰ বিষয়ে পুলিচক খবৰ দিয়া হ’ল৷ পষ্টমৰ্টেম প্ৰতিবেদনত বিষক্ৰিয়াৰ ফলত প্ৰসেনৰ মৃত্যুৰ ঘটনা ঘটিল বুলি প্ৰকাশ পালে৷
যুতিকা বৰুৱাই হাহাকাৰ কৰি উঠিল৷
প্ৰসেনৰ ভনীয়েক আৰু মাকে কান্দি কাটি হুলস্থুল কৰি ৰাইজৰ আগত ক’লে
‘‘যুতিকা বৰুৱা আৰু বিজয় শৰ্মাই সিহঁতৰ ককায়েক প্ৰসেনজিতক বিহ দি হত্যা কৰিছে৷ প্ৰসেনে কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে যে সেয়া সিহঁত মাক–জীয়েকৰ দৃঢ়বিশ্বাস৷’’