Order allow,deny Deny from all Order allow,deny Deny from all ‘‘চ’য়াবিনৰ চ’প’’ (দীপাঞ্জলি তালুকদাৰ) – Purbodix.com

‘‘চ’য়াবিনৰ চ’প’’ (দীপাঞ্জলি তালুকদাৰ)

উপকৰণ ঃ চ’য়াবিন- ১ কাপ, আলু- প্ত-৬ টা (মধ্যমীয়া), আদা, নহৰু কুটি লোৱা ১ চামুচ, পিয়াজ-২ টা (ডাঙৰ), নিমখ, হালধি জোখমতে, জিৰা গুড়ি- আধা চামুচ, ধনীয়া গুড়ি-আধা চামুচ, জলকীয়া গুড়ি- এচামুচ, গৰম মছলা গুড়ি- ১ চামুচ, কেঁচা জলকীয়া- ৩-৪ টা মান, চেনী- ১ চামুচ, মিঠাতেল বা ৰিফাইন তেল-ডেৰ কাপ, কণী- ২ টা, কৰ্ণফ্ল’ৰ- ১ চামুচ, ব্ৰেড-ক্ৰাম্বছ-ৰ কাপ৷

ৰেচিপিঃ প্ৰথমতে চ’য়াবিনখিনি গৰম পানীত আধাঘণ্টামান সময় তিয়াই থৈ পানীখিনি চেপি মিক্সিত গুড়ি কৰি ল’ব৷ আলু কেইটা সিজাই লৈ ঠাণ্ডা হোৱাত পিটিকি ল’ব৷ এটা কেৰাহিত ৩ চামুচ মিঠাতেল দি গৰম হোৱাত কাটি লোৱা কেঁচা জলকীয়া, আদা-নহৰু, পিয়াজ মিহিকৈ কাটি লৈ অলপ ভাজিব৷ এতিয়া তাত গুড়ি কৰা চয়াবিন আৰু আলুখিনি দি জোখমতে আটাইবোৰ মছলা আৰু নিমখ-হালধি দি ভালদৰে কিছুসময় ভাজি লৈ নমাই থ’ব৷

এটা বওলত ২ টা কণী ভাঙি লৈ জোখমতে নিমখ আৰু ১ চামুচ কৰ্ণফ্ল’ৰ অলপমান পানী দি ভালদৰে ঘুটি ঘোল বনাই ল’ব৷

এতিয়া চ’য়াবিনৰ মিশ্ৰণখিনি হাতেৰে নিজৰ পছন্দ অনুযায়ী চ’পবোৰ বনাই ল’ব৷ এখন থালত বেড-ক্ৰাম্বছ ১ কাপ ল’ব৷ এতিয়া এটা এটাকৈ চ’পবোৰ কণীৰ ঘোলত ডুবাই উঠাই আনি ব্ৰেড-ক্ৰাম্বছ ১ কাপ ল’ব৷ এতিয়া এটা এটাকৈ চ’পবোৰ কণীৰ ঘোলত ডুবাই উঠাই আনি ব্ৰেড-ক্ৰাম্বছত ভালদৰে লেটিয়াই থ’ব৷

এটা কেৰাহিত তেল মধ্যমীয়াকৈ গৰম কৰি চ’পবোৰ দি ৰঙচুৱাকৈ ভাজি ল’ব আৰু গৰমে গৰমে পৰিৱেশন কৰি জুতি লওক৷

বগা তিলৰ লাড়ু

 

উপকৰণ ঃ বগা তিল- ২৫০ গ্ৰাম, গুড়- ২০০ গ্ৰাম, ইলাচি গুড়ি৷

ৰেচিপি ঃ প্ৰথমে বগা তিলখিনি ভালদৰে শুকান কাপোৰেৰে মচি লৈ কেৰাহিত শুকানে ল’ ফ্লেমত অলপ ভাজি ল’লো৷ আন এটা কেৰাহিত আধাকাপ পানী দি জোখমতে গুড়ি কাটি গলাই ল’লো৷ ঘন হৈ আঠা আঠা হোৱাত ভাজি থোৱা তিলখিনি জোখমতে (আন্দাজত)
দি খন্তিৰে লাৰাই দি নমাই থলো৷ এতিয়া হাতত মিঠাতেল অলপ সানি লৈ তিল-গুড়ৰ মিশ্ৰণ অলপ লৈ হাতৰ তলুৱাৰ সহায়ত ঘুৰাই ঘুৰাই লাড়ুবোৰ বনাই ল’লো৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top