
মা–দেউতা প্ৰথম পূজনীয়, দুয়োৰে কাৰণে আমি এই সুন্দৰ পৃথিৱীখন দেখা পাইছোঁ৷ পিতৃ–মাতৃৰ সমান অকৃত্ৰিম মৰম আন কোনেও দিব নোৱাৰে৷ প্ৰতিগৰাকী নাৰীৰ যেনেকৈ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ হাবিয়াস থাকে; ঠিক তেনেকৈ প্ৰতিগৰাকী পুৰুষৰে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ হাবিয়াস থাকে৷ সন্তান এটি গৰ্ভস্থ হোৱাৰ পৰাই পিতৃ–মাতৃয়ে মাথো সন্তানৰ কথা ভাবে৷ পিতৃয়ে দিনৰ দিনটো কষ্ট কৰে সন্তানৰ অভৱ পূৰণ কৰিবলৈ আৰু মাতৃয়ে দিনৰ দিনটো শেষ কৰে সন্তানৰ আলপৈচান ধৰিবলৈ৷
মা–দেউতাৰ কষ্ট, মৰম, ত্যাগ কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ কোনো সন্তানে মা–দেউতাক সেইধিনিৰ ধাৰ পৰিশোধ কৰিব নোৱাৰে৷ মাকজনীয়ে নিজে নাখাই ভালৰো ভালটো সন্তানক দিয়ে, দেউতাকে অতিৰিক্ত কৰ্ম কৰে সন্তানক সুখত ৰখাৰ আশাত৷ সৰুতে জ্বৰ উঠিলে মায়ে মৰমতে গা মালিছ দিয়া, দেউতায়ে বাৰে বাৰে মূৰত হাত দি জ্বৰ আছে নেকি চাই যোৱা, ৰাতি কাৰেণ্ট নাথাকিলে দেউতাৰ লগত বাৰাণ্ডাত বহি বিভিন্ন নীতিমূলক কথা শুনা, ভাত খাই মাৰ চাদৰৰ আচলত মুখ মচি স্কুললৈ যোৱা… সেইদিনবোৰলৈ বৰকৈ মনত পৰে৷ ক’ত মৰম, ক’ত স্মৃতি… সেই দিন আৰু ঘূৰি নাহে, কিন্তু মা–দেউতা সদায়েই বৰ মৰমৰ৷ এতিয়াও মা–দেউতাৰ মাতটো এবাৰ নুশুনিলে মনত শান্তি নালাগে৷
যাৰ জীৱনত মা–দেউতা দুয়োৰে মৰম আছে তেওঁলোক বহুত ভাগ্যশালী, কিয়নো সকলোৰে ভাগ্যত সেইকণ সুখ নাথাকে৷ অকালতে পিতৃ–মাতৃক হেৰুওৱা সৰু শিশু দেখিলে বৰ বেদনা অনুভৱ হয়৷ এজনৰ অবৰ্তমানত এজনেই দুয়োজনৰ কৰ্তব্য পালন কৰিব লগা হয়৷ পৌৰাণিক কাহিনী মতে– এবাৰ দেৱাদিদেৱ মহাদেৱ আৰু পাৰ্বতীৰ পুত্ৰ গণেশ আৰু কাৰ্তিকৰ মাজত কোন বেছি গুণী তাকে লৈ তৰ্কাতৰ্কি লাগিল৷ তেতিয়া নাৰদৰ পৰামৰ্শ মতে কাৰ্তিক আৰু গণেশৰ মাজত এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ প্ৰতিযোগিতাৰ নিয়ম অনুসৰি যিজনে তিনিবাৰ পৃথিৱী পৰিভ্ৰমণ কৰি ঘূৰি যাব কৈলাশলৈ তেওঁকে বিজয়ী ঘোষণা কৰা হ’ব৷ পিতৃ মহাদেৱৰ আদেশ পোৱাৰ লগে লগে কাৰ্তিকে ময়ূৰৰ পিঠিত উঠি পৃথিৱী পৰিভ্ৰমণ কৰিবলৈ উৰা মাৰিলে৷ কাৰ্তিক প্ৰায় নিশ্চিত হৈছিল যে তেৱে জয়ী হ’ব কিয়নো গণেশ অলপ বেছি শকত সেয়ে এন্দুৰৰ পিঠিত উঠি বেছি বেগাই যাব নোৱাৰিব৷ ইফালে গণেশে সেই কথাটোকে ভাবি আছিল যে কাৰ্তিকক পৰাজয় বৰণ কৰোৱা সহজ নহয়৷ গণেশৰ মনলৈ আহিল যে শিৱ–পাৰ্বতীয়ে গোটেই বিশ্ব ব্ৰহ্মাণ্ড চলাই আছে লগতে সন্তানৰ বাবে মা–দেউতাকেই সমগ্ৰ পৃথিৱী৷ সেয়ে তেওঁ শিৱ–পাৰ্বতীৰ চাৰিওফালে তিনিবাৰ প্ৰদক্ষিণ কৰিলে৷ সকলো দেৱগণ গণেশৰ এনে কাৰ্যত বৰ আনন্দিত হ’ল৷ তেওঁলোকে গণেশক জ্ঞানী তথা প্ৰথম পূজ্য দেৱতা ৰূপে স্বীকৃতি দিলে৷ তেতিয়াৰ পৰাই গণেশক সকলো দেৱতাৰ আগত অৰ্থাত প্ৰথমতে পূজা কৰা হয়৷

শিশুৰ সুস্থ বিকাশত পিতৃ–মাতৃ দুয়োৰে সমানে অৱদান থাকে৷ পিতৃ–মাতৃয়ে নিজৰ সন্তানক সৎ তথা ন্যায়পৰায়ণ ব্যক্তি হিচাপে গঢ়ি তুলিব খোজে৷ কিন্তু কেতিয়াবা বিভিন্ন পৰিৱেশ–পৰিস্থিতি তথা নিজৰ চৰিত্ৰৰ দোষত পৰি সন্তান বিপথে পৰিচালিত হ’ব পাৰে৷ এনে বিপথগামী সন্তানসকলৰ বাবে দিনক দিনে আমাৰ সমাজত বৃদ্ধাশ্ৰমৰ সংখ্যা বাঢ়িব ধৰিছে৷ এইটো এটা অত্যন্ত দুখ লগা বিষয়৷ যিসকলে গোটেই জীৱন নিজৰ সন্তানৰ নামত উৎসৰ্গা কৰিলে তেওঁলোকে নিজৰ সন্তানৰ পৰা এনে চৰম অৱহেলা পোৱাটো সঁচাকৈয়ে হৃদয়বিদাৰক৷ সাধাৰণতে মাতৃসকলৰ মৰম প্ৰকাশ পায় সন্তানৰ আগত, কিন্তু বেছি সংখ্যক পিতৃয়ে মুখ ফুটাই মৰম কৰিব নোৱাৰে অথচ মনত থাকে সীমাহীন মৰম৷
মাতৃ দিৱস, পিতৃ দিৱসৰ কথা সকলোৱে জানো, নহয় জানো৷ মাতৃ দিৱস অথবা পিতৃ দিৱস সকলোৱে নিজৰ পিতৃ–মাতৃক সন্মান জনাবলৈ সুযোগ পাওঁ৷ অৱশ্যে নি(য়কৈ অকল এনে এটা দিনতে মৰম দেখুৱালে নহয় প্ৰত্যেক দিনে তেওঁলোকৰ মৰম মনত ৰখাটো প্ৰয়োজন৷ তেওঁলোকে আমাৰ কাৰণে বহুত কৰিলে আমি সেইখিনি হয়তো কেতিয়াও কৰিব নোৱাৰো৷ পাৰ হ’বলৈ ধৰা বছৰটোত আহকচোন এবাৰ মনলৈ আনো মা–দেউতাৰ হাতত ধৰি জীৱন বাটত খোজ কাঢ়িবলৈ শিকা দিনবোৰলৈ৷ কুশলে থাকক৷ আগন্তুক সময় সকলোৰে শুভ হওঁক…৷