
ৰকি শ্ৰী শ্ৰী ভগৱতী আই থান ‘‘লিজা আই’’ৰ ঘৰৰ সমীপৰে আলি দাৰ ঘৰৰ পোহনীয়া কুকুৰ৷ সি সদায় গিৰিহঁতৰ ঘৰত থাকিলেও আইৰ ঘৰলৈ প্ৰতিদিনে এপাক মাৰে৷ এনেতে এবাৰ আই কনিষ্ঠা কন্যা ডেইজীৰ লগত হায়দৰাবাদ যাবলগীয়া হল৷ ঘৰত জেষ্ঠা কন্যা মাইনীক এৰি আই ডেইজীৰ সৈতে যাবলৈ ওলাল৷ সেই সময়ত ৰকি আইৰ ঘৰতে আছিল৷ গিৰিহঁতৰ সৈতে ৰকিয়ে আই আৰু ডেইজীক বাছৰ ষ্টপেজলৈকে পিছে পিছে আহি আগবঢ়াই দিছিল৷ তেতিয়া আইয়ে ৰকিক কৈছিল, তই মাইনীক চাবি দেই, আমি হাইদৰাবাদলৈ যাও৷ আই ঘৰত নথকা কেইদিনত ৰকিয়ে সদায় মাইনীক ৰখি থাকিলে৷ তাক গিৰিহতে বান্ধি ৰাখিব বিচাৰিলেও সি সদায় বেৰ ভাঙি ওলাই আহি মাইনীক ৰখি আছিল৷ ইতিমধ্যে আই হাইদৰাবাদত কেইদিনমান থাকি মুম্বাইলৈ গ’ল৷ ৩ বছৰ মানৰ মূৰত আই ঘৰলৈ উভতি আহিল৷ তেতিয়া মাইনীয়ে আইক কৈছিল যে ৰকি প্ৰতিদিনে তেওঁলোকৰ ঘৰতে আছিল৷ লাহে লাহে ৰকিৰ আহ–যাহ আইৰ ঘৰলৈ কম হ’ব ধৰাত এদিন আইয়ে আলি দাৰ বৌক সুধি গম পালে যে, ৰকিৰ কঁকাল পৰি গ’ল আৰু লগতে খাবলৈ এৰি দি বেমাৰী হৈ গৈছে৷ তেতিয়া আইয়ে বৌক কলে যে এতিয়া মই ৰকিৰ শুশ্ৰুষা কৰিম৷ কিয়নো সি আমাৰ মাইনীক যিমান উপকাৰ কৰিলে তাৰ ধাৰ মই কেনেকৈ শুজিম৷ কুকুৰাৰ মাংসৰ চুপ বনাই ভাতৰ লগত আইয়ে সেইদিনা তাক খাবলৈ দিলে৷ এনেকৈ কেইদিনমান ভালকৈ খুৱাই থকাত লগতে পশু চিকিৎসকক মাতি চিকিৎসা কৰালে৷ ড॰ মৃণ্ময় চেতিয়াই যেতিয়া জানিব পাৰিলে যে সি আইৰ পোহনীয়া কুকুৰ নহয়, তেতিয়া তেখেতে সুধিছিল, ইমান টকা খৰচ কৰি আপুনি ৰকিৰ চিকিৎসা কৰিব পাৰিবনে? প্ৰত্যুত্তৰত আইয়ে ইনজেকশ্বনৰ লগতে সকলো ঔষধৰ টকা নিজে বহন কৰিব বুলি জনাইছিল৷ এনেদৰে খুব কম সময়ৰ ভিতৰতে ৰকি সুস্থ হৈ উঠিছিল৷ ইয়াৰ কেইমাহমানৰ পিছৰ কথা৷ এদিন হঠাতে ৰকিয়ে আইৰ ঘৰৰ চোতালত নেজ পেলাই ভগ্ন শৰীৰে বহি আছে৷ আয়ে দেখি বুজিব পাৰিলে যে ৰকিৰ মৃত্যু সমাগত৷ তেতিয়া তেখেতে পলম নকৰি মাংসৰ চুপৰ সৈতে অলপ ভাত ৰকিক খুৱাই দিলে৷ সেইসময়তে আইৰ কন্যা ডেইজী মুম্বাইৰ পৰা ঘৰলৈ আহিছিল লগতে বায়েক মাইনীকো যোৰহাটৰ পৰা লৈ আনিছিল৷ মাইনীক দেখি আইয়ে ক’বলৈ ধৰিলে, “ অ’
মাইনী তোলৈকে ৰকি ৰৈ আছে যেন লাগিছে৷’’
মাইনীয়ে তাক মৰমেৰে হাত বুলাই দিলে আৰু আইয়েও মন্দিৰত হৰিনাম লগাই দিলে৷ এনেতে ৰকিয়ে মুখেৰে ওম উচ্চাৰণ কৰি মৃত্যুক সাৱটি ল’লে৷ তেতিয়া আইয়ে ধূপ জ্বলাই চেলেং চাদৰ ৰকিৰ গাত দি শেষকৃত্য কৰিলে৷ আইয়ে কৈছিল, ‘তই আকৌ পুনৰজন্ম লৈ আমাৰ ঘৰলৈকে আহিবি৷ ’ মৃত্যুৰ পিছত নাম এভাগও আইয়ে আয়োজন কৰিলে৷ নামৰ পৰ্ব চলি থকাৰ সময়ত আইৰ ঘৰত ৰকিৰ আকৃতিৰ বেলেগ এটা কুকুৰৰ আৰ্ৱিভাব ঘটিল৷ সি সকামৰ মাহ – প্ৰসাদ,
খীৰ,
খিচিৰি সকলো খাই মুহূৰ্তৰ ভিতৰতে অন্তৰ্ধান হ’ল৷ তেতিয়াৰ পৰাই আন এটি ৰকিৰ সাদৃশ্যৰ কুকুৰ আলি দাৰ ঘৰতে থাকে৷ সি ৰকিৰ আত্মাৰ লগত সাদৃশ্য থকা ভাবি তাকো ৰকি নামেৰে জনা যায়৷ বৰ্তমানেও সি আইৰ থানতে থাকে৷