দৃশ্যান্তৰ (শচীন বৰুৱা) – Purbodix.com

দৃশ্যান্তৰ (শচীন বৰুৱা)

বেলিয়ে ইতিমধ্য পাতত বহাৰ যোজা চলাইছে৷ পশ্চিম প্ৰান্তৰ সিটো পাৰে অবুৰ্দ হেঙুলীয়াৰ সমাহাৰ৷ সেই হেঙুল বৰণীয়া আকাশেৰেই উৰি গৈছে নীড়মুখী পক্ষীবোৰ৷ সেই পক্ষীৰ কলকাকলিয়ে সমস্ত বুঢ়ীদিহিংখনিকেই এখন সৰগৰ প্ৰদেশলৈ ৰূপান্তৰিত কৰিছে৷ পোহৰৰ প্ৰখৰতাও লাহে লাহে কমি আহিবলৈ ধৰিছে৷ বিৰিখৰ ফাঁকে ফাঁকে পাতল কুঁৱলীৰ আ২৬াদন৷ সেই আ২৬াদন ফালিয়েই পাচলি ভৰ্তি ভাৰী মোনা দুখন লৈ প্ৰতিমা ঘৰমুৱা হৈছে৷ অৱশ্যে বাৰীত তেতিয়াও বহু কাম বাকী থাকে৷ ঘৰৰ লেঠা মাৰিবলৈকে তাই অলপ খোৰখোজে ঘৰমুৱা লগা হয়৷ ঘৰখনৰ এশএবুৰি কামে যেন প্ৰতিমালৈকে বাট চাই থাকে৷ দিনটোলৈ শাহুৱেকৰ হাতত এৰি যোৱা ৰাটোলৈ কিমান বাৰ চেৰেং চেৰেংকৈ মনত পৰে তাৰ অন্ত নাই৷ ঘৰ পাই কেঁচুৱাটো একোলা লৈ গাখীৰ খুৱাই তাই আকৌ ঘৰnৱা কামত সহায় নকৰা নহয়৷ কিন্তু সৰহ দিন তাই অকলেই চম্ভালি টু শব্দ এটা নকৰাকৈ নিয়াৰিকৈ কৰি যায় সকলো কাম৷

ডিব্ৰুগড় জিলাৰ এখন সৰু গাঁওবালিগাঁও৷ বুঢ়িদিহিং নৈৰ দাতিতে গঢ়ি উঠা এখনি সৰু ৰাজহ গাঁও৷ চৌপাশে সেউজীয়াই আবৃত অঞ্চলটোৰ বক্ষস্থলেৰেই বৈ গৈছে বুঢ়ীদিহিং নৈখন নামনিৰ দিশলৈ৷ নৈৰ বুকুত সৌন্দৰ্যৰ অপূৰ্ব সমাহাৰ৷ অপূৰ্ব সৌন্দৰ্যৰে সমৃদ্ধশালী সেই নৈখনিৰ দাঁতিত গঢ়ি উঠা সৰু গাঁওখনতো সৌন্দৰ্যৰ প্ৰয়োভৰ৷ সাতত্ৰিছ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ পৰা পশ্চিম দিশে নৈখনৰ পাৰে পাৰে আগবাঢ়ি যোৱা মথাউৰিটোৰ নাম বালিভেটি৷ চৌপাশৰ মথাউৰিটোৰ যিকোনো এডোখৰ স্থানত থিয় লেই চকুৰ পৰ্দাত ভাহি উঠে বুঢ়িদিহিং নৈৰ দাঁতিত সিঁচৰতি হৈ থকা ছবিৰ দৰে সৰু সৰু ঘৰবোৰৰ অপৰূপ সৌন্দৰ্য৷ ঠিক মথাউৰিটোৰ দাঁতিতেই গঢ়ি উঠা সেইবোৰ যেন ঘৰ নহয়, সৰগৰহে যেন একোপাহি ফুল; যাৰ অমিয়া সুবাসে স্নিগ্ধময় কৰি ৰাখিছে সমগ্ৰ বালিগাঁওখনিকেই৷ মানুহবোৰ সৰলমনা, কৃষিজীৱী৷ নৈখনেই তেওঁলোকৰ প্ৰাণকেন্দ্ৰ৷ বাৰিষা উগ্ৰমূৰ্তি ধৰা দিহিংখন কাতিআঘোণ মাহত এজনী ক্ষীণাংগী সুনয়না গাভৰু হয়৷ তেতিয়া মথাউৰিৰ পৰা নদীলৈকে সংলগ্ন হৈ থকা খাৱৈ মাটিত খৰালি মানুহবিলাকে বাম খেতি কৰে৷ সেই খণ্ডতে প্ৰতিমাহঁতৰ বাৰীখন৷ নৈখনৰ ঠিক কাষতেডাঙৰ শাকনি বাৰী৷ প্ৰতিমাৰ গিৰিয়েক আৰু দেওৰেক লগ লাগি খৰালি শাকপাচলিৰ খেতি কৰে৷ বাৰিষা পলস পেলাই যোৱা সাৰুৱা মাটিত উৎপাদন ভাল হয়৷ দেওবৰীয়া বজাৰত সেই পাচলি বিক্ৰী কৰে৷ মোটা অংকৰ টকা কেইটামান পায়৷ সেই টকাৰে ঘৰখন অভাৱত নপৰাকৈ চলি যায়৷

খৰালি দিনকেইটা প্ৰতিমাই ভাল পায়৷ বাৰীত ব্যস্ত থাকিব লগা হয়৷ নৈখনো কাষতে পায়৷ নৈখনৰ প্ৰতি মানুহজনীৰ তীব্ৰ আকৰ্ষণ এটা আছে৷ বিয়া হৈ এইখন গাঁৱলৈ আহিবৰ দিন ধৰি নৈখন তাই কাষৰ পৰা পাইছে৷ তাইৰ মনত দিহিংখন, ইয়াৰ কাষৰীয়া গছগছনি, চৰাইচিৰিকটি আৰু বিশাল শ্যামল মোহনীয়া প্ৰকৃতিসকলো মনৰ আপোন৷ প্ৰকৃতিৰ লগত অভিন্ন৷ দিহিঙৰ টলমল পানীতে চিকিমিকি সোঁতত জীৱনৰ ছন্দ বিচাৰি পায়৷ দিহিঙতে জীৱনৰ দীক্ষা পায়৷ দিহিেঙ কথা কয়৷ নাচে, হাঁহে,
বিনায়৷ এইখণ্ডৰ জনজীৱনে প্ৰতিমাক নৈখনৰ বেছি কাষলৈ চপাই নিছে৷ কুলুকুলু ধবনিৰে বৈ অহা নৈখনৰ সোঁতত বন্দী তাই৷ গাঁৱৰ আন তিৰোতাৰ সৈতে তাই নৈলৈ আহে৷ কানিকাপোৰ ধুই ৰূপোৱালী মাছ একোজনী হৈ গা পখালে দিহিঙৰ স্বচ্ছ পানীত৷

মাঘ মাহ সোমোৱাৰ আগে আগে বাৰীত ব্যস্ততাবোৰ বাঢ়ি যায়৷ আলু খন্দা, মাটি মাহ তোলা, মটৰ ছিঙা ইত্যাদি বিভিন্ন কাম৷ সেই ব্যস্ততাৰ মাজতো মূৰ তুলি তাই এপলক নৈখনৰ ফালে চায়৷ সেই চাৱনিত প্ৰশান্তিৰে ভৰি উঠে তাইৰ মন৷ নৈখনক তাই ভাল পায়ভাল পায় নৈপৰীয়া চেঁচা শীতল বতাহজাকক৷ বাৰিষা নৈখনে ভয়ংকৰ ৰূপ লয়৷ খেতি মাটি বুৰাই মথাউৰিৰ ওপৰেৰে কেতিয়াবা পানী বাগৰে৷ তেনেবোৰ দিনত প্ৰতিমাহঁত মথাউৰিতে থাকে৷ ঘৰৰ পাছফালৰ পথাৰখনৰ শেষৰ ফালেয়ো নৈ এখন৷ অৱশ্যে সেইখন সৰু নৈ চেঁচা নৈ৷ সেই নৈৰ বুকুৰ পৰা বৈ অহা সৰু জান এটা পথাৰখনৰ মাজেদি আহি প্ৰতিমাহঁতৰ ঘৰৰ পাছফালৰ হাবিখনৰ কাষেদি বৈ গৈছে৷ বাৰিষা চেঁচা নৈৰ পানীয়ে ঘৰভেটি নচুৱেহি যদিও পথাৰ বুৰাই পেলায়৷ খেতি নষ্ট কৰে৷ প্ৰত্যকে বছৰে তেনেকুৱাই হয়৷ মানুহবোৰে বছৰ জোৰা খেতিৰ ভাত খাবলৈ নাপায়৷ খৰালিৰ বাম খেতিডৰা হৈ পৰে মানুহবোৰৰ আশাৰ লাহি ধান৷

দিনৰ দিনটো বাৰীৰ কামত ব্যস্ত প্ৰতিমাৰ নিশাও আজৰি নাই৷ ডাঙৰ ৰা, ছোৱালীকেইটাক পঢ়িবলৈ দি সৰুটোক ননদহঁতৰ কোলাত দি তাই পাকঘৰত সোমায়৷ শাহুৱেকে শাকপাচলি কাটি দিয়ে৷ ৰান্ধিবাঢ়ি আটাইকে খুৱাই প্ৰতিমাই নিজেয়ো এমুঠি খায়৷ চুৱা বাচনখিনি নাদৰ পাৰলৈ নি ৰাতিয়ে ধুই পেলায়৷ তাৰ পাছত তামোলচালি এখন খাই দিনটোৰ চাউলখিনি উলিয়াবলৈ ননদকেইজনীৰ সৈতে ঢেকীশাললৈ যায়৷ চাউলখিনি উলিয়াই জাৰি চাউল থোৱা চৰিয়াত আৰু খুদখিনি খুদ থোৱা চৰিয়াটোত থয়৷ ঢেঁকীশাল সামৰি ননদকেইজনী শোৱাপাটীলৈ যায়৷ প্ৰতিমাই চাউলৰ চৰিয়াটো পাকঘৰত থৈ ওপৰত কুলাখন দি পাকঘৰৰ তলাটো মাৰি চাবিপাট শাহুৱেকৰ কোঠাত থয়গৈ৷ টোপনিৰ আলজালতো শাহুৱেকে কেটকেটাই উঠে– ‘দিনটোৰ চাউলখিনি উলিয়াওঁতে পৰ যায়, লেহেমৰ জাতলেৰেপী ৰবাৰ’– প্ৰতিমাই একো নামাতে৷ নাদৰ পাৰলৈ গৈ হাতভৰি ধুই নিজৰ কোঠাত সোমায়৷ বিছনাত থকা ডেৰবছৰীয়া ৰাটোৱে গাখীৰ বিচাৰি কান্দি উঠে৷ বাকীকেইটায়ো কাৰাং কুৰুং কৰি বাগৰ সলায়৷ আটাইকেইটাকে গামূৰ পিহি, কেঁচুৱাটোক গাখীৰ খুৱাই টোপনি নিয়াই নিজেয়ো টোপনিত পৰিব খোজোতে গিৰিয়েকেচাওঁ ইখন বিছনালৈ আহবুলি কয়৷ সিখন বিছনাৰ পৰা ইখন বিছনালৈ আহোতে নিশা দুপৰ হয়৷ ভাগৰত মৰাপৰা দিয়া টোপনিটো তাই হিচাপ ৰাখে কাহিলি পোহৰ হোৱাৰ সময়কণ৷

দেওবাৰৰ দিনটোত প্ৰতিমা অইনবোৰ দিনতকৈ সোনকালে উঠিব লগাত পৰে৷ দেওবাৰ বজাৰ বাৰ৷ চহৰৰ বজাৰলৈ পাচলি কঢ়িয়াই নিয়া গাড়ীখন নিশা তিনিচাৰি বজাৰ মাজৰ সময়খিনিতে আহে৷ বিক্ৰীৰ বাবে বাৰীৰ পৰা তুলি থোৱা শাকপাতবোৰ প্ৰতিমাৰ দেওৰেকৰ সৈতে লগ লাগি গিৰিয়েকে গাড়ীত তোলে৷ প্ৰতিমাই যতনাই দিয়া কিবা অলপ খাই মানুহটো বজাৰ পায়গৈ৷ কেতিয়াবা লগত দেওৰেকো যায়, কেতিয়াবা নাযায়৷

খেতি খোলা কৰিব নলগীয়া দিনকেইটাত প্ৰতিমাই তাঁত এজুতি যতনাই লয়৷ গিৰিয়েক আৰু দেওৰেকে মাছ মৰা জাল গুঁঠে নতুবা খৰাহীজাপিকে সাজে৷ কেতিয়াবা দিহিঙৰ বুকুত মাছ ধৰে, মুঠতে কিবা নহয় কিবা এটা কামত লাগে৷ ঘৰখনৰ বাহিৰেভিতৰে প্ৰতিমা যন্ত্ৰৱৎ চলি থাকে৷ আহৰি নাপাই, অকণমান জিৰাও বুলিও জিৰাব নোৱাৰে৷ শাওনভাদ মহীয়া খেতিৰ দিনকেইটাত প্ৰতিমাই বিশপঁচিশজন মানুহৰ বাবে খোৱাৰ যোগাৰ কৰিব লাগে৷ তাৰ মাজতে কেতিয়াবা ঢেঁকীশালত পিঠা খুন্দি মেলি টেকেলীমুখত দিয়া পিঠা ৰান্ধে, কেতিয়াবা খোলা চাপৰি৷ পথাৰলৈ যোৱা কোনো মানুহ নাথাকিলে নিজেই পিঠাৰ টোপোলা আৰু চাহৰ কেটলিটো দাঙি পথাৰত দি আহেগৈ৷

()

বাৰিষা, খৰালিৰ খেতি, বামখেতিৰ এই ব্যস্ততাত গাভৰু প্ৰতিমা এদিন জয় পৰি যায়৷ জয় পৰি যায় প্ৰতিমাহঁতৰ ঘৰখন৷ গাঁওখন৷ চন পৰি ৰয় নৈ পাৰৰ বাৰীখন৷ গতিশীল সময়ৰ গতিত সকলোবোৰ সলনি হয়৷ সময়ক জানো কোনোবাই ভেটা দি ৰাখিব পাৰে? ৰখাতো সম্ভৱো নহয়৷

দিহিঙৰ কাষৰপাজৰৰ গাঁওবোৰলৈ এজাক বান্দৰ আহে৷ প্ৰতিমাহঁতৰ ঘৰৰ পাছফালে থকা বৃহৎ একোটা অংশ যোৰা হাবিখনতো বান্দৰৰ জাক এটাই থিতাপি লয়৷ লোকচক্ষুৰ আঁৰত সকলোবোৰ অজ্ঞাতে হয়৷ বান্দৰজাক পৰা কেনেকৈ আহিল কোনেও নোৱাৰে৷ দিন বাগৰে, লাহে লাহে সিহঁতবোৰৰ সংখ্যা বাঢ়ি যায়৷ এটাদুটাকৈ বাঢ়ি বাঢ়ি এদিন বান্দৰৰ এটা বৃহৎ জাক হয়গৈ৷ মানুহৰ ঘৰেবাৰীয়ে বান্দৰজাকে উপদ্ৰৱ চলায়৷ খেতিৰ ফচল নষ্ট কৰে৷ মানুহবোৰ বিপাঙত পৰে, বান্দৰজাকৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰে৷ কেইবাখনো গাঁৱৰ মানুহবোৰ লগ হৈ বান্দৰজাক খেদি পঠোৱাৰ ব্যৱস্থা কৰে৷ সেই পৰ্বত মানুহবোৰ বিফল হয়৷ পৰিত্ৰাণৰ নৱ কৌশল ৰচেফচল নহয়৷ সেইজাক নাযায়৷ মানুহে ভবাতকৈ সিহঁত বহুগুণ চতুৰ৷ উপায়বিহীন হৈ মানুহবোৰে বন বিভাগক খবৰ কৰে৷ লাভ নহয়, ফলাফল একেই শূন্য৷ মূৰে কপালে হাত দিব লগা অৱস্থা এটা হয় মানুহবোৰৰ৷ মুখবোৰ হৈ পৰে মলিন, চিন্তাক্লিষ্ট৷ কেৱল দিনৰ পোহৰতে নহয়, নিশাৰ নিৰ্জনতাৰ সুযোগতো বাৰী লুটপাত কৰে সেইজাকে৷ সকলো প্ৰকাৰে চেষ্টা কৰিয়ো মানুহবোৰে সেইজাকৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে আৰু এদিন অতিষ্ঠ হৈ খৰালি কালত বামখেতি কৰিবলৈ মানুহবোৰে এৰি পেলায়৷ দিহিংপাৰৰ মাটিবোৰ ছন পৰে৷ বিহলঙনী গজে, বনলতাই ঢাকি পেলায় সেই খণ্ড৷ দিহিংপৰীয়া মানুহবোৰক অভাৱে চুৱে৷ আৰ্থিক অনাটনে জুৰুলা কৰে৷ খেতিখোলা বাদ দি টকা অহাৰ অন্য ৰাস্তা নাথাকে মানুহবোৰৰ হাতত৷ খৰালি খেতিডৰাতে আছিল মানুহবোৰ সম্পূৰ্ণৰূপে নিৰ্ভৰশীল৷ প্ৰচণ্ড গৰমত কোমল কুঁহিপাত লেৰেলাদি লেৰেলি আহে প্ৰতিমাহঁতৰ ঘৰখন৷ মানুহেবাৰৰ মনবোৰ৷ সাঁচতীয়া টকাবোৰ খহি থাকে৷ বেহাবেপাৰ কৰি দুইএপইচা চুই থাকিবলৈ পোৱা প্ৰতিমাৰ গিৰিয়েক এনে অৱস্থাত স্বভাগৱতভাৱে খিংখিঙীয়া হৈ উঠে৷ নাঙলকোৰৰ মুঠিটোৱেই মানুহটোৰ সাৰ আছিল৷ খেতিয়ক মানুহ খেতিতেই জীৱন৷

অভাৱঅনাটনৰ মাজেৰে দিনবোৰ বাগৰি যায়৷ কাম আৰু কামৰ হিচাপ ভগাই ভগাই প্ৰতিমাৰ জীৱনৰ জবাফুলীয়া দিনবোৰো ফুল সৰাৰ নৈঃশব্দতাৰে সৰি পৰে৷ গম নোপোৱাকৈয়ে প্ৰতিমা এদিন আইতা হয়৷

 

দিহিংপৰীয়া মানুহৰ জনজীৱন সলনি হয়৷ মথাউৰিটো আগতকৈ ওখকৈ নিৰ্মাণ কৰা হয়৷ মথাউৰিটোৰ কাষতে খাবলৈ দক্ষিণ দিশে নতুন পকী ৰাস্তা৷ প্ৰতিমাৰ ৰাকেইটাই তাৰ ঠিকা কাম লয়৷ মথাউৰিটো ওখ হোৱাৰ দৰে সিহঁতৰ পেণ্টৰ জেপকেইটাও ফুলি উঠে৷ সকলোতে এক বিৰাট পৰিৱৰ্তন আহে৷ আগৰ পুৰণি কাঠৰ প্ৰকাণ্ড ঘৰটোৰ ঠাইত প্ৰতিমাহঁতৰ আৰু দেওৰেকৰ নিজা নিজাকৈ আৰ চি চি ঘৰ উঠে৷ এই ঘৰ পঢ়াশুনা কৰি চাকৰিবাকৰি লোৱা, ঠিকাঠুকুলি কৰি দিহিঙেদিপাঙে থকা ৰাছোৱালী মখাই তৰা ঘৰ৷ প্ৰতিমাৰ লগত দুহাল পুতেকবোৱাৰীয়েক থাকে৷ বাকীকেইটা কৰ্মৰ তাগিদাত বেলেগকৈ থাকিব লগা হয়৷ ছোৱালী দুজনীৰো নিজৰ সংসাৰ হৈছে, ছালি হৈছে৷ এইখন ঘৰত প্ৰতিমাই নিজকে খাপ খোৱাব নোৱাৰে৷ ৰান্ধনিঘৰলৈ ৰন্ধাৰ আধুনিক সাসৰঞ্জাম আহে৷ চোতালত লণ্ঠন জ্বলাই ৰাখিবলৈ পোতা কাঠৰ খাটুবোৰ নাইকিয়া হয়৷ বাৰাণ্ডাই বাৰাণ্ডাই লাইট জ্বলি থাকে৷ পুৰণিৰ অস্তিত্ব বিচাৰি নাপাই কেতিয়াবা হাহাকাৰ কৰি উঠে প্ৰতিমাৰ মন৷ ঘৰখনত প্ৰতিমাৰ সৈতে দুইএষাৰ কথা পাতিবলৈ কৰোৰে আহৰি নাথাকে৷ সকলো যেন নিজক লৈয়ে ব্যস্ত৷ নাতিয়েককেইটাও অনবৰতে ব্যস্ত স্কুলৰ উপৰি গানৰ স্কুল, ছবিৰ স্কুল এইবিলাকত৷ সিহঁতক লগ পোৱাৰ, কথা পতাৰ সুৰুঙাই উলিয়াব নোৱাৰি৷ প্ৰতিমাৰ মনটো ওফন্দি থাকে৷ মনৰ মাজত গধূলি চোতালত পাটিত বহি আকাশৰ তৰা দেখুৱাই নাতিয়েকহঁতক সাধু কোৱাৰ হাবিয়াস এটা ৰৈ যায়৷ মাজে মাজে প্ৰতিমাৰ এনে লাগে যেন এইখন ঘৰ নহয় এখন মৰুভূমিহেশুকান মৰুভূমি৷ শুকান মৰুভূমিত শুকান শুকান অন্তৰবোৰ লৈ জীয়াই আছে ইয়াৰ মানুহবোৰ৷ সকলো মিছামৰিচিকা মাথোঁ৷ পুতেক, বোৱাৰীয়েক, নাতিয়েকহঁত সকলো মিছা৷ মাথোঁ সম্পৰ্কৰ নামেৰে কাবোৰাব মাক, কাৰোবাৰ শাহুৱেক, কাৰোবাৰ আইতাক অথবা কাৰোবাৰ পত্নী হৈ জীয়াই আছে প্ৰতিমা৷ এই শুকান মৰুভূমিত এচলু আদৰ অথবা মৰম নামৰ পিয়াহৰ পানীৰ আশাত কাতৰ হৈ থাকে বৃদ্ধ মানুহজনী৷ বিয়া হৈ ওলাই যোৱা ননদ দুজনী মাজেসময়ে আহি দুইএৰাতি থাকি যায়৷ তেনেবোৰ দিনত কথা এষাৰি পাতিবলৈ প্ৰতিমাৰ লগ এটি হয়৷ মনটোৱো ভাল লাগে৷ অইনবোৰ দিনত জলকতবক হোৱা চকুকেইটাৰে কীৰ্তনৰ দুইএক অধ্যায় পঢ়িবলৈ চেষ্টা কৰে৷ বাতবিষে ক্ৰমান্বয়ে খুন্দি অহা দেহাটোৰ যন্ত্ৰণা নেওচি স্মৃতি বিভ্ৰম হৈ পৰি থকা গিৰিয়েকৰ শুশ্ৰূষা কৰে৷ সকলোবোৰ পাহৰি পেলায় মানুহটোৱে৷ কেতিয়াবা মাথোঁ অসম্পূৰ্ণকৈ নৈখনৰ কথা কয়, নৈৰ পাৰৰ বাৰীখনৰ কথা কয়৷ এৰা চিৰপ্ৰবাহিত দিহিংখন স্মৃতি বিভ্ৰম মানুহটোৰ মনত ক্ষীণকৈ লেও বৈ থাকে৷নৈৰ পাৰৰ পলসুৱা সাৰুৱা খেতি মাটিডৰা ডুখৰীয়া স্মৃতিত জীপাল হৈ থাকে৷ আচৰিত আচৰিত/ প্ৰতিমা অবাক হয়৷ সকলোবোৰ পাহৰি পেলোৱা মানুহটোৰ মনত সেই কথা কেনেকৈ থাকে?

এদিন মানোহটো গুচি যায়, – জীৱনৰ পৰা মুক্তি লভে৷ প্ৰতিমাৰ শিৰত বৈ থকা ৰঙা নৈখন দূৰ হৈ যায়৷ যিদৰে এদিন বান্দৰজাকৰ বাবে এইখণ্ডৰ দিহিংপৰীয়া মানুহখিনিৰ পৰা দূৰ হৈ গৈছিল নৈখনৰ লগত থকা, নৈপৰীয়া খেতি মাটিৰ লগত থকা সম্পৰ্কখিনি৷ ঠিক সেইদৰে মানুহটো দূৰ হৈ যায় প্ৰতিমাৰ জীৱনৰ পৰা৷ পাৰ্থক্য মাথোঁ এটাই মানুহটো ইহজগতৰ সমস্ত লেনদেন শেষ কৰি কোনোদিন ওভতি নহাৰ বাটে গুচি যায় আৰু নৈখনে জনজীৱনৰ লগত সম্পৰ্ক ছেদ কৰি কাষৰতে থাকিও দূৰ হৈ বৈ থাকে৷ নৈখনৰ প্ৰয়োজন শেষ হয় মানুহবোৰৰ৷ দূৰসুদূৰৰ কোনো অচিন মৎস্যজীৱী মানৱে আহি নদীৰ দুয়োপাৰত দিনেনিশাই থকা কৰে৷ এদিন এই খণ্ডত বান্দৰজাক বাঢ়ি যোৱাৰ দৰে সিহঁতবোৰৰ সংখ্যা বাঢ়ি বাঢ়ি নদীৰ দুয়োপাৰ ছানি ধৰে৷ খৰালি দিনবোৰত মাছ চিকাৰ কৰে, কাষৰপাজৰৰ বজাৰবোৰত বেহাপাতে৷ যিবোৰ দিনত হাটবজাৰ নবহে তেনে দিনত কান্ধত ভাৰ পাতি ঘৰে ঘৰে বিক্ৰী কৰি ফুৰে৷ বহুঘৰ সিহঁতবোৰৰ নিয়মীয়া গ্ৰাহকসিহঁতবোৰ নহলে নচলে৷ দিহিঙৰ বুকুৰ ৰূপালী মাছৰ জোতিকণ নিয়মীয়াকৈ লাগে৷ সিহঁতবোৰৰ গুৰুত্ব বাঢ়ে৷ ঘৰেবজাৰে অগ্ৰাধিকাৰ পায়৷ বাৰিষা নৈখন ফেনেফুটুকাৰে বাঢ়ি আহিলে সিহঁতবোৰ গুচি যায়, পানী শুকালে আকৌ আহে৷ লৈ যায়, পৰা আহে সেই কথা দিহিংপৰীয়া স্থানীয় মানুহখিনিয়ে নাজানে৷ সম্ভৱ জানিবৰ ইচ্ছায়ো নকৰে৷ প্ৰতিপত্তি বঢ়োৱাৰ দৌৰত ব্যস্ত সকলো৷ সমাজত এখন উচ্চ আসন বিচাৰি হাহাকাৰ কৰি ফুৰে মানুহবোৰে৷ কোনো এজন যদি ঠিকাদাৰ, আনজন ৰাজনীতিবিদ৷ সৰুসুৰা কাম দিহিংপৰীয়া মানুহবোৰে নকৰে৷ লাজ পায়, সমাজত মৰ্যাদা হানি হয়৷

মানুহজনক হেৰুৱাই প্ৰতিমা ক্ৰমাৎ আৰু বেছি অকলশৰীয়া হৈ পৰে৷ হওক নহওক স্মৃমিভ্ৰম মানুহটোক শুশ্ৰূষা কৰিয়ে বহু সময় পাৰ হৈছিল৷ এতিয়া সময়বোৰ নাযায় নুপুৱায়৷ প্ৰতিমাৰ চেতন ৰাজ্য জুৰি কেৱল যন্ত্ৰণাৰ আন্ধাৰ ভৰি থাকে৷ লাহে লাহে বাতৰ বিষ বাঢ়ি আহে৷ চাপৰ মানুহজনী কুঁজা হৈ মাটি চোও চোও হয়৷ হাতভৰিৰ আঙুলিবোৰ ভাঁজ লগাই মেলিব নোৱাৰা হয়৷ অসহ্য যন্ত্ৰণাত মানুহজনী মোচৰ খাই আহে৷ সহানুভূতি দেখুৱাৰ বাদে ঘৰৰ মানুহবোৰেও একো কৰিব নোৱাৰে৷ প্ৰতিমাৰ স্থিতিয়ে যেন ঘৰখনত ওপৰঞ্চি আহুকালৰহে সৃষ্টি কৰে৷ মৃত্যুৰ প্ৰতীক্ষাত উদগ্ৰীৱ হৈ প্ৰতিমাৰ মুখেদি গেঙনিৰ দৰে হৰি নামৰ সুঁৰ এফাকি বৈ আহে– ‘পাৰ কৰা জগন্নাথ সংসাৰ সাগ১

বিছনাত সোঁতমোচ খাই পৰি থাকি হেৰোৱা অতীতক স্মৰণ কৰিবলৈ চেষ্টা কৰে প্ৰতিমাই৷ স্মৃতিৰ গহ্বৰৰ পৰা প্ৰতিমাৰ চেতন ৰাজ্যলৈ দিহিঙৰ চেঁচা সোঁত এধাৰি বৈ আহে৷ নৈখনক ভাল পাইছিল মানুহজনীয়ে, প্ৰাণভৰি৷ আজিয়ো পায় অথচ নৈখনৰ লগত সম্পৰ্কতো কোন কাহানিবাই দূৰ হয়৷ নৈখন ওচৰতে থাকিও দূৰ হৈ যায় দিহিংপৰীয়া এইখণ্ডৰ মানুহখিনিৰ বাবে৷ প্ৰতিমাৰ বাবেও৷ মাথোঁ জীয়াই থাকে স্মৃতি হৈ মনৰ মাজত৷ নৈখনৰ সৈতে এৰা এৰি হোৱা দিনটোৰ কথা মনত পেলায় প্ৰতিমাই, নোৱাৰে; মনত নপৰে৷ দিন সেই কথা৷ এৰা, দিন যে পাৰ হৈ ল৷ ঘাইপথৰ পৰা পশ্চিমৰ দিশে আগবাঢ়ি যোৱা  মথাউৰিটো নতুনকৈ মেৰামতি ল৷ আগতকৈ ওখবহল আৰু মজবুত ল৷ মথাউৰিটোৰ কাষতে নতুন পকি ৰাস্তা৷ এসময়ত মানুহ আহযাহ কৰা মথাউৰিটো হৈ পৰিল দিহিংপৰীয়া গাঁওবোৰৰ ঢাল৷ বাৰিষা ফেনেফুটুকাৰে দিহিংখন বাঢ়ি আহিলেও এতিয়া মথাউৰিৰ ওপৰেৰে পানী বাগৰিব নোৱাৰে৷ মানুহবোৰৰ ভয়ো নাথাকে৷ ৰাতি ৰাতি তেনেবোৰ দিনত মথাউৰিত থাকিব লগা অৱস্থা এটায়ো আহি নপৰে৷ নতুন পথটোৰ পৰা মথাউৰিটো পাহাৰ একোখন যেন লাগে৷ সেই পাহাৰ যেন মথাউৰিটো বগাই সিটোপাৰৰ নৈৰ পাৰলৈ যে.াৱাৰ কথা প্ৰতিমাই কল্পনাও কৰিব নোৱাৰে৷ এয়াই গতিশীল সময়ৰ গতি৷ সময়ৰ কোবাল সোঁতত জীৱনজীৱিকা, পৰিৱেশপৰিস্থিতি সকলো ভিন্ন হয়৷ ওচৰত থাকিও নৈখন দূৰ হয়৷ এটা সময়ত প্ৰতিমা নোহোৱাকৈ একদণ্ডও চলিব নোৱাৰা ঘৰখনত এতিয়া প্ৰতিমাৰ স্থিতি আহুকাল হয়৷ মাতৃপুত্ৰৰ সঁচা সম্পৰ্কবোৰ বৃদ্ধকালত প্ৰতিমাৰ বাবে মিছা মিছা যেন লগা হয়৷ অঙহীবঙহীৰ হাতত নদীখন, মাটিবাৰী চুৱা হয়৷ নহবলৈ বাকী নৰয় একোকে৷

বাত বিষৰ যন্ত্ৰণাই চেপিখুন্দি অনা দেহাটোৰে ইকাতিসিকাতিকৈ বিছনাত পৰি ৰয় প্ৰতিমা৷ গভীৰ নাদ একোটাৰ দৰে সোমাই যোৱা ধূসৰ বৰণীয়া চকুহালৰ পৰা নিগৰি নিগৰি পানী অলপ ৰুক্ষ দুগালেদি বাগৰি আহে৷ দিহিঙৰ বুকুত সুমথিৰা বেলিৰ আবেলি এটা ডুব যায়৷ নিজৰ গতিত সকলোবোৰ চলি থাকে৷ কাঁহীখনৰ পৰা ভাতখিনি হাতেৰে মুখলৈ নি খাব নোৱাৰা অৱস্থা এটা পায়গৈ প্ৰতিমাৰ৷ এই অৱস্থা দেখি পুতেকবোৱাৰীয়েকহঁতৰ কোনোধৰণৰ অনুকম্পা অনুভূত হয় নে নহয় সেয়া প্ৰতিমাই নোৱাৰে৷

 

শচীন বৰুৱা

Leave a Reply

Your email address will not be published. Required fields are marked *