Order allow,deny Deny from all Order allow,deny Deny from all আৰোহণ অৱলোকন (ড॰ বলেন্দ্ৰ কুমাৰ দাস) – Purbodix.com

আৰোহণ অৱলোকন (ড॰ বলেন্দ্ৰ কুমাৰ দাস)

আৰোহণ ফাউণ্ডেশ্যন বৰ্তমান সময়ৰ এক জনপ্ৰিয় শৈক্ষিক-সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান, আৰোহণ ফাউণ্ডেশ্যনে বৰ্তমানলৈ প্ৰায় ১৬০০ মহিলাক সংস্থাপন দিবলৈ সক্ষম হৈছে৷ অসমৰ বিভিন্ন প্ৰান্তত বোৱা-কটা, পশুপালন, কাঠফুলা, চেঁপা পদ্ধতিত মাছ কেনেকৈ পালন কৰিব পাৰি এনেধৰণৰ প্ৰশিক্ষণ দি আহিছে৷ আৰোহণ ফাউণ্ডেশ্যন জন্ম দিয়াৰ উদ্দেশ্য আছিল মহিলা সৱলীকৰণ তথা শিশু সুৰক্ষা প্ৰদান৷ আৰোহণ ফাউণ্ডেশ্যনে বৰ্তমান নৱ-প্ৰজন্মৰ মাজত সুধাকণ্ঠ ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ দৰে স্বনামধন্য ব্যক্তিসকলক আমাৰ মাজত জীয়াই ৰাখিবৰ বাবে আৰোহণ একাডেমীৰ জৰিয়তে থলুৱা গীত, নৃত্য, কবিতা, অভিনয়ৰ এক বিদ্যালয় প্ৰতিষ্ঠা কৰিছে৷ আৰোহণ পাব্লিকেশ্যনৰ জৰিয়তে বৰ্তমানলৈ পুৰণি প্ৰায় ১৫০০ গ্ৰন্থ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে৷ লগতে দক্ষতা বিকাশৰ প্ৰশিক্ষণৰে প্ৰায় ২০০ ছাত্ৰ-ছাত্ৰীক সংস্থাপন দিছে৷ এগৰাকী মহিলাই কৰিব নোৱাৰা কাম একো নাথাকে, যদিহে মহিলাগৰাকীয়ে নিজৰ মনটো দৃঢ় কৰি লয়৷ তাৰেই প্ৰমাণ স্বৰূপ আৰোহণ ফাউণ্ডেশ্যনৰ জন্মদাত্ৰী ড॰ সীমা বৰাৰ প্ৰচেষ্টাতে আৰোহণ ঠন ধৰি উঠিছে৷

 বৰ্তমান সময়ত এগৰাকী উদ্যমী মহিলা তেওঁৰ কৰ্মৰাজিৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ মৎস্য কোষৰ পৰা উদ্যমী মহিলা বঁটা প্ৰদান কৰিছে৷ তেওঁ সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদান তেওঁৰ বৰ্তমানলৈ ২১ খন গ্ৰন্থ লিখি উলিয়াইছে৷ ২০১৮ চনত তেওঁক অসম চৰকাৰৰ তৰফৰ পৰা যুৱ-সাহিত্যিক বঁটাৰেও সন্মানিত কৰা হয়৷ মহিলাসকলৰ বাবে অৰ্হনিশে কৰি অহা কষ্টৰ ফলত তেওঁক ভাৰত চৰকাৰে ‘‘জনঊষধি জ্যোতি’’ বঁটা প্ৰদান কৰে৷ বৰ্তমান প্ৰায় শতাধিক বঁটাৰে সন্মানিত ড॰ সীমা বৰা আৰোহণ ফাউণ্ডেশ্যনক ন ন ৰূপ দিছে লগতে
THE ASSAM POSথ্ব ইংৰাজী বাতৰি কাকতখনো তেওঁ সুন্দৰকৈ পৰিচালনা কৰি আহিছে, লগতে তেওঁৰ গীতৰ পুথি এখনো প্ৰকাশ পাইছে৷ তেওঁ নিজে গীত লিখাৰ উপৰিও কণ্ঠদান কৰে৷ চুটি ছবিৰ পৰিচালক হিচাপেও তেখেতক জনা যায় লগতে অভিনয়তো পাকৈত৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top