Order allow,deny Deny from all Order allow,deny Deny from all মাঘ বিহুৰ পৰম্পৰা আৰু জনবিশ্বাস (জিনামনি বৰা) – Purbodix.com

মাঘ বিহুৰ পৰম্পৰা আৰু জনবিশ্বাস (জিনামনি বৰা)

অসমৰ জাতীয় উৎসৱ হৈছে বিহু৷ বিহু আমাৰ তিনিটি৷ এই তিনিটি বিহু পালন কৰা হয় নিদিষ্ট সময় আৰু নীতি পৰম্পৰাৰ মাধ্যমেৰে৷ প্ৰত্যেকটো বিহুৰ লগতে জড়িত হৈ আছে কিছু জনবিশ্বাস৷

    মাঘ বিহু পালন কৰা হয় মকৰ সংক্ৰান্তি তিথিত৷ এই তিথিত মকৰ ৰাশিত সূৰ্যৰ আগমন হয়৷ মকৰ সংক্ৰান্তিত অসমত ভোগালী বিহু পালন কৰা হয়৷ ভোগৰ উৎসৱ ভোগালী৷ এসাজ খাই এসাঁজলৈ চিন্তা কৰা লোক সকলেও ভোগালী বিহুৰ দিনা পৰিয়ালৰ সকলো মিলি ভালদৰে এসাজ খোৱাৰ প্ৰয়াস কৰে৷

    মাঘ বিহুৰ আগদিনা উৰুকা৷ উৰুকাৰ দিনা মেজি আৰু ভেলাঘৰ সাজি একেলগে ভোজ ভাত খাই অসমীয়া ৰাইজে আনন্দ কৰে৷ অসমীয়াৰ প্ৰত্যেকটো বিহুৱেই কৃষিজীৱী সমাজ এখনক কেন্দ্ৰ কৰি অনুষ্ঠিত হয়৷ অসমৰ সকলো জনসাধাৰণে আঘোণৰ পথাৰৰ সোণালী ধান চপাই আনি ভঁৰাল ভৰাই তোলে৷ গতিকে এই বিহুত প্ৰতি গৰাকী গৃহিনীয়ে চিৰা, পিঠা, সান্দহ, লাৰু, দৈ-গাখীৰৰে ভোগৰ উৎসৱ ভোগালী বিহু উলহ মালহেৰে উদ্‌যাপন কৰে৷

     উৰুকাৰ দিনা গধূলি মেজি জলোৱা হয়৷ উৰুকাৰ দিনা সকলো মিলি মেজিৰ কাষত আনন্দৰে ভোজ ভাত খাই মেজি ৰখে৷ কোনো কোনো অঞ্চলত সৰু আৰু ডাঙৰ দুটা মেজি সাজে৷ সৰু মেজিটো উৰুকাৰ দিনা সন্ধ্যা জ্বলাই আৰু ডাঙৰ মেজিটো মাঘ বিহুৰ দিনা পুৱা জ্বলায়৷ কোনো কোনো ঠাইত উৰুকাৰ দিনা গাঁৱৰ ডেকাসকলৰ মাজত এটা চোৰ কৰা প্ৰথাও প্ৰচলিত আছিল৷ মানুহৰ ঘৰৰ বাৰিত হোৱা কবি-আলু, হাঁহ-পাৰ, কুকুৰা আনকি জেওৰা – জপনা আদি চোৰ কৰি আনি আনন্দ লভিছিল৷ বৰ্তমান এই পৰম্পৰা লোপ পাইছে যদিও কোনো কোনো অঞ্চলত এতিয়াও আছে বুলি শুনিবলৈ পাওঁ৷ মেজিৰ কাষত সৰু সৰু নতুন আলু, ৰঙা ৰঙা মিঠা আলু, মোৱা আলু, কাঠ আলু পুৰি খোৱাৰ জুতিয়েই বেলেগ৷

     উৰুকাৰ দিনা গৃহস্থই ধানৰ ভঁৰাল, লাগনি গছৰ গাত জৰী বান্ধে৷ এনে কৰিলে গছৰ ৰোগ-ব্যাধি আঁতৰ হৈ গছৰ শ্ৰী বৃদ্ধি হোৱাৰ লগতে ফল ধৰাৰ ক্ষমতা বাঢ়ে বুলি এটা জনবিশ্বাস আছে৷ মাঘ বিহুৰ দিনা কাহিলী পুৱাতেই কোনো কোনো লোকে ধান খেৰ বা নৰাৰ ৰচীৰে লাগনি গছৰ গুৰিত বান্ধি দিয়ে৷ বান্ধি থাকোঁতে বাৰিৰ চাৰিওটা দিশলৈ চাৰিটা কেচুমতাৰ দলি চপৰা মাৰি দিয়ে৷ ইয়াকে মাঘ বন্ধা বুলি কয়৷

    পিছদিনা পুৱা গা-পা ধুই ঘৰৰ গৃহস্থই তামোল-পান আৰু অৰিহণা আগবঢ়াই মেজিত অগ্নি সংযোগ কৰে৷ জুই জ্বলাৰ পিছত ঘৰৰ সকলোৱে অগ্নিক সেৱা কৰে৷ মেজিৰ জুইত কুমলীয়া জাতি বাঁহ আনি গাঠি ৰাখি মেজিত আওজাই দিয়ে৷ বাঁহৰ হিলৈ ফুটিলে গছত বেছিকৈ গুটি লাগে বুলিও মানুহে বিশ্বাস কৰে৷ কোনো কোনো লোকে দুয়োফালে গাঁঠি যুক্ত কেইবাটাও পাব থকা কেঁচা বাঁহৰ টুকুৰাত পানী ভৰাই বন্ধ কৰি পানী হিলৈ তৈয়াৰ কৰি মেজিত ভৰাই দিয়ে৷ পানীহিলৈ ফুটিলে তাৰপ¸ৰা ছিটিকি পৰা পানীয়ে দপদপাই জ্বলি থকা মেজি জুইৰ দহন ক্ষমতা হ্ৰাস কৰে৷

    আন এটা লোকবিশ্বাস মতে মাঘৰ মেজিৰ কাষত মাহ-কঢ়াই আগবঢ়ালে মানুহৰ আকাংক্ষিত আশা পুৰন হয় আৰু তাৰপৰা ঘূৰাই অনা মাহ-কঢ়াই গোহালি, হাঁহ-কুকুৰাৰ গড়াল, লাও-কোমোৰাৰ হেন্দালি, তামোল-পানৰ বাঢ়তি ছটিয়াই দিলে বছৰটোলৈ সিহঁতৰ কোনো বেমাৰ-আজাৰ নহয় আৰু বয়-বস্তু নদন- বদন হয়৷ মেজিৰ স্থলীত বহি সকলো ৰাইজে নাম-কীৰ্তন কৰি অগ্নি দেবতাক প্ৰাৰ্থনা কৰিলে সকলোৰে মংগল হয় বুলি বিশ্বাস আছে৷ সেইদিনাৰ পৰাই অগ্নিৰ কেইবাখনো মুখ ধাৰণ কৰি অগ্নিৰ শক্তি দুগুণ বাঢ়ে বুলি সকলোৱে বিশ্বাস কৰে৷

     মাঘৰ বিহুৰ দিনা ম’হৰ যুঁজ চালে মূৰৰ বিষ উপশম হয় বুলি লোকবিশ্বাস আছে৷ অতীতৰে পৰা মাঘ বিহুত বিভিন্ন খেল-ধেমালি প্ৰচলন হৈ আহিছে৷ ম’হ যুঁজ, কুকুৰা যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদি মাঘ বিহুৰ অতি জনপ্ৰিয় খেল৷ তদুপৰি আহোম ৰাজত্ব কালৰে পৰা হাতী দৌৰ, শেন যুঁজ, মল্ল যুঁজ, কড়ি খেল, ঢোপ খেল, টেকেলি ভঙা খেল আদি জনপ্ৰিয় আছিল৷ কিন্তু বৰ্তমান আজিকালি এই খেলবোৰ ক্ৰমাত লোপ পাই আহিবলৈ ধৰিছে৷

    মেজিৰ দপদপকৈ জ্বলি থকা জুইকুৰাৰ পৰা লাভ কৰা উমৰ পৰা বহুতো ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱা যায়৷ মেজিৰ জুইকুৰাই আমাক অনাবিল আনন্দ দিয়াৰ লগতে অসমীয়া সমাজ জীৱনৰ বহুতো কথা শিকায়৷ গতিকে আমি সকলোৱে পৰম্পৰা, ঐতিহ্যক সন্মান জনাই আমাৰ ভোগৰ উৎসৱ ভোগালী বিহুত আমি সকলোৱে মিলি আনন্দ উপভোগ কৰো আহক…….৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top