
: হেৰা…
: বোলো শুনিছানে?
এবাৰ দুবাৰ নহয় কেইবাবাৰো মাতিও পৰিবাৰৰ মাত নাপাই দিবাকৰ বৰুৱা ভিতৰ পালেগৈ৷ শোৱনি কোঠা, আলহী চ’ৰা আনকি পাকঘৰতো নাপাই মানুহজনে খৰধৰকৈ গাধোৱা ঘৰতো ভূমুকিয়ালেগৈ৷ দুদিনমানৰ পৰা বৰুৱাৰ পৰিবাৰ ভানুপ্ৰিয়াৰ ভৰিত বিষ এটাই লগ দিছে৷ যদি কেনেবাকৈ পিচলিছে! কথাটো মনলৈ অহাৰ লগে লগে প্ৰায় দৌৰি যোৱাদি বৰুৱা গাধোৱা ঘৰ পালেগৈ৷ অহ্ ক’লৈ গ’ল মানুহজনী? নাই যে নাই পায়খানা ঘৰতো নাই৷ তৎপৰতাৰে ফোনটো অফিচলৈ ওলাই যোৱা একমাত্ৰ পুত্ৰকে লগালে৷
: বাবা …মাৰা ঘৰত নাই৷
: ….
: অ নাই অ….সকলোতে চাইছো মই৷
:
: তই আহচোন…বেগেতে..
: …
: কাক বেগেতে অহাৰ কথা কৈছে হয়নে?
ঘূৰি চাই পৰিবাৰক দেখি উশাহ যেন ঘূৰি আহে বৰুৱাৰ৷
: অ বাবা…মাৰা আহিল…তুমি কলৈ গৈছিলা? গোটেইখন বিচাৰি ফুৰিছো মই৷ মাত এষাৰটো দি যোৱা৷ জানানে কিমান চিন্তা হৈ গৈছিল মোৰ৷ বাবা তোমাক বিচাৰি যাবলৈকে অফিচৰপৰা আহিব খুজিছিল৷
ভানুপ্ৰিয়াই গিৰীয়েকৰ অৱস্থাটো বেচ উপভোগ কৰিছে৷ তাৰমানে তেওঁ পৰিবাৰৰ কি হ’ল বুলি যথেষ্ট সময় উদ্বিগ্নতাত কটাইছে৷ দিওঁতে তেওঁ মাত দিয়ে গৈছিল৷ এফালে জুবিনৰ গীত আনফালে পেপাৰৰপৰা মূৰ নদঙা মানুহটোৱে হয়তো নুশুনিলে৷ চহৰৰ মাজমজিয়াত হ’লেও বৰুৱা দম্পত্তীয়ে পুৰণি অসম আৰ্হিৰ ঘৰটো ভঙাই পেলোৱা নাই৷ মাজেৰে ক’ৰিডৰ এটা৷ ছয়কোঠাৰ এটা আহল বহল ঘৰ৷ পুত্ৰ–বোৱাৰী–নাতি সহিতে ভৱিষ্যতলৈ কৰা আঁচনিতে ঘৰটোৰ কাম সম্পন্ন কৰা হৈছিল৷ আগফালে দূবৰিৰ দলিচা৷ হেজৰ জোপোহাই জেওৰাৰ দৰে কাম কৰিছে৷ এফালে তিনিশাৰীৰ এশাৰী জবা৷ এশাৰী তগৰ আৰু আনশাৰী গেজেং ফুল৷ আনটো ফালে বতৰৰ ফুল৷ পিছফালেও কমেও একঠামান মাটি আছে৷ ৰ’দঘাই মাটিখিনিত আগতে ভানুপ্ৰিয়াই ইটো–সিটো পাচলিৰ বীজ ৰুইছিল যদিও কাষতে কেইবা খলপীয়া পকীঘৰ থিয় দি উঠাত তেনেই চেচুক যেন হ’ল বাৰীখন৷ হ’লেও ৰ’দ বিচাৰি বিচাৰি মচুন্দৈ, মানিমুনি, নলটেঙা যি যেনেকৈ পাৰে মানুহজনীয়ে অকণ অকণ কৰিছে৷ ভাতকেৰেলা এজোপা ডালে পাতে বাঢ়িছে যদিও গুটি কম৷ ৰঙালাউৰ গুটি নধৰিলেও আগকেইটাই পলঙা হৈছে৷ মুঠতে বজাৰৰ ৰাসায়নিক দ্ৰব্যমিশ্ৰিত পাচলিৰ বিৰুদ্ধে যেন মানুহজনীৰ যুঁজ৷ সপ্তাহত শাকে–পাতে মানুহজনীয়ে থলুৱা এসাঁজ ঘৰখনত ৰান্ধিব বিচাৰে৷ আজিও সেই উদ্দেশ্যতে বাৰীত সোমাইছিল৷ আধাঘণ্টা হ’ল কি নাই মানুহজনৰ এই অৱস্থা৷ ভানুপ্ৰিয়াৰ মুখেৰে হাঁহি এটি বিয়পে৷ প্ৰাপ্তিৰ৷ প্ৰিয়জনৰ ভালপোৱাৰে বুকু ভৰি ৰোৱাৰ প্ৰাপ্তি৷
৩৪ বৰ্ষত ভৰি দিলে দিবাকৰ–ভানুপ্ৰিয়াৰ সংসাৰে৷ কথাবোৰ যেন তথাপি সৌ সিদিনাৰহে৷ হাইস্কুলৰ দেওনা পাৰ কৰিছিল ভানুপ্ৰিয়াই৷ পানীপটাৰ বৰষুণৰ পানীত থেপথেপাই থকা হাঁহ পোৱালিগালক গেলা কলৰ কলপটুৱা চেলিয়াই জিলিকা কেঁচু খুৱাই আছিল ভানুপ্ৰিয়াই৷ শাওনৰ বৰষুণে চোতালখন তেনেই চেলনি পেলাইছিল৷ “কোনে ফুটুৱালে ঔ’’ বুলি মাকে বতৰটোক গালি দুজাউৰিমান দিওঁতেই অকস্মাত কাণৰ কাষতে চাইকেলৰ বেল বজাত উচপ খাই উঠিছিল ভানুপ্ৰিয়া৷ সমুখত অচিনাকি মানুহজনক দেখি অপ্ৰস্তুত হ’লেও চম্ভালি লৈছিল নিজকে ভানুৱে৷
: এইটো গজেন চন্দ্ৰ অধিকাৰীৰ ঘৰ হয়নে বাৰু আইটি?
: হয়..আপুনি আহকচোন৷
মাক কাষ চাপিছিলহি৷ দেউতাক গাওঁখনৰ গাওঁবুঢ়া৷ গাওঁখনৰ উজনিৰপৰা ভাটিলৈ দিনটোত কোনোবা নহয় কোনোবা এজনে বিচাৰি আহেই৷ গতিকে ভানুপ্ৰিয়াহঁতৰ বাবে কথাটো ডাঙৰ নহয়৷ কিন্তু আজিৰ মানুহজন অচিনাকি৷ মানুহজন অহাৰ কাৰণটো জানিবলৈ ঘৰখনৰ প্ৰতিজন সদস্যই যেন উদগ্ৰীৱ৷ আলহী চ’ৰালৈ কাণ উনাই থাকিল ঘৰখনৰ প্ৰতিজন সদস্যই৷
: মোক হৰকান্তই পঠিয়াইছে৷
অ মাজুলীৰ হৰকান্ত৷
ভানুপ্ৰিয়াহঁতেও জানে দেউতাকৰ শৈশৱৰ বন্ধু হৰকান্তক৷ দেউতাকৰ দেউতাক আৰু হৰকান্তৰ দেউতাক একালৰ ভাল বন্ধু আছিল৷ দুয়ো বণিজৰ কামত লগ হৈ বন্ধুত্ব স্থাপন কৰিছিল৷ সেই বন্ধুত্ব পুত্ৰলৈও এৰি গৈছিল৷ দুয়ো বন্ধুৰ পুতেক পিতাকহঁতৰ অবৰ্তমানত সুহৃদ বন্ধু৷ ডেকাতে অহা–যোৱা সঘনাই হৈছিল যদিও সংসাৰৰ ব্যস্ততাই আহ–যাহ কমালেও আন্তৰিকতা দুয়োটা পৰিয়ালৰে মজবুত৷
: সি নিজে নাহি তোমাক কিয় বা পঠিয়ালে?
দেউতাকৰ কপালত চিন্তাৰ ৰেশ ধৰিব পাৰিছে ভানুপ্ৰিয়াই৷
: আপোনাক বিশেষ কথা এষাৰ কাণ চোৱাবলৈ মোক পাচিলে ককাইদেউ৷ হৰকান্ত ককাইদেউৱে নিজৰ বৰপুত্ৰলৈ আপোনাৰ ডাঙৰ কন্যা ভানুক বোৱাৰী কৰিবলৈ অনুমতি বিচাৰিছে৷ আপুনি হয়ভৰ দিলেই হৰ ককাইদেউৱে শৰাই পেলাবহি৷
বেৰখনৰ সিপাৰে কাণ উনাই থকা ভানুৰ ডিঙিটো যেন শুকাই কৰ্কৰীয়া লাগে৷ তাইৰ বিয়াৰ বতৰা চলিছে সিটো কোঠাত৷ ভয় খায় ভানুৱে৷ দৌৰি যোৱাদি বৰঘৰ পায়গৈ ভানু৷
: আই..পিতায়ে মোৰ বিয়াৰ কথা পাতিছে সেই মানুহটোৰ লগত৷ হৰকান্ত তাৱৈৰ পুতেক যে দিবাকৰ নে কি সেইটোৰ লগত৷ মই এতিয়াই বিয়াত নবহো আই৷

চিৰিংকৈ মাৰে আইৰ বুকু৷ চেনেহৰ জীৰ মুখত অসহায়তা ফুটি উঠিছে৷ জী তোলাৰ শোকে তেওঁকো চেপি ধৰিছে৷ এয়াই যে নিয়ম সমাজৰ৷ জীয়ৰী জনম দিলে যেতিয়া আন এখন ঘৰলৈ যে উলিয়াই দিবই লাগিব৷
: আই, তই একো নামাতিলি যে! তোৰো পিতাইৰ দৰেই মোক উলিয়াই দিয়াৰ মন নেকি?
চপাই লয় চেনেহৰ জীক আয়েকে৷
“ছোৱালী কুৰিতে বুঢ়ী’’ বুলি ক’লেও পিতায়ে সেইবোৰ নামানি তহঁত তিনিওজনীকে হাইস্কুলৰ দেওনা পাৰ কৰালে৷ তোৰ অহাবছৰলৈ কুৰি পূৰ হ’ব৷ ইহঁত দুজনীক জানো বিয়া দিব নালাগিব সময়ত৷ পুত্ৰ নথকাৰ শোক এদিনো লোৱা নাই৷ তহঁতক ল’ৰা–ছোৱালীৰ পাৰ্থক্য নৰখাকৈ ডাঙৰ কৰিছোঁ৷ পঢ়ুৱাইছোঁ৷ এতিয়া অমান্য হ’লে পিতায়ে দুখ নাপাব জানো৷ সংসাৰৰ ধৰ্ম মানি চলিবই লাগিব৷ এয়াই নিয়ম৷
তাৰ এসপ্তাহ পিছতে হৰকান্ত তাৱৈয়েকৰ লগত বৰপুত্ৰ দিবাকৰ বৰুৱা ভানুপ্ৰিয়াৰ ঘৰ ওলাইছিলহি৷ দিবাকৰ কিন্তু ভানুপ্ৰিয়াৰ দৰে লাজুক স্বভাৱৰ নাছিল৷ একালৰ জে.বি.কলেজৰ ছাত্ৰ দিবাকৰ বৰুৱা কলেজৰ তিনিটা বৰ্ষৰ শ্ৰষ্ঠ তাৰ্কিক আছিল৷ সেইদিনা অৱশ্যে ভানুপ্ৰিয়াৰ লগত পতা কথাৰ সুৰত তৰ্ক সামান্যতমো নাছিল৷ খুব বিনয়ী হৈ লাজুক ভানুপ্ৰিয়াৰ লাজ ভঙাই নহয় সাত মাহৰ পিছত ফাগুনলৈ বিয়াৰ সিদ্ধান্তও জনাই গ’ল৷ চৰকাৰী চাকৰিয়াল দিবাকৰ বৰুৱাই দেখনিয়াৰ শৰীৰ আৰু বিনয়ী ব্যৱহাৰে ভানুপ্ৰিয়াৰ ঘৰখন বান্ধি পেলাইছিল৷
ফাগুনে বতাহে মিতিৰালি পতাৰ সময়লৈ বাট চাইছিল ভানুপ্ৰিয়াই৷ মাজতে দুবাৰ আহিছিল ভাবীপত্নীৰ ঘৰলৈ দিবাকৰ বৰুৱা৷ খাৰু আৰু আঙঠিৰ জোখ লৈ গৈছিলহি৷ ভানুপ্ৰিয়াৰ খালী খালী লাগিবলৈ ধৰিছিল দিবাকৰ বৰুৱা ঘৰলৈ নাহিলে৷ উফ্ ছয়মাহ সময়! নাযায় নুপুৱায়৷ তাই নিজেও আচৰিত হৈছিল৷ দিবাকৰ বৰুৱা নামৰ মানুহজনৰ প্ৰতি অহেতুক প্ৰীতিৰ আৰম্ভণি তাইৰ অজানিতেই হৈ গৈছিল৷ ভানুপ্ৰিয়ায়ো স্বীকাৰ কৰিছিল “প্ৰেমত ঘূৰে ভূমণ্ডল৷“ তাঁতৰ শালত বহি এহতীয়া লতা–ফুলৰ দৰা গামোচা নিজহাতে বৈ উলিয়াইছিল ভানুপ্ৰিয়াই৷ ভনীয়েকহঁতে জোকাই অনবৰতে তাইৰ দুগাল ৰঙা পেলাই থৈছিল৷ আহিছিল হেঁপাহৰ দিনটো৷ জাক জাক উৰুলিৰে ভানুপ্ৰিয়াৰ ঘৰৰ পদূলি উছৱমুখৰ হৈছিল৷ সেই পদূলিতে নামিছিল ৰথৰপৰা ভানুপ্ৰিয়াৰ প্ৰিয়তম৷ শুকুলা ঘোঁৰাত তুলি ভানুপ্ৰিয়াক লৈ গৈছিল নিজৰ কৰি৷ একেবাৰে নিজৰ৷ দিবাকৰ–ভানুপ্ৰিয়া৷ পলসুৱা পথাৰ৷
বৰ বোৱাৰী ভানুপ্ৰিয়া৷ ওৰণিৰ তলতো জিলিকে জ্যোতি৷ ওৰণি খহাই দিবাকৰে হেঁপাহ পূৰাই চায় প্ৰিয়তমা পত্নীক৷ দেৱী হেন পত্নীৰ ৰিহা খহাবলৈ ভয় কৰে দিবাকৰে৷ ইমান ধুনীয়া! ভানুপ্ৰিয়াৰ চকুতো তিৰবিৰণি উঠে৷ চকুৱে দিয়া সঁহাৰিৰে আথে–বেথে শুঙে দিবাকৰে ভানুপ্ৰিয়াৰ দুহাত৷
দুহাতত দুহাত থৈ যাত্ৰা৷ শাহু–শশুৰৰ হেঁপাহৰ বৰ বোৱাৰী৷ কামে–বনে কোনেও চেৰ পেলাব নোৱাৰা ভানুপ্ৰিয়া৷ দুটা দেওৰ আৰু এজনী ননদৰ আদৰে ভানুপ্ৰিয়াক তুলি ধৰে৷ ঘৰখনৰ সদস্য হ’বলৈ ভানুপ্ৰিয়াক বেছি সময় নালাগে৷
দমকলৰ পাৰত উকালি উকালি বহি পৰিছিল ভানুপ্ৰিয়া৷ আগুৰি ধৰিছিল ঘৰখনৰ মানুহবোৰে তাইক৷ আঙুলিৰ মূৰৰ হিচাপ মুখেৰে বাহিৰ হৈছিল৷ আস্ …ঘৰখনলৈ সৰগীয় জোনাক সৰিছিল৷ দেৱশিশুৰ কলকলনি অহাৰ উমান পাই শাহুৱেক–শশুৰেকে ভানুপ্ৰিয়াক চেনেহেৰে উপচাইছিল৷ আৰু দিবাকৰ! প্ৰিয় নাৰীৰ বুকুত পৰি তলপেট চুমিছিল৷ ভানুপ্ৰিয়াই মাথোঁঁ চাই ৰৈছিল এই আয়োজন৷ আলসুৱা হৈ পৰিছিল ভানুপ্ৰিয়া৷ ভানুপ্ৰিয়া মাতৃ হৈছিল৷ ঘৰখনৰ প্ৰথম উত্তৰাধিকাৰীৰ মাতৃ৷ ভানুপ্ৰিয়া এই ঘৰৰ লখিমী৷ প্ৰমোচন হৈছিল দিবাকৰৰ৷ তাৰ লগে লগে যোৰহাটলৈ চাকৰিৰ বদলিকৰণৰ নিৰ্দেশো আহিল৷ কাঁহ পৰি জীণ যোৱা অৱস্থা ঘৰখনৰ৷ মাত ফুটিছিল থুনুক–থানাক দেৱশিশুটিৰ৷ ককাকে চেনেহেৰে নাম থৈছিল অৰ্জুন৷ ঘৰখনত যাৰ মুখলৈ যি আহে সেই নামতে দেৱশিশুৱে সঁহাৰি দিছিল৷ শাহুৱেকে তাৰমাজতে ঘোষণা কৰিছিল এক পলো দিবাকৰ সন্তানৰ এই খোজ দেখাৰ পৰা বিৰত নাথাকক৷ পিতৃৰ আনন্দ এক মুহূৰ্তও যেন দিবাকৰে নেহেৰুৱাওক৷ ঘৰখনৰ মানুহবোৰক গাঁওখনত এৰি দিবাকৰ–ভানুপ্ৰিয়া অৰ্জুনসহিতে যোৰহাটবাসী হৈছিল৷ চাৰিবছৰ বয়সতে ভানুপ্ৰিয়াৰ হাতত ধৰি অৰ্জুনে বিদ্যালয়ত নাম লিখি পেলাইছিল৷
সুদীৰ্ঘ ৩৪ বছৰ৷ ৩৪ বছৰে জীৱনৰ সৌন্দৰ্য উপভোগ কৰিছে এহাল মানুহে৷ দিবাকৰ–ভানুপ্ৰিয়া৷ কেঁচাপতীয়া মানুহ এহাল৷ একমাত্ৰ পুত্ৰও আজি অভিযন্তা হিচাপে কৰ্মৰত৷ কেৱল পুত্ৰৰ বাবেই নহয় গাওঁখনৰ দুখীয়া নিছলাৰো দিবাকৰ অভিভাৱক৷ হৰকান্তই কৈ আনন্দ লভিছিল “তিনিপুত্ৰ জনম দিলোঁ৷ ডাঙৰটো ৰাইজলৈ মাজৰটো দেশলৈ সৰুটো নিজলৈ৷’’ আস্ সেই আনন্দ মৰণমুখী হৰকান্তৰ চকুতো দেখিছিল ভানুপ্ৰিয়াই৷ শাহুৱেকক বহুদিন লগত থকাকৈ লৈ আহিছিল ভানুৱে শহুৰেক ঢুকোৱাৰ পিছত৷ মাটি তিনিকঠা দিবাকৰৰ অফিচৰ চকীদাৰজনে জোৰকৈ দিয়াৰ দৰে দিছিল সামান্য দামতে৷ ঘৰটো আৰম্ভ কৰিছিল মাত্ৰ৷ অৰ্জুন বাৰবছৰীয়া৷ শাহুৱেকো গুচি গৈছিল শহুৰেকৰ বাটেৰে৷ সম্পৰ্ক মধুৰ হৈয়ে থাকিল তিনি ভাই আৰু ভনীৰ মাজত৷ মাত্ৰ দিবাকৰহঁত চহৰমুখী হ’ল৷
তাৰপিছতো বিশবছৰ৷ অফিচৰপৰা সেইদিনা গাড়ীয়ে থবলৈ আহিছিল দিবাকৰ বৰুৱাক৷ ভানুপ্ৰিয়া বাৰাণ্ডাতে থিয় দি আছিল৷ স্বামীক দেখি আগুৱাই আহিছিল৷ অফিচৰ আন দুজন কৰ্মচাৰীয়ে ভানুপ্ৰিয়াৰ হাততে তুলি দিছিল দিবাকৰ বৰুৱালৈ অফিচৰপৰা দিয়া বিদায়ী সম্বৰ্দ্ধনা পত্ৰখনৰ লগতে আন দুটা উপহাৰ সামগ্ৰী৷ ভানুপ্ৰিয়াই যতনেৰে আলহী কোঠাত বস্তুকেইপদ থৈ আহিও দেখিছিলহি অইন দিনাতকৈ গহীন দিবাকৰ বৰুৱাক৷
ছ আপুনি বহিয়ে থাকিল দেখোন৷
: এতিয়া বহি থকাৰে কাম বুজিছা৷ অফিচে আজিৰপৰা মোক নাযাবলৈ বিদায় দিলে৷
মানুহজনৰ কথাবোৰত কৰুণ সুৰ এটা ফুটি উঠা ঠিকেই ধৰিছে ভানুৱে৷ কাষ চাপে স্বামীৰ৷
: আজিৰপৰা আপোনাৰ অইন এটা জীৱন আৰম্ভ৷ নতুনকৈ কিছু পৰিকল্পনা, কাম কৰিব লাগিব৷
: বয়স কিমান হ’ল জানা! ষাঠি বছৰ৷ তাৰমানে বুঢ়া হ’লো৷ সেয়ে চৰকাৰে মোক অব্যাহতি দিলে৷ এতিয়া আৰু নতুন পৰিকল্পনা কি থাকিব পাৰে!
চচমাযোৰ খুলি চকুৰ একোণত জিলিকি ৰোৱা পানীৰ কণিকা মোহাৰি লয় দিৱাকৰ বৰুৱাই৷
: ভানু…
: হুঁ….
: জীৱনটো যে কি ন? সকলো মানি ল’ব পাৰি অথচ এই বাৰ্দ্ধক্য যে আমি মানি ল’ব নোখোজো৷ দেহ পমি যোৱাৰ দৰে মনৰ উদ্যমো লাহে লাহে পমি গৈ আমি পৃথিৱীৰপৰা যাবলৈ নিজক সাজু কৰি তুলিম৷
ভানুপ্ৰিয়াই মোহাৰি দিয়ে প্ৰিয়জনৰ দুহাত৷ একেই উষ্ণতা৷ একেই স্পৰ্শ৷ ওঁহো৷ একেই মসৃণ দেখিছে ভানুপ্ৰিয়াই দিবাকৰ বৰুৱাৰ শোঁতোৰা পৰা ছাল৷ একেই উজ্জ্বল দেখিছে চকু৷ তাত ধূসৰতা সামান্যকণো নাই৷ কাৰণ ভানুপ্ৰিয়া এই প্ৰিয়জনৰ প্ৰেমেৰে জীপাল৷ ভানুপ্ৰিয়ায়ো পাৰ কৰিলে দুকুৰি দহটা বছৰ৷ ৩৪টা বছৰে দিবাকৰ বৰুৱা নামৰ মানুহজনৰ লগত সংসাৰ কৰিলে৷ পত্নীধৰ্ম পালিলে৷ কোনোদিনে মানুহজনৰ প্ৰতি অনীহা বা অনিচ্ছাৰ ভাৱ প্ৰকাশি নাপালে৷ চিৰসেউজ দম্পতী দিবাকৰ–ভানুপ্ৰিয়া৷

সলনি হৈছিল ঘৰখনৰ নৈমিত্তিক কাম–কাজৰ কিয়দংশ৷ চাহ–ভাত খোৱাৰ সময় পিছ হুঁহুকিছিল৷ ঘৰতে থাকিম যেতিয়া ভাবত বৰুৱাক এলাহে সংগ দিলে৷ দহমিনিট সময় অৱাবত নষ্ট নকৰা মানুহজনে খবৰ কাগজখন লুটিয়াই বগৰাই এবেলা পঢ়ি ভালপোৱা হ’ল৷ অৰ্জুন অফিচলৈ যোৱাৰ পিছত স্মৃতিকাতৰতাত পৰি থাকে দিবাকৰ বৰুৱা৷ নিজৰ তেজোদ্বীপ্ত শৰীৰ, যৌৱন খেপিয়াই দিবাকৰ বৰুৱাই হাঁহাকাৰ কৰি থাকে৷ অস্থিৰতাত ভূগে৷ বাৰ্দ্ধক্যই আগুৰি অসাৰ কৰাৰ ভয়ত বিতত হয় বৰুৱা৷ তাৰমাজতে চেষ্টা কৰে প্ৰিয়তমা পত্নীয়ে মানুহজনক উদ্যমী কৰি তুলিবলৈ৷ সন্তানৰ শৈশৱৰ এলবাম খুচৰি ফুৰে৷ মানুহজনৰ সমুখত মেলি ধৰে জীয়া ছবিবোৰ৷ চচমাযোৰ পিন্ধি লয় বৰুৱাই৷
: যোৱাচোন ভানু৷ মোৰ ড্ৰয়াৰত কেইবাখনো ডায়েৰী আছে৷ তাতে বাবাৰ কথাবোৰ লিখি থোৱা আছে৷ সি কোনদিনা খোজ কাঢ়িছিল, কথা কৈছিল সকলোবোৰ৷
: এইবোৰ দেখোন মোৰ মনতে আছে৷ বাবা প্ৰথম খোজ লোৱাৰ দিনা পৰি আঁঠুৰ ছাল চিঙোতে আপুনি অফিচলৈকে যোৱা নাছিল৷ সি প্ৰথম তা কোৱাৰ দিনা আপুনি বজাৰৰপৰা ৰসগোল্লা আনিছিল৷ তাৰ ওপৰ পাৰিত অকণি দাঁত দেখা পোৱাৰ দিনা আপুনি কপাহেৰে কুহুমীয়া পানী লৈ মোহাৰি দিছিল….
: ভানু ..
: হুম…
: ইমানবোৰ কথা মনত ৰাখিছা তুমি৷ অৱশ্যেই তুমি মোতকৈ বয়সৰ লেখেৰে দহবছৰ সৰু৷
: সৰু–ডাঙৰ কি আছে৷ আমাৰ বুকুত কথাবোৰ শুই থাকে৷ অলিখিত কথাবোৰ বুকুৱে সামৰি থয়৷
চাই থাকে দিবাকৰে প্ৰিয়তমা পত্নীলৈ৷
: ভানুৰ আশীবছৰ পূৰ হ’ব মোৰ এইটো বছৰ পাৰ হ’লে৷ মোৰ আয়ুস আৰু কেইবছৰ? মোৰ অবিহনে তুমি অকলশৰীয়া হ’বা নহয়নে?
: কিনো অমংগলীয়া কথাবোৰ কৈ আছে৷ আমি এনেকৈয়ে থাকিম৷ বাবায়ে আমাৰ বুকু জুৰাই থাকিব৷
শেঁতা হাঁহি বাগৰে বৰুৱাৰ মুখেৰে৷ অৱশ্যেই বয়সৰ জোখেৰে বহুখিনি ডেকা বৰুৱা৷ হ’লেও জীৱনৰ চৰম সত্যটো যে মানি ল’বই লাগিব সেয়া তেওঁ জানে৷ অৰ্জুনৰ বিয়াখনৰ কথা–বতৰা চলি আছে৷ বিয়াখন হৈ উঠিলেই বহুখিনি কথাত তেওঁ নিশ্চিত৷ ঘৰখন হাঁহি–ধেমালিৰে মুখৰিত কৰি ৰাখে অৰ্জুনেও৷ পুৱা–গধূলি সংগীতৰ ধ্বনিৰে আনন্দময় পৰিৱেশ এটা বৰ্তি থাকে ঘৰখন৷ পুত্ৰ হিচাপে বৃদ্ধ পিতৃ–মাতৃৰ প্ৰতিনিয়ত খবৰ ৰাখে অৰ্জুনে৷ সুখী হয় পিতৃ–মাতৃ৷
অফিচলৈ যোৱাৰ আগমুহূৰ্তত টেপ ৰেকৰ্ডাৰটো বন্ধ কৰি দিছিল অৰ্জুনে৷
: কেলেইনো বন্ধ কৰি যাৱ৷ লগাই থৈ যা৷ মই শুনি থাকিম৷
হাঁহি বিয়পে অৰ্জুনৰ মুখেৰে৷ দেউতাকৰ মনটো এতিয়াও চফল ডেকা৷ সি আনন্দ লভে৷ পিতৃ–মাতৃৰ শুশ্ৰূষা আদৰ্শ তাৰ নিজ পিতৃ–মাতৃ৷ এইহাল মানুহক সি কোনোকালে দুখ দিব নোৱাৰে৷
: আপুনি গানে–কাগজে নিমগ্ন হৈ আছিল৷ তাৰ মাজত মোৰ কথা ক’তনো কাণত পৰিব৷
হাঁহিটো মুখৰ টিপাতে ৰাখি কৃত্ৰিম খঙেৰে ভানুপ্ৰিয়াই গিৰীয়েকক কয়৷
: এনেকৈ মোক নোকোৱাকৈ পদূলিলৈও নাযাবা তুমি৷
চাই থাকে ভানুপ্ৰিয়াই গিৰীয়েকলৈ আকুলতাৰে৷ দিবাকৰৰ চকুতো একেই আকুলতা৷ সেই তৰুণ বয়সৰ আকুলতা এতিয়াও চমকিছে৷ অথচ এইজন মানুহে অৱসৰ পোৱাৰ পিছত বৃদ্ধ হোৱাৰ আগজাননী বুলি মনোকষ্ট লৈছিল৷ জীৱন হেৰুৱাব লগীয়াত পৰিব বুলি শংকিত হৈছিল৷ নিজৰ শোঁতোৰা ছালক অস্বীকাৰ কৰিছিল৷
কাষ চাপে ভানুপ্ৰিয়া৷
তেতিয়াও বাজি আছে “মই ভাগৰা নাই..জীৱন হেৰুওৱা নাই৷ ….
জোনাক গলা জাৰৰ নিশা….’’
চৌখিন বৰুৱাক পত্নীয়ে চুলিত কলা ৰং সানি দিয়ে৷ তথাপি সঘনাই ৰূপালী হয় আগচুলিকেইডাল৷ ৰূপালী চুলিকেইডাল ফণীখনেৰে বিশেষ কায়দাত লুকুৱাই ল’লে দিবাকৰ বৰুৱাই৷ বিশ বছৰ আগতেই জীৱনৰ অন্তিম বেলা বুলি বিষাদৰ শেতেলীত পৰিছিল তেওঁ৷ অথচ আজিও বৰ্তমান একেই উষ্ণতা৷ আচলতে এয়া ভানুপ্ৰিয়াৰ সাহচৰ্য৷ মৰমী পত্নীৰ স্পৰ্শত দিবাকৰ বৰুৱা চিৰতৰুণ৷
বাজি থকা গানটো গুণগুণাই গুণগুণাই দিবাকৰ বৰুৱা চোতালৰ সেউজীয়ালৈ নামি গ’ল৷ এই সেউজীয়া আন এখন উপত্যকা৷ তেওঁৰ বুকুত পত্নীয়ে ৰোপণ কৰি থৈছে৷ কিবা এক মানসিক প্ৰশান্তিয়ে বৰুৱাক চুই থাকে আজিকালি৷ তাত জীৱন হেৰুৱাৰ ভয়তকৈ জীৱন উদযাপন কৰাৰ আনন্দ বেছি৷ জীৱনৰ ভাটিবেলা!
আৰু এই অনুভৱ? চমকিত হয় বৰুৱা৷
কিন্তু গভীৰ প্ৰশান্তিত দিবাকৰ বৰুৱা সুৰময় হয়৷ প্ৰিয়তমা পত্নীৰ পলসুৱা বুকুত বৰুৱা লেতুহেতু হয়৷ দিবাকৰ–ভানুপ্ৰিয়াৰ অলিখিত ডায়েৰীৰ খিলা খিলা পৃষ্ঠা৷ অলিখিত ডায়েৰীৰ বুকুত ঘৰ৷ সেই ঘৰ প্ৰেমৰ ঘৰ৷