অনুভৱৰ জলঙাৰে ভোগালী জলপান -আৱৰি (ভোগালী জলপানৰ সৌজন্যত) – Purbodix.com

অনুভৱৰ জলঙাৰে ভোগালী জলপান -আৱৰি (ভোগালী জলপানৰ সৌজন্যত)

সপোনপিয়াসী মানুহৰ স্বপ্নই কলি মেলে শৈশৱতে৷ বোকামাটিৰ সুবাস লৈ দিখৌপাৰৰ বালিত বালিঘৰ সাজি ওমলিজামলি ডাঙৰ হোৱা, শাওণৰ পথাৰত বোকা খচি, আঘোণৰ মাহত কান্ধৰ বিৰিয়াত ডাঙৰি কঢ়িয়াই আনন্দ পোৱা এজন কিশোৰ আছিলভোগালী জলপানৰ স্বত্ত্বাধিকাৰী অজিত শৰ্মা বৰুৱা৷ শৈশৱতে, স্কুল ছুটিৰ পাছত পিতাকৰ দোকানত সহায় কৰি দিয়া শৰ্মা বৰুৱাদেৱৰ মনত তেতিয়াতেই শিপাইছিল বস্তুৰপেকেজিঙ উপস্থিত বুদ্ধিটো৷ গ্ৰাহকে বিচাৰিলে থাওকতে দিব পৰাকৈ তিনিখনকৈ তামোল, চাৰিটাকৈ লুজেন একেলগে বান্ধি প্ৰত্যুৎপন্নমতিতাৰে তেওঁ সময় বচাইছিল; সৰু ৰাজনৰ এনে কামে গ্ৰাহক ৰাইজক আকৰ্ষিত কৰিছিল৷

 

সেই ৰাজনেই জীৱন সংগ্ৰামৰ আঁত ধৰি নিচেই কম মূলধনেৰে; মাতৃয়ে দি পঠিওৱা চিৰা, সান্দহৰ টোপোলাৰেই ধন লক্ষ্মীক আদৰা সম্ভৱ বুলিমাঘৰ বিহু সময়তে এদিন আৰম্ভ কৰিছিল এক ক্ষুদ্ৰ আৰু স্বতন্ত্ৰ ব্যৱসায়৷ পেকেটবোৰত বানবাতি এটাত কলগুড়গাখীৰেৰে এবাটি জলপানৰ ছবি ছপাই নাম থৈছিল– ‘ভোগালী জলপান হেপাঁহৰ চিৰাপিঠাসান্দহ আদিৰ সোৱাদৰ বাবে গাঁৱৰ পৰা কোনোবা অহালৈ বাট চাই বলগীয়া তেতিয়াৰ গুৱাহাটীবাসী ৰাইজে এই প্ৰয়াসক বৰ চেনেহৰে আদৰি লৈ স্বীকৃতি দিলে৷ পৰৱৰ্তী সময়ত অসমৰ ৰাইজৰ মাজত এক জনপ্ৰিয়ব্ৰেণ্ডনেমহৈ পৰা এই নামটোৰো তাৎপৰ্য সম্পৰ্কে শৰ্মা বৰুৱা ডাঙৰীয়াৰ পৰা জানিবলৈ বিচাৰোঁতে কয়বাপতিসাহোন ‘‘ভোগালী’’ বিহুৰ সময়তে আৰম্ভ কৰাৰ বাবেই পোনপ্ৰথমে এই নামটোৱেই মনলৈ আহিছিল৷ কৃষিপ্ৰধান অসমীয়া সমাজখনৰ আৱেগ আৰn হেঁপাহ, খাদ্য সংস্কৃতি তথা চিৰ নতুন উৎসাহউদ্দীপনাক প্ৰতিনিধিত্ব কৰাকৈ ইয়াতকৈ আৰুনো কি ভাল নাম পাৰে৷’’

হয়ো / ভোগৰ উৎসৱ ভোগালী৷ কপালৰ ঘাম মাটিত পেলাই কৰা খেতিৰ ফচলভোগকৰাৰ ভোগালী৷ এইভোগালীশব্দই যেন সূচায় ‘‘কিনি খাবলগীয়া নোহোৱা’’ অসমীয়া মানুহৰ পৰম্পৰাগতভাৱে স্বাৱলম্বী, স্বভাৱগতভাৱে কৰ্মমুখী সমাজ এখনৰ কথা, হাতেকামে লাগি, উপায়হীনতা, আলস্যৰে হাবি কাটি মোকলোৱা আৰ্থিক স্বচ্ছলতাৰ এক সোণালী বাটৰ কথা৷

লগে ভাগে আগবাঢ়াকথাটিত বিশ্বাসী ভোগালী জলপানে থলুৱা খাদ্যসামগ্ৰীৰ সম্ভাৱনাময় বৃহৎ ব্যৱসায়িক ক্ষেত্ৰখনত পোনপ্ৰথমবাৰৰ নেতৃত্ব লৈ কিছু দৃষ্টান্ত দেখুৱালে৷ আন দহজনৰ জীৱিকাৰ বাট মুকলি কৰাত সফল বলৈ ধৰিলে৷ হাততেই পোৱা, স্থানীয়ভাৱে উৎপাদিত কৃষিজাত সামগ্ৰীকেইপেকেজিংকৰি বজাৰ দখল কৰি দেখুওৱাৰ ফলত আন বহুজন সেই আদৰ্শৰে অনুপ্ৰাণিত ল৷ আনকি টেকেলি পিঠা, মাহ গোটকৰাই আদিকো যেবজাৰমুখীকৰি আগবঢ়াব পাৰি সেই ধাৰণাটোও সঁচা প্ৰমাণিত বলৈ ধৰিলে ভোগালী জলপানৰ প্ৰচেষ্টাতে৷

লাহে লাহে, বিৰ্দ্ধত চাহিদালৈ লক্ষ্য ৰাখি অধিক উৎপাদনৰ উদ্দেশ্যেৰে আধুনিক যন্ত্ৰপাতিৰ প্ৰয়োগ কৰাৰ থল আহি পৰিল৷

সান্দহ, কোমল চাউল আদি কাৰখানাত তৈয়াৰ পৰম্পৰাগত পদ্ধতিৰেই অনুকৰণত৷ পাছে, এইসমূহ সামগ্ৰীৰে অসমৰ লগতে বাহিৰৰ গ্ৰাহকসকলক আকৰ্ষণ কিদৰে কৰিব পৰা যায় সেই কথাও চিন্তাৰ বিষয়৷ উৎপাদন আৰুপেকেজিংকৰি বিপণনৰ বাবে বজাৰলৈ উলিয়াই দিয়া সামগ্ৰীসমূহৰ এক নিৰ্দিষ্ট মান সদায়েই ৰক্ষা কৰিবৰ চেষ্টা কৰা হয়৷ সেই বিশেষ সামগ্ৰীসমূহৰ সোৱাদ, আকাৰআকৃতি, ৰং, স্পৰ্শানুভূতি, গোন্ধ আদি গ্ৰাহকৰ চিনাকি হৈ পৰে, আন সামগ্ৰীৰ সৈতে পাৰ্থক্য সামান্য লেও গ্ৰাহকে মুখত দিলেই গম পোৱা হয়৷ সেয়ে সামগ্ৰীৰ নিৰ্দিষ্ট গুণগত মান ৰক্ষা কৰাৰ লগতে এনে খাদ্যসম্ভাৰৰ বিশ্বজনীন মানদণ্ড এটি প্ৰতিষ্ঠাৰ অহৰহ প্ৰচেষ্টাত ভোগালী জলপান বদ্ধপৰিকৰ৷ বৰ্তমান সময়ত, ভোগালী জলপান ৰাইজৰ আখলে আখলে পৰিচিত আৰু আদৰণীয় হৈ পৰিছে৷ ভোগালী জলপানৰ সামগ্ৰীৰ মানদণ্ড, স্বাদ, উপস্থাপন শৈলী আদিৰ সৈতে চিনাকি গ্ৰাহকসকলে আপোচ কৰিব নিবিচৰা হৈছে৷ আনহাতে মি জলপান, মি সান্দহ আদি পলকতে খাব পৰা (ৰেডী টু ইট) জলপানৰ সোৱাদ আৰু সুবিধাজনকভাৱে তৈয়াৰ হোৱা সুবাদতে প্ৰজন্ময়ো পৰম্পৰাগত জলপানক আদৰি লৈছে৷

প্ৰতিষ্ঠানটিৰ সঞ্চালক প্ৰধান তথা স্বত্বাধিকাৰী ডাঙৰীয়াৰ পৰা কিছু কথা জানিবলৈ বিচাৰোঁতে তেখেতে জনায় যে– ‘পথাৰৰ পৰা কাৰখানালৈঅৰ্থাৎ স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীক ইয়াতেই সংসাধন কৰি বিভিন্ন ঠাইত বিপণন কৰাৰ নীতিত বিশ্বাসী ভোগালী জলপানৰ আন এক মহৎ উদ্দেশ্য থলুৱা জলপানৰ পুনঃপ্ৰচলন৷ কিয়নো, আমাৰ জলপানসমূহ আন বহু বজাৰৰ সামগ্ৰীৰ তুলনাত হাজাৰগুণে অধিক স্বাস্থ্যসন্মত৷ ক্ষতিকাৰক সংৰক্ষণৰ প্ৰয়োগ অবিহনেই বজাৰলৈ উলিয়াই অনা এইসমূহ সামগ্ৰীয়ে স্বাস্থ্যলৈ কোনো বিপৰ্যয় মাতি নানে, বৰং স্বাস্থ্যৰ বাবে উপকাৰীহে৷ বৰ্তমান সময়ত অনেক জীৱনশৈলীজনিত ব্যাধি আৰু অচিন ৰোগে ছানি ধৰাৰ দিনত এনে পৰম্পৰাগত জলপানসমূহ খাদ্য তালিকাত অন্তভুৰ্ক্ত কৰিব পাৰিলে আমি সুস্থতাৰ দিশে এখোজ লেও আগবাঢ়ি থাকিব পাৰিম৷ গাৰ্হস্থ্যবিজ্ঞানৰ মতেও– ‘স্থানীয়ভাবে উৎপাদিত খাদ্য শস্যইহে শৰীৰৰ পুষ্টি সাধনত সহায় কৰে৷আনহাতে, আমাৰ নিজা পাকঘৰসমূহত এনে পৰম্পৰাগত খাদ্যৰ প্ৰচলন থাকিলেহে আমাৰ বৈচিত্ৰময় খাদ্য সংস্কৃতিৰ বিশেষত্ব অটুট থাকিব, বহিঃৰাজ্য বা বিদেশৰ লোকো এইসমূহৰ প্ৰতি আকৰ্ষিত ব৷ আনকি, ‘খাদ্য পৰ্যটন সম্ভাৱনাময় ক্ষেত্ৰখনেও ব্যাপক পৰিসৰ লাভ কৰিব৷

উল্লেখযোগ্য যে, বৰ্তমান সময়ত বহিঃৰাজ্যত এই সামগ্ৰীসমূহৰ চাহিদা বাঢ়িছে৷ বাহিৰৰ বিভিন্ন ঠাইতৈ এই সামগ্ৰীসমূহ প্ৰেৰণ কৰাৰ সুবিধাৰ্থে প্ৰতিষ্ঠানটিয়ে এটি নিজা ৱেবচাইইট ‘www.bhogalন্মalpan.in’ মুকলি কৰাৰ সমান্তৰালভাৱে ফুডৱালাজ, ছেলচভাই, ফ্লিপকাৰ্ট আদি অনলাইন মাধ্যমেৰেও সামগ্ৰীসমূহ আন ঠাইলৈ পঠিয়াই থকা হৈছে৷ আনহাতে, ফোন, ইমেইলযোগে বা বিভিন্ন সামাজিক মাধ্যম যেনেফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউটিউবৰ যোগেদিও প্ৰত্যক্ষভাৱে গ্ৰাহকশুভাকাংক্ষীসকলে প্ৰতিষ্ঠানটিৰ সৈতে যোগাযোগ কৰিব পাৰে৷

ভোগালী জলপানেভোগালী ফুট প্ৰডাক্টছ আলমত জলপানৰ লগতে আন বহুতো দৈনিক ব্যৱহৃত খাদ্যসামগ্ৰীৰ বিপণন কৰি আহিছে যদিও, এই প্ৰতিষ্ঠানৰ মূল দৃষ্টি হৈছে স্থানীয় সামগ্ৰীৰ উপযুক্ত ব্যৱসায়িক প্ৰয়োগ আৰু সংসাধনৰ বিষয়টোৰ ওপৰত৷

‘‘ডাল ভৰি ভৰি ফলফুল লাগে কত পাওঁ তলসৰা’’

অসমৰ গাঁৱেভূঁঞে, হাবিয়েবননিয়ে অনেক সোৱাদযুক্ত, ঔষধি গুণভৰা ফলমূলৰ গছগছনি ভৰপুৰ৷ এইসমূহে জানো উপযুক্ত স্বীকৃতি আৰু মান পাব নালাগে?

 

সেয়ে, অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনৰ উদ্যান শস্য আৰু খাদ্য সংসাধন, সঞ্চালকালয়ৰ বিত্তীয় সহযোগিতাৰে স্থাপন হোৱানেচাৰসনামেৰে নামাংকৃত নতুন এক প্ৰকল্পৰ দ্বাৰা অসমৰ থলুৱা ফলমূল যেনেকাজিনেমু, ঔটেঙা, আমলখি, পৰা আমলখি, কল, ৰবাব টেঙা, ৰহদৈ, কৰদৈ, থেকেৰা, কঁঠাল, মাটিকঁঠাল আদিৰ সংসাধনৰ দ্বাৰা ৰসকে আদি কৰি অন্যান্য ভিন্ন ধৰণে ব্যৱহৃত খাদ্যসমগ্ৰীৰ উৎপাদনেৰে প্ৰতিষ্ঠানটি এইবাৰ আগবাঢ়িছে থলুৱা ফলমূলৰ সংসাধন আৰু বিপণনৰ আন এক ক্ষেত্ৰলৈ৷ এই ক্ষেত্ৰত ৰাইজৰ অকুণ্ঠ সহযোগিতা প্ৰতিষ্ঠানটিৰ চিৰকাম্য৷

এই আপাহতে খাদ্যসংসাধনৰ ঔদ্যোগিক ক্ষেত্ৰখনক আগবঢ়াই নিয়াৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি কৃষক আৰু ঔদ্যোগীসকলক প্ৰেৰণা দিয়া অসম চৰকাৰ তথা কৃষি বিভাগ আৰু উদ্যান শস্য আৰু শস্য সংসাধন সঞ্চালকালয়ৰ শলাগ লৈছোঁ৷ ভোগালী ফুড প্ৰডাক্টছ্ (ভোগালী জলপান আৰু নেচাৰস)লৈ শুভকামনাৰ একুঁকি গুটিমালি ফুল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাষাৰেই মনত হাজাৰ আকিঞ্চন

‘‘উপচি আহিব পোহৰৰ ঢল

লুইতৰ দৰে ফেনেফোটোকাৰে

ফেনিল qw জ্যোতিপ্ৰপাতৰ জল৷’’

টোকা

ভোগালী জলপান সৈতে কিদৰে যোগাযোগ কৰিব?

Facebook Page – httpsজ্ঞ//www.facebook.com/bhogalন্মalpan

Instagram-bhogali_food_products

Twitter- ঞ্ঝBhogaliJalpan

Leave a Reply

Your email address will not be published. Required fields are marked *