
ঋতু আহে ঋতু যায়৷ প্ৰকৃতিয়ে বৰণ সলায়৷ বিনন্দীয়া প্ৰকৃতিয়ে ঋতুৰাজ শৰতক বোকোচাত তুলি আনি মিতিৰালি পাতে নিয়ৰসিক্ত হেমন্তৰ সৈতে৷ দুৱৰি বনত টোপ টোপ নিঁয়ৰৰ মুকুতা মণি সৰে, লাহে লাহে হেমন্তই মেলানি মাগে৷ কুৱঁলীৰ বগা জাল ফালি শীত আহে সংগোপনে ধৰালৈ বুলি৷
শীত কালৰ সময়খিনি সকলোৰে বৰ প্ৰিয়৷ শীতৰ আমেজেই সুকীয়া৷ এয়া শীতৰ আমেজ লৈ একলম লিখিবলৈ বহিছোঁ৷ পলমকৈ হ’লেও বহু কষ্টেৰে শীত আহিছে ধৰালৈ৷ শীতৰ আগমনৰ লগে লগে সমগ্ৰ অসম জুৰি ভিৰ কৰিছে গ্ৰন্থ উৎসৱে৷ ঠেঁটুৱৈ লগা জাৰত গ্ৰন্থ উৎসৱত গ্ৰন্থ বিচৰাৰ নিচাতো এটা বেলেগ আমেজ থাকে, এৰাব নোৱাৰা৷ বহুলোকে গ্ৰন্থ পঢ়িছে যদিও ব্যস্ততাৰ মাজত বহুতে গ্ৰন্থ পঢ়িবলৈ পাহৰি গৈছে৷ সেইসকলকো ব্যস্ততাৰ মাজতে অলপ সময় উলিয়াই গ্ৰন্থ উৎসৱলৈ আহি ন–পুৰণি গ্ৰন্থৰ আমেজ ল’বলৈ আহ৩ান জনাইছোঁ৷ কিয়নো সমাজ এখন গঢ়িবলৈ আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হ’ব লাগিব৷ অধ্যয়ন কৰিলেহে জ্ঞান লাভ হ’ব৷ ইংৰাজী নৱবৰ্ষটিত আপুনি আপোনাৰ প্ৰিয়জনক এখন ভাল গ্ৰন্থ উপহাৰ দি “গ্ৰন্থ পঢ়াৰ আন্দোলন’’ গঢ়ি তোলক৷ শীতৰ উমাল পৰশত নিহালীখন লৈ গ্ৰন্থ পঢ়াৰ মাদকতাই বেলেগ৷

সময় গতিশীল৷ কোনেও কালৈকো ৰৈ নাথাকে৷ ইয়াক আমি স্বীকাৰ কৰি ল’বই লাগিব৷ শীতৰ মাদকতা আৰু গ্ৰন্থ উৎসৱৰ লগতে সমান্তৰালকৈ আহে পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি অৰ্থাৎ ইংৰাজী নৱবৰ্ষ৷ উহল–মালহেৰে মন আনন্দত নধৰা৷ বনভোজ খোৱাৰ প্ৰয়োভৰ ঘটে৷ বনভোজ শীতকালৰ আন সুকীয়া মাদকতা৷ আত্মীয়স্বজন, বন্ধু –বান্ধবী, নিকটাত্মীয়, সকলৰ লগত একাত্ম হৈ বাহিৰৰ প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশত এসাঁজ খাই হাঁহি–ধেমালিৰে দিনটো অতিবাহিত কৰাৰ স্মৃতি আমাৰ মানসিক আৰু আবেগিক সুস্থতাৰ বাবে অতি প্ৰয়োজনীয়৷ লগতে এইটোও মন কৰিবলগীয়া যে আমি প্ৰাকৃতিক পৰিৱেশত এসাঁজ খাই ঠাইখিনি অপৰিষ্কাৰ কৰি পৰিৱেশ বিনষ্ট কৰিব নালাগে৷ আমি পেলনীয়া সামগ্ৰীবোৰ নিদিষ্ট ঠাইত নিষ্কাষণ কৰি পৰিৱেশ প্ৰদূষণৰ পৰা মুক্ত কৰিব লাগে৷

ইংৰাজী নৱবৰ্ষৰ উলহ–মালহ ওৰ নৌপৰোতেই আহে আমাৰ অসমীয়াৰ বাপতিসাহোন তথা অসমীয়া চহা লোকৰ হিয়াৰ আঁমঠু ভোগালী বিহু৷ শাওনৰ পথাৰত মুৰৰ ঘাম মাটিত পেলাই চহা খেতিয়কে কৰা খেতিডৰা লহপহকৈ বাঢ়ি সোণালী ধাননি হৈ কৃষকৰ মুখত হাঁহি বিৰিঙাই কাতি মাহৰ আকাশ বন্তিৰে পোহৰ উপচাই আঘোণৰ পকা ধাননিয়ে ৰিঙিয়াই মাতে হেঁপাহৰ ভোগালীক৷ এয়া গঞা ৰাইজৰ অমিয়া সুবাস৷ অসমৰ লগতে বিশ্বৰ চুকে–কোণে থকা প্ৰতিজন অসমীয়াই পালন কৰি আহিছে বিহু৷ পুহ মাহত শেষৰ দিনটোত পালন কৰা হয় ভোগালী বিহু৷ অসমীয়া সমাজত দোমাহী বুলি কয়৷ দোমাহীৰ আগদিনা উৰুকা পালন কৰা হয়৷ খেতি চপোৱাৰ শেষত এই বিহু উৎসৱ হয় বাবে ভোগৰ উৎসৱ “ভোগালী’’
বুলি কোৱা হয়৷
আহক, সকলোৱে মিলি উদযাপন কৰো শীত, গ্ৰন্থ উৎসৱ, বনভোজ আৰু ভোগালী৷ নতুন বছৰটি সকলোৰে বাবে সুখৰ, সুন্দৰ,
আৰু ইতিবাচক হওক৷ কামনা কৰিলোঁ৷