লুইতৰ লহৰত টলমল ৰজাবাৰী … – Purbodix.com

লুইতৰ লহৰত টলমল ৰজাবাৰী …

কেতিয়াবা কেতিয়াবা দিহিঙেদিপাঙে ঘূৰি ফুৰিবলৈ মন লেও প্ৰায়খিনি সময়েই নিজৰ ঠাইখনেই দেখোন সাৱটি ৰাখে৷ কোনোবা খিনিত নিজৰ বোলা শব্দটোৱে টুকুৰিয়াই থাকে৷ এই টক্ টক্ শব্দবোৰৰ ফাঁকে ফাঁকে ভূমুকি মাৰে আপোন ঠাইখনতেই লুকাই থকা বহু ইতিহাস আৰু কাহিনীয়ে৷ এনেবোৰ গোপন কাহিনীৰ পম খেদি পৰ্বতেকন্দৰে ঘূৰি ফুৰাৰ মজাই সুকীয়া৷

এই গোপন কাহিনীৰ কেন্দ্ৰবিন্দু বৰ্তমান গুৱাহাটী মহানগৰীৰ অন্তৰ্গত৷ আগতেও বহুবাৰ উল্লেখ কৰিছো, সহস্ৰ বছৰ আগতেই স্থাপন হোৱা গুৱাহাটী মহানগৰস্থিত প্ৰায়বোৰ পাহাৰেকন্দৰে লুকাই আছে অনেক ইতিহাস৷ প্ৰতিখন পাহাৰৰে আছে গৌৰৱময় অতীত৷ অৱশ্যে গুৱাহাটীয়ে মহানগৰীৰ সন্মান লাভ কৰিছে মাত্ৰ কেইটামান দশক আগতে হে৷ তাৰ আগতেও গুৱাহাটী আছিল উত্তৰপূৱ ভাৰতৰ দূৱাৰমুখ আৰু অন্যতম চহৰ৷ বহু সময়ত এই অতীত সম্পৰ্কে বহু তথ্য পোহৰলৈ আহিছে যদিও বহু ঠাইৰ ইতিহাস এতিয়াও সেই গোপন স্থানতে লুকাই আছে নাইবা উন্নয়নৰ খোজত পিষ্ট হৈ লোকচক্ষুৰ পৰা হেৰাই গৈছে৷

এই লেখাৰ বিষয় গুৱাহাটী মহানগৰীৰ পূৱ প্ৰান্তৰ নাৰেঙ্গী ৰে ষ্টেশ্যনৰ সমীপৰ বোন্দাৰ নাতিদূৰৈৰ এক পৌৰাণিক অঞ্চল৷ মহানগৰীৰ একেবাৰে ওচৰতে থাকিও যি নীৰৱে বহন কৰি আছে সোণালী অতীতৰ গৌৰৱময় ইতিহাস৷

গুৱাহাটীৰ পৰা নাৰেঙ্গী হৈ চন্দ্ৰপুৰ সংযোগী ৰাস্তাৰে কিছুদূৰ আগুৱাই লেই আমচাং বনাঞ্চলৰ প্ৰবেশ পথ পোৱাৰ আগেয়ে বোন্দা ঠাইখন৷ তাৰ পৰা উত্তৰে পানীখাইতি অভিমুখী ৰেলৰ আলিটো পাৰ হৈ কিছুদূৰ লেই চপাইদাং আৰু তাৰ অলপ আগলৈ একেবাৰে লুইতৰ কিনাৰলৈ ৰজাবাৰী৷

ৰজাবাৰী নামটোৱেই ঠাইখনৰ ইতিহাস বহন কৰে৷ হয়তো এই ঠাইত গুৱাহাটীৰ পাৰ্«ৱৰ্তী কোনো সৰু ৰাজ্যৰ ৰাজধানী আছিল৷ সম্ভৱতঃ এই ৰজাবাৰী সম্পৰ্কীয় কোনো বিশেষ তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই৷ আনহাতে, এনে এক চহকী অতীত বহন কৰা এই ঠাই সম্পৰ্কে বহু স্থানীয় বাসিন্দাও জ্ঞাত নহয়৷

বোন্দাৰ পৰা চাৰি কিলোমিটাৰ আগলৈ এই ঐতিহাসিক ৰাজবাৰী বা ৰজাবাৰী৷ চপাইদাং অঞ্চললৈ সোমাই অহা ৰজাবাৰী বিলখন আৰু এই বিলৰ মাজভাগত গড়ি উঠা ইটাভাটা সমূহৰ সিপাৰে বিশাল লুইতে চুই থকা নাৰেঙ্গী পাহাৰৰ শেষপ্ৰান্তৰ এই ৰজাবাৰীত ইতিমধ্যেই উদ্ধাৰ হৈছে এক প্ৰাচীন ভাস্কৰ্য আৰু অনেক প্ৰাচীন শিলাচিত্ৰ বা শিলাচিহ্ন৷ এই প্ৰাচীন শিলাচিত্ৰ সমূহৰ বিষয়ে ইতিহাস সম্পূৰ্ণ নিমাত৷ কোনে, কেতিয়া আৰু কিয় এই শিলাচিহ্ন সমূহ খোদিত কৰিছিল সেই সম্পৰ্কে বোধহয় এতিয়ালৈকে কোনো অধ্যযনেই হোৱা নাই৷ আনকি, এই প্ৰবন্ধ লিখালৈকে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ কাৰো আওঁতালৈকে অহা নাই এই সুন্দৰ ঠাইখন৷

লুইতৰ সোঁতে অনবৰতে ঢৌৱাই থকা থকা নাৰেঙ্গী পাহাৰৰ পূৱ প্ৰান্তৰ নৈসৰ্গিক দৃশ্যও অতি মনোৰম৷ বহু বছৰ পুৰণি বিশাল গছগছনিয়ে আঁৱৰি থকা এই ৰজাবাৰীৰ চৌপাশ এক ডাঠ সেউজীয়া আৱৰণেৰে আচ্ছাদিত৷ উৎকট গৰমতো সেউজ বনৰ ছাঁ আৰু বিশাল লুইতৰ শীতল বতাহে এক মনজুৰোৱা পৰিৱেশৰ সৃষ্টি কৰি ৰাখে প্ৰতিপল৷ স্থানীয় লোকৰ বাবে এই ঠাইৰ পৰিচয় ৰজাবাৰী গণেশ মন্দিৰ৷

লুইতৰ একেবাহে গাতে লাগি থকা পাহাৰে তীৰৰ কিছু ওপৰলৈ এঢলীয়াকৈ থকা এক প্ৰকাণ্ড শিলাখণ্ডৰ গাত থকা এক প্ৰাচীন ভাস্কৰ্যৰ আধাৰত এই ঠাইত কিছু বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছে এটা সৰু গণেশ মন্দিৰ৷ এই মন্দিৰৰ নামেৰেই চিনাকি ঠাইখন৷

নামনিৰ পৰা মন্দিৰটো পাবলৈ প্ৰায় তিনিকুৰি চিৰি বগাব লাগে৷ মন্দিৰলৈ উঠিযোৱা খটখটীৰ ওচৰতে থকা এক বিশাল শিলাখণ্ডত থকা কেইবাটাও প্ৰাচীন চিহ্নই প্ৰতিজন যাত্ৰী বা পৰ্যটকৰ ওচৰত ঠাইখনৰ গুৰুত্ব দাঙি ধৰে৷ এটুকুৰা বিশাল শিলাখণ্ডক ভাঙিবলৈ ব্যৱহাৰ কৰা সাধনৰ চিহ্ন সমূহে দূৰ অতীতত এই ঠাই যে এক গুৰুত্বপূৰ্ণ ঠাই আছিল তাক প্ৰমাণ কৰে৷ এই শিলাখণ্ড পাৰ হৈয়েই পাহাৰলৈ উঠিবলৈ ওপৰত উল্লেখ কৰা সেই দীঘলীয়া খটখটী আছে৷ অৱশ্য, এই খটখটীসমূহ বৰ বেছি পুৰণি নহয়৷ তাৰ আগলৈ গণেশ মন্দিৰ৷

মন্দিৰৰ ভিতৰত আছে পাহাৰীয়া এঢলীয়া ঠাইত বহু বছৰ ধৰি খোপনি পুতি ৰৈ থকা এটা বৃহৎ শিলৰ দেহত খোদিত এক ভাস্কৰ্য৷ গুৱাহাটীৰ আশেপাশে থকা আন আন গণেশৰ ভাস্কৰ্যবোৰতকৈ এই মন্দিৰৰ ভাস্কৰ্যটো কিছু পৃথক৷ সেয়ে, এই মন্দিৰৰ ভাস্কৰ্ষ সম্পৰ্কে কিছু অধ্যয়নৰ প্ৰয়োজন আছে৷

 

মন্দিৰ পাৰ হৈ পাহাৰৰ ওপৰলৈ বহু শিলাখণ্ডত সেই একে ধৰণৰ শাৰী শাৰী চিহ্ন দেখা যায়৷ কিন্তু কোনে কিয় সেই বিশাল শিলসমূহ খণ্ড খণ্ড কৰিবলৈ বিচাৰিছিল, সেয়া এক কৌতূহলৰ বিষয়৷ নে অতীতৰ কোনো ৰজামহাৰজাৰ পৃষ্ঠপোষকতাত এই ঠাইত কিছু শিলাকূটি নিয়োগ কৰা হৈছিল, যিবোৰে হয়তো কাম আৰম্ভ কৰাৰ আগেয়ে সেই ঠাই এৰি ঢাপলি মেলিছিল অন্য কোনো ঠাইলৈ নাইবা কোনো শত্ৰুৰ মুখামুখি হব লগীয়া হৈছিল৷

গণেশ মন্দিৰৰ ওপৰলৈ পাহাৰৰ দাঁতিত আছে এক প্ৰকৃতি সৃষ্ট কন্দৰ৷ হয়তো, তাৰ ওচৰেপাজৰে থকা দুৰ্গম অঞ্চলত লুকাই আছে আৰু কোনো চহকী ইতিহাস, যি পোহৰলৈ আহিলেই উন্মোচিত প্ৰাচীন গুৱাহাটীৰ বহু গুৰুত্বপূৰ্ণ অধ্যায়৷

বিশাল গছবনেৰে আবৃত এই নিৰল ঠাইকন কিছু বনৰীয়া জীৱজন্তু আৰু চৰাইৰবাবেও আকৰ্ষণীয়৷ বিশাল গছগছনিৰ ডাল আৰু খোৰোঙত চৰাইৰ বাহিৰেও অন্য বন্য জীৱৰ আবাসস্থল৷ বিভিন্ন প্ৰজাতিৰ সাপ, পখিলা আৰু বিছাৰ বাসস্থান এই ৰজাবাৰী বন্যপ্ৰাণীৰ প্ৰতি আগ্ৰহী আলোকচিত্ৰ শিল্পীৰ বাবেও এক আকৰ্ষণৰ কেন্দ্ৰ পাৰে৷ নামনিৰে পাৰ হৈ যোৱা বিশাল লুইতৰ বুকুৰ দুস্প্ৰাপ্য শিহু বা river dolphine জলকেলীও মাজে মাজে এক আকৰ্ষণ হৈ উঠে৷ গ্ৰীষ্ম কালৰ কোনো কোনো সময়ত এই ঠাইৰ সূৰ্যোদয় উপভোগ কৰাৰ লগতে ৰাতিপুৱাৰ পোহৰত আকৰ্ষণীয় তথা পাৰাপাৰহীন লুইতৰ সৌন্দৰ্যই মোহিত কৰিব পাৰে প্ৰতিজন পৰ্যটকক৷ আনহাতে, পূৰ্ণিমাৰ নিশা বিশাল লুইতৰ সৌন্দৰ্য উপভোগ কৰিবৰ বাবেও এই ঠাই উপযুক্ত বুলি বিবেচিত পাৰে৷ বাৰিষা বা খৰালি সকলো সময়তেই নৈসৰ্গিক সৌন্দৰ্যই দুহাত মেলি সকলোকে আদৰণি জনায়৷

বিপৰীত দিশত ৰজাবাৰী বিল৷ লুইতৰ বাঢ়নি পানীয়ে আগবঢ়াই দিয়া মাছৰ সন্ধানত ঠাইয়ে ঠাইয়ে থিয় হৈ থাকে বিশাল বিশাল মাছ ধৰা জাল৷ এসময়ত এই ঠাইত কেইবাটাও ইটাৰ ভাটা আছিল যদিও বৰ্তমান তাৰ অধিক সংখ্যক বন্ধ হৈ গৈছে৷ বিলখনৰ সিপাৰে আমচাং বনাঞ্চল আৰু দূৰলৈ মেঘালয়ৰ আকাশ চুই থকা নীলাভ সেউজীয়া পাহাৰবোৰে সিঁচি দিয়ে আন এক প্ৰশান্তি৷

বিস্ময়কৰ কথা এয়ে যে, ৰজাবাৰী অঞ্চলৰ পাহাৰখনত লুকাই থকা প্ৰতিটো শিলাখণ্ডই কৈ যায় সহস্ৰাব্দৰ ইতিহাস৷ প্ৰায় প্ৰতিটো শিলাখণ্ডই বহন কৰে শতিকা পুৰণি ঐতিহ্য৷ ঐতিহাসিক গণেশ মন্দিৰৰ বাওঁফালে পাহাৰৰ ওপৰলৈ বিয়পি থকা বিশাল বিশাল শিলাখণ্ডৰ বহু ঠাইত খোদিত আছে বিভিন্ন সৰু বৰ শিলাচিহ্ন৷ বিশেষকৈ ধনুকাড়ৰ দৰে চিহ্নবোৰ বিয়পি আছে পাহাৰৰ নামনিৰ পৰা ওপৰলৈ৷ একে আষাৰতে এই চিহ্নসমূহৰ সময় কৈ দিয়াতো কঠিন যদিও খ্ৰীষ্টীয় জ্জ্বম শতিকাৰ বহু আগেয়ে হয়তো এই ঠাইত কোনো শিলাকূটিয়ে বাহৰ পাতিছিল আৰু শিলাময় পাহাৰৰ বিভিন্ন ঠাইত তেওঁলোকৰ শিল্পকৰ্মৰ আখড়া কৰিছিল৷

গণেশ মন্দিৰলৈ উঠি যোৱা বাটটোৰ বাওঁফালে কিছু দূৰৈৰ এটা বৃহৎ শিলাখণ্ডত খনন কৰা হৈছিল এটা নাদৰ আকৃতিৰ বিশাল গাঁত৷ পাহাৰৰ মাজৰ এক দুৰ্গম এলেকাত কোনে কিয় সেই বিশাল গাঁত খানিছিল, তাকো এক কঠিন শিলৰ মাজত, সেইয়া এক কৌতূহলৰ বিষয়৷ স্থানীয় যুৱক ৰাজু (উপাধিটো তেওঁ উল্লেখ নকৰিলে)ৱে জনোৱা মতে, সৰুৰে পৰা তেওঁলোকে দেখি অহা সেই নাদ বা গাঁতটো বহু সম্প্ৰতি তলসৰা শুকান গছৰ পাতে সেইটো ভৰাই ৰাখিছে৷ বছৰৰ সকলো সময়তে সেই নাদটোৰ প্ৰায় মুখৰ ওচৰলৈকে পানী থাকে৷ সেইয়াও এক আচৰিত লগা কাহিনী৷ সম্ভৱতঃ সেই ঠাইত বাহৰ পতা শিল্পী সকলে খোৱা পানীৰ বাবে সেই নাদটো খানিছিল৷ আৰু যদি সেয়েই হয়, তেনেহলে ভাবিব পাৰি যে গুৱাহাটী মহানগৰীৰ আন আন পাহাৰৰ দৰে সেই বিশেষ পাহাৰখনতো হয়তো আছে কোনো পানীৰ উৎস আৰু হয়তো সেই সময়ত বিশাল লুইত সেই পাহাৰৰ নামনিৰ পৰা বহু দূৰেৰে বৈ গৈছিল, যাৰ বাবে প্ৰয়োজনীয় পানীৰ চাহিদা পুৰণৰ বাবে শিলৰ মাজৰ দুৰ্গম স্থানত সেইদৰে নাদৰ ব্যৱস্থা কৰা হৈছিল৷ অৱশ্যে, এয়া সম্পূৰ্ণ ভবা কথাহে৷ প্ৰণালীবদ্ধ অধ্যয়নেহে প্ৰকৃত তথ্য পোহৰলৈ আনিব৷

আনহাতে, সেই দুৰ্গম স্থানৰ নাদৰ ওচৰেপাজৰে কেইবাটাও সৰুবৰ শিলাখণ্ডত সেই তাহানিৰ শিলাকূটি সকলৰ পৰশ পৰিছিল৷ বহু কেইটা বিশাল শিলত সেই শাৰী শাৰী গাঁতৰ চিহ্ন আৰু কোনো কোনো ঠাইত ৰেখাচিত্ৰৰ লগতে আন কেতবোৰ সৰু বৰ চিহ্ন খোদিত হৈ থকা দেখা যায়৷ বহু দুৰ্গম স্থানতো তেনে ধৰণৰ চিত্ৰ বা চিহ্নৰ উপস্থিতিয়ে সেই ঠাইলৈ অহা প্ৰত্যেকজন লোককে ভাবিবলৈ বাধ্য কৰায়, প্ৰকৃততে কোনে, কিয় আৰু কেতিয়া তাত বাহৰ পাতিছিল আৰু কঠিন শিলৰ বুকুত সেইদৰে ছৱি আঁকিবলৈ সাধন কি আছিল৷

 

এই খিনিতে উল্লেখ কৰিব পাৰি যে, গুৱাহাটীৰ আশেপাশে, অৰ্থাৎ পাণ্ডুনাথ মন্দিৰৰ পৰা পূৱে হিলৈখুন্দা পাহাৰলৈকে বিয়পি থকা এই বিশাল এলেকাটোৰ ঠায়ে ঠায়ে সিঁচৰিত হৈ আছে অনেক ঐতিহাসিৰ শিল্পকৰ্ম৷ এই শিল্পকৰ্ম সমূহৰ বিষয়ে বহু তথ্য এতিয়াও গোপন হৈয়েই আছে৷

শিলৰ মাজৰ নাদটোৰ উপৰিও তাৰ নাতিদূৰৈত থকা আন এটা বিশাল শিলাখণ্ডৰ শিখৰত খোদিত আছে অনেক প্ৰাচীন চিহ্ন৷ তাৰে ভিতৰত, বৰ্তমান সকলোৰে পৰিচিত ডবা খেলৰ বৰ্ডখনৰ দৰে চিহ্ন, মহাভাৰতত বৰ্ণিত পাশাখেলৰ নক্সাখনৰ দৰে কিছু চিহ্ন, চৰাই, আন বৰ্গাকাৰ, আয়তাকাৰ চিহ্ন আৰু লগতে আছে আন কিছু দুৰ্বোধ্য চিহ্ন৷ অনুমান কৰিব পাৰি, সেয়া হয়তো কোনো code language, যি সেই সময়ত তথ্য সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছিল, নাইবা আন কোনো কাৰণত৷

একে সময়তে ইয়াকো ভাবিব পাৰি যে সামৰিক বা সুৰক্ষাৰ দিশতো গুৱাহাটীৰ পাৰ্«বৰ্তী অঞ্চলসমূহৰ গুৰুত্ব আছিল যথেষ্ট৷ হয়তো, তেনে অৱস্থাত কোনো লোকে এই নিৰ্জন শিলাময় ঠাইত বহি লৈ খেলাধুলা কৰি মনোৰঞ্জনেৰে অৱসৰৰ সময় অতিবাহিত কৰিছিল, ঠিক সেইদৰে, যিদৰে আজি কেইটামান দশক আগলৈকে, অসমৰ গাঁওবোৰত অৱসৰ কটাবলৈ কচুগুটি. পাশা আদি খেল খেলিছিল৷ এইয়া মাথো মোৰ মনলৈ অহা কথাহে৷ 

কাৰণ যিয়েই নহওক, এটা কথা কিন্তু মানিবই লাগিব, বহু শতিকা আগতেই কোনো শিল্পী বা কাৰিকৰে এই ঠাইত আঁকি থৈ যোৱা বিভিন্ন চিহ্নবোৰ আজিও জীৱন্ত আৰু প্ৰাসঙ্গিক৷ আনহাতে এই বিশেষ ঠাইকণত সিঁচৰতি হৈ পৰি থকা বিভিন্ন শিলাখণ্ডৰ দেহত খোদিত আছে বহুতো ধনুকাড়ৰ দৰে চিহ্ন৷ এই ঐতিহাসিক চিনমোকামসমূহৰ বিষয়ে নিশ্চিতভাবে

Leave a Reply

Your email address will not be published. Required fields are marked *