এমুঠি ভালপোৱাৰ বসন্ত- (বিনীশা দেৱী) – Purbodix.com

এমুঠি ভালপোৱাৰ বসন্ত- (বিনীশা দেৱী)

বাৰম্বাৰ কৰা অনুৰোধৰ অন্তত শেষ অনুৰোধ ৰক্ষা কৰিবৰ বাবেই এদিন গধূলি মই তেওঁৰ ঘৰলৈ গৈছিলোঁ৷ সৰু মৰম লগা এটা ঘৰ৷ স্বভাৱ সুলভ হাঁহিৰে তেওঁ মোক আদৰি লৈ গৈছিল ভিতৰলৈ৷ অকলে থকা মানুহজনৰ ঘৰটো ইমান পৰিপাটি! “ মানুহ নথকা ঘৰৰ সৌন্দৰ্য্য জানো থাকে?’’ ৰবাত যেন বিষাদৰ ডাৱৰ একাঁজলি! অকণমান সময়ৰ পিছতে সন্মুখৰ সৰু টেবুলখনত দুকাপ কফিয়ে শোভাবৰ্ধন কৰিছিলহি৷ কফি কাপত চুমুক দি মই কৈছিলোঁ—“আপুনি সুন্দৰ কফি বনাব জানে৷’’

: অকলেই থাকো যেতিয়া সকলোবোৰ বনাবলৈ শিকিলোঁ৷ হা: হা: হাঁহিৰ মাজতো বৈ আছিল যেন কৰবাত বিষাদৰ ধ্বনি!

  এনেদৰে আৰম্ভ হৈছিল আমাৰ কথোপকথন৷ পাতি গৈছিলোঁ এটাৰ পিছত আন এটাকৈ কথা৷ ভাল লগানলগা, ইচ্ছাঅনিচ্ছা ইত্যাদিৰে আমাৰ মনৰ বহুত কথা! মোহিত হৈছিলোঁ মই তেওঁৰ সৰল অথচ গভীৰ অনুভূতিৰ কথাবোৰত৷ ভাল লাগিছিল তেওঁৰ জীৱনৰ প্ৰতি থকা সৰল দৃষ্টিভংগীখিনিক৷ সময়বোৰে লাহেলাহে ৰাতিটোক ৰঙীন কৰি তুলিছিল৷ এটা সময়ত তেওঁ মোক গান গাবলৈ অনুৰোধ কৰিলে৷ ময়ো অনুৰোধ ৰাখিয়েই গাইছিলোঁ এটা এটাকৈ কেইবাটাও গীত আৰু তেওঁ পিয়ানো সংগত কৰিছিল৷ সুৰ আৰু সংগীতে সৃষ্টি কৰিছিল এখন মায়াৱী পৃথিৱী৷ বহু বছৰৰ পিছত সেইদিনা মই আপোন মনেৰে হেঁপাহ পলুৱাই গীত গালো৷ মনত পৰিছিল মই এৰি অহা অতীতৰ সেই সোণালী দিনবোৰলৈ——

  এসময়ত সংগীতেই যেন মোৰ জীৱন আছিল, কিন্তু আজি এই সকলোবোৰ পাহৰণিৰ গৰ্ভত৷ সময় আৰু পৰিৱেশে মোক মোৰ ভাল লগা পৃথিৱীখনৰ পৰা বহুত দূৰলৈ ঠেলি পঠিয়ালে৷ ব্যস্ততা ভৰা জীৱনটোত সকলোৰে অস্তিত্বৰ প্ৰতিপন্নতাক স্বীকাৰ কৰিবলৈ গৈ এদিন মই নিজেই অস্তিত্বহীন হৈ পৰিলোঁ৷ পোৱানোপোৱাই হয়তো জীৱন বুলি ভাবি সুখদুখৰ হিচাপনিকাচবোৰ কৰিবলৈ বাদ দিলো এদিন৷ তথাপিও এমুঠি অপাৰ্থিৱ সুখৰ প্ৰতি যেন থাকি মোৰ হাবাথুৰি সদায়৷ সেইদিনা তেওঁৰ মোৰ প্ৰতি থকা আগ্ৰহখিনিয়ে যেন আকৌ মোক দেখুৱাই দিলে মোৰ ৰঙৰ পৃথিৱীখন৷ যন্ত্ৰৱৎ জীৱনটোত পাহৰি পেলাইছিলোঁ ময়ো এজনী মানুহ৷ চৰাইৰ দৰে ময়ো উৰিব বিচাৰো মোৰ মন আকাশখনত৷ কিন্তু জীৱনৰ হেঁচাত মই যে এক ডেউকা ভঙা পখী হৈ পৰিছোঁ৷ পাহৰি গৈছিলোঁ ময়ো যে এদিন সপোন দেখিছিলোঁ৷ কিন্তু সপোন মোৰ আধৰুৱা হৈ ল৷ পৰিয়ালৰ সকলোৰে সুখশান্তিৰ বাবে কৰা ত্যাগৰ জানো কিবা মূল্য আছে? মানুহৰ চকুত দেখুৱাব পৰাকৈ ভৰি আছে মোৰ সুখৰ কৰণি, তথাপিও কিয় বাৰে বাৰে অনুভূত হয় মই বৰ নিঃসংগ বুলি?

  সেইদিনা তেওঁৰ সংস্পৰ্শত যেন আকৌ মই জীপাল হৈ পৰিলোঁ৷ মোৰ আৰু কাৰো কথা ভাবিবলৈ মন যোৱা নাছিল৷ মই লাহে লাহে কেৱল মোৰ বাবে জীয়াই থাকিবলৈ বিচাৰিলোঁ এখন নতুন পৃথিৱীত৷ হয়তো তেঁৱো বিচাৰিছিল সেইখন পৃথিৱীৰে বাসিন্দা বলৈ৷ সকলোবোৰ থকাৰ পিছতো কেতিয়াবা কোনোবা ৰিক্ত হৈ ৰয়৷ তেওঁ, মই হয়তো তাৰেই মাজৰ একো একোজন৷  “এভ্ৰিথিং ইজ ডেয়াৰ বাট মিছিং চামথিং৷’’ এই যে কিবা এটা হেৰুৱাৰ বেদনাই লাহে লাহে আমাক দুয়োকে ওচৰ চপাই আনিলে৷ সময়ৰ দাবীত তেওঁ মোৰ বাবেবিশেষএজন হৈ পৰিল৷ তেওঁৰ সান্নিধ্যই মোক জীপাল কৰি তুলিলে৷ কৃষ্ণচুড়াৰ ৰঙে আমাক আবিৰ সানিলে৷ সোণাৰুৰ হালধীয়াবোৰৰ কথাতো বই নালাগে৷ বাজি উঠিল আপোনাআপুনি যেন ৰাগবৃন্দাৱনী সাৰংগ৷

 সুখবোৰ আঁচল ভৰাই লৈছিলোহে মাত্ৰ৷ হঠাৎ এদিন ভি আৰ এছ লৈ তেওঁ গুচি সুদুৰ বাৰ্লিন চহৰত থকা তেওঁৰ আপোন মানুহগৰাকীৰ ওচৰলৈ৷ কিছুমান কথাৰ কোনো উত্তৰ নাথাকে৷ সময়ে কেতিয়া কাৰ পৰা কি লৈ যায় কোনেও নাজানে৷ নৈৰ সোঁতক ভেটা দিবহে পাৰি, কিন্তু নোহোৱা কৰিব নোৱাৰি৷ সত্যক স্বীকাৰ কৰি লৈছিলোঁ— “মইতো তেওঁৰ পত্নী নহয়, নে আমাৰ আছে কিবা পৰিচয়৷ আনৰ আশ্ৰয়ত বগাই যোৱা মই এডাল আকাশীলতা মাত্ৰ!’’

 জানো, তেওঁক আৰু মই কেতিয়াও লগ পোৱা সম্ভৱ নহয়৷ সকলোৰে হয়তো এটা পৰিসমাপ্তি থাকে৷ গুচি গৈছিলতেওঁমোৰ পৰা বহু দূৰলৈ আৰুআৰু মোৰ বুকুত সিঁচি থৈ গৈছিল ভাললগাৰ এমুঠি সেউজীয়া বসন্ত৷

Leave a Reply

Your email address will not be published. Required fields are marked *