মাদলাপাঞ্জিৰ কেইখনমান ৰাজকীয় পত্ৰ – Purbodix.com

মাদলাপাঞ্জিৰ কেইখনমান ৰাজকীয় পত্ৰ

ভাৰতবৰ্ষৰ এখন অন্যতম প্ৰাচীন তীৰ্থক্ষেত্ৰ ৰূপে শ্ৰীপুৰুষোত্তম ক্ষেত্ৰ কিম্বা শ্ৰীক্ষেত্ৰই অতীজৰে পৰা প্ৰসিদ্ধি লাভ কৰি আহিছে৷ এই প্ৰসিদ্ধিৰ মূল কাৰণ আছিল তাৰ সুকীয়া সংস্কৃতি, যাক কোৱা হয়জগন্নাথ সংস্কৃতি আধ্যাত্মিকতাৰ লগতে, মানৱ জীৱনৰ দৈনন্দিন জীৱন প্ৰণালীৰ ওপৰত আধাৰিত এই সংস্কৃতিয়ে প্ৰাচীন কালৰে পৰা দেশৰ কোণে কোণে নিজৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছে৷ প্ৰভু জগন্নাথৰ ওপৰত আধাৰিত ভিন্ন কবিতা আৰু গীতসমূহ আজিও ভাৰতবৰ্ষৰ প্ৰান্তে প্ৰান্তে প্ৰচলিত হৈ আহিছে৷গীত গোবিন্দম কথাকেই যদি ধৰা হয়, “ৰাধাচৰিত্ৰৰ সৃষ্টিকৰ্তা কবি শিৰোমণি জয়দেৱৰ এই অমূল্য ৰচনাৰ ৰাধা কৃষ্ণৰ ৰাসলীলাৰ বৰ্ণনা জম্মুকাশ্মীৰৰ বাচহৌলী চিত্ৰ, হিমাচলৰ পাহাৰী চিত্ৰ আদিত দেখিবলৈ পোৱা যায়৷ আনহাতে কেৰেলাৰ গুৰুৱায়ুৰ মন্দিৰত পূজা অচ্চৰ্না, গীত গোবিন্দমৰ শ্লোকেৰে কৰাৰ উপৰিও, তামিলনাডুত যুগ যুগ ধৰি চলি অহা ৰাধা কল্যাণম ‘‘ৰাধাৰ বিবাহ’’ প্ৰথাত আজিও গীত গোবিন্দম পৰিৱেশন কৰিয়েই পালন কৰা হয়৷ ইফালে মণিপুৰৰ পাৰম্পৰিক ৰাসলীলা নৃত্যও গীত গোবিন্দমৰ গীততেই পৰিৱেশন কৰি অহিছে৷ কবলৈ লে জগন্নাথ সংস্কৃতি, এক প্ৰকাৰে তেতিয়াৰ ভাৰতৰ অন্য ৰাজ্য, সাম্ৰাজ্যসমূহৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ অন্য এক মাধ্যমো আছিল৷ সময়ে সময়ে কলিংগ সাম্ৰাজ্য, ভিন্ন ৰাজকুলৰ ৰজাৰ অধীনলৈ আহিলেও, জগন্নাথ সংস্কৃতি বা পুৰীধামৰ মহত্বক কিম্বা মানদণ্ডক কিন্তু কেতিয়াও ক্ষুণ্ণ বলৈ দিয়া নাছিল৷ আনকি আফগানীসকলৰ আক্ৰমণৰ পিছত, মোগল সম্ৰাট আকবৰেই, ৰামচন্দ্ৰদেৱক পুৰীৰ গজপতি স্থান প্ৰদান কৰি জগন্নাথ সংস্কৃতিক প্ৰচাৰ মাধ্যমৰ যোগেদি ভাৰতৰ অন্য সাম্ৰাজ্যসমূহৰ সৈতে মধুৰ ৰাজনৈতিক, অৰ্থনৈতিক সম্পৰ্ক স্থাপন কৰিবলৈ উপদেশ দিছিল৷ এই মধুৰ সম্পৰ্ক পুৰীৰ গজপতিয়ে অন্য ৰাজ্যসমূহৰ লগতে অসমৰ আহোম ৰজা সকলৰ সৈতেও যে স্থাপন কৰিবলৈ চেষ্টা কৰিছিল, তাৰ প্ৰমাণ জগন্নাথ মন্দিৰৰ মাদলাপাঞ্জিত দস্তাৱেজ কৰি থৈ যোৱা কেইখনমান ৰাজকীয় চিঠিৰ পৰাই পোৱা যায়৷ 

 

পুৰীৰ গজপতিসকলে সময়ে সময়ে অন্য প্ৰান্তৰ ৰজাসকলৰ সৈতে কেনেদৰে সম্বন্ধ গঢ়ি তুলিছিল, তাৰ ঐতিহাসিক দলিলৰূপে শ্ৰীমন্দিৰত সংৰক্ষিত কৰি ৰখা হৈছিল৷ ওড়িশাৰ গজপতিসকলৰ দ্বাৰা প্ৰেৰণ কৰা সেই ৰাজকীয় পত্ৰক কোৱা হৈছিলছামু চিতৌ গজপতিৰ নিৰ্দেশানুক্ৰমে এই ৰাজকীয় পত্ৰসমূহৰ লিখিত প্ৰমাণৰূপে শ্ৰীমন্দিৰৰ কৰ্মকৰ্তাদেউল কৰণসকলে তাল গছৰ পাতত লিখি সংৰক্ষিত কৰিছিল৷ এনেদৰে পুৰী মন্দিৰ আৰু পুৰী প্ৰশাসনৰ অধীনত চলা কামকাজক লিখি ৰখা হৈছিল, তাকেই কোৱা হয়মাদলাপাঞ্জি সেই মাদলাপাঞ্জিতেই গজপতিয়ে অসমৰ আহোম ৰজা আৰু গোৱালপাৰাৰ ৰজালৈ পঠিওৱা চিঠি কেইখনৰ সবিশেষ বৰ্ণনা কৰা পোৱা গৈছে৷ সেই চাৰিখন ৰাজকীয় চিঠি পুৰীৰ গজপতি ৰামচন্দ্ৰদেৱদ্বিতীয়ই, বীৰকেশৰীদেৱ আৰু দিব্যেসিম্বাদেৱে নিজৰ নিজৰ শাসনকালত অসমলৈ প্ৰেৰণ কৰিছিল৷

মাদলাপাঞ্জিত উল্লেখ কৰা প্ৰথমখন চিঠিত ৰামচন্দ্ৰদেৱদঞ্জৱিতীয়ই ১৭৩২১৭৩৩ শতিকাত তেওঁৰ শাসন কালৰ নৱম বৰ্ষত মাৰ্কণ্ড পাণ্ডাই অসমৰ পৰা তীৰ্থযাত্ৰী সকলক লৈ অহা আৰু তেওঁলোকৰ মন্দিৰ দৰ্শন পৰা আৰম্ভ কৰি থকাখোৱাৰ দ্বায়িত্ব সুচাৰুৰূপে পালন কৰাৰ বাবে, তেখেতক শ্ৰীমন্দিৰৰ বহুমূল্য বস্ত্ৰৰে পুৰস্কৃত কৰা গৈছিল বুলি উল্লেখ কৰা আছে৷ পুৰী মন্দিৰত আচাম পাণ্ডাৰ কথা প্ৰায়ে শুনো৷ তেওঁলোকৰ কোনো জনৰ মুখত সলসলীয়া অসমীয়া কোৱা শুনি প্ৰথমে অসমীয়া বুলিয়েই মই ভাবিছিলোঁ৷ কিন্তু আজি বুজি পাইছো, এই আচাম পাণ্ডা বা অসম পাণ্ডাসকল সেই মাৰ্কণ্ড পাণ্ডাৰে বংশধৰ, যিসকলে গজপতিৰ অনুমতি ক্ৰমে অসমৰ তীৰ্থযাত্ৰীসকলৰ দ্বায়িত্ত শ্ৰীমন্দিৰত আজিও পালন কৰি আহিছে৷

 

মাদলাপাঞ্জিত উল্লেখ কৰা দ্বিতীয়খন ৰাজকীয় পত্ৰ অনুসৰি, গজপতি বীৰকেশৰীদেৱে ১৭৪৮ শতিকাত তেওঁৰ শাসন কালৰ চতুৰ্দ্দশ বৰ্ষত, শ্ৰীমন্দিৰৰ অধীক্ষক আৰু কাৰ্যনিৰ্বাহী বিষয়াসকলক অসম ৰজাৰ শ্ৰীমন্দিৰ প্ৰৱেশৰ মুহূৰ্তত সসন্মানেৰে আদৰণি জনোৱাৰ লগতে, প্ৰভু জগন্নাথৰ পবিত্ৰ মালাৰ উপৰিও, মন্দিৰৰ বহুমূল্য সামগ্ৰী উপহাৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল৷ ইয়াৰ পৰা পুৰীৰ ৰজা আৰু অসমৰ ৰজাৰ মাজত থকা মৈত্ৰেয়ী আৰু সদ্ভাৱৰ সম্পৰ্কই পৰিলক্ষিত হয়৷

মাদলাপাঞ্জিত উল্লেখ কৰা তৃতীয়খন পত্ৰ অনুসৰি, ১৭৫০ শতিকাত গজপতি বীৰকেশৰীদেৱে তেওঁৰ শাসনকালৰ অষ্টদশ বৰ্ষত গীত গোবিন্দমৰ পদ খোদিত কৰা শ্ৰীমন্দিৰৰ চাদৰ, মাৰ্কণ্ড পাণ্ডাৰ হতুৱাই অসম ৰজালৈ পঠিয়াইছিল৷ ইয়াৰ পৰা এটা কথাৰ উমান পাব পাৰি যে, পুৰী গজপতিয়ে অসমৰ ৰজা সকললৈ প্ৰেৰণ কৰা ৰাজকীয় পত্ৰৰ সৈতে উপহাৰ স্বৰূপে শ্ৰীমন্দিৰৰ বহুমূলীয়া সামগ্ৰী পঠিওৱা প্ৰক্ৰিয়া, লাহে লাহে এক পৰম্পৰালৈ পৰিৱৰ্তিত হৈছিল৷

মাদলাপাঞ্জিত উল্লেখ কৰা চতুৰ্থখন ৰাজকীয় পত্ৰ ১৮৭০ শতিকাত গজপতি দিব্যাসিংহদেৱ দ্বিতীয়ই জগন্নাথধাম দৰ্শনাৰ্থে যোৱা গোৱালপাৰাৰ ৰজা কুমুদ নাৰায়ণ ভোগ বাহাদুৰ আৰু তেখেতৰ পত্নীৰ সুবিধাৰ্থে, শ্ৰীমন্দিৰৰ বিষয়াসকললৈ প্ৰেৰণ কৰিছিল৷ ৰজাই মন্দিৰ দৰ্শনৰ সময়ত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়, তাৰ কাৰণে মন্দিৰত সুব্যৱস্থা গ্ৰহণ কৰা, মন্দিৰৰ পবিত্ৰ সামগ্ৰীক সন্মানৰ প্ৰতীকৰূপে উপহাৰ প্ৰদান কৰা, এই সকলোবোৰেই পুৰী ৰজাৰ ভিন্ন সময়ত অসমৰ ৰজাসকলৰ সৈতে থকা সুমধুৰ সম্পৰ্কৰেই ইংগিত দিয়ে৷

বছৰ পুৰণি তাল গছৰ পাতত লিখা এনে বহু ৰাজকীয় পত্ৰ, কিম্বা ছামু চিতৌ যদিও সময়ৰ সোঁতত নিঃচিহ্ন হৈ গৈছে, কিন্তু তাৰেই মাজত সংৰক্ষিত হৈ ৰোৱা সীমিত সংখ্যক এই পত্ৰসমূহৰ পৰাই পুৰী গজপতি আৰু অসমৰ ৰজাসকলৰ মাজত থকা সুসম্পৰ্কৰ এটি স্পষ্ট ধাৰণা কৰিব পৰা যায়৷ ইয়াৰ পৰা এই কথাও বুজিব পৰা যায় যে অসমত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পিচতো, জগন্নাথ কিম্বা বৈষ্ণৱ ধৰ্মক গঢ় লৈ উঠাত পুৰীৰ গজপতি সকলৰো যথেষ্ট অৱদান আছিল৷ তেওঁলোকে মন্দিৰৰ পাণ্ডা সকলক কেৱল বাৰ্তাৱাহক ৰূপেই নহয়, আনকি অসমলৈ আহি ইয়াৰ বাসিন্দাসকলক জগন্নাথ পন্থাৰ প্ৰতি উৎসাহিত কৰাৰ লগতেপুৰীধামৰ পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰাৰো নিৰ্দেশ দিছিল৷

বহু বছৰ আগতে দেউতাই গ্ৰন্থমেলাৰ পৰা এখন গ্ৰন্থ তেওঁৰ কাৰণে লৈ আহিবলৈ মোক কৈছিল৷ তেতিয়া মই সপোনতো ভবা নাছিলোঁ, সেইখন গ্ৰন্থৰ মাজতেই লুকাই থকা এটি তথ্যই আজি প্ৰায় ১৮২০ বছৰৰ মূৰত মোক এই লেখাটো সম্পূৰ্ণ কৰাত সহায়ক হব৷ 

          একবিংশ অধ্যায়

          জগন্নাাথ মূৰ্ত্তি নিৰ্মাণ

       এহিমতে হৰিভক্তি প্ৰকাশি শঙ্কৰ৷

       আছন্ত আনন্দে আতি সমস্তে লোকৰ৷

       একদিনা মাতি ৰামৰায়ক আনিলা৷

       জগন্নাথ মূৰ্ত্তি সাজিবাক আলোচিলা৷ ৰ৷

 

       —খনিকৰ কোৰলা বাঢ়ৈ

 

      কোৰলা বাঢ়ৈক মাতি বুলিলা শঙ্কৰ৷

      সাজ জগন্নাথৰ প্ৰতিমা ৰুচিকৰ৷

      শঙ্কৰদেৱৰ বাক্যে কোৰলা বাঢ়ৈ৷

      প্ৰতিমা সাজিবে লৈলা তেতিক্ষণে গই৷ ২৷

                  মহাপুৰুষ শ্ৰী শ্ৰী শঙ্কৰদেৱমাধৱদেৱ চৰিত

 

                দৈত্যাৰি ঠাকুৰ

দৰাচলতে ওপৰত উল্লেখ কৰি অহা পদ কেইফাকিত বছৰ আগতে গঢ়লৈ উঠা এটি সম্পৰ্ক বিচাৰি পোৱা যায়৷ সম্পৰ্ক ভিন্ন সংস্কৃতিৰ দুখন ঠাইৰ মাজৰ, সম্পৰ্ক অসম আৰু পূৰ্বৰ কলিংগৰ৷ কোৱা হয়, ১৫ খ্ৰীষ্টাব্দৰ কালচোৱাত অসমলৈ ওড়িয়া সম্প্ৰদায়ৰ লোকসকলৰ আগমন হৈছিল৷ তেওঁলোকৰ প্ৰায় ভাগেই আছিল মঠমন্দিৰ তৈয়াৰ কৰি উলিওৱা স্থাপত্য শিল্পী আৰু কাঠৰ মূতিৰ্ তৈয়াৰ কৰা শিল্পীসকল৷ আজি যদিও এসময়ত ওড়িশাৰ পৰা প্ৰব্ৰজন কৰা স্থাপত্য শিল্পীসকলে নিৰ্মাণ কৰা মঠ মন্দিৰৰ কোনো ভগ্নাৱশেষ, কিম্বা অস্তিত্ব বিচাৰি পোৱা নাযায়, কিন্তু দৈত্যাৰি ঠাকুৰদেৱে বহু বছৰ আগতে লিখি থৈ যোৱাশঙ্কৰদেৱমাধৱদেৱ চৰিতপুথিখনৰ পৰা সেই প্ৰব্ৰজনৰ বিষয়টোক নুই কৰিব নোৱাৰি৷ তাত উল্লেখ কৰা মতেশ্ৰীমন্ত শঙ্কৰদেৱৰ অনুৰোধ ক্ৰমেই ওড়িশাৰ পৰা অহা কৰলা বাঢ়ৈ নামৰ কাৰীগৰগৰাকীয়েই জগন্নাথ, বলভদ্ৰ, শুভদ্ৰাৰ কাঠৰ মূতিৰ্ নিৰ্মাণ কৰিছিল, যাক মহাপুৰুষ জনাই ধোৱাহাটত প্ৰতিষ্ঠা কৰিছিল৷ সাংস্কৃতিক আদানপ্ৰদান কিম্বা দুয়োখন ঠাইৰ লোকসকলৰ আহ যাহেই হওক, নতুবা সম্প্ৰীতিকৰ সম্পৰ্ক গঢ়ি তোলাৰ উদ্দেশ্যৰেই হওক, ওড়িশা আৰু আমাৰ অসমৰ মাজত ভালেখিনি সামঞ্জস্য আছে৷ সেইয়া কথাবতৰাই হওক বা খাদ্যভাসেই হওক, বাদ্যযন্ত্ৰ কিম্বা খোল, মাদলৰ ছেৱেই হওক, মিল কিন্তু বহু খিনিয়েই আছে৷ ওড়িআ আৰু অসমীয়া ভাষাসাহিত্যক যদি তুলনা কৰি চোৱা যায়, তাতো অসমীয়াৰ ১০০টা শব্দৰ ৯০টা শব্দই অবিকল ৰূপত ওঢ়িআ অভিধানত বিচাৰি পোৱা যায়৷ আমাৰ পিঠাপনাৰ পৰা আৰম্ভ কৰি, ৰজ পৰ্ব আৰু অম্বুৱাচীলৈকে দুয়োখন ঠাইৰ মাজত ভালেখিনি সামঞ্জস্য আছে৷ আৰু কেৱল যে শঙ্কৰদেৱেই দুয়োখন ঠাইৰ মাজৰ সম্পৰ্কক দৃঢ় কৰি তুলিবলৈ প্ৰয়াস কৰিছিল তেনে নহয়, মহাপুৰুষ জনাৰ পিছতো দুয়োখন সাম্ৰাজ্যৰ ৰজাসকলেও পৰস্পৰৰ মাজত মৈত্ৰেয়ী আৰু সম্প্ৰীতিৰ সেই এনাজৰী ডালক মজবুত কৰি তোলাত সমানে অৰিহণা যোগাই আহিছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *