ভ্ৰাম্যমাণৰ ষাঠী বছৰীয়া বৰ্ণিল যাত্ৰা (তন্দ্ৰালী মূৰ্ছনা) – Purbodix.com

ভ্ৰাম্যমাণৰ ষাঠী বছৰীয়া বৰ্ণিল যাত্ৰা (তন্দ্ৰালী মূৰ্ছনা)

১৯৬৩ চনৰ পৰা ২০২৩ লৈ বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰৰ এক দীৰ্ঘদিনীয়া যাত্ৰা৷ ঠায়েঠায়ে নাটক প্ৰদৰ্শন কৰি ৰাইজৰ মাজত অভিনয়ৰ প্ৰতি সন্মান, ধাউতি বঢ়াৰ লগতে অৰ্থনৈতিকভাৱেও লাভৱান হোৱা এই প্ৰয়াস আৰম্ভ কৰিছিল প্ৰয়াত অচ্যুত লহকৰ ডাঙৰীয়াই৷ এইজন মহানায়ক তথা স্বপ্নদ্ৰষ্টাই ভ্ৰাম্যমাণ থিয়েটাৰক কেৱল অসমতে সীমাৱদ্ধ নাৰাখি তেওঁ জন্ম দিয়া ‘‘নটৰাজ থিয়েটাৰক’’ ১৯৬৭ চনত পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু নেপালত নাট মঞ্চস্থ কৰিছিল৷ নাটকৰ কথা পৰ্যালোচনা কৰিবলৈ যাওঁতে প্ৰথমেই নাট্য আন্দোলনৰ চিৰনমস্য কৰ্মীসকলৰ নাম যেন মানসপটত প্ৰথমেই জিলিকি উঠে৷ অচ্যুত লহকৰ ডাঙৰীয়াৰ ভাতৃ সদা লহকৰে আৰম্ভ কৰিছিল আৰধনা থিয়েটাৰ৷ উৎকৃষ্ট মানদণ্ডৰ কাহিনীৰ ওপৰত গুৰুত্ব দিছিল বাবেই এই থিয়েটাৰৰ ‘‘পৃথিৱীৰ প্ৰেম’’ নামৰ নাটকখনে বিহাৰত সৰ্বভাৰতীয় পৰ্যায়ত পুৰস্কৃত হৈছিল৷ পাছলৈ কহিনুৰ থিয়েটাৰৰ প্ৰযোজক ৰতন লহকৰে ‘‘টাইটানিক’’ নাটকৰ জৰিয়তে ১৯৯৮৯৯ বৰ্ষত যেন নাটকৰ এক নৱযুগৰ সূচনা কৰিছিল৷ হলীউডৰ জনপ্ৰিয় ‘‘টাইটানিক’’ ছবিখনৰ একে নামৰে হেমন্ত দত্তই লিখা ‘‘টাইটানিক’’ নাটকেৰে চমকপ্ৰদ সৃষ্টি কৰিছিল নাট্য জগতত৷ ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই নাটকৰ জনপ্ৰিয়তাৰ চৰ্চা হৈছিল৷ আনহে নালাগে এই নাটক উপভোগ কৰিবলৈ বিদেশৰ সাংবাদিকসকলো আহিছিল অসমলৈ৷ নাট্য জগতৰ বাবে অত্যন্ত গৌৰৱৰ কথা৷ সুদীৰ্ঘ ৬০ বছৰত নটৰাজৰ পৰা আৰম্ভ কৰি দুশতকৈ অধিক নাট্যগোষ্ঠীৰ জন্ম ল৷ অসমীয়া ভাষাৰ থিয়েটাৰৰ লগতে বড়ো ভাষা, চাহ জনগোষ্ঠীৰ ভাষা, বঙালী ভাষা, নেপালী ভাষাৰ নাট্যগোষ্ঠীয়ে অসমত জনপ্ৰিয়তা লাভ কৰিছে৷ অসমৰ নটৰাজ, সুৰদেৱী, পূৰ্বজ্যোতি, ৰূপাঞ্জলী, মঞ্চৰূপা, অসম ষ্টাৰ, মকুন্দ, ৰূপকোঁৱৰ, নটৰাজ শিল্প নিকেতন, ৰূপালীম, ভাগ্যদেৱী, জ্যোতিৰূপা, মুনি, কহিনুৰ, মঞ্চকোঁৱৰ, কল্পনা, লখিমী, বিষ্ণুজ্যোতি আৰাধনা, আৱাহন, নৱাৰুণ, আশীৰ্বাদ, ৰাজতিলক ইত্যাদিৰ লগতে অজস্ৰ সুন্দৰ সুন্দৰ নামাকৰণৰ নাট্যদলৰ জন্ম যদিও আটাইবোৰ নাট্যদলে নাটকৰ স্বকীয়তা, সৌন্দৰ্য, গুণগত মানদণ্ড অক্ষুণ্ণ ৰাখিব পৰা নাই৷ তাৰ মুখ্য কাৰণ হয়তো বাণিজ্যধৰ্মীতা৷ বৰ্তমানৰ নাটকত বাণিজ্যিক উদ্দেশ্য আগত ৰাখি বহু নাট্যকাৰেও কাহিনীৰ মাধুৰ্যতাৰ পৰা যেন ফালৰি কাটি গৈছে৷ কেতিয়াবা নাটক এখন উপভোগ কৰি থাকোঁতে কিছুমান দীঘলীয়া বাৰ্তালাপ, অদৰকাৰী এক্সন, বিকট সংগীতৰ শব্দ, কাৰিকৰী চমকতকৈ কাহিনীৰ গাম্ভীৰ্যহে এজন দৰ্শকে বিচাৰি ফুৰে যেন অনুমান হয়৷ পুৰণি নাট্যকাৰে বহু চলচ্চিত্ৰৰ সুবহু কাহিনী নাটকৰ ৰূপ দিয়াত দৰ্শক বিমুখ হৈ পৰাও পৰিলক্ষিত হয়৷ ষাঠী বছৰীয়া এই ভ্ৰাম্যমাণ থিয়েটাৰৰ যাত্ৰা সুন্দৰকৈ অব্যাহত থাকিবলৈ লে নাট্যকাৰ, প্ৰযোজক, অভিনেতা বা সকলো কলাকুশলীৰ নিজাকৈ এটা দায়িত্ব থকা উচিত৷ এখন ভাল নাটক দৰ্শকক উপহাৰ দিবলৈ লে প্ৰথমেই নাট্যকাৰে কাহিনীৰ ওপৰত অতি সচেতনতাৰে আগবঢ়া ভাল, দ্বিতীয়তে পৰিচালকৰ পৰিচালনাৰ ট্ৰিটমেণ্ট, তৃতীয়তে অভিনয়, সংগীত, মঞ্চ, লাইট আৰু কাৰিকৰী নিৰ্দেশনাৰ কথা চকুত পৰে৷ ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰতিখন নাটক চৰিত্ৰ প্ৰধান আছিল৷ তেখেতে প্ৰয়োজন সাপেক্ষেহে চৰিত্ৰৰ সংলাপবোৰ সৃষ্টি কৰিছিল৷ অনৰ্থক বৰ্ণনা ধৰ্মীতাৰ পৰা আঁতৰি সামাজিক মূল্যবোধ আৰু বাৰ্তা প্ৰেৰণ কৰা নাটকৰ স্ৰষ্টা বাবেই সফল নাট্যকাৰৰ তালিকাত তেওঁৰ নাম বাখৰৰ দৰে উজ্বলি আছে৷

ভ্ৰাম্যমাণ নাটকৰ জন্মলগ্নৰে পৰা চলচ্চিত্ৰ শিল্পীৰ আগমনৰ ধাৰা আৰম্ভ হৈছিল৷ সৌ তাহানিতে বিজু ফুকন, নিপন গোস্বামী, ইন্দ্ৰ বণিয়া, বাহাৰুল ইছলাম, প্ৰাঞ্জল শইকীয়া, তপন দাস, আব্দুল মজিদ, উপকুল বৰদলৈ, ব্ৰজেন বৰাকে ধৰি বৰ্তমানৰ প্ৰস্তুতি পৰাশৰ, আইমি বৰুৱা, ৰাগ ঐনিতম, বৰষাৰাণী বিষয়া, যতীন বৰা আদি জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতাঅভিনেত্ৰীৰ ভ্ৰাম্যমাণ নাট্যজগতৰ পদাৰ্পণত এক সুকীয়া জনপ্ৰিয়তা আহিল৷ পূৰ্বৰ দক্ষ মঞ্চ অভিনেতা আৰু চলচ্চিত্ৰৰ অভিনেতাৰ সংযোজনত দৰ্শকৰ মাজত নাটক চোৱাৰ উৎসুকতা বাঢ়িল৷ অসমৰ এই দৃশ্যশ্ৰাৱ্য গণমাধ্যমে আন ৰাজ্যতকৈ সাংস্কৃতিক ক্ষেত্ৰত এক বিশেষ মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ অতি প্ৰাচীন কালৰে পৰা অসমত অঙ্কীয়া নাট, ওজাপালি, পুতলা নাচ, ঢুলীয়া ভাওনা, খুলীয়া ভাওনা, ঢেপাঢোল, কুশান গান, নাগাৰা নাম আদি অসংখ্য সাংস্কৃতিক গোটৰ লগতে যাত্ৰা বা অপেৰা সমূহেও এক বিশেষ স্থান দখল কৰিছিল ৰাইজৰ মাজত৷ সেই গোটসমূহৰ স্বকীয়তা আৰু বৈশিষ্ট্যৰ সমাদৰ বৰ্তমান সময়তো শ্ৰোতাদৰ্শকৰ মাজত অক্ষুণ্ণ আছে৷

 

একাঙ্কিকা নাট, ভাওনা বা ভ্ৰাম্যমাণৰ নাটক কোনোটো বিষয়তে অভিনয়ৰ দক্ষতাক আওকাও কৰিব নোৱাৰি৷ অভিনেতাঅভিনেত্ৰীসকলে কেৱল নিচা আৰু পেছা নাম কৈ অভিনয়ক আঁকোৱালি লোৱাতকৈ পূজা আৰু সামাজিক দায়ৱদ্ধতাকো আদৰি লাগিব৷ ভ্ৰাম্যমাণ থিয়েটাৰ লগত জড়িত থকা প্ৰতিজন ব্যক্তিয়েই যদি নিজৰ কামখিনি কৰাৰ সময়ত এই নাট্য দলসমূহক বহু শতিকালৈ বৰ্তাই লৈ যোৱাৰ সপোন দেখি আগবাঢ়ে তেন্তে অচ্যুত লহকৰ ডাঙৰীয়াৰ এই মহান প্ৰচেষ্টাৰ কোনো দিনেই অন্ত নপৰে৷ আমি আশা কৰিম আগন্তুক দিনত আৰু নতুন নতুন নাট্যদলৰ সংযোজন হওঁক৷ ভ্ৰাম্যমাণ জগতৰ জীৱিকাৰ উৎসৰ জয়যাত্ৰা অব্যাহত থাকক৷ শিল্প হৈছে সাধনাৰ ক্ষেত্ৰ৷ এই সাধনাৰ ক্ষেত্ৰত সঠিকভাৱে পৰিশ্ৰম কৰাজনে বেলিটোৰ দৰে জিলিকি উঠে৷ শেষত খোজো, অপসংস্কৃতিক নাটকত শিপাবলৈ নিদি নাটক হওঁক আমাৰ সমাজৰ সঁচা এখন দলিল৷ পোৱানোপোৱাৰ জীৱন জ্যামিতিৰ অংক প্ৰতিফলিত হওঁক৷ হৃদয়ে হৃদয়ে কঢ়িয়াই নিয়ক মানৱতাৰ গান৷ বাজি থাকক চিৰদিন সফল অভিনয় দক্ষতাৰ তান৷ ভিন্ন সময়ত প্ৰতিজন মানুহেই সপোনে, দিঠকে, মঞ্চই অভিনয় কৰে, নাই কোনো আন৷

Leave a Reply

Your email address will not be published. Required fields are marked *