সাম্প্ৰতিক সমাজত শিক্ষাৰ মাধ্যম বিষয়টো এটা বহু চৰ্চিত তথা চিন্তনীয় বিষয় হিচাপে পৰিলক্ষিত হৈছে৷ শিক্ষা মানে কি, শিক্ষাৰ উদ্দেশ্য বা শিক্ষা আহৰণ পদ্ধতি কি ইয়াক ভালকৈ উপলব্ধি কৰিব নোৱাৰিলে কেৱল মাধ্যমৰ ওপৰত গুৰুত্ব দিলেই প্ৰকৃত শিক্ষা নহয়৷ শিক্ষাৰ লগত মানৱ জীৱনৰ অনেক দিশ জড়িত৷ শিক্ষাৰ অবিহনে বৰ্তমান পৃথিৱীত এক সুন্দৰ সামাজিক আৰু সুৰক্ষিত জীৱন–যাপন সম্ভৱেই নহয়৷ মানৱ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সৰ্বদিশৰ সঠিক জ্ঞান লাভ কৰিবলৈ শিক্ষাই হৈছে আটাইতকৈ শক্তিশালী মাধ্যম৷ শিক্ষা দৰ্শনৰ জগতখনৰ লগত জড়িত বিভিন্ন প্ৰশ্নৰ উত্তৰত বিখ্যাত দাৰ্শনিকসকলৰ মতবোৰ বেলেগ বেলেগ৷ তেওঁলোকৰ মতসমূহৰ থুলমূল ধাৰণাটো এনেধৰণৰ– ভাষা, অংক, বিজ্ঞান, কলা আদি দিশসমূহৰ ওপৰত মানুহে যিবোৰ প্ৰতীকৰ সৃষ্টি কৰিছে সেইবোৰ জানিবলৈ–বুজিবলৈ আৰু ব্যৱহাৰ কৰিবলৈ শিকাৰ প্ৰক্ৰিয়াই হৈছে শিক্ষা৷
জ্ঞান আহৰণৰ প্ৰধান আহিলা যিদৰে শিক্ষা সেইদৰে শিক্ষা আহৰণৰ প্ৰধান আহিলা ভাষা৷ সেয়ে বিদ্যালয়সমূহত একোটা ভাষাৰ মাধ্যমত শিক্ষা দান কৰা হয়৷ ভাষাই শিক্ষা দান আৰু গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰে৷ যিটো ভাষা শিক্ষাৰ্থীয়ে সহজে বুজি পায় বা ব্যৱহাৰ কৰিব পাৰে সেই ভাষাৰ মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিলে অধিক সফল হয় বুলি মণিষীসকলে কয়৷ সেই দিশৰ পৰা চাবলৈ গ’লে মাতৃভাষা মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিলে শিক্ষাৰ্থী বেছি ফলপ্ৰসূ হ’ব বুলি ভাবো৷ বৰ্তমান অসমত প্ৰাথমিক স্তৰত ৯ টা আৰু মাধ্যমিক স্তৰত ৬ টা ভাষাক বিদ্যালয়সমূহত মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়৷ এই লেখাত যিহেতু আমাৰ সমাজৰ শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াক পটভূমি হিচাপে লোৱা হৈছে, সেয়ে অসমীয়া আৰু ইংৰাজী মাধ্যমৰ ওপৰত আলোচনা কৰা হৈছে৷
প্ৰকৃতাৰ্থত শিক্ষাৰ মাধ্যম যিয়েই নহওক শিক্ষাৰ এটা উদ্দেশ্য থাকিব লাগে৷ কিন্তু বৰ্তমান আমাৰ সমাজত দেখা যায় শিক্ষাৰ উদ্দেশ্য যিয়ে হওক মাধ্যমটো বেছি গুৰুত্বপূৰ্ণ৷ নিজৰ সন্তানক বিদ্যালয়ত নামভৰ্তিৰ সময়ত পিতৃ–মাতৃসকল যথেষ্ট বিবুধিত পৰে৷ সন্তানক ইংৰাজী মাধ্যমেৰে নে অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰিব এই লৈ পিতৃ–মাতৃসকলৰ চিন্তা–চৰ্চা আলোচনা–বিলোচনাৰ অন্ত নাই৷ সকলো পিতৃ–মাতৃয়ে এখন ভাল বিদ্যালয়ত সন্তানক পঢ়ুৱাবলৈ প্ৰবল ইচ্ছা কৰে৷ এইসকল পিতৃ–মাতৃয়ে সেই ভাল বিদ্যালয়খন বাচি উলিয়াই পৰীক্ষাৰ ফলাফলৰ মাপ কাঠিৰে৷ তুলনামূলকভাৱে অসমীয়া মাধ্যমৰ বিদ্যালয় কিছুমানতকৈ ইংৰাজী মাধ্যমৰ ফলাফল উন্নত হোৱা দেখা যায়৷ সেয়ে অভিভাৱকসকলে ইংৰাজী মাধ্যমত পঢ়িলে ভাল ফলাফল পাব বুলি এটা ধাৰণা কৰি লয়৷ দাৰ্শনিক, শিক্ষাবিদসকলৰ মতামত অনুসৰি আমিও ভাবো যিসকলৰ মাতৃভাষা অসমীয়া সেইসকলে অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰিলে ফলপ্ৰসূ নোহোৱাকৈ নাথাকে৷ তদুপৰি ভাল ফলাফল দেখুওৱা অসমীয়া মাধ্যমৰ বিদ্যালয়ো নথকা নহয়৷ তৎসত্ত্বেও বৰ্তমান সমাজৰ অভিভাৱকসকলে ইংৰাজী মাধ্যমক অধিক গুৰুত্ব দিয়া দেখা যায়৷ এচাম পিতৃ–মাতৃয়ে সন্তানক ইংৰাজী মাধ্যমত পঢ়াবলৈ বদ্ধপৰিকৰ৷ তেওঁলোকৰ যুক্তি ইংৰাজী মাধ্যমত পঢ়িলে ইংৰাজী ভাষাটো শুদ্ধকৈ ক’ব আৰু লিখিব পাৰিব৷ ইংৰাজী মাধ্যমৰ সপক্ষে যুক্তি দিয়াসকলৰ বাবে মাধ্যমটো গুৰুত্বপূৰ্ণ হয় বিদ্যালয়খনৰ গুণগত মানদণ্ডতকৈ মাধ্যমটো৷ মুঠৰ ওপৰত ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰিলেহে বৰ্তমান বিশ্বায়নৰ যুগত নিজৰ স্থিতি অটুট ৰাখিব পাৰি বুলি এচামে ভাবে৷ আজি–কালি উচ্চহাৰত বৃদ্ধি পোৱা ব্যক্তিগত খণ্ডৰ হ’লেও যিকোনো এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰিব পাৰিলেই ৰক্ষা পায়৷ বিদ্যালয়ত নামভৰ্তি কৰাৰ আগতেই বিদ্যালয়খনৰ মানদণ্ড কেনে অভিভাৱক জানি লোৱাটো অত্যন্ত দৰকাৰী কথা৷ এই বিষয়ে নজনাকৈ ইংৰাজী মাধ্যম হ’ল বুলিয়েই কোনোবা এখন বিদ্যালয়ত নামভৰ্তি কৰাটো উচিত নহয়৷ অৱশ্যে সকলোবোৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ গুণগত মানত আসোঁৱাহ আছে বুলি কোৱাৰ ধৃষ্টতা আমাৰ নাই আৰু অসমীয়া মাধ্যমৰো সকলো বিদ্যালয়ৰ নাম উন্নত বা এই মাধ্যমৰ সকলো শিক্ষাৰ্থীৰে ইংৰাজী ভাষাত মাথোঁ ক’ব বিচাৰিছো একান্ত ই২৬া আৰু সাধনা থাকিলে ইংৰাজী ভাষাটো শিকাত মাধ্যম অন্তৰায় হ’ব নোৱাৰে৷ ইংৰাজী মাধ্যমেহে যে শিক্ষাৰ্থীক ইংৰাজী ভাষাত পাৰদৰ্শী কৰিব ই মাত্ৰ এক ভ্ৰান্ত ধাৰণা৷
হয়, আজিৰ দিনত ইংৰাজী ভাষাৰ সাৰ্বজনীনতাক স্বীকাৰ কৰিবই লাগিব৷ ইংৰাজী ভাষাটো Link Language, Global Language, International Language৷ ইংৰাজী ভাষাই নিঃসন্দেহে তথ্যৰ ভঁৰাল চহকী কৰাত সহায় কৰে৷ এই ভাষাৰ বিভিন্ন বাৰ্তালোচনী, প্ৰসংগ পুথিৰ সহায়ত মানুহে জ্ঞানৰ দিগন্ত প্ৰসাৰিত কৰিব পাৰে৷ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰা অনেকেই এতিয়া ভাৰতবৰ্ষৰ বাহিৰত সু–প্ৰতিষ্ঠিত৷ সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাসমূহতো অসমীয়া মাধ্যমৰ বহু ছাত্ৰ–ছাত্ৰীয়ে সফলতা লাভ কৰে৷ তথাপি মাধ্যম ভিত্তিক সামগ্ৰীক ফলাফল বিশ্লেষণ কৰিলে ইংৰাজী মাধ্যমৰ ফলাফল সকলো মাধ্যমতকৈ উন্নত৷ এজন প্ৰবন্ধ লেখক তথা অসম মাধ্যমিক শিক্ষা পৰিষদৰ প্ৰাক্তন অধ্যক্ষই এটা প্ৰবন্ধত ১৯৯৭ চন, ১৯৯৮ চন আৰু ১৯৯৯ চন এই তিনি বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল গড় হিচাপে বিশ্লেষণ কৰিদেখুওৱাত ইংৰাজী মাধ্যমৰ ফলাফলৰ গড় সকলোতকৈ ওপৰত৷ তেতিয়া হ’লে মাতৃভাষা মাধ্যমৰ যোগেদি শিক্ষাৰ্থীৰ অধিক বিকাশ ঘটে বুলি ভবাটো ভুল নেকি? শিক্ষা আৰু পৰীক্ষাৰ মাজত পাৰ্থক্য আছে৷ যিকোনো এটা পৰীক্ষা বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে এটা বাহ্যিকক পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি এটা মাধ্যম বা একোখন বিদ্যালয়ৰ শৈক্ষিক, গুণগত মানদণ্ড নিৰূপণ কৰিব নোৱাৰি৷ যিহেতু বৰ্তমানৈ এনে পৰীক্ষাৰ ফলাফলো যথেষ্ট আসোঁৱাহপূৰ্ণ৷
মাতৃভাষা মাধ্যমৰ সপক্ষে কোৱাসকলৰ যুক্তি ইংৰাজী মাধ্যমৰ শিক্ষাৰ্থী উদণ্ড স্বভাৱৰ, অবাধ্য হোৱাৰ লগতে অনৈতিক কাম কৰিবলৈও কুণ্ঠাবোধ নকৰা বিধৰ হয়৷ এইটো অমূলক কথা৷ শিক্ষাৰ্থীৰ মাজত দেখা দিয়া এনে স্খলনৰ বাবে মাধ্যম একেবাৰে জগৰীয়া নহয়৷ অসমীয়া আৰু ইংৰাজী মাধ্যম দুয়োটাৰে সপক্ষে আৰু বিপক্ষে কোৱাসকলে মাধ্যমক জগৰীয়া কৰি নিজৰ নিজৰ ক্ষোভৰ বহিঃপ্ৰকাশহে ঘটায়৷ সাধাৰণতে দেখা যায় যে দুয়োটা মাধ্যমৰ বিদ্যালয়তে উচ্ছৃংখল ছাত্ৰ–ছাত্ৰী কিছু পৰিমাণে থাকে৷ এনে শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ প্ৰদূষিত কৰি বিদ্যালয়লৈ কলংক আনে৷ ভালদৰে বিশ্লেষণ কৰিলে দেখা যায় যে শিক্ষাৰ্থী এনে উচ্ছৃংখলতাৰ কাৰক আমাৰ ভোগবাদী সমাজিক পৰিৱেশ, অত্যাধুনিকতা,
বিজ্ঞান আৰু প্ৰযুক্তিৰ নেতিবাচক দিশৰ প্ৰভাৱ, প্ৰতিযোগিতামূলক মানসিকতাৰে জীৱন–যাপনৰ বাহ্যিকতাৰ বাবে ব্যস্ত পিতৃ–মাতৃৰ সন্তানলৈ আওকাণ আদি আৰু সামান্য পৰিমাণে দায়ী ত্ৰুটিপূৰ্ণ শিক্ষা পদ্ধতি৷
উক্ত কাৰকবোৰক উলাই কৰি কেৱল মাধ্যমক জগৰীয়া কৰাটো নিতান্তই ভুল কৰা হ’ব৷ প্ৰতিটো বস্তুৰে ভাল–বেয়া দুয়োটা দিশ থকাৰ দৰে বিদ্যালয়ৰো অন্তৰ্ভাগত ভাল–বেয়া দুয়োটা দিশ আছে বুলি সকলোৱে মানি ল’ব লাগিব৷ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ–ছাত্ৰীক ইংৰাজী কথনশৈলীত
(Speak English) অসমীয়া মাধ্যমৰ বিদ্যালয়তকৈ বেছি গুৰুত্ব দিয়া হয়৷ ফলত তেওঁলোকে ইংৰাজী ভাষাটো ক’বলৈ সংকোচ নকৰে আৰু সলসলীয়াকৈ ক’ব পাৰে৷ আনহাতে অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীয়ে ইংৰাজী ভাষা কোৱাৰ অনভ্যাসৰ বাবে ভাষাটো ক’বলৈ সংকোচ কৰে যদিওৱা তেওঁলোক ভাষাটোৰ বৈয়াকৰণিক জ্ঞানত দক্ষ হয়৷ তদুপৰি মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ বিশেষকৈ চৰকাৰী খণ্ডৰ সৰহসংখ্যক বিদ্যালয়ে বিভিন্ন সময়ত ককবকাই থাকে৷ কোনোবাখনৰ আন্তঃগাঁথনি দুৰ্বল, ক’ৰবাত ছাত্ৰ–ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱৰ হেতু একেজন শিক্ষকেই ২–৩ টা বিষয়ৰ পাঠদান কৰিব লগা হয়৷ এনেধৰণৰ সমস্যা জৰ্জৰিত বিদ্যালয়ৰ শিক্ষাৰ্থী সৰ্বদিশত পাৰদৰ্শিতা প্ৰদৰ্শনৰ পৰা বঞ্চিত হয়৷ এনে নিশকতীয়া বিদ্যালয়ৰ পৰা ছাত্ৰ–ছাত্ৰীয়ে হয়তো বহু কথা নজনাকৈয়ে শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ওলাই গৈ যেতিয়া উচ্চমানৰ বিদ্যালয়সমূহৰ পৰা ওলাই অহা ছাত্ৰ–ছাত্ৰীৰ সৈতে প্ৰতিযোগিতা কৰিব লগা হয় তেতিয়া নিঃসন্দেহে তেওঁলোক পিছপৰি ৰ’ব৷ মাধ্যম ভিত্তিক ফলাফলত অসমীয়া মাধ্যমৰ গড় নিম্ন হোৱাৰ ইয়ো এক কাৰণ বুলি ভাবো৷ চৰকাৰী বিদ্যালয়ৰ এনে দুৰৱস্থাৰ কথা নুই কৰিব নোৱাৰি নি(য়৷ চৰকাৰে মাধ্যমিক স্তৰত শিক্ষা প্ৰদানৰ নানা আঁচনি লৈছে যদিও ইয়াৰ সফল ৰূপায়ণ নোহোৱাৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত নানা বিশৃংখলতাই দেখা দিছে৷ এনে শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন অভাৱ–অভিযোগৰ মাজেৰেই শিক্ষকসকলে কষ্ট কৰি শিক্ষাৰ্থীসকলক বাট দেখুৱাই নিব বুলি আশা কৰোঁ৷
ওপৰত উল্লেখি কৰি অহা কাৰণসমূহৰ বাবেই বোধকৰোঁ বৰ্তমান সমাজৰ সচেতন পিতৃ–মাতৃসকল ইংৰাজী মাধ্যমৰ প্ৰতি আকৰ্ষিত হৈ ব্যক্তিগত খণ্ডৰ হ’লেও উচ্চ মানদণ্ডৰ ইংৰাজী মাধ্যমত সন্তানক পঢ়াবলৈ বাধ্য হৈ পৰিছে৷ সন্তানক পঢ়ুওৱাৰ সিদ্ধান্ত পিতৃ–মাতৃৰ একান্ত নিজস্ব আৰু ইংৰাজী মাধ্যমত পঢ়ুওৱাটো দোষনীয় কথাও নহয়৷ সেই বুলি অসমীয়া ভাষা শুদ্ধকৈ পঢ়িব নোৱাৰা, লিখিব নোৱাৰাটো গৌৰৱৰ কথা নহয়৷ আমাৰ সমাজত এনে কিছুমান পিতৃ–মাতৃও আছে যিসকলে নিজৰ সন্তানে অসমীয়া পঢ়িব নোৱাৰে, লিখিব নোৱাৰে বুলি সগৰ্বে কৈ আনন্দ পায়৷ নিজৰ ভাষা, কৃষ্টি–সংস্কৃতিক অৱজ্ঞা কৰা সন্তান, অভিভাৱক আমাৰ সমাজত নথকা নহয় এয়া নি(য়কৈ অসমীয়াৰ অশুভ লক্ষণ৷ আমি সকলোৱে আশা কৰো আমাৰ সন্তানৰ একোটা সুন্দৰ ভৱিষ্যৎ যে শিক্ষাৰ মাধ্যমক বিতৰ্কৰ মাজলৈ নিনি সন্তানক যাতে সু–শিক্ষা দিব পাৰি তাৰ প্ৰতিহে চকু দিয়া উচিত৷ আজিৰ পৰা বহু বছৰ আগতেই জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল–
“By education I mean an all round
drawing out of the best in child and
man-body, mind and spirit.”
গান্ধীজীৰ দৰে আমিও বিচাৰো শিক্ষাৰ দ্বাৰা ব্যক্তি এগৰাকীৰ শৰীৰ, মন, মগজু, আত্মা সকলো দিশৰ বিকাশ হোৱাটো৷