প্ৰাঞ্জল শইকীয়া আৰু মৃদুল গুপ্তালৈ ৰূপকাৰ বঁটা – Purbodix.com

প্ৰাঞ্জল শইকীয়া আৰু মৃদুল গুপ্তালৈ ৰূপকাৰ বঁটা

 

যোৱা জানুৱাৰী তাৰিখে ১২ সংখ্যক ৰূপকাৰ বঁটা প্ৰদান অনুষ্ঠান সকুলমে অনুষ্ঠিত হৈ যায়৷ ২০২১ আৰু ২০২২ বৰ্ষৰ বাবে যথাক্ৰমে থিয়েটাৰ আৰু চলচ্চিত্ৰৰ বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া (তেখেতৰ হৈ পত্নী তথা বিশিষ্ট অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়াই বঁটা গ্ৰহণ কৰে) আৰু ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা মৃদুল গুপ্তাক পবিত্ৰ কুমাৰ ডেকা আক্ৰাইভৰ চৌহদত অনুষ্ঠিত এই বিশেষ  অনুষ্ঠানত ৰূপকাৰ বঁটা প্ৰদান কৰা হয়৷

আনুষ্ঠানিক এই সন্মানীয় বঁটাসমূহ ৰাজ্যখনৰ বিশিষ্ট সাংবাদিক তথা অসমীয়া প্ৰতিদিন কাকতৰ প্ৰাক্তন সম্পাদক নিত্য বৰাদেৱে প্ৰদান কৰে৷ বঁটা প্ৰদান কৰি দিয়া ভাষণত নিত্য বৰাই পবিত্ৰ কুমাৰ ডেকাৰ অসমৰ সংস্কৃতি আৰু সাহিত্য জগতলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ আৰু স্মৰণীয় অৱদানৰ বিষয়ে উল্লেখ কৰে৷

 

‘‘তেওঁ চলচ্চিত্ৰ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত বিস্তৃতভাৱে লিখি গৈছে৷ কেইবাজনো উচ্চাকাংক্ষী সাংবাদিকৰ কেৰিয়াৰ হিচাপে চলচ্চিত্ৰ সাংবাদিকতাক গ্ৰহণ কৰিবলৈ তেওঁ অনুপ্ৰেৰণা আৰু পৰামৰ্শ দিছে৷ পবিত্ৰ কুমাৰ ডেকাই অসমত চলচ্চিত্ৰৰ প্ৰচাৰৰ ধাৰণাটো প্ৰথমে পৰিৱৰ্তন কৰিছিল৷ যথেষ্ট সঁচা অৰ্থত চলচ্চিত্ৰৰ প্ৰতি ব্যাপক আকৰ্ষণ আৰু সফলতা অৰ্জন কৰাত সহায় কৰিছিল৷’’ নিত্য বৰাই এনেদৰে কয়৷

আনহাতে পবিত্ৰ কুমাৰ ডেকাৰ সামাজিক তথা ৰাজনৈতিক অৱদানৰ বিষয়ে উল্লেখ কৰি বৰাই কয়, ‘‘তেওঁ অসমৰ বাওঁপন্থী ৰাজনীতিৰ এগৰাকী অগ্ৰণী ব্যক্তি আছিল৷ বহুতে অৱশ্যে এই বিষয়ত অৱগত নহয়৷ কিন্তু তেওঁ এসময়ত এটা ৰাজনৈতিক দলৰ এজন স্বকীয় আৰু মুখ্য সংগঠক আছিল৷ তেওঁ সামাজিকৰাজনৈতিক ব্যংগাত্মক লিখনিৰে যি অতুলনীয় অৱদান আগবঢ়াই গৈছে, নিঃসন্দেহে সেয়া আজিলৈকে অতুলনীয় হৈ আছে৷’’ পবিত্ৰ কুমাৰ ডেকাৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি বৰাই কয়, ‘‘তেওঁৰ অপ্ৰত্যাশিত উৎসাহ আৰু সদায় মোৰ বাবে এক ডাঙৰ অনুপ্ৰেৰণাৰ উৎস হৈ আহিছে৷’’

স্বামী প্ৰাঞ্জল শইকীয়াৰ হৈ এই বঁটা গ্ৰহণ কৰা পূৰ্ণিমা পাঠক শইকীয়াই ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্যলৈ পবিত্ৰ কুমাৰ ডেকাৰ গুৰুত্বপূৰ্ণ অৱদানৰ বিষয়ে উল্লেখ কৰে৷ আনহাতে, বঁটা গ্ৰহণ কৰি মৃদুল গুপ্তাই তেওঁক সন্মান জনোৱাৰ বাবে আয়োজকসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখ্য যেমিৰবীননামৰ কাৰ্বি ভাষাত নিৰ্মিত মৃদুল গুপ্তাৰ নতুন চলচ্চিত্ৰখনে টকিঅচলচ্চিত্ৰ বঁটা ২০২৩ শ্ৰেষ্ঠ এছিয়ান চলচ্চিত্ৰৰ খিতাপ অৰ্জন কৰে৷ বঁটা বিজয়ীসকলে লগতে পবিত্ৰ কুমাৰ ডেকাৰ সৈতে অৰ্জন কৰা তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়েও উল্লেখ কৰে৷

মধুস্মিতা বৰকটকীয়ে সুন্দৰভাৱে আঁত ধৰা এই বঁটা বিতৰণী অনুষ্ঠানত বিভিন্ন কাৰ্যসূচী ৰূপায়ণেৰে সফল সমাপ্তি ঘটে৷ উক্ত অনুষ্ঠানত চলচ্চিত্ৰ আৰু সংবাদ মাধ্যমৰ ভালেমান ব্যক্তি উপস্থিত থাকে৷ তাৰে ভিতৰত আছিল হেমন্ত কুমাৰ দা৩স, জিতুমণি বৰা, বিদ্যুৎ কুমাৰ ভূঞা, জনাৰ্দন গোস্বামী, হেমন্ত দেৱনাথ, পাৰ্থ প্ৰতিম বৰা, ইমন চৌধুৰী, সৰোজ মেধি, ৰাণা ডেকা, বৰ্ণালী ডেকা দাস আদি৷

Leave a Reply

Your email address will not be published. Required fields are marked *