এই যে বেয়া মানুহবোৰ কেনেকৈ কেতিয়া বেয়া হৈ যায় বাৰু৷ নে জন্মতে বেয়া হৈয়ে আহে৷ মানুহজনীৰ ঘৰলৈ নাযাবি, পুতেকৰ লগত নেখেলিবি, মানুহগৰাকীক ৰাস্তাত দেখিলেও নামাতিবি কাৰণ মানুহগৰাকী বেয়া মানুহ৷ ইমানেই বেয়া যে ঘৰৰ পৰা ওলাওঁতে চকুৰ আগেদি বিজুলী বেগেৰে পাৰ হৈ গ’লেও দিনটো বেয়া হয়, হ’ব লগা কামেই নহয়৷ বেৰৰ সৰু জলঙাইদি তগৰে ভিতৰলৈ চালে৷ কেৰমেৰকৈ শব্দ কৰি থকা বিছনাখনৰ পৰা কোনোবাই কিবা এটা কৈ আছে৷ বহুত চেষ্টা কৰিও তগৰে শুনা নাপালে শব্দবোৰ৷ এবাৰ শেৱালিক মাত লগাই যায় নি বাৰু তাই৷ বহুদিন শেৱালিকো দেখা নাই৷ কি বা হৈছে মাকৰ গম পোৱা হ’লে৷
চেটেপ চেটেপকৈ চেণ্ডেলৰ শব্দ কৰি এলুমিনিয়ামৰ কলহটোত একলহ পানীৰ সৈতে ধলং ঢপঙকৈ শেৱালি ঘৰটোলৈ সোমাই আহিছে৷ এই সময়ত নদীৰ ঘাটত কোনো নাথাকে৷ দুপৰীয়া ভাত খাই সকলো মানুহেই জিৰণি লৈছে৷ গাওঁখনত এই সময়ত বিশেষ কাম নাথাকিলে ৰাস্তালৈ সাধাৰণতে কোনো মানুহ ওলাই নাহে৷ সেইকাৰণে চাগৈ তগৰে শেৱালিক দেখা নাই কেইবাদিনো৷ আজি অন্ততঃ শেৱালিক মাত এষাৰ দি যাব তগৰে৷
দুৱাৰৰ নামতহে থকা নামমাত্ৰ প্লাইখনত দুটা টোকৰ দি তগৰে বাৰীখনলৈ চালে৷ কলগছৰ দুই চাৰিটা পুলি আৰু বননিত বগাই থকা লতাজাতীয় গছ কেইজোপামান আছে৷ এজোপা চাগৈ ৰঙালাউৰ গছ৷ শেৱালিয়ে কৈছিল ৰঙালাউৰ লগত মূৰ্গী মাংস খাই মাকে খুউব ভাল পায়৷ মাকৰ অসুখ ভাল হ’লে ডাঙৰ মুৰ্গী এটা আনি ৰঙালাউৰ লগত বনাই ঠিকছে খাব৷ তগৰৰ সেইদিনা বেয়াই লাগিছিল৷ তাহাঁতৰ ঘৰত কেতিয়াবা খাব নোৱাৰি মাছ–মাংসবোৰ কেনেকৈ পেলাই দিয়ে৷ মন যায় কেতিয়াবা শেৱালি আৰু মাকক নি সিহঁতৰ ঘৰত যি মন যায় যিমান মন যায় সকলো বস্ত খুৱাব৷ কিন্তু নিও বুলি ভাবিলেইতো নহ’ব৷ শেৱালিৰ মাকজনী যে বেয়া মানুহ৷ বেয়া মানুহজনীৰ জীয়েকো তো বেয়া ছোৱালীয়েই হয়৷ এই বেয়া মানুহৰ সংজ্ঞাবোৰ বিচাৰিয়েই তগৰৰ মূৰটো ঘূৰাই যায়৷
এক মিনিট মান পিছত শেৱালি ভিতৰৰ পৰা ওলাই আহিল৷
‘তই আহিছ? ’ শেৱালিৰ কণ্ঠত যেন কিবা এটা আকুলতা৷ সেয়া তগৰ অহাৰ নে কোনোবা সিহঁতৰ ঘৰত অহাৰ সেয়া তগৰে অনুমান কৰিব নোৱাৰিলে৷
‘পানী আনিবলৈ এইটো সময়ত গৈছ যে! তোক যে কিমান দিন দেখা নাই৷ খুৰীয়ে ভাল পাইছেনে গাটো? ’ তগৰৰ ওচৰতে শেৱালিয়ে পীৰা এখন লৈ বহিল৷ এই পীৰাখনত কিতাপ থৈয়ে শেৱালিয়ে পঢ়িছিল৷ এতিয়া মেট্ৰিক পৰীক্ষাৰ পাছত পীৰাখনৰ কামো বেলেগ হৈ গ’ল৷ ৰিজাল্ট ওলালেহে চাগৈ পীৰাখনে আগৰ ৰূপ পাব৷ মনৰ ভিতৰতে অকণমান হাঁহিও উঠিল তগৰৰ৷
শেৱালিহঁতৰ ঘৰটোৰ ওচৰতে তগৰহঁতৰ খেতিৰ মাটি৷ ধান ৰোৱা–তোলাৰ সময়ত পথাৰত কাম কৰা মানুহক জলপান দিবলৈ আহি তগৰৰ শেৱালিৰ লগত চিনাকি৷ অনবৰতে হাঁহি–স্ফুৰ্তি কৰি থকা শেৱালিৰ সংগ তগৰৰ ভাল লাগিছিল৷ ক্লাছ ফাইভ মানতে দুইজনীৰ চিনাকি৷ যোৱা পাচঁটা বছৰ সুন্দৰকৈ চলি আছিল দুয়োজনীৰ৷ শেষৰ এটা বছৰত শেৱালিৰ মাকে এই বেয়া মানুহজনীৰ উপাধিটো পায়েই পয়মাল হ’ল৷ তগৰকো আহিবলৈ নিদিয়ে ঘৰত৷ শেৱালিতো ব্যস্তই থাকে ঘৰ আৰু মাকৰ আলপৈচান ধৰা কামত৷
তগৰে পিন্ধি থকা মুকুতাৰ আঙুঠিটোলৈ শেৱালিয়ে চাই আছে মাজে মাজে৷ আগৰ দৰে হোৱা হ’লে তগৰে তাইৰ আঙুলিত গুজি দিলেহেঁতেন চাগৈ কিন্তু আজি কিবা এটা ভাল লগা নাই৷ শেৱালি যেন আপোন হৈও এটা দূৰত্বত ৰৈ গৈছে৷ দুই এটা কথাৰ মাজতে তগৰে ভিতৰৰ কোঠাটোত গৈ মাকক চাই আহিল৷ মুখখন চকলা চকলকৈ ফুলি আছে৷ সৰ্বশৰীৰটো এখন পাতল কাপোৰেৰে ঢাকি থৈছে৷ যেন এইমাত্ৰ উশাহবোৰ শেষ হৈ যাব৷ কাপোৰখন মূৰৰ ওপৰলৈ উঠি আহিব৷ তগৰৰ খুউব বেয়া লাগিল৷ তাই শেৱালিৰ মুখলৈ চালে৷ চিন্তা কৰি কৰি জঠৰ হৈ যোৱা এখন মুখ৷ অথচ চলি আছে, জীৱন আগবাঢ়ি আছে৷
তিনি চাৰিটা চাহপাতৰ দানা দি বনোৱা অকণমান ভালকৈ চালেহে ৰং উঠা চাহকাপ তগৰে মুখলৈ নিলে৷ টিলিঙাটো বজাই হৰকান্ত মামাই যেনে–তেনে বেৰত ভৰিখন দি চাইকেল ৰখাই শেৱালিক চিঞৰিছে৷ শেৱালিয়ে ওলাই গৈ মোমায়েকৰ পৰা বজাৰৰ মোনাখন ল’লে৷ দুটামান দৰৱ, গজালি ওলাই থকা কেইটামান আলু আৰু গাজৰ থকা মোনাটো শেৱালিয়ে দুৱাৰৰ কাষত থ’লে৷ তগৰে হৰকান্তক মাত লগালে৷ মোমায়েকে যে তাইৰ উপস্থিতি ভাল পোৱা নাই সেয়া তেওঁৰ মুখখন চায়েই বুজি পালে৷ তগৰে শেৱালিক মাত লগাই যাবলৈ উঠিল৷ দুৱাৰেদি মাকে তাইক লক্ষ্য কৰি আছে৷ শেৱালিৰ দৰে শেৱালিৰ মাকেও যেন তাই অহাক লৈ মনতে ভাল পাইছে অথচ প্ৰকাশ কৰিও যেন প্ৰকাশ কৰিব নোৱাৰা এটা অৱস্থাত ৰৈ গৈছে৷
হৰকান্তই শেৱালি আৰু তগৰলৈ চালে৷ ওলাই আহোঁতে হৰকান্তই ফুচফুচাই শেৱালিক কোৱা শুনিলে’ “এই কিয় আহিছিল৷ তোৰো আৰু কাম নাই৷ বাহিৰৰ পৰাই পঠাই দিব লাগে৷’’ কথাষাৰে তগৰৰ কাণৰ পৰা অন্তৰত লাগিছিল৷
পথটোৰে আহি থাকোঁতে তগৰে কথাবোৰ জুকিয়াই চালে৷ দুটা বছৰৰ ব্যৱধানত শেৱালিৰ দেউতাক আৰু ভায়েকৰ মৃত্যু হৈছিল৷ দেউতাকে ৰাতি বিলত মাছ ধৰিবলৈ গৈ পানীত সোমাই গৈছিল৷ হয়তো আন্ধাৰত পিচল খাই পৰিছিল মানুহজন৷ ৰাতিপুৱা গাৱঁৰ মানুহবোৰ দৌৰি আহিছিল৷ বিপৰ্যয় তাৰ পৰাই আৰম্ভ হৈছিল৷ শেৱালিৰ ভায়েক বেয়া সংগত পৰিছিল৷ এদিন গাৱঁৰ চাৰিআলিটোত তাচপাত খেলি থাকোঁতেই পুলিচে সেই ঠাইৰ পৰা কেইবাটাও ল’ৰা লৈ গৈছিল৷ শেৱালিৰ ভায়েকো তাত আছিল৷ তিনিমাহৰ তাত– বাতিৰ শেষত ভায়েক ঘৰলৈ আহিছিল৷ মানুহে কোৱা–কুই কৰিছিল সিহঁতে ড্ৰাগচ সেৱন কৰিছিল বুলি৷ সঁচা–মিছাবোৰ ওলোৱালৈ শেৱালিৰ ভায়েক নাথাকিল৷ দুৰ্বল শৰীৰ আৰু মানুহৰ বিতৃষ্ণাত ভায়েকতো বেমাৰত পৰিছিল৷ মানুহৰ খেতি পথাৰ চোৱা শেৱালিৰ দেউতাকো নাছিল তেতিয়া৷ আকালো নথকা ভঁৰালো নথকা ঘৰখনে পৰ্যাপ্ত চিকিৎসাই দিয়াব নোৱাৰিলে ল’ৰাটোক৷ এদিন সিয়ো গুছি গ’ল৷ শেৱালিৰ মাকে দুই এঘৰত কাম কৰিবলৈ ল’লে৷ মোমায়েক হৰকান্তই ঠেলাখনেৰে কাৰোবাৰ বস্তু অনা–নিয়া কৰি টুক–টাককৈ ঘৰখন চলাই গৈছিল৷ সেয়ালৈও যেনে–তেনে চলি গৈছিল৷ পিছত আহিল শেৱালিৰ মাকজনীৰ কথা৷

গাৱঁৰ বয়সস্থ মানুহ এজনৰ ঘৰত কাম কৰিবলৈ লৈছিল শেৱালিৰ মাকে৷ পইচাও ভালেখিনি দিয়ে৷ খেতি–বাতি নাইকিয়া ঘৰখন আৰু শেৱালিৰ পঢ়াৰ খৰচটো ওলাব বুলিয়েই মানুহজনীয়ে ৰাতিপুৱা চাৰিটা বজাতে উঠি নিজৰ ঘৰৰ কাম কৰি কামৰ জেগালৈ ওলাই যায়৷ শেৱালিৰ দিগদাৰ হ’ব ভাবিয়েই মাকে নিজৰ গাৱঁৰ পৰা ভায়েকৰ সম্পৰ্কীয় ল’ৰা এজন আনি ল’লে৷ শেৱালিৰো ভাল লাগিছিল৷ তাই তাক মামা বুলিয়েই মাতে৷ ৰৈ যোৱা জীৱনটো টানি টুনি চলক বুলিয়েই দুটাকৈ মানুহ হেৰুওৱাৰ পিছতো মাকজনী ধৈৰ্যৰে থিয় হৈছিল৷ পিছে তাতো কেনা লাগিল৷ হাত এখনত ৰঙা–বগা দাগৰ দৰে চকলা–চকলকৈ কিবা কিবি উঠিব ধৰিলে৷ গুৰুত্ব নিদিয়াকৈ থাকোঁতে এমাহতে বহুতখিনি বাঢ়ি মুখখনৰো ছাললৈ বিয়পি গ’ল৷ ডাক্তৰৰ ওচৰলৈ যাওঁতেহে শেৱালিয়ে গম পালে আচলতে বহুত দিনৰ পৰা মাকৰ ছালত খজুৱতিৰ দৰে ৰঙা পৰি থকা হৈছিল৷ মাকেহে গুৰুত্ব দিয়া নাছিল৷ ভাল হওক বুলিয়েই মোমায়েকে টাউনলৈ যোৱাৰ কথা ক’লে৷ গাৱঁত তেতিয়াই বহু কথা ওলাল৷ তগৰে ঘৰৰ কথাবোৰ মনে মনে শুনি ইমানখিনিয়ে গম পালে৷ মোমায়েকক শেৱালিৰ মাকে ঘৰখনলৈ অনা বাবে অঞ্চলতটোত বু–বু–বা–বা ধেৰ কথা৷ তাতে বেমাৰটোও অলপ ব্যতিক্ৰমী৷ মানুহক নো আৰু কি লাগে৷ কথাবোৰ লাহে লাহে বতাহ, বতাহ হৈ ধুমুহা৷ মাত্ৰ বাগৰি পৰিবহে বাকী ৰৈছে ঘৰখন৷ ইতিমধ্যেই মাকে বিছনা লৈছিল৷ খোৱা–বোৱাৰ যত্ন নোলোৱাৰ কাৰণে মানুহজনী দুৰ্বল হৈ পৰিল৷ দেহৰ বেমাৰতকৈও মনৰ বেমাৰে মানুহজনীক কোঙা কৰি পেলাইছিল৷ ইতিকিং, ঠাট্টা, বেমাৰে শেৱালিহঁতৰ ঘৰখন এলাগী কৰি পেলাইছিল৷ বেয়া মানুহজনীৰ ঘৰখনলৈ কোনো নহা হৈছিল৷ শেৱালি, মাক, মোমায়েক সকলোৱেই কম–বেছি পৰিমাণে বেয়া মানুহেই হৈ পৰিছিল৷ কোনোবাই কেতিয়াবা কৈ থাকে মানুহঘৰত কিবা এটা লাগিছে৷ চব শেষ হৈ যাব৷ তগৰে বৰকৈ নুবুজে৷ মাত্ৰ এটা কথা মনত ৰৈ যায় মানুহজনী বেয়া, নাচাবি মুখলৈ৷ কিবা অচিন বেমাৰ হৈছে৷
তগৰে ঘৰৰ নঙলাদাল খুলিলে৷ ভৰি–হাত ধুই মনে মনে তাই পঢ়া টেবুলত বহি মবাইলটো হাতত ল’লে৷ কেইবাবাৰো মবাইলৰ স্ক্ৰীণত তগৰে খৰধৰকৈ টাইপ কৰি চাই বহীখনত কিবা–কিবি লিখি গৈছে৷ নেটৱৰ্কো বেয়া হৈ যাব পাৰে৷ এনেওতো ভালদৰে কথা পাতিবলৈ দুই এটা ঠাইতহে নেটৱৰ্ক পোৱা যায় গাওঁখনত৷ বাকী সময়ত চিঞৰি থাকোঁতেই যায়৷
ৰাতিপুৱা এঘাৰ বাজিছে৷ ভাতকেইটা খায়েই তগৰ শেৱালিহঁতৰ ঘৰলৈ যাব৷ বহুত কথা আছে আজি তাইৰ৷ শেৱালিৰো চাগৈ খুউব ভাল লাগিব৷ কেইটামান দিনৰ পিছত বেয়া মানুহজনী বুলি শেৱালিৰ মাকক আৰু কোনেও নকয়৷
ৰাস্তাইদি কোনোবা কেইজনমান বেগাই মথাউৰিৰ ফালে গৈছে৷ তগৰে পিছ দুৱাৰ হৈ চকুৰে মনিব পৰালৈ দেখিলে মানুহবোৰ শেৱালিহতঁৰ ঘৰৰ ফালে গৈছে৷ এই সময়ত তাইক ঘৰৰ পৰা ওলাই যাবলৈ নিদিব৷ গতিকে পিছফালৰ পথাৰেদি তগৰে মথাউৰিৰ ফালে দৌৰি গ’ল৷ কি ঠিক শেৱালিৰ মাকৰ গা বেছি বেয়াও হ’ব পাৰে৷
মানুহৰ জুমটো ফালি তগৰ আগবাঢ়ি গ’ল৷ হৰকান্তৰ ঠেলাখনত শেৱালি আৰু মোমায়েকে মাকক টানি টানি উঠাই আছে৷ তাই দেখি যোৱা কাপোৰখনে মাকৰ মুখখন আজি ঢাকি থোৱা আছে৷ এটা নিৰ্দিষ্ট দূৰত্বত মানুহবোৰে ৰৈ চাই আছে৷ ঠিক জুম বান্ধি বান্দৰ নাচ চোৱাৰ দৰে৷ কোনোবাই কৈছে ডেডবডী মাকৰ গাৱঁলৈ লৈ যাব৷ ইয়াত কোনে কি কৰিবনো! তগৰে জানে মাকৰ চৰিঅ’চিচ নামৰ ছালৰ বেমাৰ এটা হৈছিল৷ যিটো চিকিৎসাত ভাল হয়৷ মানুহবোৰৰ মুখলৈ চাই তগৰ দুখোজ পিছুৱাই আহিল৷ তাইৰ কথাতনো কোনে গুৰুত্ব দিব৷ আৰু তাইতো বেয়া মানুহজনী নাম দিয়া মানুহখিনিৰ ভীৰতে ৰৈ আছে৷ আগলৈতো তায়ো যাব নোৱাৰে৷ ঘৰত গালি দিব, মানুহে বেয়া ক’ব৷
ঠেলাখন লাহে লাহে মথাউৰিৰ ফালে গৈ আছে৷ দুই এজন তাইৰ দৰে বয়সৰ ল’ৰা–ছোৱালী এটা দূৰত্বত পিছে পিছে গৈ আছে৷ হয়তো দুখোজমান গৈ সিহঁতো ৰৈ দিব৷ নদীৰ ঘাটৰ ফালে নামি শিলটোত তগৰ বহি ৰ’ল৷ এদিন শেৱালিয়ে কৈছিল ‘মোৰ ঠাইত এদিন ৰৈ চাবিচোন অভাৱ কি বস্তু তেতিয়া বুজি পাবি’৷ শিলটোত বহি তগৰে জোৰকৈ কান্দি উঠিল৷ এই ঠাইতে বহি শেৱালিয়ে চাগৈ কিমান বাৰ কান্দিছিল তাইতো নাজানিলে৷ পানীত তেজৰ ৰং অলপ বৈ গৈছে৷ পিছফালৰ বাৰীয়েদি আঁহোতে চাগৈ পৰি থকা বগৰীৰ ডালটোৰ কঁাইটে বিন্ধিছিল৷ এতিয়াহে দেখিছে তাই৷ বিষটো এতিয়াহে অনুভৱ হৈছে তগৰৰ৷ তথাপিও বুকুখন যেন বেছিকৈ বিষাইছে তাইৰ৷ পানীখিনিৰ ফালে চাই তগৰে নিজৰ ভৰিখন চুই চালে৷ তেজ ওলায়েই আছিল তেতিয়াও৷ সমানকৈ বুকুখনো বিষাই আছিল বৰকৈ৷