
প্ৰায় সাহিত্যিকে প্ৰথম লেখা–মেলা আৰম্ভ কৰে কবিতাৰে৷ তাৰ পিছত কোনোবা যদি হয়গৈ গল্পকাৰ, আনকোনো হয়গৈ ঔপন্যাসিক৷ কোনোবা যদি হয়গৈ সমালোচক আন কোনোবা হয়গৈ নাট্যকাৰ৷ অসমত যিমান কাকত, আলোচনী প্ৰকাশ হয়,þ তাত যিমান কবিৰ কবিতা প্ৰকাশ হয় তাক হিচাপ কৰিবলৈ জটিল৷ প্ৰশ্ন হয়,þ অসমত বৰ্তমান কিমান কবি আছে? ইয়াৰ পোনপটীয়া উত্তৰ স্পষ্ট নহয়৷ সকলোৰে হিচাপ খেলি–মেলি৷ কোনোৱে আকৌ ক’ব খোজে কবিতাৰ যিদৰে স্পষ্ট সংজ্ঞা নাই ঠিক সেইদৰে কবিৰ সংখ্যাও স্পষ্ট নহয়৷ তথাপি আমি কাকত–আলোচনীত প্ৰকাশ হোৱা কবিতাৰ পৰা অনুমান কৰিলে প্ৰায় ত্ৰিশ হাজাৰৰ ওচৰা–ওচৰি হ’ব৷ এইয়া আমাৰ বাবে সুখবৰ৷ তাৰোপৰি এটা সুখবৰে আমাক অনু্প্ৰাণিত কৰে যে ২০২১ বৰ্ষত কবিতাৰ বাবে নীলমণি ফুকন ডাঙৰীয়াই জ্ঞানপীঠ বঁটা পোৱাটো৷
মানুহৰ গুণবোৰ জীৱিত কালত প্ৰায় চৰ্চা নহয়৷ কেৱল দোষবোৰহে খুঁচৰি থাকে৷ এইয়া হয়তো অসমীয়াৰ এটা অসুখ৷ আমি অলপ দিনৰ পৰা কাব্যচৰ্চাকে ধৰি কাব্য গ্ৰন্থ অসমৰ বিভিন্ন বিপণীৰ পৰা সংগ্ৰহ কৰিছোঁ৷ কাব্য গ্ৰন্থৰ সম্পৰ্কত কিতাপৰ দোকান বিলাকতো মত বিনিময় কৰিছোঁ৷ শদিয়াৰ পৰা ধুবুৰীৰ কিতাপৰ দোকানীৰ কাব্য গ্ৰন্থ সম্পৰ্কত এটাই উত্তৰ দিয়ে৷ কবিসকলেই কাব্য গ্ৰন্থ নিকিনে৷ আনে ক’ৰ পৰা কিনি পঢ়িব৷ যদিও বিচাৰে কাব্য গ্ৰন্থখন হয় বিশেষ পুৰষ্কাৰ প্ৰাপ্ত হ’ব লাগিব নহয় কোনোবা প্ৰতিষ্ঠিত কবিয়ে লিখা হ’ব লাগিব৷ আন কিছুমানৰ উত্তৰ অসমত যিমান কবি আছে সকলোৱে সকলো কবিৰ কাব্য গ্ৰন্থ কিনা হ’লে সকলোৰে বজাৰ ভাল হ’লহেঁতেন আৰু কাব্য চৰ্চাৰ এটি সুন্দৰ পৰিৱেশ সৃষ্টি হ’লহেঁতেন৷
সাম্প্ৰতিক কবিসকলে জ্যেষ্ঠ কবিসকলক লৈ অসন্তোষ প্ৰকাশ কৰা দেখা যায়৷ কাৰণ জ্যেষ্ঠ কবি এজনৰ পৰা কাব্যগ্ৰন্থখনৰ পাতনি লিখিবৰ বাবে কিমান খাটনি ধৰিবলগীয়া হয় সেইয়া পোৱাজনেহে বুজি পায়৷ সকলো যে একে হ’ব তেনে নহয়৷ এইয়াও কবিসকলৰ মাজতে কবিসকলে কৰা দোষ৷ কিছুমানে ক’ব খোজে কবিসকলে কিয়নো ইমান কাব্য গ্ৰন্থ প্ৰকাশ কৰিব লাগে৷ চালি–জাৰি চাইহে কাব্যগ্ৰন্থ প্ৰকাশ কৰিব লাগে৷ যদি কাব্য গ্ৰন্থ বিক্ৰীয়ে নহয় কবিসকলে কাব্যগ্ৰন্থ প্ৰকাশ কৰাৰ কিবা অৰ্থ থাকিলনে? এই ক্ষেত্ৰত জ্যেষ্ঠ কবিসকলে গঠনমূলক দিহা–পৰামৰ্শ আগবঢ়াই গ’লেহে কবিতাৰ ভবিষ্যৎ সুখকৰ হ’ব৷ ঘৰৰ ভিতৰতে যদি এনে খকা–খুন্দা লাগি থাকে বাহিৰত সকলো হাঁহিয়াতৰ পাত্ৰ হ’ব৷ কোনেও কাকো গুৰুত্ব নিদিয়া হ’ব৷
হয় ভাবি চালে কথাবোৰ শুদ্ধ৷ এতিয়া চাওঁ কবি সমাজৰ কথালৈ৷ অসমত কবিসকলক লৈ সদৌ অসম কবি সন্মিলন, অসম কবি সমাজ, অসম কবি সন্মিলন, বহু ভাষিক কবি সন্মিলন আৰু বহুতো কাব্য সংগঠন আছে৷ এই বিলাকৰ বহুতো শাখা আছে৷ কথা হ’ল এই সকলে কি কৰিছে৷ সমিতিবিলাকে অকল কবিতা পঢ়ি, অনুষ্ঠান কৰিয়েই সামৰিছেনে? কবিসকলৰ কথা চিন্তা কৰিছে৷ অকল সাংগঠনিক দিশটো মজবুত কৰিলেই জানো হ’ব? ধুনীয়া আট্টালিকা এটা গঢ় দি তাত থাকিবলৈ যদি মানুহ নাথাকে তাৰ কিবা অৰ্থ থাকিবনে? কবিসকল কবিসকলৰ অভিভাৱক হ’ব লাগিব৷ কবিসকলৰ কিতাপ কবি সকলে কিনিব আৰু পঢ়িব লাগিব৷ কবিৰ সংগঠনবোৰে কবিতাৰ গ্ৰন্থ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিব লাগিব৷ নিজৰ ভিতৰতে লাগি থকা অন্তদ্বৰ্ন্দ্ববোৰ নাশ কৰিব লাগিব৷ কবিসকলৰ মুখতেই শুনিব কবিসকলৰ লবীৰ কথা৷ নামনিত লবী, মধ্য অসমত লবী, উজনিত লবী, গুৱাহাটীত লবী, যদি সকলোতে লবী হয় তেন্তে কাব্য যাত্ৰাৰ উত্তৰণ হ’ব কেনেকৈ? গৰীয়সী, প্ৰান্তিক, প্ৰকাশ, সাতসৰীত কবিতা প্ৰকাশ হোৱা সাম্প্ৰতিক কবিসকলে এনেকুৱা লেবেল দি ফুৰে যে তেওঁলোকতকৈ আৰু ডাঙৰ কবি নাই৷ এইয়া ভুল ধাৰণা৷

একেজন কবিয়ে একেটা কবিতা শব্দৰ ইফাল–সিফাল কৰি আলোচনীবোৰত প্ৰকাশ কৰে৷ .যদি সেইয়া নকৰি অন্য এজন নতুন কবিক সুবিধা দিয়ে তেতিয়া কবিজনো উপকৃত হয় লগতে আলোচনী খনৰ জনপ্ৰিয়তাও বৃদ্ধি হয়৷ লগতে সেই বিশেষ আলোচনীসকলৰ সম্পাদক সকলেও এই বিষয়ত বেছিকৈ গুৰুত্ব দিব লাগে৷ সদায় নতুনক গুৰুত্ব দিব লাগে৷ কবিসকলৰ গৰ্ব, অহংকাৰে এদিন কাব্যসমাজতো বাৰুকৈ প্ৰভাৱ যে পেলাব সেইয়া নিশ্চিত৷ আমি কেতিয়াও পাহৰিব নালাগে যে সমাজে সদায় দোষবোৰহে দেখে৷ গতিকে আমি সকলো এই দোষবোৰৰ পৰা মুক্ত হ’ব লাগিব৷ তেতিয়াহে সমালোচনাৰ পৰা আঁতৰ হ’ম৷