প্ৰেম, প্ৰাপ্তিৰ কাৰণে অদ্ভুত এক বেজাৰ (জয়ন্ত দাস) – Purbodix.com

প্ৰেম, প্ৰাপ্তিৰ কাৰণে অদ্ভুত এক বেজাৰ (জয়ন্ত দাস)

 

  তোমাক ভাল পাওঁ বাবেই গোটেই পৃথিৱীখনকে ভাল পাবলৈ শিকিছোঁ মই৷ তোমাক ভাল পাওঁ বাবেই গোটেই পৃথিৱীখনতে কেৱল সেউজীয়াবোৰকে বিচাৰি পাওঁ মই৷ তোমাৰ ভালপোৱাই জীৱনৰ নি(য়তাঅনি(য়তা অথবা পোৱানোপোৱাৰ বেহিচাপ দোমোজাৰ মাজত ব্ৰতী বলৈ শিকায় মোক৷ হেজাৰ প্ৰতিবন্ধকতাকো যেন তোমাৰ ভালপোৱাই ফুল হৈ ফুলিব দিয়ে মোৰ হৃদয়ত৷

  সঁচাকৈয়ে এক বৰ্ণনাতীত বৰ্ণনাৰে পৰিৱেষ্টিত প্ৰেম নামৰ এই মিঠা শব্দটি৷ অতীজৰে পৰা প্ৰেমৰ স্বকীয়তাই সুন্দৰৰ পূজা কৰি আহিছে৷ বৰ্তমানেও প্ৰেমৰ স্বকীয়তা আছে বাবেই সৃষ্টিৰ অপূৰ্ব সমাহাৰ ঘটে এই পৃথিৱীত৷ ভৱিষ্যতেও হয়তো প্ৰেম যুগে যুগে পূজনীয় হৈয়ে ব৷ অৱশ্যে পৰিৱৰ্তনৰ ধামখুমীয়াত প্ৰেমৰ গ্ৰহণযোগ্যতাৰ ওপৰত কিছু বেপেৰুৱা মনোভাৱৰ সৃষ্টি লেও কিন্তু প্ৰকৃত প্ৰেম ভালপোৱাত হৃদয়ৰ উপলব্ধিক কোনেও ম্লান কৰিব নোৱাৰে৷ হৃদয়ৰ সমগ্ৰ সত্তাজুৰি প্ৰেমে কঁপনি তোলে আপোনজনৰ লগত অনুভৱী বৰ বাবে৷ আপোনজনৰ প্ৰকৃত ভালপোৱাৰ কাৰণেই অপেক্ষাৰ ষ্টেচনত ৰৈ সময়ৰ কঠিন মূহূৰ্তবোৰৰ লগতো মিতিৰালি কৰিব খোজে আপোনজনৰ হৃদয়ে৷

  এয়াই প্ৰেম ভালপোৱা৷ এনেদৰেই প্ৰেমভালপোৱাৰ নিঃস্বাৰ্থ অনুভূতিবোৰে হৃদয়ত দোলা দি থাকে৷ প্ৰেমসৰ্বস্ব হৃদয়ক এক মাত্ৰা প্ৰদান কৰিব পৰা গতানুগতিক অনুভূতি এইবোৰ৷ প্ৰেমেই হেনো পৃথিৱীৰ শ্ৰেষ্ঠতম ভাষা৷ প্ৰকাশৰ মাধ্যম শব্দই হওক অথবা মৌনতাই নহওক কিয়৷ প্ৰেমকেই পৃথিৱীৰ শ্ৰেষ্ঠতম ভাষা বুলি কোৱা হয়৷ প্ৰেমেই কঢ়িয়াই আনে সম্ভাৱনীয়তাৰ হেজাৰটা প্ৰতিশ্ৰুতি৷ দুখন হৃদয়ক এখন ৰঙীন পৃথিৱীৰ অকলশৰীয়া বাসিন্দা হোৱাৰ বাসনা জগায় প্ৰেমে৷ যিখন পৃথিৱী বাস্তৱৰ বিভিন্ন সমস্যাৰে জৰ্জড়িত পৃথিৱীতকৈ যেন সম্পূৰ্ণ পৃথক পৃথিৱী৷ পৰস্পৰৰ দৃষ্টিত যিখন পৃথিৱী সদায় সেউজীয়া হৈয়ে ধৰা দিয়ে৷ নিজৰ প্ৰেমাস্পদৰ উপস্থিতিতকৈ যেন কাৰোৰে উপস্থিতি শ্ৰেয় নহয়৷ প্ৰেমাস্পদৰ ভালপোৱাই কঢ়িয়াই অনা হেঁপাহৰ বৰষুণজাকেই সজীৱ কৰি ৰাখে প্ৰেমাস্পদৰ হৃদয়৷ অংকুৰিত হয় সপোনৰ বীজ৷

 

  প্ৰেম, প্ৰাপ্তিৰ কাৰণে এক অদ্ভুত বেজাৰ৷ এক অভিমানী বেজাৰ৷ যি বেজাৰে হৃদয়ৰ স্পন্দন দুগুণে বঢ়াই তোলে৷ আপোনজনৰ পৰা প্ৰাপ্তিৰ অৰ্থে কৰা সকলো ধৰণৰ অপেক্ষাই জন্ম দিয়ে বেজাৰৰ৷ প্ৰতিটো মূহূৰ্তত যি বেজাৰে আমনি কৰি থাকে হৃদয়ত৷ কেৱল মাথোঁঁ হুমুনিয়াহবোৰেই হৈ পৰে সেই সময়ত প্ৰেৰণাৰ উৎস৷ শেষত প্ৰাপ্তিৰ আনন্দই জয় কৰি পেলায় সকলো৷ দুখন হৃদয়ৰ পৰস্পৰৰ উপস্থিতিত যেন স্থবিৰ হৈ পৰে চৌদিশ৷ শূন্য দূৰত্বৰ পৰা আপোনজনক এবাৰ উপলব্ধি কৰি চোৱাৰ অথবা চুই চোৱাৰ হেঁপাহে যেন সাহসী কৰি তোলে পৰস্পৰক৷ প্ৰাপ্তিৰ মাদকতাই নিমিষতে নোহোৱা কৰি পেলাই অপ্ৰাপ্তিৰ সকলো বেজাৰ৷ পৰস্পৰে গম নোপোৱাকৈয়ে হয়তো পৰস্পৰৰ হৃদয়ে কৈ উঠেতোমাৰ এনেকুৱা অভিমানভৰা বেজাৰবোৰেই বহুত ভাল লাগে মোৰ

  তুমি লৈ অনা হেঁপাহৰ বৰষুণজাকত তিতিবুৰি জুৰুলিজুপুৰি এতিয়া মই৷ তুমি লৈ অনা হেঁপাহৰ বৰষুণজাকৰ টোপালবোৰৰ মৃদু আঘাতত গোটেই শৰীৰতে মোৰ এতিয়া প্ৰেমৰ সাংঘাতিক বিষক্ৰিয়া৷ যি বিষৰ যন্ত্ৰণাত ছটফটাই মোৰ প্ৰেমসৰ্বস্ব হৃদয়ে পাহৰি পেলাইছে সকলো৷ কেৱল মাথোঁঁ তুমি লৈ অনা হেঁপাহৰ বৰষুণজাকেই ধুৱাই পেলাইছে মোৰ অনি(য়তাৰ সকলো পথ৷ তোমাৰ হেঁপাহৰ বৰষুণজাকৰ প্ৰতিটো টোপালেই যেন সাহস, প্ৰেৰণা অথবা সম্ভাৱনীয়তাৰ একো একোটি নাম৷ তোমাৰ প্ৰেমো হওক মোৰ কাৰণে জীৱনৰ অন্য এক নাম৷

  তোমাক ভালপাওঁ বাবেই নিজৰ স্থিতিক লৈ সুখী মই৷ তোমাৰ দুওঁঠৰ প্ৰতিটো শব্দই সাহসী কৰি তোলে মোক৷ সঁচাকৈয়ে আপোনজনৰ নিঃস্বাৰ্থ ভালপোৱাই সলনি কৰি পেলায় গোটেই পৃথিৱী৷ প্ৰকৃত প্ৰেমত এজনে আনজনক উপলব্ধি কৰি চোৱাৰ মাদকতাই সুকীয়া৷ কেৱল মাথোঁঁ পূৰ্ণতা প্ৰাপ্তি বিচাৰে প্ৰেমে৷ প্ৰেমাস্পদৰ সামান্যতম অনুপস্থিতিও প্ৰেমাস্পদৰ কাৰণে হৈ পৰে অদ্ভুত এক বেজাৰ৷ প্ৰেমৰ সফল প্ৰাপ্তিত প্ৰয়োজন কেৱল প্ৰকৃত বিশ্বাস, শ্ৰদ্ধা অথবা প্ৰতিটো মূহূৰ্ততে এজনে আনজনৰ কাষত সহযাত্ৰী হৈ থিয় দিয়াৰ সংকল্পৰ৷

 “পৃথিৱীৰ কোনো দুখেই দুখ হৈ নাথাকে যদিহে সেই দুখ মোৰ পৰা আমাৰলৈ ৰূপান্তৰিত হয়৷ সেই দুখেই তীব্ৰতম যাৰ কোনো অংশীদাৰ নাই ‘‘অনুৰাধাৰ দেশ’’ জীৱনত যেতিয়া প্ৰতিটো মূহূৰ্ততে আপোনজনে আপোনজনৰ জীৱনৰ ছাঁ হৈ থাকিব তেতিয়া হেজাৰ দুখেও আপোনজনক বিচলিত কৰিব নোৱাৰে৷ প্ৰেমৰ মাজত সেই অফুৰন্ত শক্তি বিদ্যমান৷ প্ৰেমেই সেই সম্পৰ্ক দুখন হৃদয় এক হোৱাৰ সংকল্প কৰা হয়৷ পৰস্পৰে পৰস্পৰক জুখি চোৱাৰ, উপলব্ধি কৰাৰ ক্ষমতা নিহিত হৈ থাকে৷ প্ৰেমৰ নামত সেইকাৰণে দায়বদ্ধতাৰ কথাও জড়িত হৈ থাকে৷

  সঁচাকৈয়ে প্ৰেম চিৰশাশ্বত৷ প্ৰকৃত প্ৰেম ভালপোৱাত পৰস্পৰে পৰস্পৰক নিজৰ কৰি পোৱাৰ হেঁপাহেই গঢ় দিয়ে বিশ্বাসৰ৷ বিশ্বাসেই হৈ পৰে প্ৰেমৰ চালিকাশক্তি৷ আৰু সেই বিশ্বাসতেই বৰ্তি থাকে প্ৰেমৰ অপ্ৰতিৰোধ্য শক্তি৷

  (ফেব্ৰুৱাৰী প্ৰেম বিশেষ সংখ্যালৈ লেখা)

 

 

 

     

Leave a Reply

Your email address will not be published. Required fields are marked *